কুকুৰা পোৱালীবোৰ জন্মৰ পাছতে একোটা নিৰ্দ্দিষ্ট ঘৰত উপযুক্ত তাপ, পোহৰ, বতাহ চলাচল আৰু পানী যোগান ধৰি কিছুদিনলৈ প্ৰতিপালন কৰা ব্যৱস্থাটোক “ব্ৰুডিং” বুলি কোৱা হয়৷ কণী বা মাংস উপযোগী কুকুৰা পালন কৰিবলৈ হ’লে, পোৱালীবোৰ প্ৰথম অৱস্হাৰ পৰাই কি দৰে পালন কৰা হয় তাৰ ওপৰত সিহঁতৰ উৎপাদন ক্ষমতা বহুগুণে নিৰ্ভৰ কৰে ৷ সেয়েহে পোৱালীবোৰ স্বাস্থ্যবান আৰু নিৰোগীকৈ ডাঙৰ-দীঘল কৰা বৰ দৰকাৰ৷ উন্নত প্ৰথাৰে কুকুৰা পালন কৰিবলৈ হ’লে তলৰ কথা কেইটালৈ চকু ৰখা দৰকাৰ৷
কুকুৰা গড়াল সাধাৰণতে ওখ, ৰ’দ ঘাই ঠাইত সাজিব লাগে৷ পোৱালী অৱস্হাত প্ৰতিটো কুকুৰাৰ বাবেই ১/২-১ ১/২ ব:ফু: জোখৰ মজিয়াৰ দৰকাৰ৷ বিজ্ঞান সন্মত বিভিন্ন প্ৰথাৰ ভিতৰত “ডিপলিটাৰ” পদ্ধতিৰে কুকুৰা পালন ব্যৱস্থা গাওঁ অঞ্চলৰ বাবে বেছ উপযোগী বুলি গণ্য কৰা হয়৷ এই প্ৰথাৰে কুকুৰা পালন কৰিবলৈ হ’লে নিৰ্দ্দিষ্ট জোখত সজোৱা গড়ালটোৰ মজিয়াখন পকা কৰি ল’ব লাগে৷ মজিয়া, বেৰ চিলিং আদি ভালদৰে চাফ-চিকুণ কৰি মজিয়াখন ফেনাইল পানীৰে ধুব লাগে৷ মজিয়াখন শুকালে ১'২"-১" ডাঠকৈ শুকান বালি আৰু তাৰ ওপৰত ৩"-৪" মান ডাঠকৈ নতুনকৈ অনা শুকান ফলিয়া তুঁহ মেলি দিব লাগে৷ ইয়াৰ ওপৰত প্ৰতি ১০০ ব:ফু:ত প্ৰায় ৩-৪ কি:গ্ৰা: চূণৰ গুৰি চটিয়াব লাগে৷ ঘৰটো পৰিস্কাৰ কৰা, ফেনাইল পানীৰে ধোৱা, মজিয়াখন প্ৰস্তুত কৰা আদি কামবোৰ প্ৰতিবাৰ পোৱালী পালন কৰাৰ পুৰ্বতে কৰা দৰকাৰ৷ ওপৰত উল্লেখ কৰা দৰে “ডিপলিটাৰ” প্ৰস্তুত কৰাৰ পাছত পোৱালী ঘৰত আৰু কিছু বিশেষ ব্যৱস্থা কৰা দৰকাৰ৷
আজিকালি বজাৰত নিৰ্দ্দিষ্ট জোখৰ ২০০/৩০০ পোৱালীৰ বাবে ব্ৰুডাৰ যন্ত্ৰ কিনিবলৈ পোৱা যায়৷ এই বিলাক নহলেও ঘৰতে উপযুক্ত ব্ৰুডাৰ যন্ত্ৰ তৈয়াৰ কৰি ল’ব পাৰি৷ ইয়াৰ বাবে বাঁহেৰে সাজি লব পাৰি৷ মনত ৰখা উচিত যে প্ৰতিটো পোৱালীৰ বাবে প্ৰায় ২ ৱাট্ বিজুলী শক্তিৰ আৱশ্যক হয়৷ গতিকে প্ৰতিবাৰত কিমান পোৱালী প্ৰতিপালন কৰা হয় তাৰ ওপৰত ব্ৰুডাৰ সংখ্যা নিৰ্ণয় কৰা হয়৷
নিৰ্দ্দিষ্ট জোখৰ “ডিপলিটাৰ” প্ৰস্তুত কৰাৰ পিছত ব্ৰুডাৰ যন্ত্ৰটো প্ৰায় মাজ ভাগত স্থাপন কৰা দৰকাৰ৷ ইয়াৰ চাৰিওফালে অন্তত: ৩-৪ ফুট আতঁৰত বাঁহ বা ডাঠ কাগজেৰে তৈয়াৰী একোখন বেৰ দিয়া প্ৰয়োজন যাতে পোৱালীবোৰক নিৰ্দ্দিষ্ট ঠাইতে আৱদ্ধ কৰি ৰাখিব পাৰি৷ এই বেৰখন ভিতৰৰ মজিয়াত পুৰণা খবৰ কাগজ বা বস্তাৰে সম্পূৰ্ণকৈ ঢাকিব লাগে৷ এই কাগজ বা বস্তাৰ ওপৰতে পোৱালীবোৰ ৮-১০ দিন মানলৈ ৰাখিব লাগে৷ কাগজবোৰ/বস্তাবোৰ লেতেৰা হ’লে প্ৰতিদিনে সলাই দিব লাগে ৷
ব্ৰুডাৰ যন্ত্ৰৰ দ্বাৰা উপযুক্ত তাপ বা পোহৰৰ বাবে নিৰ্দ্দিষ্ট জোখৰ বিজুলী চাকিৰ দৰকাৰ হ’ব৷ আজিকালি বজাৰত পোৱা ব্ৰুডাৰ বিলাকৰ নিৰ্দ্দিষ্ট জোখৰ বিজুলী চালিত হিচাব যুক্ত কৰা থাকে৷ ব্ৰুডাৰৰ চাৰিওফালে নিৰ্দ্দিষ্ট পৰিমাণৰ দানা-পানী দিয়া পাত্ৰ যোগান ধৰা হয়৷ ব্ৰুডাৰৰ ভিতৰত থকা বিজুলী বাল্বৰ উপৰিও কোঠাটোত ৬-৭ ফুট উচ্চতাত একোটা ৪০ ৱাটৰ বাল্ব জ্বলোৱাৰ দৰকাৰ হ’ব৷ আজি কালি “ইনফ্ৰাৰেড” বাল্ব বিলাক ব্ৰুডাৰৰ সলনি ব্যৱহাৰ কৰি পোৱালী প্ৰতিপালন কৰিব পাৰি৷ এই বিলাক ১৫০-২০০ ৱাটৰ পোৱা যায় আৰু মজিয়াৰ পৰা অন্তত ১১/২ -২ ফুট উচ্চতাত ওলোমাই ৰাখিব পাৰি৷ ব্ৰুডিংৰ সময়ত পোৱালী বিলাকে যাতে উপযুক্ত তাপ আৰু উপযুক্ত দানা-পানী পায় তালৈ লক্ষ্য ৰখা দৰকাৰ ৷ ব্ৰুডিংৰ সময়ত নিৰ্দ্দিষ্ট জোখৰ তাপৰ নিৰ্দ্দেশনা এনে ধৰণৰ:
প্ৰথম সপ্তাহ - প্ৰায় ৯৫০ ফাৰেণহাইট
দ্বিতীয় সপ্তাহ - প্ৰায় ৯০০ ফাৰেণহাইট
তৃতীয় সপ্তাহ - প্ৰায় ৮৫০ ফাৰেণহাইট
চতুৰ্থ সপ্তাহ - প্ৰায় ৮০০ ফাৰেণহাইট
ব্ৰুডিংৰ সময়ত পোৱালী থুপ খাই থাকিলে তাপৰ যোগান কম হোৱা বুলি ধৰিব লাগিব আৰু তাৰ উপযুক্ত ব্যৱস্থা কৰিব লাগে৷ পোৱালীবোৰ ব্ৰুডাৰ যন্ত্ৰৰ পৰা আঁতৰি গ’লে তাপৰ পৰিমান বেছি বুলি জানিব আৰু তাৰ উপযুক্ত ব্যৱস্থা ল’ব লাগিব৷
ব্ৰুডাৰ যন্ত্ৰ স্থাপন কৰাৰ পিছত পোৱালী অনাৰ প্ৰায় ১২-১৫ ঘন্টাৰ আগতেই ব্ৰুডাৰ যন্ত্ৰ চলাই ৰাখি কোঠাটোৰ উষ্ণতা উপযুক্ত পৰিমানত ৰখা হয় ৷ ইয়াৰ পাছতহে পোৱালী ৰাখিবৰ উপযুক্ত হয় ৷ অৱশ্যে শীতকালি ব্ৰুডিং কৰিলেহে এই ব্যৱস্হা দৰকাৰ হয়৷ পোৱালীবোৰ ব্ৰুডাৰ যন্ত্ৰৰ তললৈ পঠোৱাৰ পিছত প্ৰথম ৮-১০ দিন বৰ সাৱধানে প্ৰতিপালন কৰা দৰকাৰ৷ তলত ব্যৱহাৰ কৰা খবৰ কাগজ বা বস্তাবোৰ প্ৰতি দিনে সলাই দিয়া দৰকাৰ ৷ পাছলৈ ৮-১০ দিনৰ মূৰত এইবিলাক প্ৰয়োজন নহয়৷ পোৱালী ব্ৰুডিং কৰাৰ সময়ত ৰোগ প্ৰতিৰোধ ব্যৱস্থা বা প্ৰতিকাৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷ সকলো সময়তে উপযুক্ত তাপ, পোহৰ, বতাহ চলাচলৰ প্ৰতি চকু ৰাখিব৷ মজিয়াখন যাতে সকলো সময়তে শুকানে থাকে তালৈ চকু ৰাখিব ৷ পানী পৰি তিতি যোৱা, সেমেকা তুঁহ বোৰ উলিয়াই নতুন তুঁহ যোগ কৰিব ৷ মজিয়াখনৰ তুঁহ-বালিবোৰৰ মাজেৰে ভৰিটো চলাই তল ওপৰ কৰিলে মজিয়াখন শুকানে থাকিব৷ ১০-১৫ দিন ব্ৰুডিং কৰাৰ পিছত ব্ৰুডাৰৰ বেৰখন আঁতৰাই কেৱল কোঠাটোৰ চকু কেইটাহে ঘূৰণীয়াকৈ বেৰ দিব৷ মনত ৰাখিব প্ৰথম অৱস্হাৰ পৰাই কুকুৰা পোৱালীবোৰ স্বাস্থ্যবান আৰু নিৰোগীকৈ ডাঙৰ-দীঘল কৰিলেহে ভৱিষ্যতে উৎপাদনক্ষম হোৱাৰ সম্ভাৱনা থাকে৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।শেহতীয়া উন্নীতকৰণ: : 7/3/2020