স্ংক্ৰামক গৰ্ভপাত(ব্ৰুচেল’ছিছ)
গৰ্ভপাত হৈছীটা ভয়াবহ স্ংক্ৰামক ৰোগ। এইটো ৰোগত সাধাৰণতে আক্ৰান্ত জন্তুটোৰ শেষৰ তিনিমাহত গৰ্ভপাত হয় আৰু গৰ্ভধাৰণ ক্ষমতাও বহু গুণে কমি যায়।
ৰোগৰ লক্ষণসমূহ
· আক্ৰান্ত জন্তুটোৰ শেষৰ তিনিমাহত গৰ্ভপাত হয়।
· মৃত পোৱালিটোৰ গাত ৰঙা ৰঙা দাগ দেখা যায় আৰু মাজে মাজে পানী জোলা বন্ধা দেখা যায়।
· গৰ্ভপাত হোৱাৰ পাছতো জলখন সময়মতে নসৰে।
প্ৰতিকাৰ
· আক্ৰান্ত জন্তুক অনতিপলমে অন্য জন্তৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা কৰিব লাগে।
· চাৰি-পাঁচ মাহ বয়সৰ চেঁউৰী পোৱালিক ছিটা দিয়াব লাগে।
· গৰ্ভপাত হোৱাৰ বস্তুখিনি জ্বলাই দিব লাগে বা গাঁতত ভালদৰে পুতি তাৰ ওপৰত চূণ ছটিয়াই দিব লাগে।
· গৰ্ভপাত হোৱা ঠাইখিনিত কীটনাশক দ্ৰব্য-ফেনাইল আদি দি চাফা কৰিব লাগে।
চিকিৎসা
এনে ৰোগৰ লক্ষণ দেখা মাত্ৰকে ওচৰৰ পশু-চিকিৎচকৰ পৰামৰ্শ ল’ব লাগে।
উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম
শেহতীয়া উন্নীতকৰণ: : 11/11/2018
ধান খেৰ অসমত গৰু-ম’হৰ খাদ্য হিচাপে ধান খেৰ ব্যৱহাৰ...
গল ফুলা ৰোগ(হিম’ৰেজিক চেপ্টিচেমিয়া)