বৰ্ষাকালত গো-পালকসকলে সন্মুখীন হোৱা এটা ডাঙৰ সমস্যা হ’ল গাইগৰুৰ ওহাৰ ফুলা বেমাৰ । অৱশ্যে শীতকালতো এইৰোগে দেখা দি গো-পালকসকলৰ অশেষ ক্ষতি কৰা দেখা যায় । ওহাৰফুলা বা মেছচাইটিছ গাইগৰুৰ এক মাৰাত্মক ৰোগ । এই ৰোগ সাধাৰণতে অধিক গাখীৰ দিয়া গাই গৰুৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায় । ওহাৰ ফুলা ৰোগাক্ৰান্ত গাইগৰুৰ গাখীৰ খোৱা অতি বিপজ্জনক । যিহেতু এনে ৰোগাক্ৰান্ত গাইগৰুৰ গাখীৰৰ পৰা যক্ষ্মা ব্ৰুচেল’ছিছ আৰু বিভিন্নধৰণৰ বেক্টৰিয়াজনিত ৰোগ মানুহৰ শৰীৰলৈ বিয়পিব পাৰে ।
গাইগৰুৰ ওহাৰ ফুলা বেমাৰ বিভিন্নধৰণৰ বেক্টেৰিয়াৰ দ্বাৰা হ’ব পাৰে ।
ওহাৰ ফুলা ৰোগ বিস্তাৰিত হোৱাৰ মূল কাৰণ অস্বাস্থ্যকৰ আৰু লেতেৰা পৰিৱেশৰ গোহালি । অপৰিষ্কাৰ মজিয়া, পানী জমা হোৱা মজিয়া আদিৰ পৰা এই ৰোগ অতি সহজে বিয়পিব পাৰে । বীজাণুযুক্ত দানা, পানী দিয়া পাত্ৰ বা বীজাণুযুক্ত ঘাঁহ, খেৰ বা গোহালিত কৰ্মৰত কৰ্মীজনৰ কাপোৰ-কানি আদিৰ পৰাও নিৰোগী গাইলৈ এই ৰোগ বিয়পিব পাৰে । আমাৰ বহুতো গো-পালকে এনেৰোগত আক্ৰান্ত গাই গৰুৰ ওহাৰৰ গাখীৰ মজিয়াত পেলাই দিয়ে, ইয়াৰ ফলত বীজাণুযুক্ত গাখীৰ সেমেকা মজিয়াত বহুদিনলৈকে জীয়াই থাকিব পাৰে । তদুপৰি এনে ৰোগৰ বীজাণু আক্ৰান্ত গাইজনীৰ নেজ, নোম আদিতে লাগি থাকে । এনে বীজাণুযুক্ত মজিয়া বা ৰোগাক্ৰান্ত গাইজনীৰ নেজ, নোম আদিৰ পৰাও অন্য নিৰোগী গাইলৈ ৰোগ বিয়পিব পাৰে । গাখীৰ খীৰোৱা মানুহজনৰ পৰাও এই ৰোগ অন্য গাইগৰুলৈ বিয়পে অৰ্থাৎ ওহাৰ ফুলা ৰোগত আক্ৰান্ত গাইগৰুৰ গাখীৰ খীৰোৱা লোকজনে, হাত কেইখন ভালদৰে বীজাণুনাশক দ্ৰৱণেৰে নোধোৱাকৈ অন্য নীৰোগী গাইক খীৰালে, সেই গাইজনীৰো এনে ৰোগ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে ।
গাখীৰ খীৰোৱা মানুহ হঠাৎ বদলি হ’লে, গাখীৰ খীৰোৱা সময়ৰ তাৰতম্য ঘটিলে, গাখীৰ সম্পূৰ্ণকৈ নিখিৰালে, অতিপাত ঠাণ্ডা বা অতিপাত গৰম পৰিলে, চবকা বা অন্য কোনো ৰোগত পৰি ওহাৰত ঘাঁ লাগিলে এই ৰোগৰ বীজাণুৱে সহজতে আক্ৰমণ কৰি ওহাৰ ফুলা বা মেছটাইটিছ ৰোগৰ সৃষ্টি কৰিব পাৰে।এটা বিশেষ জানিবলগীয়া কথা হ’ল গাইজনী গাখীৰ খীৰোৱাৰ ঠিক পিছতে শুবলৈ দিয়া উচিত নহয়। পৰাপক্ষত গাখীৰ খীৰোৱাৰ এঘণ্টমানৰ পাছতহে গাইজনীক শুবলৈ বা বহিবলৈ দিয়া উচিত । গাখীৰ খীৰোৱাৰ সময়ত ওহাৰৰ বাটটো খোলা হৈ থাকে । এই খোলা বাট পুনৰ আগৰ অৱস্থালৈ আহিবলৈ অৰ্থাৎ বন্ধ হ’বলৈ প্ৰায় ৪৫ মিনিট সময়ৰ প্ৰয়োজন হয় । সেয়েহে এই সময়ত গাইজনীক শুবলৈ দিলে খোলা ওহাৰৰ বাটেদি বীজাণুযুক্ত মজিয়াৰ পৰা অতি সহজে বীজাণু সোমাই এনে ৰোগৰ সৃষ্টি কৰিব পাৰে । সেয়েহে পালকসকলে গাখীৰ খীৰোৱাৰ ঠিক পাছতে গাইজনীক ঘাঁহ দানা আদি খাবলৈ দিলে এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ।
অভিজ্ঞপালকসকলে অতি সহজতে এই ৰোগ চিনাক্ত কৰিব পাৰে । কিন্তু বাস্তৱ অভিজ্ঞতাৰ পৰা দেখা গৈছে যে বহুতো পালকে আৰম্ভণিতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰি গাঁৱলীয়া বেজ বা জৰাফুকা আদিত গুৰুত্ব প্ৰদান কৰে । বহুতো পালকে মিঠাতেল আদি খুৱাই এনে ৰোগৰ চিকিৎসা কৰা দেখা যায় । পালকসকলে এটা কথা সদায় মনত ৰাখিব লাগে আৰম্ভণিতে এনে ৰোগৰ চিকিৎসাৰ ব্যৱস্থা নকৰিলে ৰোগে অতি জটিল ৰুপ ধাৰণ কৰে আৰু তেনে ক্ষেত্ৰত কোনো চিকিৎসাই সুফল নিদিয়ে । আকৌ বহুতো পালকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহন নকৰি নিজেই প্ৰতিজৈৱিক ঔষধ আদি ব্যৱহাৰ কৰে । এয়া অতি মাৰাত্মক । যিহেতু এজন অভিজ্ঞ চিকিৎসকেহে এই ৰোগ কোন ধৰণৰ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হৈছে তাক নিৰ্ধাৰণ কৰিব পাৰে আৰু সেইমতে প্ৰতি জৈৱিক ঔষধ দিয়ে । যধে মধে প্ৰতিজৈৱিক ঔষধ ব্যৱহাৰ কৰাৰ ফলত বেক্টেৰিয়াসমূহে প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে । ফলত কোনো প্ৰতিজৈৱিক ঔষধে পাছত কাম নকৰা হয় । ওহাৰৰ কোষবোৰ বিশেষ ধৰণৰ । এবাৰ ধ্বংস হৈ শিলৰ দৰে টান হৈ পৰিলে পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি ।
গতিকে পালকসকলে গাইজনীৰ ওহাৰ ফুলাৰ লক্ষণসমূহ দেখা দিয়াৰ লগে লগে বিলম্ব নকৰি চিকিৎসকৰ কাষ চপা উচিত ।
ওহাৰ ফুলা ৰোগৰ লক্ষণ হ’ল-আৰম্ভণিতে ওহাৰখন ফুলি উঠি ৰঙা হৈ পৰে আৰু অত্যন্ত বিষ হোৱাৰ বাবে গাখীৰ খীৰাওঁতে গাইজনীয়ে আমনি কৰে । অতিপাত জ্বৰ উঠে আৰু খোৱা লোৱাত অনীহা প্ৰকাশ কৰে । অস্বাভাৱিক গাখীৰৰ বৰণ অৰ্থাৎ ফটা গাখীৰ, বৰণ হালধীয়া আৰু কেতিয়াবা গাখীৰৰ সলনি তেজ-পুঁজ আদি নিৰ্গত হয় । কেতিয়াবা কেতিয়াবা গাখীৰৰ সলনি পাতল পানীৰ দৰে পদাৰ্থ নিৰ্গত হয় । উপযুক্ত সময়ত চিকিৎসাৰ ব্যৱস্থা ন’ললে ওহাৰ খন শিলৰ দৰে টান হৈ পৰে আৰু তেনে ক্ষেত্ৰত কোনো চিকিৎসাই সুফল নিদিয়ে । ফলত গাইজনীৰ গাখীৰ উৎপাদন ক্ষমতা সম্পূৰ্ণভাৱে লুপ্ত হয় ।
পালকসকলে মন কৰিবলগীয়া কথাবোৰ হ’ল-
১) গোহালি সদায় পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে ৰাখিব লাগে ।
২) মজিয়াখন সদায় শুকান আৰু পৰিষ্কাৰ কৰি ৰাখিব লাগে ।
৩) গোহালিৰ মজিয়া পৰাপক্ষত সদায় বীজাণুনাশক দ্ৰৱণ যেনে : পটাছ, ব্লিছিং পাউডাৰ, ডেটল আদি দ্ৰৱণেৰে ধুব লাগে ।
৪) ৰোগত আক্ৰান্ত গাইজনীক নিৰোগীসমূহৰ পৰা নিলগত বান্ধিব লাগে ।
৫) নতুনকৈ ক্ৰয় কৰা গাইজনী ওহাৰখন অভিজ্ঞ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাই নিশ্চিত হৈহে গোহালিত সুমোৱা উচিত ।
৬) গাখীৰ খীৰোৱাৰ আগতে গাইজনীৰ ওহাৰখন আৰু গাখীৰ খীৰোৱা মানুহজনৰ হাত কেইখন বীজাণুনাশক দ্ৰৱণেৰে ধুব লাগে ।
৭) যক্ষ্মা ৰোগত আক্ৰান্ত মানুহক গাখীৰ খীৰাবলৈ দিব নালাগে ।
৮) অভিজ্ঞ চিকিৎসকৰ দ্বাৰা মাজে সময়ে গাই কেইজনীৰ ওহাৰ পৰীক্ষা কৰাব লাগে ।
৯) গাখীৰ খীৰোৱাৰ এঘণ্টামানৰ পাছতহে গাইজনীক শুবলৈ দিব লাগে ।
১০) আজিকালি বজাৰত এনে ৰোগৰ বহুতো কাৰ্যক ৰী ঔষধ ওলাইছে । চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি এনে ঔষধ প্ৰয়োগ কৰিব লাগে । মনত ৰাখিব- সময়মতে চিকিৎসা কৰালে এই ৰোগ সম্পূৰ্ন নিৰাময় কৰিব পাৰি । বিলম্ব কৰিলে বুজন সংখ্যক অৰ্থ ব্যয় কৰাৰ পাছতো চিকিৎসাই সুফল নিদিয়ে ।
লেখিকা: ডা: উপাসনা বৰুৱা
লেখক: ডা: চন্দ্ৰকুমাৰ সিংহ
উৎস :- দৈনিক জনমভূমি
শেহতীয়া উন্নীতকৰণ: : 3/15/2020