মই গৰু| মোৰ জন্ম ভাৰতত| অতি সৰু কালৰে পৰা মোৰ জীৱনৰ সকলো কথা ভালদৰেই মনত আছে|মোৰ জন্মৰ দুদিনৰ পিছৰ পৰাই মানুহ নামৰ সেই দুঠেঙীয়া জন্তটোৱে মোৰ ওপৰত অবিৰাম অত্যাচাৰ চলাই আহিছে| জন্মৰ তৃতীয় দিনা সন্ধিয়া সিহঁতে মোক বেলেগকৈ বান্ধি থ’লে| ভোক পিয়াহত মই ওৰেনিশা কান্দিছিলোঁ আৰু মোৰ মায়ে মোৰ পিনে চাই চিঞৰিছিল| পিছদিনা পুৱাতে সিহঁতে মোক মোকলাই দিছিল যদিও সামাণ্যকণ গাখীৰ খোৱাৰ পিছতেই পুনৰ ৰছীৰে বান্ধি আঁতৰাই মোৰ চকুৰ আগতে মাৰ ওহাৰৰ পৰা গাখীৰখিনি উলিয়াই বাল্টি ভৰাই লৈ গ’ল আৰু মই গোটেই দিনটো ভোকতেই থাকিলোঁ, কাৰণ সেই বয়সত ঘাঁহখোৱা মোৰ বাবে সম্ভৱ নাছিল|খাদ্যৰ অভাৱত মোৰ শৰীৰ আছিল খীন আৰু দুৰ্বল| অতি কম বয়সৰ পৰাই সিহঁতে নিৰবিচ্ছিন্নভাৱে নিয়োগ কৰিলে ওৰ নপৰা কামত আৰু সেই কাম কৰি থকা অৱস্থাত সিহঁতে মোক লাঠীৰে কোবাই কাম খৰকৈ কৰিবলৈ ধমক দিয়ে|অন্তহীন কাম, শাৰীৰিক নিৰ্যাতন আৰু ক্ষুদ্ৰ পৰিমাণৰ খাদ্যত অকালতে মোৰ শৰীৰ দুৰ্বল যেন হৈ পৰাত সিহঁতে মোক বজাৰত বিক্ৰী কৰি দিলে|ইয়াৰ পিছতে আৰম্ভ হ’ল এক দীঘলীয়া যাত্ৰাৰ|খোজকঢ়া,ট্ৰাকত উঠা,নদী পাৰ হোৱা আৰু অৱশেষত মোৰ দৰে একে দশাৰ অজস্ৰ গৰুৰ সৈতে কচাইঘৰৰ সম্মুখত লঘোনে অপেক্ষা কৰাতো আছিল এক অবৰ্ণনীয় অধ্যায়|এসময়ত সিহঁতে মোক ভিতৰলৈ নি মোৰ ঠেংকেইখন বান্ধি বগৰাই দিলে|জীৱনত মই কোনো অপৰাধ কৰা নাছিলো,আৰু মই চিঞৰি চিঞৰি কৰা আপত্তিক সিহঁতে নুশুনাৰ ভাও ধৰিলে|মোক হত্যা কৰি মাংসবোৰ সিহঁতে বজাৰত বিক্ৰী কৰিলে,বিদেশলৈ ৰপ্তানি কৰিলে আৰু মোৰ চালখন চৰ্ম উদ্যোগলৈ পঠিয়ালে|অতীতত এই দেশত গৰুৰ ছালৰ ব্যৱহাৰ প্ৰায় নাছিলেই আৰু ইয়াৰ মানুহে উদং ভৰিৰে জীৱন-যাপন কৰিছিল নতুবা কাঠৰ খৰম বা পাদুকা ব্যৱহাৰ কৰিছিল|কিন্তু আধুনিক যুগত ভাৰতীয়ই গৰুৰ ছালেৰে তৈয়াৰ কৰা জোতা,চেন্দেল,পেটী,জেকেট আদি পিন্ধাৰ লগতে টালি-টোপোলাকে আদি কৰি বিভিন্ন স্তৰত ইয়াক ব্যৱহাৰ কৰে|ভাৰতত পৃথিৱীৰ আটাইতকৈ বেছি গৰু আছে বাবে ইয়াৰ চৰ্ম উদ্যোগ বিশ্বৰ প্ৰথম স্থানত|গৰুৰ চৰ্মৰ সৈতে লিপ্ত থকা এসময়ৰ সেই অস্পৃশ্য বৃত্তি আজি ভাৰতৰ এক অত্যাধুনিক ব্যৱসায় আৰু ইয়াৰ দ্বাৰা এই দেশৰ মানুহ দিনক দিনে চহকী হৈছে|ভাৰতত গৰুক হেনো অতি উচ্চ স্থান দিয়া হয়|অতিপাত মিছা কথা|কাৰণ, সেয়া সত্য হ’লে সিহঁতে গখীৰ নামৰ আহাৰকণ গৰুপোৱালিৰ মুখৰ পৰা কাঢ়ি নিনিলে হয়,মাৰধৰ কৰি হাড়ভঙা কামত নলগালে হয়,বজাৰত বিক্ৰী নকৰিলে হয়,উছৰ্গা নিদিলে হয়,মাংসবোৰ নাখালে হয় আৰু গৰুৰ ছালেৰে তৈয়াৰ কৰা জোতা নিপিন্ধিলে হয়|গৰু ত্ৰিছ বছৰপৰ্যন্ত জীয়াই থাকিবলৈ সক্ষম আৰু যদিহে আমি সিহঁতৰ স্নেহৰ প্ৰাপ্ত ,তেনেক্ষেত্ৰত আমাক কিয় ঘৰুৱা কুকুৰ-মেকুৰীৰ দৰে মৰমৰ জন্তৰ স্থান দি সাধাৰণততে বৃদ্ধ বয়সলৈ জীয়াই থাকিব নিদিয়ে? অৱশে সিহঁতে সঘনাই কোৱা কথাষাৰ ‘গৰু অতি উপকাৰী জন্তু আমি কোনোপধ্যেই মানি নলওঁ,কাৰণ সিহঁতৰ উপকাৰ শব্দটো আমাৰ বাবে অকল দাসত্বৰ বাহিৰে আন একো নহয়|আস্থা আছে আমাৰ সেই ‘ভেজেন’ বা ‘ভিগেন’ সকলৰ প্ৰতি,কাৰণ তেওঁলোকে গাখীৰ নাখায়,মাংস নাখায় আৰু চৰ্মৰ পৰা তৈয়াৰ কৰা জোতাও নিপিন্ধে|এয়া গো-ভক্তি নে অলাগতিয়াল গৰুটো বজাৰত বিক্ৰী কৰি ইয়াৰ অদৃষ্টতাকলৈ হৈ-চৈ কৰা?জন্তু জগতত আমাৰ স্থান ইমানেই নিম্ন নে?মানুহে খেতি পথাৰ কৰাৰ আগৰ কালত হাবিৰ বাঘ আছিল আমাৰ গৰখীয়া| বাঘে আমাক নিৰীক্ষণ কৰি সময়সাপেক্ষে একোটা গৰু ভক্ষণ কৰি আমাৰ বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণত ৰাখিছিল|অন্যথা সীমাহীনভাৱে বৃদ্ধি পোৱা বৃহৎসংখ্যক গৰুৱে জংঘ্ল পৰিস্কাৰ কৰিলে হয়|ইয়াৰ বাহিৰে আমাৰ কোনো শত্ৰু নাছিল,কাৰণ আমি আছিলো বাঘৰ খাদ্য,যি নেকি আমাক নিৰাপত্তা দিছিল আৰু সেয়া আছিল প্ৰকৃতি প্ৰদত্ত|মানুহে আমাক ঘৰচীয়া কৰি বাঘৰ সৈতে শত্ৰুতা গঢ়ি তুলিলে|এসময়ত সিহঁতে বাঘক বধি আমাক সম্পুৰ্ণ ভাৱে পৰাধীন কৰি সকলো ধৰণৰ সুবিধা আদায় কৰি প্ৰকৃতি ধ্বংস কৰাৰ পথত অগ্ৰসৰ হৈছে|উন্নত দেশবোৰত থকা আমাৰ বংশধৰসকলৰ পৰিস্থিতি অলপ বেলেগ ধৰণৰ যদিও সেয়া কোনোপধ্যেই ভাৰততকৈ ভাল বুলি ক’ব নোৱাৰি|খেতিপথাৰৰ কাম মেচিনৰ দ্বাৰা চলে কিন্তু সিহঁতে গৰু পোহে প্ৰধানকৈ গাখীৰ,মাংস আৰু চৰ্মৰ বাবে|প্ৰকৃতিৰ বিধি অনুসৰি গৰুৰ সমানসংখ্যক মতা আৰু মাইকী পোৱালিৰ জন্ম হয় যদিও মতা পোৱালিবোৰক জন্মৰ পিছতেই হত্যা কৰি আৱৰ্জনাত পেলোৱা হয়|কাৰণ পোৱালিবোৰে বিশেষ কোনোধৰণৰ উৎপাদন নকৰে|কিছু ভগ্যৱান মতা পোৱালিক কেইসপ্তাহমান জীয়াই ৰাখি উন্নত মানৰ জুলীয়া খাদ্যৰে পোহপাল দি নোদোকা কৰি কোমল মাংস হিচাপে বিক্ৰী কৰা হয়|লগতে পোৱালি গৰুৰ চৰ্ম অতি নিমজ হোৱাৰ বাবে সেই দামী দামী ঘড়ীবোৰত ইয়াৰে বেল্ট লগোৱা হয়|আনহাতে মাইকী পোৱালিবোৰৰ কাম মাত্ৰ এটা আৰু সেয়া হ’ল দিনে-ৰাতিয়ে অবিৰামভাৱে খাদ্য ভক্ষণ কৰা,যাতে সিহঁতে সোনকালে বাঢ়ি অন্ত:সত্ত্বা হৈ পোৱালি জন্ম দিয়ে আৰু লগতে গাখীৰৰ যোগান ধৰে|চাৰি বছৰৰ পৰা পাচঁ বছৰ বয়সলৈকে সিহঁতে অস্বাভাৱিক ধৰণে বৃহৎ পৰিমাণৰ গাখীৰ উৎপাদন কৰে|অৱশ্যে গাখীৰৰ উভৈনদী জীৱনৰ পঞ্চম বছৰৰ পৰা মন্থৰ পৰিস্থিতিলৈ আহে আৰু সেই মুহূৰ্ততে সিহঁতক কচাইখানালৈ প্ৰেৰণ কৰি মাংস আৰু চৰ্মলৈ ৰুপান্তৰিত কৰা হয়|বাস্তৱতে প্ৰত্যেক স্তন্যপায়ীৰ নৱজাতকে অকল সেই প্ৰজাতিৰহে গাখীৰ গ্ৰহণ কৰে-অৰ্থাৎ হাতীৰ গাখীৰ হাতীপোৱালিৰ বাবে, নতুবা বাঘৰ গাখীৰ বাঘপোৱালিৰ বাবে| মানুহে নিজৰ গাখীৰ আন প্ৰাণীক খুৱাই নে?প্ৰাপ্তবয়স্কৰ মানুহে কি যুক্তিত আন জন্তুৰ নৱজাতকৰ খাদ্য সহজবোধ্য ভাৱে ভক্ষণ কৰে?বিশ্বব্যাপী গৰু গাখীৰৰ জনপ্ৰিয়তা দিনকদিনে বাঢ়িছে আৰু অহা ১০ টা বছৰত ইয়াৰ চাহিদা কেইবাগুণে বৃদ্ধি পাব|উদ্যোগী দেশবোৰে উক্ত চাহিদা পুৰণৰ বাবে উঠি পৰি লাগিছে|কিন্তু ইয়াৰ সৈতে সামঞ্জস্য ৰাখি বৃদ্ধি হ’ব গৰুৰ মাংস আৰু গৰুৰ চৰ্ম| তদুপৰি সমগ্ৰ বিশ্ববাসীয়ে এতিয়া সম্পুৰ্ণভাৱে গৰুৰ পৰা উৎপাদিত খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে| গাখীৰ, গো-মাংস, মাখন, দৈ, পনীৰ, ক্ৰীম আদি অদ্ভুত বস্তুবোৰ অৱস্থাপুৰ্ণ মানুহৰ প্ৰধান খাদ্যত পৰিণত হৈছে| মানুহ দিনকদিনে ধনী হোৱাৰ লগতে গৰুৰ ওপৰত নিৰ্ভৰশীলতা বাঢ়ি গৈ আছে| চৰ্মৰ ক্ষেত্ৰত শতকৰা ৯০ ভাগতকৈ অধিক উৎস হ’ল গৰু আৰু গৰুৰ চৰ্ম এতিয়া বস্ত্ৰ উদ্যোগৰো এতিয়া এৰিব নোৱাৰা কেঁচা সামগ্ৰী|ফলস্বৰুপে অবিৰাম পৰ্যায়ত বৰ্ধিত পৰিমাণৰ গৰু পোহা হ’ব আৰু ইয়াৰ সৈতে জড়িত আছে অন্তহীন প্ৰদূষণ| মানুহে ভাৱে যে আমি গৰু,অৰ্থাৎ বুৰ্বক বা নিৰ্বোধ|কিন্তু সেয়া সিহঁতৰ ভুল ধাৰণা|সিহঁতৰ প্ৰতি আমাৰ প্ৰতিশোধ কিন্তু অতি নিখুঁত আৰু ক্ষমাহীন|গাখীৰ আৰু মাংসৰ মাধ্যমেৰে আমি সিহঁতৰ শৰীৰত বিয়পাই দিছোঁ সহজে আৰোগ্য নোহোৱা বেমাৰবোৰ|আমি আমাৰ দেহৰ ছালবোৰ ইমানেই কঠিন আৰু মজবুত কৰোঁ যে সেইবোৰ ব্যৱহাৰৰ উপযোগী কৰাৰ বাবে চৰ্ম-উদ্যাগ তিনিশ বিধতকৈ অধিক ক্ষতিকৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিবলৈ বাধ্য|সেই বিষাক্ত বৰ্জিত পদাৰ্থবোৰে দ্ৰুতগতিত আৰু বিস্তৃতভাৱে প্ৰকৃতিৰ প্ৰদুষণ বৃদ্ধি কৰিছে,যাৰ দ্বাৰা সিহঁতৰ সন্তান-সন্ততি পীড়িত হ’ব| উদ্যোগী দেশবোৰত আমাৰ মল-মূত্ৰই সিঁহতৰ ভূ-পৃষ্ঠৰ পানী অতি ভয়ংকৰ ৰুপত দুষিত কৰিছে|গতিকে সিহতে এতিয়া ব্যয়বহুল বটলৰ পানীহে সেৱন কৰে আৰু ভাৰতত আমি লগাই দিছোঁ সাম্প্ৰদায়িক সংঘৰ্ষ,যাৰ দ্বাৰা সিহঁতে অশান্তিতেই জীৱন-যাপন কৰিব|
ড° চেলিম এম আলী।
শেহতীয়া উন্নীতকৰণ: : 3/16/2020
অমৰাৰো আছে ভাল গুণ
অ-সম অসম
অসম নামৰ ব্যুৎপত্তি
অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ