বাৰিষা কালত হোৱা বানৰ প্ৰচণ্ড তাণ্ডৱলীলাৰ পাছত জীৱ-জন্তুবিলাকৰ নানাধৰণৰ বেক্টেৰিয়াজনিত আৰু ভাইৰাছজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা যায় । তদুপৰি পৰিষ্কাৰ পানী আৰু উপযুক্ত খাদ্যৰ অভাৱত বানপীড়িত পশুধনসমূহে লেতেৰা-অপৰিষ্কাৰ পানী আৰু অতিপাত ভোকত নানা ধৰণৰ অখাদ্য বা ভেঁকুৰজনিত পচা খাদ্য খাই বিষজনিত নানা ৰোগত ভোগা দেখা যায় । ফলস্বৰুপে বহুতো মূল্যৱান পশুধন অকালতে বিষক্ৰিয়াত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে । বাৰিষা কালত বানপানীৰ পাছতে পশুধনসমূহৰ নানাধৰণৰ বিষক্ৰিয়াজনিত ৰোগৰ লক্ষণে দেখা দিয়ে ।
গৰু, ম’হ, ছাগলী আদি ঘৰচীয়া জীৱ-জন্তুবিলাকৰ খাদ্য বিষক্ৰিয়া বিভিন্ন কাৰণত হ’ব পাৰে । এই বিষক্ৰিয়াজনিত ৰোগসমূহ বিশেষকৈ দুটা ভাগত বিভক্ত কৰিব পাৰি ।
১) জৈৱ ৰাসায়নিক বিষক্ৰিয়া
২) অজৈৱ ৰাসায়নিক বিষক্ৰিয়া
দেখা গৈছে যে বাৰিষা কালত বিশেষকৈ বানপানীৰ পাছত জীৱ-জন্তুবিলাক জৈৱ ৰাসায়নিক বিষক্ৰিয়াৰ দ্বাৰা বেছিকৈ আক্ৰান্ত হোৱা দেখা যায় । বাৰিষা বানপানীৰ পাছত পশুধনসমূহৰ বাবে খাদ্যৰ অভাৱে দেখা দিয়ে । অতিপাত ভোকত থকা বাবে পশুধনসমূহে বিভিন্নধৰণৰ বিষযুক্ত ঘাঁহ-বন, যেনে- গুফুল, ঢেকীয়া, বিহলঙনি, ধঁতুৰা, কোৱামণি গছৰ গুটি, শেলুৱৈ বা ভেঁকুৰযুক্ত নানা ঘাঁহ-বন, খেৰ, ভাত, পচা ফল আদি ভক্ষণ কৰি বিষক্ৰিয়াত আক্ৰান্ত হয় ।
তদুপৰি জৈৱ ৰাসায়নিক বিভিন্ন ধৰণৰ কীটনাশক ঔষধ, ডিডিটি, মালাথিয়ন , চুমিথিয়ন, এলড্ৰিনযুক্ত ঘাঁহ-বন নতুবা ব্যৱহাৰ কৰা নানা ধৰনৰ ঔষধ, যেনে- ডাইনাইট্ৰফিনন, চিলড্ৰেক্স, ক’ৰেট ইত্যাদি । অসাৱধানবশত: ভক্ষণ কৰাৰ পাছত পশুধনসমূহ বিষক্ৰিয়াত আক্ৰান্ত হয় । ওপৰত উল্লিখিত বিষয়সমূহ বিভিন্ন প্ৰকাৰে বা খাদ্যৰ লগত শৰীৰত প্ৰ্ৱেশ কৰে আৰু ক্ৰমান্বয়ে এই বিষসমূহ সমগ্ৰ শৰীৰত প্ৰ্ৱেশ কৰি বিষক্ৰিয়াত ভোগে । বানপানীৰ সময়ছোৱাত বা পানী শুকুৱাৰ পাছত তীব্ৰ খাদ্য সংকটে দেখা দিয়ে । তাৰ ফলত পশুধনসমূহে ভোকৰ জ্বালাত যিকোনো গছৰ পাত, ঘাঁহ-বন আদি ভক্ষণ কৰে । তদুপৰি কেতিয়াবা দুৰ্ঘটনাক্ৰমে বা অসাৱধানবশত: এনে বিষযুক্ত ঘাঁহ-বন পশুধনসমূহে ভক্ষণ কৰে আৰু বিষক্ৰিয়াত আক্ৰান্ত হয় । বিশেষকৈ বানপানীৰ পাছত চাপৰিত থকা গৰু-ম’হবিলাক গুফুল নামৰ এবিধ বিষাক্ত বন ভোকৰ তাড়নাত ভক্ষণ কৰি বিষক্ৰিয়াত আক্ৰান্ত হয় । তদুপৰি বহুতো গো-পালকে অজ্ঞাতবশত: বা অজানিতে চাহ বাগিচাবিলাকত ঘাঁহ-বন মৰিবৰ বাবে প্ৰয়োগ কৰা ঔষধযুক্ত ঘাঁহ-বন কাটি আনি এই জীৱ-জন্তুবিলাক খুওৱাৰ ফলতো খাদ্য বিষক্ৰিয়া হৈ ৰোগত আক্ৰান্ত হয় ।
ইয়াৰ উপৰি বানপানীৰ সময়ছোৱাত সাহায্য শিবিৰবোৰত পৌৰ নিগম কতৃপক্ষই বা জনস্বাস্থ্য কাৰিকৰী বিভাগে মানুহৰ মাজত ৰোগৰ বিস্তাৰ নহ’বলৈ বিভিন্ন কীটনাশক সাৰ, বীজাণুনাশক ঔষধ ছটিয়ায় । সাহায্য শিবিৰত থকা গৰু-ম’হবোৰে এনে ঔষধ মিশ্ৰিত ঘাঁহ-বন ভক্ষণ কৰাৰ বফলতো বিষক্ৰিয়াত আক্ৰান্ত হোৱা দেখা যায় ।
পশুধনসমূহ বিষক্ৰিয়াত আক্ৰান্ত হ’লে বিভিন্নধৰৰ লক্ষণ দেখুৱায় । এনে লক্ষণসমূহ হ’ল- শৰীৰৰ স্বাভাৱিক উত্তাপ কমি যায়, খাবলৈ ইচ্ছা প্ৰকাশ নকৰে, মুখেদি অত্যধিক লেলাউটি নিৰ্গত হয় । পাইখানা অতিমাত্ৰা ঢিলা হয় । উশাহ-নিশাহ লওঁতে কষ্ট হয় । শৰীৰৰ মাংসপেশীসমূহ জঠৰ হৈ পৰে আৰু কঁপি থাকে । শৰীৰৰ বিভিন্ন অংশৰ চাল, নাকৰ আগ অংশ ফাটি ঘা লাগে । অতিমাত্ৰা ৰ’দ বা ৰ’দৰ পোহৰ সহ্য কৰিব নোৱাৰা হয় । কাণ-মূৰ অনবৰত জোকাৰি থাকে । পাগুলিবলৈ এৰে । কেতিয়াবা কেতিয়াবা বিষক্ৰিয়াত আক্ৰান্ত জীৱ-জন্তুৰ প্ৰস্ৰাৱ-পাইখানা বন্ধ হোৱা দেখা যায় । নোম ভোবোৰা পৰা আৰু জিভাখন বাহিৰলৈ উলিয়াই ৰখা বিষক্ৰিয়াত আক্ৰান্ত হোৱা ৰোগৰ লক্ষণ । ক্ৰমান্বয়ে এই বিষ ৰক্ত প্ৰবাহৰ যোগেদি শৰীৰৰ বিভিন্ন অংশলৈ বিয়পি পৰে আৰু শৰীৰৰ মুখ্য অংগ, যকৃৎ, বৃক্ক, হাওফাও, কলিজা আদিৰ কোষবোৰ ধ্বংস কৰি অকামিলা কৰি তোলে আৰু ফলত আক্ৰান্ত জন্তুও মৃত্যুমুখত পৰে । কেতিয়াবা কেতিয়াবা দেখা যায় যে অতিমাত্ৰাত বিষক্ৰিয়াত আক্ৰান্ত হ’লে জন্তুটোৱে ওপৰৰ কোনো লক্ষণ নেদেখুৱাকৈও মৃত্যু মুখত পৰিব পাৰে ।
আপোনাৰ পোহনীয়া জন্তুটো খাদ্য বিষক্ৰিয়াত আক্ৰান্ত হোৱা বুলি গম পালে ততালিকে ওচৰৰ পশু চিকিৎসকৰ লগত যোগাযোগ কৰক । প্ৰাথমিক চিকিৎসা হিচাপে হাঁহ বা কুকুৰাৰ কণীৰ বগা অংশ খুৱাই আৰম্ভণিতে সুফল পাব পাৰে । চিকিৎসকৰ পৰামৰ্শ অনুযায়ী বিষক্ৰিয়াত আক্ৰান্ত জীৱ-জন্তুবিলাক তাৎক্ষণিকভাৱে চেলাইন, এণ্টিবায়’টিক, লিভাৰৰ ঔষধ, এণ্টি হিষ্টামিন, ভিটামিন ‘বি’ কমপ্লেক্স, ডেক্সটফ, এট্ৰপিন চালফেট, চেলাইন, ভেক্সনা আদি প্ৰয়োগ কৰি আৰম্ভণিতে নিৰাময় কৰিব পৰা যায় । বিলম্ব হ’লে চিকিৎসাই সুফল নিদিয়ে ।
প্ৰতিৰোধ ব্যৱস্থা :-
১) বিভিন্নধৰণৰ কীটনাশক ঔষধ গৰু-ম’হ চৰোৱা ঠাইত প্ৰয়োগ কৰিব নালাগে ।
২) কীটনাশক ঔষধসমূহ জীৱ-জন্তুৱে বা ল’ৰা-ছোৱালীয়ে পাব নোৱাৰা ঠাইত ৰাখিব লাগে ।
৩) এনে ঔষধ যাতে কোনো পৰিস্থিতিতে ঘাঁহ-বন, খেৰ, দানা বা পানীত পৰিব নোৱাৰে তাৰ বাবে সাৱধানতা অৱলম্বন কৰা উচিত ।
৪) কেতিয়াবা কেতিয়াবা এনে কিছুমান ঔষধ বহি: পৰজীৱী নাশ কৰিবৰ বাবে জন্তুৰ গাত প্ৰয়োগ কৰোঁতে সাৱধানতা অৱলম্বন কৰিব লাগে ।
৫) বাহিৰৰ পৰা ঘাঁহ-বন আদি কাটি আনোতে সদায় লক্ষ্য কৰিব লাগে যাতে ঘাঁহৰ লগত কোনোধৰণৰ বিষযুক্ত ঘাঁহ-বন যেনে- বিহলঙনি, গুফুল আদি মিহলি হৈ নাহে ।
৬) কীটনাশক ঔষধ প্ৰয়োগ কৰা ঠাইৰ পৰা ঘাঁহ-বন আদি কাটি আনি জীৱ-জন্তুক খাবলৈ দিব নালাগে ।
৭) খাদ্য বিষক্ৰিয়াত আক্ৰান্ত হোৱা বুলি গম পালে ততালিকে পশু চিকিৎসকৰ কাষ চাপি চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰত্যেক গো-পালনৰ মহান কৰ্তব্য ।
লেখক :- ডা: চন্দ্ৰকুমাৰ সিংহ
লেখিকা :- ডা: উপাসনা বৰুৱা
উৎস :- দৈনিক জনমভূমি
শেহতীয়া উন্নীতকৰণ: : 4/23/2020