অধিক দুগ্ধ উৎপাদনৰ প্ৰথম কথাটোৱেই হ’ল গাই গৰুৰ সঠিক বাছনি। যদিহে খীৰতি গাই এজনী কোনো চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰা হয় তেনেহ’লে গৰুজনীয়ে দিয়া গাখীৰৰ পৰিমাণ, কেইবাৰ পোৱালি দিছে, গাইজনীৰ স্বাস্থ্য সম্পৰ্কীয় খুঁটি-নাটি তথ্য, প্ৰজনন ক্ষমতা আদিৰ বিষয়ে খৰচি মাৰি জানি লোৱা উচিত। যদিহে এই ধৰণৰ তথ্যসমূহ পোৱা নাযায়, তেনেহ’লে গাইজনী ক্ৰয় কৰাৰ আগেয়ে নিম্নোক্ত দিশসমূহৰ ওপৰত আপুনি মন দিয়ক:
প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি গৰুজনীয়ে কিমান গাখীৰ দিয়ে সেয়া চাইহে গৰুজনী ক্ৰয় কৰা উচিত। আকৰ্ষণীয় শাৰিৰীক গঠন, উজ্জ্বল চকু, সকলো সময়তে সক্ৰিয় কিন্তু শান্ত প্ৰকৃতিৰ, চাৰিল্খন ঠেঙেৰে সমানে মাটিত ভৰ দিব পৰা, কোমল চালৰ লগতে উজ্জ্বল মিহি নোম থকা, পিচৰ ফালটো সন্মুখতকৈ বহল, ওহাৰখন কোমল আৰু পিছ ঠেং দুটাৰ সোঁমাজত পৰা হোৱা উচিত। গাইজনীৰ মাকৰ বা তাইৰ নিজৰে বেছি গাখীৰ দিব পৰাৰ ক্ষমতা থকা, কম বয়সতে প্ৰাপ্তবয়স্ক হোৱা আৰু পোৱালী জন্ম দিয়া, বছৰত কমেও ৩০০ দিন গাখীৰ দিব পৰা, খোৱা খাদ্য সহজতে হজম হ’ব পৰা, নিৰোগী, নিয়মীয়াভাৱে গৰম হোৱা আৰু পোৱালী জন্ম দিয়া চৰিত্ৰবোৰত গুৰুত্ব দিয়া উচিত। পোৱালী জন্ম দিয়াৰ সময়ত গৰুজনীয়ে কোনো অসুবিধা পোৱা হ’ব নালাগে।
গাখিৰতী গাইৰ দৈহিক গঠনৰ ক্ষেত্ৰত নিম্নোক্ত কথাকেইটাত গুৰুত্ব দিয়া উচিত:
লিখকৰ নাম: ডা০ প্ৰদীপ কুমাৰ শৰ্মা
উৎস: কৃষি বিভাগ, অসম
শেহতীয়া উন্নীতকৰণ: : 3/15/2020
দেশৰ ক্ৰমবৰ্দ্ধমান জনসংখ্যা আৰু সংকুচিত কৃষি ভূমিৰ...
অসমত অতীজৰে পৰা কৃষক তথা গো-পালকসকলে গৰু-ম’হ পাল...
শ্ৰম আৰু উৎপাদনৰ সৈতে মোকাবিলা কৰা এদল যুৱকৰ সৈতে ...
গাখীৰ আৰু ইয়াৰ উপকাৰিতা