গৰু-ম’হৰ দুগ্ধ জ্বৰ(মিল্ক ফিভাৰ) ৰোগ, ইয়াৰ লক্ষণ আৰু প্ৰতিকাৰ।
দুগ্ধ জ্বৰ(মিল্ক ফিভাৰ)
অধিক গাখীৰ দিয়া গাইয়ে পোৱালি দিয়াৰ ২-৩ দিনৰ পাছত দুগ্ধ জ্বৰত আক্ৰান্ত হোৱা দেখা যায়। সাধাৰণতে গাই গৰুৰ তেজত থকা কেলছিয়ামৰ পৰিমাণ কমি যোৱাৰ ফলত এই বেমাৰটো হয়।
ৰোগৰ লক্ষণসমূহ
- এই ৰোগত সাধাৰণতে গাইগৰুৰ শৰীৰৰ তাপমাত্ৰা কমি যায়।
- উশাহ-নিশাহ লোৱাত কষ্ট পায়।
- গাইজনীয়ে দানা, ঘাঁহ আদি খাবলৈ আগ্ৰহ নকৰে আৰু গাখীৰৰ উৎপাদন একেবাৰে কমি যায়।
- গাইজনী শুই থাকিলে উঠিব নোৱাৰা হয় আৰু মূৰটো ভাঁজখুৱাই পিছফালে লৈ যায় বা কেতিয়াবা মূৰটো চিধাকৈ মাটিত থৈ দিয়ে।
- নাক-মুখ শুকান হয় আৰু অস্থিৰতা দেখা যায়। মূৰটো কপি থাকে শৰীৰত শক্তি হ্ৰাস পায়।
প্ৰতিকাৰ
- পোৱালি জগাৰ এমাহৰ আগৰ পৰা কেলছিয়াম আৰু ফছফৰাছযুক্ত দানা খুৱাই এই ৰোগৰ পৰা সকাহ পাব পাৰি।
- অধিক পৰিমাণৰ ঘাঁহ খুৱাইও এই ৰোগৰ পৰা হাত সাৰিব পাৰি।
চিকিৎসা
উপৰোক্ত লক্ষণসমূহ দেখা দিলে পশু-চিকিৎসকৰ পৰামৰ্শমতে ভিটামিন –ডি আৰু কেলছিয়ামযুক্ত ইনজেকচন(কেলবৰ’ব, কেল’মেস্ক, ইনটাকেল)দিয়াব লাগে।
উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম
শেহতীয়া উন্নীতকৰণ: : 4/25/2020
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.