অসমত পৰ্য্যাপ্ত পৰিমাণে বৰষুণ হয় ৷ ইয়াৰ জলবায়ু উষ্ণতা আৰু সিক্ত ৷ সেইবাবে ইয়াত প্ৰচুৰ পৰিমাণে সেউজীয়া ঘাঁহ গজে আৰু তৃণভোজী প্ৰাণী পোহাটো অতি সহজ ৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে কৃষিভূমি কমি যোৱাৰ ফলত কম মাটিতেই কৃষকে অধিক উৎপাদন কৰিবলগীয়া হৈছে ৷ কৃষকৰ অৰ্থনীতিত গৃহপালিত ছাগলী পালনত কষ্ট কম আৰু খৰছো কম ৷ যদিও অসম আৰু চুবুৰীয়া ৰাজ্য কেইখনত লেখত ল’বলগীয়া অনুমোদিত জাত নাই তথাপিও মাংস জাতীয় মাংস সাৰ (প্ৰ’টিন) উৎপাদনত অসমত ছাগলী পালনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷
১)ছাগলী পুহিবলৈ অধিক মূলধনৰ প্ৰয়োজন নহয় ৷ আন ঘৰচীয়া জন্তুতকৈ কম কষ্ট আৰু কম খৰচতেই ছাগলী পালন কৰিব পাৰি৷
২)সৰু শাৰীৰিক গঠন আৰু শান্ত স্বভাবৰ বাবে পৰিয়ালৰ যি কোনো মানুহে সহজেই ৮-১০ জনী চোৱা মেলা কৰিব পাৰি ৷
৩)হজম শক্তি প্ৰচুৰ হোৱা বাবে ছাগলীয়ে গছৰ পাত, ঘাহঁ-বন আদিৰ উপৰিও গছৰ ঠানি, ফুল, ফল, আদি খায় জীয়াই থাকিব পাৰে ৷
৪)ছাগলীৰ ঘৰ অতি সাধাৰণ ভাবেই সাজি উলিয়াব পাৰি ৷ আকাৰ সৰু হোৱা বাবে ৰাখিবলৈ কম ঠাইৰ আৱশ্যক হয় ৷
৫)মাংস আৰু গাখীৰ দুয়োটাৰ বাবে ছাগলী পোহা হয় ৷
৬)ছাগলীয়ে সকলো ধৰণৰ জলবায়ুৰ লগত খাপ খাব পাৰে আৰু ইহঁতৰ বেমাৰ- আজাৰো কম ৷
১.অসমৰ থলুৱা জাত (Assam Local) : অসমৰ থলুৱা জাতৰ ছাগলী মাংসৰ বাবে পোহা হয় ৷ ৬-১২ মাহৰ ভিতৰত প্ৰজননৰ ক্ষমতা প্ৰাপ্ত হোৱা দেখা যায় ৷ ইহঁতৰ দুটা বা ততোধিক পোৱালী দিয়াৰ ক্ষমতা আছে ৷ গাৰ গঠন সৰু যদিও এবছৰ বয়সত প্ৰায় ১৪ কিলোগ্ৰাম ওজনৰ হয় ৷ এই ছাগলী বোৰ অসমৰ জলবায়ুৰ সৈতে সুন্দৰ ভাৱে খাপ খোৱা দেখা যায় ৷
২.বিটাল (Beetal): পাঞ্জাৱ আৰু হাৰিয়ানাৰ এই জাতৰ ছাগলীয়ে অসমৰ জলবায়ুৰ লগত সহজে খাপ খাব পাৰে ৷বিটাল ছাগলী মাংস আৰু গাখীৰ দুয়োৰে বাবে পোহা হয় ৷ ইহঁতৰ ওজন প্ৰায় ২১ কিলোগ্ৰাম হয় আৰু প্ৰতিদিনে ৫০০-৮০০ মিলিলিটাৰ গাখীৰ দিয়াৰ সামৰ্থ্য আছে ৷
৩.বাৰবাৰী (Barbari) : বাৰবাৰী ছাগলী উত্তৰ প্ৰদেশত পোৱা যায় ৷ এই ছাগলীবোৰ মাংস আৰু গাখীৰ দুয়োটাৰ বাবে পোহা হয় ৷ গাৰ গঠন সৰু আৰু এবছৰত প্ৰায় ১৫ কিলোগ্ৰাম ওজনৰ হয় ৷ বাৰবাৰী ছাগলীয়ে ৭০০-১৩০০ মিলিলিটাৰ গাখীৰ দিব পাৰে৷
৪- যমুনাপাৰী (Jamunapari): ভাৰতবৰ্ষৰ সবাতোকৈ জনপ্ৰিয় এইজাতৰ ছাগলীয়ে দৈনিক ১৫০০ মিলিলিটাৰ গাখীৰ দিব পাৰে ৷ যমুনাপাৰী ছাগলী উত্তৰ প্ৰদেশ আৰু বিহাৰত পোৱা যায় ৷ ইহঁতে এবাৰত এটাহে পোৱালী দিয়ে ৷ এবছৰত প্ৰায় ২৯ কিলোগ্ৰাম ওজনৰ হয় ৷এই ছাগলী বোৰ মুকলিকৈ চৰি - ফুৰি সোনকালে ডাঙৰ হয় ৷
৫- বৰ্ণসঙ্কৰ ছাগলী (Crossbred Goats): কোনো সম্পৰ্ক নথকা দুটা জাতৰ ছাগলীৰ প্ৰজননৰ ফলত উৎপাদিত পোৱালীবোৰক বৰ্ণসঙ্কৰ ছাগলী বোলা হয় ৷ এই পদ্ধতিৰ সহায়ত উচ্চ্ক্ষমতা সম্পন্ন চৰিত্ৰ একত্ৰিত কৰি ভৱিষ্যত প্ৰজন্মত উৎপাদন বঢ়াব পাৰি ৷
কিন্তু অসমৰ থলুৱা জাতৰ ছাগলীত অকল গাখীৰৰ উৎপাদন বৃদ্ধিৰ বাবে- অসমৰ থলুৱা জাতৰ মাইকী ছাগলীৰ লগত যমুনাপাৰী জাতৰ মতা ছাগলীৰ প্ৰজনন আৰু তাৰপৰা উৎপাদিত বৰ্ণসঙ্কৰ পোৱালীৰ মাজত প্ৰজনন কৰাব লাগে ৷
(ক) মাইকী ছাগলী:
১)মাইকী ছাগলীজনী থলুৱা জাতৰ হোৱা ভাল ৷
২)দৈহিক গঠন আকৰ্ষণীয় আৰু থিয় হৈ থাকোঁতে চাৰিওটা ঠেঙত সমানে ভৰ পৰা হ’ব লাগে ৷
৩)গাখীৰ উৎপাদনৰ বাবে পোহা ছাগলীৰ ক্ষেত্ৰত সন্মুখৰ ফালতকৈ পিছফালটো বেছি বহল হ’ব লাগে ৷
৪)ওহাঁৰ আৰু ইয়াৰ বাটবোৰ যথাস্থানত থকাটো প্ৰয়োজনীয় ৷
৫)অধিক সংখ্যক পোৱালী জন্ম দিয়া মাকৰ সন্তান ৷
৬)মাইকী ছাগলী সাধাৰণতে ৬-১২ মাহৰ বয়সত প্ৰথম গৰম হয় আৰু ১৮-২৪ দিনৰ মূৰে মূৰে পুনৰাবৃত্তি হয়, যেতিয়ালৈকে গৰ্ভধাৰণ নহয় ৷
৭)এজনী মাইকী ছাগলী ২-৩ দিন গৰম হৈ থাকে আৰু সেইসময়ত উপযুক্ত মতাৰে প্ৰজনন কৰাব লাগে ৷
৮)প্ৰজননৰ পৰা পোৱালী জন্ম দিয়ালৈকে ছাগলীক গঢ়ে ১৪৮ দিন লাগে ৷
(খ) মতা ছাগলী:
১)ভৱিষ্যত প্ৰজন্মৰ পৰা আশানুৰূপ ফল পাবলৈ হ’লে মতা ছাগলী বাছনিৰ ওপৰত গুৰুত্ব দিব লাগে ৷
২)উন্নত গাৰ গঠন, আটিল স্বাস্হ্য, ঠেং কেইটা সমানে মাটিত পৰা আৰু নিৰোগী মতা ছাগলী বাছনি কৰিব লাগে ৷
৩)মতা ছাগলীয়ে ৭-১২ মাহৰ ভিতৰত প্ৰজনন ক্ষমতা পায় ৷
৪)প্ৰজনন ক্ষমতা প্ৰাপ্ত ছাগলীক দিনে ৩-৫ কিল’মিটাৰ খোজ কাঢ়িবলৈ দিব লাগে ৷
৫)সাধাৰণতে এটা মতা ছাগলীয়ে ৫০ জনী ছাগলীক গাভিনী কৰিব পাৰে ৷
৬)যিবোৰ মতা ছাগলী প্ৰজননৰ বাবে অনুপযুক্ত, সিহঁতক ৩ মাহ বয়সত খাহী কৰাব লাগে ৷
৭)খাহী কৰিলে দেহৰ ওজন বাঢ়ে, মাংসৰ গুণগুণ বৃদ্ধি হয় আৰু অবাঞ্চিত প্ৰজনন ৰোধ হয় ৷
ছাগলীৰ ঘৰ:
১)ছগলী ঘৰৰ বাবে শুকান, আহল-বহল, বতাহ চলাচল কৰিব পৰা, পোহৰ পৰা ঠাই উপযুক্ত ৷
২)৫ ফুট বহল আৰু ৭ ফুট দীঘল বাঁহ-খেৰেৰে নিৰ্মিত সাধাৰণ ঘৰ এটাত ৩-৫ জনী ছাগলী ৰাখিব পাৰি ৷
৩)যিহেতু আমাৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণ আৰু আৰ্দ্ৰতা বেছি সেয়েহে চাংঘৰত ছাগলী পালন কৰাটো উত্তম৷
৪)চাংঘৰৰ বাবে ছাগলী থকা মজিয়াখন ঘৰটোৰ ভেটিৰ পৰা ৩-৩.৫ ফুট ওখ কৰিব লাগে ৷
৫)ছাগলী এজনীৰ বাবে ২.৫ ফুট X ৮.৫ ফুট মজিয়াৰ প্ৰয়োজন ৷
৬)ঘৰৰ চালখন খেৰ বা এচবেচটচেৰে সাজিলে বছৰটোৰ সকলো সময়তে কোঠাটোৰ উষ্ণতা প্ৰায় একে থাকে ৷
৭)চাংঘৰত ছাগলী প্ৰতিপালন কৰিলে ছাগলীবোৰ মল-মূত্ৰৰ সংস্পৰ্শলৈ নাহে আৰু বহু ধৰণৰ পেলুৰ পৰা মুক্ত হৈ থাকে ৷
অসম কৃষি বিশ্ববিদ্যালৰ অধীনত বৰ্ণিহাটত থকা ছাগলী গৱেষণা কেন্দ্ৰত বিটাল আৰু যমুনাপাৰী জাতৰ ছাগলী প্ৰতিপালন কৰি থকা হৈছে ৷ ইচ্ছুক ছাগলী পালকে নিজৰ পামত থকা থলুৱা জাতৰ পৰা অধিক উৎপাদনক্ষম বৰ্ণসঙ্কৰ ছাগলী উৎপাদনৰ বাবে গৱেষণা কেন্দ্ৰত যোগাযোগ কৰি বিটাল জাতৰ মতা ছাগলী আনিব পাৰিব৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 4/30/2020
উন্নত প্ৰথাৰে পশু-পক্ষী পালনৰ আগ কথা
গো-ধন পালনত ব্যৱহাৰিক প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা
বয়সে ভাটি দিলেও হাৰ নামানিব
বৈছাগু