এজ’লা এবিধ পানীত ওপঙি থকা শেলুৱৈ সদৃশ ঢেকীয়া।
সাধাৰণতঃ ধানখেতিত বা অগভীৰ জলাশয়ত এজ’লাৰ বৃদ্ধি কৰা হয়।
খুব দ্রুত বংশবৃদ্ধি কৰে।
এজ’লা
|
|
পশুখাদ্য বা ঘাঁহ হিচাপে এজ’লা
- প্রচুৰ পৰিমানে প্ৰ’টিন, অপৰিহার্য এমিন’ এচিড, ভিটামিন (ভিটামিন এ, ভিটামিন বি12 আৰু বিটা- ক্যাৰোটিন), আৰু গ্ৰ’থ প্রোমোটাৰ ইণ্টাৰমিডিয়াৰি, খনিজ পদার্থ যেনে কেলচিয়াম, ফছফৰাছ, পটাছিয়াম, লো, তাম, মেগনেছিয়াম ইত্যাদি সমৃদ্ধ।
- শুকান ওজন হিচাপত ইয়াত আছে 25 - 35 শতাংশ প্ৰ’টিন , 10 - 15 শতাংশ খনিজ পদার্থ আৰু 7 - 10 শতাংশ এমিন’ এচিড, জৈব-সক্রিয় বস্তু আৰু জৈৱ-পলিমাৰ।
- ইয়াত বেছি প্ৰ’টিন আৰু কম লিগনিন থকাৰ বাবে দুগ্ধজাত পশুধনে সহজতে হজম কৰিব পাৰে।
- এজ’লা দানাৰ লগত মিহলাব পৰা যায় বা প্ৰত্যক্ষ্যবাবে দুগ্ধজাত পশুধনক দিব পৰা যায়।
- হাঁহ-কুকুৰা, ভেড়া, ছাগলি, গাহৰি আৰু শহা-পশুকো খুৱাব পৰা যায়৷
এজ’লাৰ উত্পাদন
- প্রথমে এডোখৰ ঠাই অপতৃণমুক্ত কৰিলৈ পৰিষ্কাৰ কৰি সমান কৰা হয়
- আয়তক্ষেত্রৰ আকাৰত সমান্তৰাল ভাবে ইটা পাতি দিয়া হয়৷
- 2মিX2মি জোখৰ অতিবেঙুনীয়া ৰশ্মিৰে স্থিত কৰা ছিলপ’লিন চাদৰ ইটাবিলাকৰ উপৰত সমানভাবে এনেকৈ পাৰি দিয়া হয় যাতে ইটাৰে বনোৱা আয়তক্ষেত্রটোৰ কাষবোৰো ঢাক খায়।
- ছিলপ’লিনৰ গাতটোৰ ওপৰত 10-15 কে.জি চালনিত চালা মাটি সমানকৈ চটিয়াই দিয়া হয়।
- 10 লিটাৰ পানীত 2 কে.জি গোবৰ আৰু 30 গ্রাম চুপাৰ ফচফেট মিহলাই সেই বোকাময় বস্তুটো চাদৰৰ উপৰত ঢালি দিয়া হয়৷ পানীৰ স্তৰ প্রায় 10 ছে.মি.লৈকে ওখ কৰিবলৈ আৰু পানী ঢালা হয়।
- এজ’লা বেড’ৰ মাটি পানী লাহেকৈ লৰাইলৈ প্রায় 0.5-1 কে.জি. বিশুদ্ধ মাদাৰ এজ’লা কালচাৰৰ বীজ সমান ভাবে পানীৰ ওপৰত মেলি দিয়া হয়৷ বীজবপনৰ লগে লগে এজ’লাৰ ওপৰত পৰিষ্কাৰ পানী ছটিয়াই দিব লাগে যাতে এজ’লা গছবিলাক ভালকৈ পোণ হয়।
- এসপ্তাহৰ ভিতৰতেই এজ’লা সম্পূৰ্ণ বাড়ি বিয়পি গৈ ঘন দলিচাৰ দৰে আকৃতি ল’ব৷
- দৈনিক 500 গ্রাম এজ’লা পাবলৈ আৰু এজ’লাৰ দ্রুত বৃদ্ধি নিশ্চিত কৰিবলৈ প্রতি 5 দিনৰ মূৰত এবাৰ 20 গ্রাম চুপাৰ ফচফেট আৰু প্রায় 1 কে.জি. গোবৰৰ এটি মিশ্রণ ঢালিব লাগে।
- এজ’লাক অধিক খনিজ লৱণ সমৃদ্ধ কৰিবলৈ প্রতি সপ্তাহে এবাৰকৈ মেগনেশচিয়াম, লো, তাম, গন্ধক ইত্যাদি যুক্ত এটি অণু-পৌষ্টিক তত্ত্বৰ মিশ্রণো দিব পৰা যায়।
- নাইট্র’জেনৰ বৃদ্ধি ৰোধ কৰিবলৈ আৰু অণু-পৌষ্টিক তত্ত্বৰ অভাব ৰোধ কৰিবলৈ প্রতি 30 দিনত এবাৰকৈ বেডৰ পৰা প্রায় 5 কে.জি মাটি আতঁৰাই পেলাই নতুন মাটি দিব লাগে।
- বেডত নাইট্র’জেনৰ বৃদ্ধি ৰোধ কৰিবলৈ প্রতি 10 দিনৰ অন্তৰত 25 পৰা 30 শতাংশ পানী সলাই পৰিষ্কাৰ পানী দিব লাগে।
- প্রতি ছয় মাহত এবাৰকৈ বেড পৰিষ্কাৰ কৰিব লাগে, পানী আৰু মাটি সলাব লাগে আৰু নতুন এজ’লা দিব লাগে।
- কীট-পতঙ্গ আৰু ৰোগ আক্রমণৰ ফলত দূষিত হৈ গলে নতুন বেড তৈয়াৰ কৰিব লাগে আৰু বিশুদ্ধ এজ’লাৰ কালচাৰ দিব লাগে।
চপোৱা
- দ্রুতগতিত বৃদ্ধি হৈ 10 - 15 দিনৰ ভিতৰত গাতটো ভর্তি হৈ যাব। তাৰ পিছত দৈনিক 500 - 600 গ্রাম এজ’লা চপাব পৰা যাব ৷
- 15তম দিনৰ পৰা প্লাস্টিকৰ চালনি বা তলত ফুটা থকা ট্রেৰ সহায়ত প্রত্যেকদিনাই চপাব পৰা যাব।
- গোবৰৰ গোন্ধ দূৰ কৰিবলৈ চপোৱা এজ’লা পৰিষ্কাৰ পানীত ধুব লাগে।
বিকল্প ব্যৱস্থা
- নতুন জৈবগেছৰ পাঁক (slurry)ও ব্যৱহাৰ কৰিব পৰা যায়।
- গাত ভর্তি কৰিবলৈ গা-ধোৱা ঘৰ আৰু গোহালিৰ বর্জ্য পানীও ব্যবহাৰ কৰিব পৰা যায়৷ যি বিলাক অঞ্চলত পৰিষ্কাৰ পানী পোৱাত অসুবিধা সেইবিলাকত কাপোৰ পখলোৱা পানীও(দ্বিতীয় বাৰ ধোৱাৰ পিছত) ব্যবহাৰ কৰিব পৰা যায়।
বৃদ্ধিৰ বাবে প্রয়োজনীয় পৰিবেশ
- তাপমাত্রা 20°C - 28°C
- পাতল 50% পূর্ণ সূর্যৰ পোহৰ
- আপেক্ষিক আর্দ্রতা 65 - 80%
- পানী (চৌবাচ্চাত জমা) 5 - 12 ছে.মি.
- পি.এইচ 4-7.5
এজ’লাৰ খেতি কৰোতে মনত ৰাখিব লগীয়া বিষয় সমূহ
- জালৰ ভিতৰতলৈ ধূৱাটো ভাল, কাৰণ সৰু সৰু গছ বিলাক ওলাই পুখুৰীলৈ গুছি যাব।
- তাপমাত্রা 25°C-ৰ কম ৰাখিবলৈ চেষ্টা কৰিব লাগে৷
- পোহৰৰ তীব্রতা কমাবলৈ জালৰ দ্বাৰা ছাঁ দিব পৰা যায়৷
- অতিশয় ঘনত্ব পৰিহাৰ কৰিবলৈ দৈনিক এজ’লাৰ জৈৱপিণ্ডটো গুছাব লাগে৷
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 5/1/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.