অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

১৬. ঘাঁহ উৎপাদন

১৬. ঘাঁহ উৎপাদন

গো-পালনৰ জৰিয়তে লাভজনক ব্যৱসায় কৰাৰ ক্ষেত্ৰত এক অন্যতম গুৰুত্ব দিবলগীয়া দিশ হ’ল ঘাঁহৰ উৎপাদন। কিন্তু এই দিশটো সাধাৰণতে অৱহেলা কৰা হয়। ঘাঁহৰ জৰিয়তে পশুবোৰক প্ৰয়োজনীয় পৰিপুষ্টি অতি কম খৰছত যোগান ধৰিব পৰা যায়। উপযুক্ত সময়ত ক্ৰমানুসাৰে বিভিন্ন ঘাঁহৰ খেতি কৰি আৰু অতিৰিক্ত সেউজীয়া ঘাঁহ ভৱিষ্যতে শুকান দিনত ব্যৱহাৰ কৰাৰ বাবে যথোপযুক্তভাৱে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰি গোটেই বছৰ জুৰি পশুবোৰক ঘাঁহ যোগান ধৰিব পৰা যায়। বিভিন্ন উপায়েৰে এই কাম কৰিব পৰা যায়।

আমাৰ দেশৰ সৰহ সংখ্যক কৃষকেই গো-পালনৰ বাবে শস্যৰ অৱশিষ্ট অংশৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু শস্যৰ এনে অৱিশিষ্টবোৰত পুষ্টিকৰ উপাদান অতি কম থাকে, সেয়েহে পশুক খুউৱাৰ আগতে এনে অৱশিষ্টবোৰৰ বিভিন্ন ধৰণে প্ৰক্ৰিয়াকৰণ কৰি তাৰ পুষ্টিগত গুণাগুণ বৃদ্ধি কৰা দৰকাৰ। এই খণ্ডটিত তলত উল্লেখ কৰা অধ্যায়কেইটা অন্তৰ্ভুক্ত কৰা হৈছে:

ক)দুগ্ধ উৎপাদনত সেউজীয়া ঘাঁহৰ গুৰুত্ব খ)ঘাঁহৰ সংৰক্ষণ গ)শস্যৰ অৱশিষ্টৰ ইউৰিয়া, এম’নিয়াৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ ঘ)ঘাঁহ কটা আৰু চপোৱা সঁজুলি ঙ)ভাৰতত গুৰুত্বপূৰ্ণ ঘাঁহজাতীয় শস্যৰ খেতিৰ দিহা।

)দুগ্ধ উৎপাদনত সেউজীয়া ঘাঁহৰ গুৰুত্ব

সেউজীয়া ঘাঁহ হ’ল দুগ্ধ উৎপাদনকাৰী গাইৰ বাবে পৰিপুষ্টিৰ এক সস্তীয়া উৎস। ই গাইৰ বাবে অতি সুস্বাদু আৰু সহজে হজম কৰিব পৰা এক খাদ্য। মিশ্ৰিত খাদ্য যোগানৰ ক্ষেত্ৰত, সেউজীয়া ঘাঁহত থকা অনুজীৱবোৰে শস্যৰ অৱশিষ্টবোৰৰ হজমী গুণ বঢ়োৱাত সহায় কৰে। তদুপৰি ই সুস্বাস্থ্য ৰক্ষা আৰু প্ৰজনন ক্ষমতা বৃদ্ধিতো সহায় কৰে। গৰু-ম’হৰ খাদ্যত সেউজীয়া ঘাঁহৰ অধিক ব্যৱহাৰে দুগ্ধ উৎপাদনৰ খৰছ কমাব পাৰে।

সেউজীয়া ঘাঁহৰ চাহিদা আৰু উপলভ্যতাৰ মাজৰ ব্যৱধান হ্ৰাস কৰিবলৈ হ’লে উচ্চ গুণ সম্পন্ন বীজ ব্যৱহাৰ কৰি সেউজীয়া ঘাঁহৰ উৎপাদন বৃদ্ধি কৰা আৱশ্যক। গোটেই বছৰ ধৰি সেউজীয়া ঘাঁহৰ উৎপাদন নিশ্চিত কৰিবলৈ কৃষকসকলে তলত উল্লেখ কৰা কৃষি প্ৰণালী অৱলম্বন কৰা প্ৰয়োজন:

  • সদায় প্ৰমাণিত/সত্য লেবেল থকা উন্নত জাতৰ অধিক উৎপাদনক্ষম ঘাঁহৰ বীজ/ৰোৱাৰ উপযুক্ত পুলি ব্যৱহাৰ কৰিব।
  • ঘাঁহৰ খেতিৰ বাবে অনুমোদিত পদ্ধতি, যেনে: মাটি তৈয়াৰ কৰা, সময়মতে গুটি সিঁচা, ৰাসায়নিক সাৰৰ প্ৰয়োগ, জলসিঞ্চন, অলাগতিয়াল বন আৰু কীটৰ নিয়ন্ত্ৰণ আৰু ঘাঁহ কটা বা চপোৱাৰ উপযুক্ত সময় আদি, প্ৰয়োগ কৰক।
  • বছৰৰ দুবিধ মূল শস্যৰ খেতিৰ মাজৰ সময়চোৱাত মাকৈ, বেলিফুল, চীনদেশীয় বন্ধাকবি, চালগোম, গোমাহ বা কাওপি আদি কম সময়ত পূৰঠ হোৱা ঘাঁহৰ খেতি কৰক।
  • গোমাহ, মটৰ আৰু মখমল মাহ আদিৰ দৰে মাহজাতীয় ঘাঁহৰ খেতিৰ লগতে মাকৈ, বজ্ৰা আৰু চালঘাম আদি শস্যজাতীয় ঘাঁহৰো খেতি কৰক।
  • পথাৰত আৰু আন শস্যৰ খেতিৰ সীমাত হাইব্ৰিড নেপিয়াৰৰ দৰে দীৰ্ঘম্যাদী, বহুৱাৰ কাটিব পৰা, উচ্চ উৎপাদনক্ষম ঘাঁহৰ খেতি কৰক।
  • বাগিচাত শাৰী-শাৰী গছৰ মাজে-মাজে চিৰাট্ৰ’/ষ্টাইল’ আদি ঘাঁহৰ লগতে, ছাঁতে বাঢ়িব পৰা গীনি ঘাঁহৰ খেতি কৰক।
  • যথাযথ উৎপাদন আৰু গুণবিশিষ্ট ঘাঁহ পাবলৈ, বহুবাৰ কাটিব পৰা ঘাঁহবোৰ নিৰ্দ্দিষ্ট সময়ৰ মূৰে-মূৰে(৩০ৰ পৰা ৪৫ দিনৰ অন্তৰে-অন্তৰে) মাটিৰ পৰা ১০ চেন্টিমিটাৰ উচ্চতাত কটাৰ ব্যৱস্থা কৰক।
  • খৰাং প্ৰতিৰোধী অঞ্জন, চেৱান, ৰ’দচ আদি প্ৰকাৰৰ ঘাঁহ আৰু দেশী বাবুল, নিম, কাঞ্চন, আৰাদু, খেজৰি, সুবাবুল আৰু গ্লিৰিচিদিয়া আদি গছৰ খেতি চন পৰি থকা/শস্য খেতিৰ বাবে অনুপযুক্ত মাটি/সমূহীয়া চৰণীয়া পথাৰ আদিত কৰিব লাগে।
  • পৰৱৰ্ত্তী পৃষ্ঠাত কেইবিধমান গুৰুত্বপূৰ্ণ ঘাঁহ আৰু গৰুৱে পাত খোৱা গছৰ ছবি সন্নিৱিষ্ট কৰা হৈছে।

কেইবিধমান গুৰুত্বপূৰ্ণ ঘাঁহ আৰু ঘাঁহজাতীয় শস্য

1)মাকৈ- ওখ আফ্ৰিকান প্ৰজাতিৰ ২)লুচাৰ্ন 3)অ’ট 4)বৰ্ণসংকৰ চৰঘাম চুদান ঘাঁহ(SSG) 5)মুক্তা কণিধান- GFB 1 6)জব’টিয়েৰচ- কইক্স 7)বাৰছিম- ৱাৰদান 8)অঞ্জন ঘাঁহ 9)ক্লাইট’ৰিয়া টাৰ্ণাটিয়া(অপৰাজিতা) 10)বাৰ্লি-RD 2035 11)কংগো সংকেত ঘাঁহ 12)ধামান ঘাঁহ 13)গীনি ঘাঁহ 14)সৰিয়হ- চীনদেশীয় বন্ধাকবি 15)নন্দি ঘাঁহ 16)মখমল মাহ 17)চিক’ৰি 18)গো-মাহ বা কাওপি 19)বীট 20)বৰ্ণসংকৰ নেপিয়াৰ- CO4 21)মিঠা চুডান ঘাঁহ 22)টিয়’চিন্টে’ 23)গো-মাহৰ সৈতে চৰঘামৰ মিশ্ৰিত খেতি 24)সেউজীয়া পেনিক ঘাঁহ 25)পাৰা ঘাঁহ 26)ৰ’দচ ঘাঁহ 27)চাউল মাহ- বিধান 28)চেবৰি(চেচবানিয়া চেচবান) 29)চিৰাট্ৰ’ 30)ষ্টাইল’ হামাটা 31)দশৰথ ঘাঁহ(লুচাৰ্ণ)

গৰুৱে খোৱা গছৰ পাত

১)ষ্টাইল’স্কাব্ৰা ২)ঘাঁহৰ বাবে চেনী বীট ৩)কাঞ্চন(বওহিনিয়া পুৰপুৰিয়া) ৪)Maharukh/Aaradu(Allanthus excels) ৫)সুবাবুল(লিউচিনা লিউক’চিফেল) ৬)গ্লিৰিচিদিয়া(গ্লিৰিচিদিয়া চেপিয়াম) ৭)খেজাৰি(প্ৰচপিচ চিনেৰেৰিয়া) ৮)আগষ্ঠি(চেচবানিয়া গ্ৰেণ্ডিফ্ল’ৰা)

সেউজীয়া ঘাঁহ খুউৱাটোৱেই মিতব্যয়ী দুগ্ধ উৎপাদনৰ উত্তম উপায়

)ঘাঁহৰ সংৰক্ষণ

উপযুক্ত উৎপাদন লাভ কৰিবলৈ হ’লে গৰু-ম’হক বছৰৰ সকলো সময়তে গুণবিশিষ্ট ঘাঁহৰ যোগান ধৰাটো অতি আৱশ্যক। সাধাৰণতে, জলসিঞ্চনৰ ব্যৱস্থা থকা অঞ্চলত বছৰটোৰ কেইটামান মাহত যেনে: চেপ্তেম্বৰ/অক্টোবৰ(বাৰিষা কাল) আৰু ফেব্ৰুৱাৰী/মাৰ্চ(ৰ’বি ঋতু)ত যথেষ্ট পৰিমাণে সেউজীয়া ঘাঁহ উপলব্ধ হয়, কিন্তু জহকালি ইয়াৰ উপলভ্যতা অতি কম হয়। নাটনি হোৱা সময়চোৱাত ঘাঁহৰ যোগান নিশ্চিত কৰিবলৈ আৰু সেউজীয়া ঘাঁহ অনিষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ৰাহি হোৱা ঘাঁহ সংৰক্ষণ কৰাটো অতি দৰকাৰী।

)শুকান ঘাঁহ প্ৰস্তুত কৰা

শুকান ঘাঁহ হ’ল ৰ’দত শুকোৱা, ১৫ শতাংশতকৈ কম আৰ্দ্ৰতাযুক্ত সেউজীয়া ঘাঁহ। ই নাটনি হোৱা সময়চোৱাত গৰু-ম’হক খুউৱাৰ বাবে হজম কৰিব প্ৰা শুষ্ক পদাৰ্থ আৰু প্ৰ’টিনৰ এক উত্তম উৎস। উত্তম গুণসম্পন্ন শুকান ঘাঁহ লুচাৰ্ণ, অ’টচ আৰু মিঠা চুদান আদিৰ দৰে ঘাঁহৰ ক্ষীণ কাণ্ডৰ পৰা মাৰ্চৰ পৰা মে’ মাহলৈ এই গৰম আৰু শুকান জহকালিৰ সময়চোৱাত প্ৰস্তুত কৰিব পাৰি। কেতবোৰ দীৰ্ঘম্যদী ঘাঁহ যেনে: গীনি, ৰ’দচ, অঞ্জন/ধামান, নীলা পেনিক আদি ঘাঁহও শুকান ঘাঁহ প্ৰস্তুত কৰাৰ কাৰণে উপযুক্ত।

উত্তম গুণযুক্ত শুকান ঘাঁহ পাবলৈ, এই ঘাঁহবোৰ ৫০ শতাংশ ফুলাৰ সময়তে কাটিব পাৰে। কটাৰ পাছত, সেউজীয়া ঘাঁহবোৰ ৫ চেন্টিমিটাৰ ডাঠকৈ সমানে শুকান পৃষ্টত মেলি দি সূৰ্য্যৰ তাপত শুকাবলৈ দিব লাগে। প্ৰতিদিনে পুৱা ১০ বজাৰ পাছত ঘাঁহখিনি লুটিয়াই দিব লাগে যাতে সমানভাৱে আৰু সোনকালে শুকায়। ৪ৰ পৰা ৫ দিনৰ পাছত, যেতিয়া ঘাঁহখিনিত আৰ্দ্ৰতা ১৫ শতাংশলৈ হ্ৰাস পায়, শুকান ঘাঁহখিনি সংগ্ৰহ কৰি সংৰক্ষণৰ বাবে মুঠা-মুঠাকৈ বান্ধিব লাগে। শুকুৱাৰ সময়ত, ঘাঁহখিনিত যাতে পাৰবোৰ নষ্ট নহয় আৰু সেউজীয়া হৈ থাকে তাৰ বাবে যত্ন ল’ব লাগে, যিহেতু ই শুকান ঘাঁহৰ উত্তম গুণ সূচায়।

বেছিদিনলৈ গুণাগুণ অক্ষুণ্ণ ৰাখিবলৈ শুকান ঘাঁহৰ মুঠাবোৰ ভঁৰালত পানী আৰু ধূলিৰ পানী আৰু ধূলিৰ পৰা মুক্ত স্থানত ৰাখিব লাগে। প্ৰতিজনী গাইক দৈনিক ৫ কিলোকৈ শুকান ঘাঁহ কাটি টুকুৰা কৰি অথবা টুকুৰা কৰি অথবা নকটাকৈ খুৱাব পাৰি।

শুকান ঘাঁহ- নাটনি হোৱা অৱস্থাত সেউজীয়া ঘাঁহৰ এক বিকল্প।

)চাইলে প্ৰস্তুতকৰণ

ইয়াক সেউজীয়া ঘাঁহৰ আছাৰো বোলে। ই সহজে হজম হয় আৰু গৰুৱে খাই ভাল পায়। মাকৈ, চৰঘাম, মুক্তা কণিধান, অ’টচ আৰু বাৰ্লি আদি অধিক শৰ্কৰাযুক্ত শস্যজাতীয় ঘাঁহৰ পৰা উত্তম গুণসম্পন্ন চাইলে’জ প্ৰস্তুত কৰিব পাৰি। চাইলে’জ প্ৰস্তুত কৰাৰ বাবে সেউজীয়া ঘাঁহবোৰৰ বীজবোৰ সামান্য গাখীৰযুক্ত হওঁতেই ৬৫ৰ পৰা ৭০ শতাংশ আৰ্দ্ৰতাযুক্ত অৱস্থাত কাটিব লাগে। চপোৱাৰ পাছত, ঘাঁহবোৰ ১-২ ইঞ্চি চুটিকৈ টুকুৰ কৰি চাইল’ৰ গাঁতত পুতি থোৱাৰ বাবে সাজু কৰি তুলিব লাগে।

চাইলে’জ প্ৰস্তুত কৰা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগেয়ে চাইলে’জ সাঁচি থোৱা গাঁত(চাইল’ পিট)টো তৈয়াৰ কৰি ল’ব লাগে। চাইলে’জৰ এক আদৰ্শ ভঁৰাল হ’ল মাটিৰ ওপৰত বনোৱা চাইল’ পিট। ইয়াক পানী সোমাব নোৱৰাকৈ ওখ ঠাইত বনাব লাগে। চাইলে’জলৈ ৰূপান্তৰ কৰিবলগীয়া ঘাঁহৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি চাইল’ পিটৰ আকাৰ বেলেগ বেলেগ হয়। এক ঘনমিটাৰ(১ মিটাৰ ওখ*১ মিটাৰ বহল*১ মিটাৰ দ) কালিৰ এটা চাইল’ পিট ৫০০ৰ পৰা ৬০০ কিলোগ্ৰাম কটা ঘাঁহ সংৰক্ষণৰ বাবে যথেষ্ট।

টুকুৰাকৈ কটা ঘাঁহখিনি ১০ চেন্টিমিটাৰ ডাঠকৈ তৰপে-তৰপে হেঁচা দি গাঁতটোত ভৰাব লাগে। সৰু গাঁতত ঘাঁহখিনি হাত বা ভৰিৰে হেঁচি ভৰাব পাৰি, কিন্তু ডাঙৰ গাঁতত ভৰাবলৈ ট্ৰেক্টৰ প্ৰয়োগ কৰিব লাগে। গাঁতটো সম্পূৰ্ণকৈ পূৰ কৰাৰ পাছত ঘাঁহৰ দ’মটো পলিথিনৰ আৱৰণেৰে ভালকৈ ঢাকি তাৰ ওপৰত ৫ ইঞ্চি ডাঠকৈ জেঁকা মাটিৰে ভালদৰে লিপি দি লাগে। পাছত যদি ওপৰৰ তৰপটোত ফাঁট মেলে, তেন্তে অধিক মাটি দি ভালকৈ ঢাকি দিব লাগে, যাতে পানী সোমাব নোৱাৰে। চাইলে’জ তৈয়াৰ কৰোঁতে অতিৰিক্ত খাদ্য উপাদান যোগ কৰাৰ প্ৰয়োজন নাই। অৱশ্যে, যদি ঘাঁহখিনি উপযুক্ত সময়ত কটা নহয়, তেন্তে যথোপযুক্ত অতিৰিক্ত খাদ্য উপাদান, যেনে: গুড়, নিমখ, ইউঅৰিয়া বা ফৰ্মিক এচিড প্ৰয়োগ কৰিব পৰা যায়।

গাঁতত ৰখাৰ ৪৫ দিনৰ পাছত চাইলে’জখিনি পশুক খুৱাবৰ বাবে সাজু হয়। যেতিয়া সেউজীয়া ঘাঁহৰ নাটনি হয়, চাইল’ৰ গাঁতটোৰ ঢাকনি এফালে মুকলি কৰি দৈনিক প্ৰয়োজনীয় পৰিমাণৰ চাইলে’জ উলিয়াব পাৰি। দৈনিক চাইলে’জ উলিওৱাৰ পাছত গাঁতটো পুনৰ ভালকৈ পলিথিনেৰে ঢাকি থ’ব লাগে। চাইলে’জ হ’ল সেউজীয়া ঘাঁহৰ এক বিকল্প। অৱশ্যে, আৰম্ভনিতে ৩-৪ দিন প্ৰতিজনী গাইক দৈনিক ৫ৰ পৰা ১০ কিলোগ্ৰামলৈহে চাইলে’জ খুৱাব লাগে আৰু লাহে-লাহে চাইলে’জ খোৱাৰ অভ্যাস কৰাব লাগে।

চাইলে প্ৰস্তুতকৰণ সেউজীয়া ঘাঁহ সংৰক্ষণ কৰাৰ এক উপযুক্ত পদ্ধতি

)শস্যৰ অৱশিষ্টৰ ইউৰিয়া এমনিয়াৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ

এইটো সকলোৱে জানে যে পশুৰ স্বাস্থ্য ৰক্ষা আৰু দুগ্ধ উৎপাদনৰ বাবে প্ৰয়োজনীয় পৰিপুষ্টিৰ আদৰ্শ উৎস হ’ল সেউজীয়া ঘাঁহ, দানা আৰু শুকান ঘাঁহৰ এক সন্তুলিত মিশ্ৰণ। কিন্তু কেতিয়াবা যথেষ্ট পৰিমাণে সেউজীয়া ঘাঁহৰ নাটনি আৰু গো-দানাৰ অধিক দামে খীৰতী গাইক উপযুক্ত পৰিপুষ্টি যোগান ধৰাৰ ক্ষেত্ৰত কৃষকক সমস্যাত পেলায়। সাধাৰণতে, ধান, ঘেঁহু, বজ্ৰা আৰু চৰঘামৰ খেৰ যথেষ্ট পৰিমাণে পোৱা যায় কিন্তু এই খেৰবিলাকত পুষ্টিকৰ উপাদান কম থাকে আৰু ইয়াৰ হজমী গুণো কম। খেৰত ৪ শতাংশতকৈও কম প্ৰ’টিন থাকে। খেৰত ইউৰিয়া যোগ কৰিলে তাত থকা প্ৰ’টিনৰ পৰিমাণ প্ৰায় ৮ শতাংশলৈ বৃদ্ধি কৰি খেৰৰ পৌষ্টিক গুণ বঢ়ায়। ইউৰিয়াৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ কৰা খেৰ ব্যৱহাৰ কৰি গো-দানাৰ পৰিমাণ ৩০ শতাংশলৈকে হ্ৰাস কৰিব পৰা যায়।

খেৰৰ প্ৰক্ৰিয়াকৰণ পদ্ধতি:

১)একে সময়তে অন্ততঃ ১ টন খেৰ প্ৰক্ৰিয়াকৰণ কৰিব লাগে। ইয়াৰ বাবে আমাক ৪০ কিলো ইউৰিয়া আৰু ৪০০ লিটাৰ পানীৰ প্ৰয়োজন।

২)৪ কিলো ইউৰিয়া ৪০ লিটাৰ পানীত গুলি লওক।

৩)মজিয়াত ৪-৪ ইঞ্চি ডাঠকৈ ১০০ কিলো খেৰ মেলি দিয়ক।

৪)বাগিছাত মালিয়ে ব্যৱহাৰ কৰা জিঞ্জিৰিৰ সহায়ত খেৰখিনিত ৪০ লিটাৰ ইউৰিয়াযুক্ত পানী সিঁচি দিয়ক। তাৰ পাছত খেৰখিনিৰ ওপৰত খোজ কাঢ়ি হেঁচি দিয়ক।

৫)হেঁচাৰ পাছত পুনৰ ১০০ কিলো শুকান খেৰ আগৰ তৰপটোৰ ওপৰত মেলি দিয়ক আৰু পুনৰ ৪০ কিলো ইউৰিয়া মিহলি কৰি লওক। এতিয়া পুনৰ ইউৰিয়াযুক্ত পানীখিনি খেৰৰ দ্বিতীয়টো তৰপৰ ওপৰত সিঁচি দিয়ক আৰু আগৰ দৰে খেৰৰ ওপৰত খোজ কাঢ়ি হেঁচি দিয়ক। এনেদৰে, এই প্ৰক্ৰিয়াটো ১০ বাৰ পুনৰাবৃত্তি কৰি খেৰৰ ১০টা তপৰত ৪ শতাংশ ইউৰিয়াযুক্ত পানী সিঁচি ভৰিৰে হেঁচা দিয়ক।

৬)এখন নতুন প্লাষ্টিক কাপোৰেৰে খেৰৰ দ’মটো ঢাকি থওক আৰু য’ত ই মাটি চুইছে সেই ঠাইত কিছু বোকাৰে ঢাকি দিয়কম যাতে খেৰত উৎপন্ন এম’নিয়া গেছ বাহিৰলৈ ওলাই যাব নোৱাৰে।

৭)যদি প্লাষ্টিক কাপোৰ উপলব্ধ নহয়, তেন্তে খেৰৰ দ’মটো শুকান খেৰেৰেই ঢাকি দিয়ক। তাৰ পাছত কিছু মাটি জাপি দি দ’মটো বোকা মাটিৰে অথবা গোবৰেৰে লিপি দি বতাহ সোমাব নোৱৰা কৰি দিয়ক।

শস্যৰ অৱশিষ্টৰ ইউৰিয়া এম’নিয়াৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ(পূৰ্বৱৰ্ত্তী পৃষ্ঠাৰ পৰা) ল’বলগীয়া সাৱধানতা:

  • পশুক পোনপটীয়াকৈ ইউৰিয়া বা ইউৰিয়া মিহলি পানী কেতিয়াও নুখুৱাব। ই পশুটোৰ মৃত্যু ঘটাব পাৰে।
  • খেৰৰ প্ৰক্ৰিয়াকৰণৰ সময়ত ইউৰিয়া মিহলি পানী পশুৰ পৰা আঁতৰাই ৰাখক।
  • খেৰৰ প্ৰক্ৰিয়াকৰণৰ বাবে পকা মজিয়া বেছি উপযুক্ত। মজিয়াখন কেঁচা হ’লে খেৰৰ প্ৰথম তৰপটো মেলি দিয়াৰ আগতে এখন প্লাষ্টিকৰ কাপোৰ পাৰি লওক।
  • বন্ধ কোঠালিত অথবা আঁচুতীয়া ঠাইত এই কাম কৰিবলৈ বেছি ভাল।
  • প্ৰক্ৰিয়াকৰণ কৰা খেৰখিনি জহকালি ২১ দিনৰ পাছত আৰু জাৰকালি ২৮ দিনৰ পাছত মুকলি কৰিব লাগে। পশুক খুওৱাৰ আগতে খেৰখিনি মুকলি ঠাইত মেলি দিব লাগে, যাতে তাত উৎপন্ন হোৱা এম’নিয়া গেছ ওলাই যায়।
  • প্ৰথমে কম পৰিমাণৰ প্ৰক্ৰিয়াকৃত খেৰহে খুৱাব। তেনে কৰিলে লাহে-লাহে পশুবোৰৰ এনে খেৰ খোৱাৰ অভ্যাস হ’ব আৰু খাই ভালো পোৱা হ’ব।

শস্যৰ অৱশিষ্টৰ ইউৰিয়া এমনিয়াৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ

শস্যৰ অৱশিষ্টৰ ইউৰিয়া এম’নিয়াৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ

সঠিক পৰিমাণৰ ইউৰিয়া আৰু পানী মিহলি কৰাটো নিশ্চিত কৰক।

সঠিক পৰিমাণৰ খেৰ লোৱাটো নিশ্চিত কৰক।

ভালকৈ মিহলি কৰক।

ভালদৰে হেঁচা দি বায়ু নোসোমোৱাকৈ বন্ধ কৰক।

ইউৰিয়াৰ দ্বাৰা প্ৰক্ৰিয়াকৃত খেৰ।

ইউৰিয়াকৰণ কৰিলে খেৰৰ পৌষ্টিক গুণ বাঢ়ে।

)ঘাঁহ কটা আৰু চপোৱা সঁজুলি

শ্ৰমিকৰ অভাৱত বহুতো কৃষকে ঘেঁহু, ধান, তেলজাতীয় শস্য, তেলজাতীয় শস্য, মাহ আদিৰ খেতি চপোৱা আৰু পথাৰৰ পৰা তোলাৰ বাবে যান্ত্ৰিক সঁজুলিৰ ব্যৱহাৰ কৰে, যাৰ ফলত গৰু-ম’হৰ উপযোগী খাদ্যৰ যথেষ্ট লোকচান হয়, যিবোৰ সাধাৰণতে হাতেৰে চপোৱা পদ্ধতি প্ৰয়োগ কৰিলে গৰু-ম’হৰ বাবে উপলব্ধ হয়। এইদৰে হোৱা লোকচান কম কৰিবলৈ, কৃষকসকলে খেৰ চপোৱা, কটা আৰু তোলা যন্ত্ৰ ব্যৱহাৰ কৰিলে সুফল পাব পাৰে। এনে যন্ত্ৰবোৰৰ সহায়ত সহজে, অতি কম সময়তে ঘাঁহ আৰু খেৰবিলাক চপাই, কাটি, কঢ়িয়াবৰ বাবে ট্ৰেক্টৰৰ ডবাত স্বয়ংক্ৰিয়ভাৱে তুলিও দিব পাৰে। খেৰ সংগ্ৰহ, চাইলে’জ প্ৰস্তুত কৰা, শুকান ঘাঁহ প্ৰস্তুত কৰা, ৰ’দত মেলি দিয়া অথবা পঁচাই সাৰ প্ৰস্তুত কৰা কামৰ কাৰণে এনে সঁজুলিবোৰ অতি উপযোগী আৰু মিতব্যয়ী। পথাৰৰ ঘাঁহ বা খেৰ উপযুক্ত সময়ত চপাই অধিক প্ৰ’টিন আৰু অধিক শক্তি সম্পন্ন গৰু-ম’হৰ খাদ্য প্ৰস্তুত কৰণ আৰু তাৰ সংৰক্ষণৰ ক্ষেত্ৰত এনে যন্ত্ৰবোৰ বৰ উপকাৰী।

বিভিন্ন ঋতুত শস্যৰ কঠিনতা, নমনীয়তা, বেধ, উচ্চতা আৰু আৰ্দ্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি ভিন ভিন প্ৰকাৰৰ শস্য চপোৱা যন্ত্ৰ ব্যৱহাৰ কৰা হয়। ভৱিষ্যতে, তলত উল্লেখিত তিনি ধৰণৰ যান্ত্ৰিক সঁজুলি খেৰ আৰু ঘাঁহ কটা আৰু চপোৱাৰ বাবে অতিশয় উপযোগী হ’ব:

a)খেৰৰ মুঠি তৈয়াৰ কৰা স্বয়ংক্ৰিয় যন্ত্ৰ b)খেৰ কটা, চপোৱা আৰু তোলা যন্ত্ৰ c)ঘাঁহ বা খেৰ কাটি, বান্ধি চপোৱা যন্ত্ৰ

ঘাঁহ কটা আৰু চপোৱা সঁজুলি(ক্ৰমশঃ)

(ক)খেৰৰ মুঠি তৈয়াৰ কৰা স্বয়ংচালিত যন্ত্ৰটো ৫০-৭৫ অশ্বশক্তি সম্পন্ন ট্ৰেক্টৰৰ দ্বাৰা চলোৱা হয়। ই ১৫০০-১৮০০ মিলিমিটাৰ বহল একোটা এলেকাত ঘাঁহ কাটি চপাব পাৰে। শস্যৰ প্ৰকাৰ আৰু বিস্তৃতিৰ ওপৰত নিৰ্ভৰ কৰি ই ১ৰ পৰা ২ মেট্ৰিক টন খেৰ বা শুকান ঘাঁহ কাটি চপাব পাৰে। ঘাঁহ বা খেৰৰ মুঠিবোৰ ১০ৰ পৰা ২০ কিলোকৈ বান্ধিব পাৰে। সৰু মুঠিবোৰ ইফাল-সিফাল কৰিবলৈ সহজ, আৰু সেয়ে সহজতে আৰু কম পৰিশ্ৰমেৰে ভঁৰাল ঘৰলৈ স্থানান্তৰিত কৰিব পাৰি। পথাৰৰ খেৰ বা শুকান ঘাঁহবোৰ এইদৰে স্বয়ংচালিত যন্ত্ৰেৰে কাটি মুঠা কৰিলে গাড়ীত উঠোৱা-নমোৱা আৰু ভঁৰালত জাপি থ’বলৈ বৰ সুবিধা হয়। লগতে বজাৰলৈ নিয়া আৰু গ্ৰাহকৰ মাজত বিলাই দিবলৈকো সুবিধা হয়। আনকি চাপৰ বা বাওনা প্ৰজাতিৰ শস্যৰ চুটি অৱশিষ্টখিনিও চপাবলৈ সহজ হয়। কিন্তু দীঘল জাতৰ শস্যৰ অৱশিষ্টৰ ক্ষেত্ৰত অতিৰিক্ত কাঁহী বা ড্ৰাম বা কাঁচি জাতীয় ঘাঁহ কটা সঁজুলিৰে কটাৰ পিছতহে এনে যন্ত্ৰৰ দ্বাৰা খেৰৰ মুঠি তৈয়াৰ কৰিব পাৰি। অধিক আৰ্দ্ৰতাযুক্ত খেৰ চপাবলৈ আমাক আন এক ধৰণৰ যন্ত্ৰৰ আৱশ্যক, যাক সংগ্ৰহ, লুটিওৱা আৰু নিৰোৱা সঁজুলি(আলোকচিত্ৰ ‘ঘ’) ৱোলা হয়; এনে ক্ষেত্ৰত চপোৱা আৰু ভঁৰালত ৰখাৰ আগেয়ে খেৰবোৰ ৰ’দত শুকাই লোৱা দৰকাৰ। মুঠি কৰা যন্ত্ৰটো সকলো ধৰণৰ খেৰৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰি। ৭৫ অশ্বশক্তি সম্পন্ন এখন ট্ৰেক্টৰৰ দ্বাৰা চালিত খেৰৰ মুঠি বন্ধা যন্ত্ৰ ব্যৱহাৰ কৰি দৈনিক প্ৰায় ২০ মেট্ৰিক টন খেৰ চপাব পৰা যায়। ভাৰতত বহুকেইটা আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড বা কোম্পানীৰ খেৰৰ মুঠি বন্ধা যন্ত্ৰ উপলব্ধ; যেনে: ক্লাছ(Claas), নিউ হলেণ্ড(New Holland), জন দীৰে(John Deere), কুন(Kuhn) ইত্যাদি।

(খ)খেৰ কটা, চপোৱা আৰু তোলা যন্ত্ৰটোও ৫০-৭৫ অশ্বশক্তি সম্পন্ন ট্ৰেক্টৰৰ সহায়ত চলোৱা হয়। ই ১৩০০-১৯০০ মিলিমিটাৰ বহল একোটা এলেকাত ঘাঁহ চপাব পাৰে। শস্যৰ উচ্চতা আৰু বিস্তৃতি অনুসৰি প্ৰতি ঘন্টাত ই ২ৰ পৰা ৩ মেট্ৰিক টন খেৰ চপাব পাৰে। কৃষকসকলে প্ৰয়োজন অনুসৰি কটা-খেৰ ৰ’দত শুকুৱাবৰ বাবে অথবা পথাৰত সিঁচা বা সাৰ হিচাবে প্ৰয়োগ কৰাৰ সুবিধাৰ বাবে এই যন্ত্ৰত ব্ল’ৱাৰ বাবে বায়ুৰে ঠেলি সিঁচাৰ ব্যৱস্থাও আছে। অধিক আৰ্দ্ৰতাযুক্ত খেৰ চপাবলৈ নিৰোৱা যন্ত্ৰ(আলোকচিত্ৰ ‘ঘ’)ৰ আৱশ্যক। যন্ত্ৰটো সকলো ধৰণৰ খেৰৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰি। খেৰ বা ঘাঁহ সৰু-সৰুকৈ টুকুৰা কৰাৰ বাবেও সহায়ক হয়। এই যন্ত্ৰৰ সহায়ত দৈনিক প্ৰায় ২০ মেট্ৰিক টন খেৰ চপাব পৰা যায়। এই যন্ত্ৰৰ কাৰ্য্যশৈলী অতি সৰল কিন্তু ই শক্তিশালী আৰু মজবুত। সেয়েহে, বিশেষ কাৰ্য্য-দক্ষতা নথকা শ্ৰমিকেও এই যন্ত্ৰ তৈয়াৰ কৰা প্ৰধান কোম্পানীবোৰ হ’ল- ফিমাক্স(Fimaks), জন দীৰে(John Deere), নিউ হলেণ্ড(New Holland) ইত্যাদি।

(গ)ঘাঁহ বা খেৰ কাটি, বান্ধি চপোৱা যন্ত্ৰ- বৰ্ত্তমান এনেধৰণৰ শস্য কটা সৰু যন্ত্ৰ বিভিন্ন প্ৰকাৰৰ পোৱা যায়। ১০ অশ্বশক্তি ডিজেল ইঞ্জিনযুক্ত স্বয়ংচালিত এনে যন্ত্ৰ ভাৰতত ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে, কিয়নো ই ঘেঁহু, ধান, বাৰিষাৰ চৰঘাম, বজ্ৰা, মাহজাতীয় শস্য, তৈলশস্য আদিৰ লগতে গৰু-ম’হৰ উপযোগী ঘাঁহ জাতীয় শস্য চপোৱাৰ বাবেও অতি উপযুক্ত। এই যন্ত্ৰই শস্যৰ কোনো অংশ নষ্ট নোহোৱাকৈ মাটিৰ পৰা মাত্ৰ ৬০ মিলিমিটাৰ উচ্চতাত গুৰিতে কাটিব পাৰে আৰু ফলত ১০০ শতাংশ শস্যই চপোৱা সম্ভৱ। ই স্বয়ংক্ৰিয়ভাৱেই শস্য বা ঘাঁহৰ মুঠাবোৰ বান্ধিব পাৰে। বি,চি,এচ(BCS) আৰু যশোদা(Jashoda) নামৰ কোম্পানী দুটাই হ’ল ভাৰতত এই ধৰণৰ যন্ত্ৰ উৎপাদনকাৰী আৰু প্ৰধান যোগানকাৰী। এনে শস্য কটা যন্ত্ৰৰ দ্বাৰা দৈনিক প্ৰায় ৮ একৰ মাটিৰ শস্য চপাব পাৰি।

) ভাৰতত গুৰুত্বপূৰ্ণ ঘাঁহজাতীয় শস্যৰ উৎপাদন পদ্ধতি

জহকালি কৰা/খাৰিফ শস্য


শস্য

মাটিৰ প্ৰকাৰ

উচ্চ উৎপাদনক্ষম জাত-সমূহ

গুটি সিচাঁৰ সময়

গুটিৰ হাৰ(কিলো/হেক্টৰ)

শাৰীৰ মাজৰ ব্যৱধান চেঃমিঃ

সাৰ প্ৰয়োগৰ হাৰ(কিলো/হেক্টৰ)

জলসিঞ্চনৰ সংখ্যা

চপোৱাৰ সময় (দিন)

বছৰি কেইবাৰ কাটিব

ঘাঁহৰ উৎপাদন(টন/হেক্টৰ)

চৰঘাম(এবাৰ কটা)

বালিচঁহীয়াৰ পৰা বোকা পলসুৱা মাটিলৈ

PC- ৬, ৯

HC- ১৩৬, ৩০৮

HJ- ৫১৩, CSV ২১ F পন্ট চাৰি ৫

জুন-জুলাই(উত্তৰ ভাৰত)

ফেব্ৰু-নবেম্বৰ(দক্ষিণ ভাৰত)

২৫-৩০

৩০-৪০

নাইট্ৰোজেন- ৯০

ফছফৰাছ- ৩০

২-৩

৮০-৯০ পলমকৈ হোৱা জাতৰ ক্ষেত্ৰত আৰু ৬৫-৬৭ আগতীয়াকৈ হোৱা জাতৰ ক্ষেত্ৰত

৩০-৫০

চৰঘাম(বহুবাৰ কটা)

বালিচঁহীয়াৰ পৰা বোকা পলসুৱা মাটিলৈ

SSG ৯৮৮

CSH ২৪ MF

CSH ২০ MF

CO FS ২৯ পন্ট চাৰি ৬

মাৰ্চ-জুলাই(উত্তৰ ভাৰত)

ফেব্ৰু-নবেম্বৰ(দক্ষিণ ভাৰত)

২৫-৩০

৩০-৪০

না- ৬০

ফ-৩০

আৰু

না- ৩০ কিলো প্ৰতিবাৰ কটাৰ পাছত

৫-৬

প্ৰথমবাৰ ৬০ দিনত আৰু পৰৱৰ্ত্তী সময়ত প্ৰতি ৪৫ দিনৰ মূৰত

৩-৪ আৰু ৬-৭ CO FS২৯ৰ ক্ষেত্ৰত

৭০-৯০

মাকৈ

বালিচঁহীয়াৰ পৰা বোকা পলসুৱা মাটিলৈ পানী বাগৰি যোগাৰ ভাল ব্যৱস্থা থকা

আফ্ৰিকান ওখ J-১০০৬ প্ৰতাপ মাক্কা চাৰি ৬ বিজয় কম্প’জিট

মাৰ্চ-জুলাই(উত্তৰ ভাৰত)

ফেব্ৰু-নবেম্বৰ(দক্ষিণ ভাৰত)

৬০-৮০

৩০-৪০

না- ৮০

ফ-৪০

আৰু

না- ৩০ কিলো প্ৰতিবাৰ কটাৰ পাছত

৩-৪

৭৫-৮০

৩৫-৫৫

কণিধান

বালিচঁহীয়া

AVKB- ১৯

GFB ১ FBC ১০

মাৰ্চৰ পৰা জুলাইলৈ

৮-১০

৩০

না-৪০

ফ-২

২-৩

প্ৰথমবাৰ ৫০ দিনত আৰু পৰৱৰ্ত্তী সময়ত প্ৰতি ৩৫ দিনৰ মূৰত

৩-৫

২৫-৫০

টিয়’চিন্টে

বালিচঁহীয়াৰ পৰা বোকা পলসুৱা মাটিলৈ

TL- ১

জুলাই

৩০-৪০

৪০-৪৫

না- ৯০

ফ-৩০

২-৩

৭৫ দিনত

৩৫-৪০

কাওপি

বালিচঁহীয়াৰ পৰা পলসুৱা

UPC- ৬১৮

UPC- ৬২৫

UPC- ৬২২

মাৰ্চৰ পৰা জুলাইলৈ

৩০-৩৫

৩০-৪৫

না- ৩০

ফ-৪০

২-৩

৬০-৮০

২৫-৩০

চাউল মাহ বা ৰাইচ বিন

বালিচঁহীয়াৰ পৰা বোকা পলসুৱা মাটিলৈ

বিধান ১ KRB -৪

এপ্ৰিলৰ পৰা আগষ্টলৈ

২০-২৫

 

না- ৩০

ফ-৪০

২-৩

৭০-৯০

২০-২৫

থোপা মাহ ক্লাষ্টাৰ বিন

বালিচঁহীয়াৰ পৰা বালিমিহলি পলসুৱালৈ

HFG- ১৫৬ গুৱাৰা- ৮০ বুণ্ডেল গুৱাৰা- ১,২,৩

এপ্ৰিলৰ পৰা আগষ্টলৈ

২৫-৩০

 

না- ৩০

ফ-৪০

২-৩

৬০-৭৫

২০-৩০

 

) ভাৰতত গুৰুত্বপূৰ্ণ ঘাঁহজাতীয় শস্যৰ উৎপাদন পদ্ধতি

জহকালি কৰা/খাৰিফ শস্য

শস্য

মাটিৰ প্ৰকাৰ

উচ্চ উৎপাদনক্ষম জাত-সমূহ

গুটি সিচাঁৰ সময়

গুটিৰ হাৰ(কিলো/হেক্টৰ)

শাৰীৰ মাজৰ ব্যৱধান চেঃমিঃ

সাৰ প্ৰয়োগৰ হাৰ(কিলো/হেক্টৰ)

জলসিঞ্চনৰ সংখ্যা

চপোৱাৰ সময় (দিন)

বছৰি কেইবাৰ কাটিব

ঘাঁহৰ উৎপাদন(টন/হেক্টৰ)

বাৰ্চিম

পলসুৱাৰ পৰা বোকা পলসুৱালৈ

বৰ্ধন, JB- ১, BL- ১, ১০, ৪২ মেস্কাভি

অক্টোবৰৰ পৰা নৱেম্বৰলৈ

২৫

২০

না- ৩০

ফ-৬০

পটাছিয়াম- ৪০

১০-১৫

প্ৰথমবাৰৰ ৬০ দিনত পৰৱৰ্ত্তী সময়ত প্ৰতি ২৫ দিনৰ মূৰত

৫-৬

৭০-১১০

লুচাৰ্ণ

বাঁহিচহীয়াৰ পৰা পলসুৱালৈ

আনন্দ- ২ (বাৰ্ষিক) RL ৮৮ আৰু

আনন্দ লুচাৰ্ণ ৩(বহুবছৰীয়া)

অক্টোবৰৰ পৰা নৱেম্বৰলৈ

২৫

২০

না- ৩০

ফ- ৮০

প- ৪০

১০(বাৰ্ষিক)

১৫(বহুবছৰীয়া)

প্ৰথমবাৰৰ ৫০ দিনত পৰৱৰ্ত্তী সময়ত প্ৰতি ৩০ দিনৰ মূৰত

বাৰ্ষিক- (৬)

বহুবছৰীয়া(৮ বাৰ)

৬০-৮০(বাৰ্ষিক)

৮০-১১০(বহুবছৰীয়া)

অ’টচ

বালিমিহলি পলসুৱাৰ পৰা পলসুৱালৈ

কেন্ট UPO ২১২

হাৰিটা(RO১৯)

বুণ্ডেৰ জাই ২০০৪

অক্টোবৰৰ পৰা নৱেম্বৰলৈ

৮০-১০০

২০-২৫

না- ৮০

ফ- ৪০

৩-৪

প্ৰথমবাৰৰ ৬০ দিত্তত আৰু দ্বিতীয়বাৰ ৫০% ফুলোঁতে

১-২

৩০-৪৫

সৰিয়হজাতীয় ঘাঁহ

বালিমিহলি পলসুৱাৰ পৰা পলসুৱালৈ

চীনদেশীয় বন্ধাকবি

ছেপ্তেম্বৰৰ পৰা নৱেম্বৰলৈ

৬-৮

৩০-৪০

না- ৬০

ফ- ৩০

২-৩

৫০% ফুলোঁতে

২৫-৩০

বীট জাতীয় ঘাঁহ

পলসুৱা

জেমন, JK কুবেৰ,

নৱেম্বৰৰ পৰা নৱেম্বৰলৈ

৫০

না- ১২০

ফ- ৬০

প- ৪০

১০০ দিনৰ পাছত শিপাবোৰ খান্দিব লাগে

৭৫-১০০

 

)ভাৰতত গুৰুত্বপূৰ্ণ ঘাঁহজাতীয় শস্যৰ উৎপাদন পদ্ধতি

দীৰ্ঘদিনীয়া ঘাঁহ/মাহজাতীয় ঘাঁহ/গৰু-হে খোৱা গছপাত

 

শস্য

মাটিৰ প্ৰকাৰ

উচ্চ উৎপাদনক্ষম জাত-সমূহ

গুটি সিচাঁৰ সময়

গুটিৰ হাৰ(কিলো/হেক্টৰ)

শাৰীৰ মাজৰ ব্যৱধান চেঃমিঃ

সাৰ প্ৰয়োগৰ হাৰ(কিলো/হেক্টৰ)

জলসিঞ্চনৰ সংখ্যা

চপোৱাৰ সময় (দিন)

বছৰি কেইবাৰ কাটিব

ঘাঁহৰ উৎপাদন(টন/হেক্টৰ)

বৰ্ণসংকৰ নেপিয়েৰ ঘাঁহ

বালিমিহলি পলসুৱাৰ পৰা বোকামিহলি পলসুৱালৈ

CO ৩, ৪

PBN- ২৩৩

BNH ১০

APBN- ১

IGFRI ১০ ফুলে জয়াৱন্ত

উত্তৰ ভাৰতত মাৰ্চৰ পৰা অক্টোবৰলৈ গোটেই বছৰ ধৰি(দক্ষিণ ভাৰত)

২০০০০ শিপাৰ খণ্ড/কাণ্ডৰ টুকুৰা

১০০*৫০

FYM- ১৫ টন

না- ৫০

ফ- ৮০

প- ৬০ ৰোৱাৰ সময়ত

না-৫০ কিলো/হেক্টৰ প্ৰতিবাৰ কটাৰ পাছত

প্ৰতি ১৫-২০ দিনৰ মূৰে মূৰে

ৰোৱাৰ ৯০ দিনৰ পাছত ১ম বাৰ আৰু পৰৱৰ্ত্তী সময়ত প্ৰতি ৪৫-৬০ দিনৰ মূৰে মূৰে

৭-৮

২০০ৰ পৰা ৩৫০ লৈ

গিনী ঘাঁহ

বালিমিহলি পলসুৱাৰ পৰা বোকামিহলি পলসুৱালৈ

CO PGG- ৫১৮

৬১৬ বুণ্ডেল গিনী-১

উত্তৰ ভাৰতত মাৰ্চৰ পৰা আগষ্টলৈ, গোটেই বছৰ ধৰি(দক্ষিণ ভাৰত)

৮০০০০ শিপাৰ খণ্ড বা ৩-৪ প্ৰতি হেক্টৰ

৫০*৫০

FYM- ১০ টন

না- ৫০

ফ- ৬০

প- ৪০ ৰোৱাৰ সময়ত

না-৩০ কিলো/হেক্টৰ প্ৰতিবাৰ কটাৰ পাছত

প্ৰতি ৩০-৩৫ দিনৰ মূৰে-মূৰে

ৰোৱাৰ ৭৫ দিনৰ পাছত ১ম বাৰ আৰু পৰৱৰ্ত্তী সময়ত প্ৰতি ৪৫ দিনৰ মূৰে মূৰে

৭-৯

২১০ৰ পৰা ১২০ লৈ

অঞ্জন/ধামান ঘাঁহ

বালিচঁহীয়াৰ পৰা পলসুৱালৈ

বুণ্ডেল অঞ্জন- ১, ৩

কাজৰি ৭৮

দক্ষিণ ভাৰতত মাৰ্চৰ পৰা ছেপ্তেম্বৰলৈ, উত্তৰ-ভাৰতত জুন-জুলাই

৫-৬ প্ৰতি হেক্টৰ

৪৫*৩০

না- ৪০

ফ- ৩০

প- ৩০ ৰোৱাৰ সময়ত

বৰষুণ নিৰ্ভৰ

ৰোৱাৰ ৬০ দিনৰ পাছত ১ম বাৰ আৰু পৰৱৰ্ত্তী সময়ত ৫০% ফুলাৰ সময়ত

৩-৪

১০-১২

পাৰা ঘাঁহ

পলসুৱাৰ পৰা বালিমিহলি পলসুৱালৈ

স্থানীয়

জুলাই-আগষ্ট

৫-৬ কুইন্টল কাণ্ডৰ কটা টুকুৰা

৫০*৫০

FYM- ১০ টন না- ২৫ কিলো প্ৰতিবাৰ কটাৰ পাছত

বৰষুণ নিৰ্ভৰ

ৰোৱাৰ ৭৫ দিনৰ পাছত ১ম বাৰ আৰু পৰৱৰ্ত্তী সময়ত প্ৰতি ৩০ দিনৰ মূৰে মূৰে

উত্তৰ ভাৰতত ৬-৮ আৰু দক্ষিণ ভাৰতত ৮-১০

১৮-২৫

ষ্টাইল’

পলসুৱাৰ পৰা বালিমিহলি পলসুৱালৈ

ভেৰান’, স্কাব্ৰা হেমাটা

উত্তৰ ভাৰতত জুন-জুলাই আৰু দক্ষিণ ভাৰতত মাৰ্চৰ পৰা ছেপ্তেম্বৰলৈ

৬-৮

৩০

না- ২৫

ফ- ৪০

বৰষুণ নিৰ্ভৰ

ৰোৱাৰ ৬০-৭০ দিনৰ পাছত ১ম বাৰ আৰু পৰৱৰ্ত্তী সময়ত প্ৰতি ৬০ দিনৰ মূৰে মূৰে

৩-৪

১৫-৩৫

চিৰাট্ৰ’ ক্লাইট’ৰিয়া টাৰ্ণেটিয়া

বালিমিহলি পলসুৱাৰ পৰা বোকামিহলি পলসুৱালৈ

স্থানীয়

উত্তৰ ভাৰতত জুন-জুলাই আৰু দক্ষিণ ভাৰতত মাৰ্চৰ পৰা ছেপ্তেম্বৰলৈ

৮-১০

৩০

না- ২৫

ফ- ৪০

বৰষুণ নিৰ্ভৰ

ৰোৱাৰ ৭০-৮০ দিনৰ পাছত ১ম বাৰ আৰু পৰৱৰ্ত্তী সময়ত প্ৰতি ৬০ দিনৰ মূৰে মূৰে

২-৩

১৫-১৫

জোপোহা লুচাৰ্ণ

বালিমিহলি পলসুৱাৰ পৰা বোকামিহলি পলসুৱালৈ

স্থানীয়

উত্তৰ ভাৰতত জুন-জুলাই আৰু দক্ষিণ ভাৰতত মাৰ্চৰ পৰা ছেপ্তেম্বৰলৈ

২-৩

৪৫*১০

না- ২৫

ফ- ৬০

বৰষুণ নিৰ্ভৰ

ৰোৱাৰ ৭০-৮০ দিনৰ পাছত ১ম বাৰ আৰু পৰৱৰ্ত্তী সময়ত প্ৰতি ৪৫ দিনৰ মূৰে মূৰে

৪-৫

৩০-৪০

গ্লিৰিচিদা চেপিয়াম

পলসুৱাৰ পৰা বোকা মিহলি পলসুৱালৈ

স্থানীয়

বাৰিষা, জুলাইৰ পৰা আগষ্টলৈ

২০০০ কাণ্ডৰ কটা টুকুৰা

৫০০*১০০

না- ২৫

ফ- ৬০

বৰষুণ নিৰ্ভৰ

ৰোৱাৰ ৫-৬ মাহৰ পাছত প্ৰয়োজন অনুসৰি ডাল কাটিব পাৰি

২-৩ বাৰ

১০-১৫

সুবাবুল, অগষ্ঠি, ছেভ্ৰি

বালিচঁহীয়াৰ পৰা পলসুৱালৈ

স্থানীয়

জুলাই-আগষ্ট

৪-৫

৫০০*১০০

না- ২৫

ফ- ৬০

বৰষুণ নিৰ্ভৰ

ৰোৱাৰ ৫-৬ মাহৰ পাছত প্ৰয়োজন অনুসৰি ডাল কাটিব পাৰি

২-৩ বাৰ

১০-১৫

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate