কেইবা ঋতুজোৰা নেপিয়াৰ, অসমৰ কৃষি জলবায়ুৰ সৈতে খাপ্ খোৱা এবিধ অতি উত্ত্ম ঘাঁহ। ইয়াক বৰষুণপুষ্ট মাটি এডোখৰত দুই তিনিটা গাঁঠিযুক্ত পূৰঠ গাগছ ৰোপণৰ পদ্ধতিৰে ৰোৱা হয়। গাঁঠিবোৰ দুফুট আঁতৰৰ শাৰীত প্ৰতিজোপা নেপিয়াৰ ঘাঁহ ডেৰ ফুটৰ পৰা ২ ফুট অন্তৰত ৰুব লাগে। হাইব্ৰিড নেপিয়াৰ ঘাঁহৰ উৎপাদন বিঘাই প্ৰতি ১০-১২ টন সেউজীয়া ঘাঁহ।
গিনি ঘাঁহ ওখ কিন্তু বৰষুণপুষ্ট মাটিত কৰা হয়। ইয়াক তিনিফুট আঁতৰে আঁতৰে লাইন কৰি তিনিফুট ব্যৱধানত (প্ৰতিটো শাৰীত) দুই তিনিটাকৈ শিপাযুক্ত মূল, ধানৰ কঠিয়া ৰোৱাদি ৰুব লাগে। এই ঘাঁহ ছমাহ পিছৰ পৰা প্ৰতি মাহত কাটিব পৰা হয়। গিনি ঘাঁহৰ উৎপাদন ক্ষমতা নেপিয়াৰৰ সদৃশ।
মাটিত সহজে খোপনি পুতি লহপহীয়াকৈ বাঢ়ি আহিব পৰা ক্ষমতাৰ এইবিধ ঘাঁহে শেহতীয়াকৈ পশুপালকসকলৰ ব্যাপক সঁহাৰি পাইছে। গাঢ় সেউজ বৰণৰ এই বিধ ঘাঁহ অতি ওখ হয়। (৬-৮ ফুট) বিঘাই প্ৰতি ৮৫০০ গ্ৰাম বীজৰ দৰকাৰ।
উৎপাদন ক্ষমতা: বিঘাই প্ৰতি ৬-৭ টন সেউজীয়া ঘাঁহ।
গো পালক সকলে সচৰাচৰ জাৰকালি ঘাঁহৰ অভাৱত জুৰলা হয়। তেওঁলোকক বিশেষ সকাঁহ দিয়াৰ বাবে নবেম্বৰ মাহত এই ঘাঁহৰ ৰোপণ অতি প্ৰয়োজনীয়।
বিঘাই প্ৰতি বীজৰ পৰিমাণ ১৪ কিলোগ্ৰাম
উৎপাদন ক্ষমতাঃ বিঘাই প্ৰতি ৪ টন সেউজীয়া ঘাঁহ।
উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম
শেহতীয়া উন্নীতকৰণ: : 10/6/2018