এখন পামত সকলো কথা লিপিবদ্ধ কৰা বিষয়টো অতি লাগতিয়াল।ইয়াৰ তলত দিয়া ধৰনে লিপিবদ্ধ কৰিব পাৰি।।
১) বেলেগ বেলেগ খাঙত ৰাখিব পাৰি।
২) কিছুমান বহীত হিচাপ বিলাক সুন্দৰকৈ ৰাখিব লাগে।
হিচাপ বিলাক সুন্দৰকৈ ৰাখিলে পামখন সুচাৰুৰুপে চলাত সুবিধা হয়।কোন জনী গৰু ভাল,কোন জনী বেয়া কোনজনীয়ে বেছিকৈ গাখীৰ দিয়ে,পামত কিমান গাখীৰ ওলায়,কোনজনী গৰুৱে কেতিয়া পোৱালী দিব কোনজনীৰ মাকে-বাপেক ভাল আছিল,কোনজনীক কেতিয়া আহাৰ অপল বেলেগ ধৰনে খুৱাব লাগিব,পামত উৰ্পাজন কিমান,পামত খৰচ কিমান হৈছে,পামত কৰ্ম্মী সকলৰ কাৰিকৰী দক্ষতা আদি সকলোবোৰ খৱৰ পামত লিপিবদ্ধ কৰা বহী বিলাকৰ পৰা পৰিস্কাৰকৈ পাব পাৰি।বিভিন্ন হিচাপ সমূহ এনে ধৰনৰ—
১) গৰু গোহালীৰ বিভিন্ন গৰু বিলাকৰ বুৰঞ্জীৰ হিচাপৰ বহী,সৰু স্ংখ্যা হিচাপ থকা বহী,গাখীৰ উৎপাদন বহী,পোৱালীৰ বহী দানা দিয়া বহী,দানা খৰচ কৰা বহী,দানা পোবাৰ বহী,গৰুক গাভিনী হবলৈ দিয়া বহী,স্বাস্থ্য পৰীক্ষা কৰা বহী,দানা আনিবলৈ দিয়া বহী আদি বেলেগ বেলেগ বহী পামত ৰখা হয়।
২) পামৰ দিন হাজিৰা কৰ্ম্মীৰ উপস্থিতিৰ বহী,ঘাঁহৰ গুটি অনা বহী,ঘাঁহ স্ংগ্ৰহ কৰা বহী আদি বিভিন্ন ধৰনৰ বহী পামত খা-খবৰ বিলাক লিপিবদ্ধ কৰা হয়।
৩) সাধাৰন হিচাপ:টকা পইছা পোৱা আৰু খৰচ কৰা বহী বস্থু কিনা বহী,দৰমহা দিয়া বহী,দৈনিক হাজিৰা আদি বহী পামত ৰখা হয়।
পামত সকলো কথা লিপিবদ্ধ কৰাটো অতি লাগতিয়াল।ই হৈছে পামৰ দাপোন স্বৰুপ।গতিকে ইয়াক আখৰে আখৰে পালন কৰাটো পামৰ গৰাকীৰ প্ৰধান কৰ্ত্তব্য।
লিখক: ড: দীপক কুমাৰ বৰা, অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
গৰুৰ বাবে প্ৰয়োজনীয় আহাৰ যোগান
জোঙাল বলহু গড় মীন পাম
জীৱ-জন্তুৰ পামৰ বাবে প্ৰয়োজনীয় উপাদান
অধিক গাখীৰ উৎপাদনৰ বাবে থলুৱা জাতৰ গৰুৰ উন্নতিকৰন