এখন কুকুৰা পামত সাধাৰণতে ৩-৪ শতাংশ কুকুৰা স্বাভাৱিকভাৱে মৃত্যু হ’ব পাৰে, বেমাৰ আদি হ’লেও কুকুৰাৰ মৃত্যু হয়| পামত কুকুৰাৰ মৃত্যু যিকোনো কাৰণতেই নহওক কিয় ইয়াক শৱচ্ছেদন কৰি মৃত্যুৰ কাৰণ নিৰ্ণয় কৰাৰ ব্যৱস্থা কৰাৰ লগে লগে ইয়াক জ্বলাই বা দকৈ পুতি পেলোৱাৰ ব্যৱস্থা কৰিব লাগে| কাৰণ মৃত কুকুৰাবোৰ বেমাৰৰ উৎস হ’ব পাৰে আৰু ইয়াৰ পৰা পামৰ আন স্বাস্থ্যবান কুকুৰালৈ বেমাৰৰ বীজাণু সংক্ৰামিত হ’ব পাৰে| অনেক পালকে মৃত্যু হোৱা কুকুৰাবোৰ ওচৰৰ জংঘল, নৈ, এৰাবাৰী, অথবা পথাৰত দলিয়াই দি নিষ্কৃতি ল’ব বিচাৰে| ই এটা বৰ দোষণীয় কথা| ইয়াৰ বাবে ঠাইডোখৰ প্ৰদূষিত হোৱাৰ লগতে আন ঘৰচীয়া বা বনৰীয়া চৰাই জন্তুলৈ বেমাৰ বিয়পিব পাৰে| ইয়াৰ উপৰি এনেদৰে পেলোৱা মৃত কুকুৰা শিয়াল কুকুৰ আদিয়ে পুনৰ পাম এলেকালৈ আনিব পাৰে|
আজিকালি অনেক পামত কুকুৰাবোৰ মঙহৰ বাবে বিক্ৰী কৰোতে কাটি-বাচি পৰিষ্কৃত কৰাৰ ব্যৱস্থা কৰা হয়| পৰিষ্কৃত ব্ৰইলাৰ মঙহৰ চাহিদা বঢ়াৰ লগে লগে পামবোৰত এক বৃহৎ পৰিমাণত কুকুৰাৰ নাড়ী-ভেৰু, পাখি আদি জমা হয়| মৃত কুকুৰাৰ দৰে এইবোৰৰ পৰাও পামৰ স্বাস্থ্যৱান কুকুৰালৈ বেমাৰৰ বীজাণু বিয়পিব পাৰে| সেয়েহে মৃত কুকুৰাৰ দৰে এই নাড়ী-ভেৰু, পাখি আদি জমা হয়| মৃত কুকুৰাৰ দৰে এইবোৰৰ পৰাও পামৰ স্বাস্থ্যৱান কুকুৰালৈ বেমাৰৰ বীজাণু বিয়পিব পাৰে| সেয়েহে মৃত কুকুৰাৰ দৰে এই নাড়ী-ভেৰু পাখি ইত্যাদি বোৰকো উচিত ব্যৱস্থাৰো নিষ্পত্তি কৰা আৱশ্যক|
পামৰ মৃত কুকুৰা আদি নিষ্পত্তি কৰিবৰ বাবে পামৰ শেষ মূৰত এটা ২.৪ মিটাৰ(৪ ফুট) গভীৰ আৰু ১.৮ মিটাৰ (৬ফুট) দীঘল তথা বহল গাত এটা খান্দি লোৱা উচিত| গাঁতটো কৰি তষ্টৰে ঢাকি থকা এটা ৩০ ছেঃমিঃ (১ফুট) ব্যাসৰ ফুটাৰখা উচিত| ফুটাটোত এটা তলিফুটা পাত্ৰ স্থাপন কৰি মুখখন ঢাকি ৰখাৰ ব্যৱস্থা কৰিব লাগে| এনে এটি গাত ১০০০০ কুকুৰা থকা পামৰ বাবে যথেষ্ট| মৃত কুকুৰা আদি ফুটাটোৰে তললৈ ভৰাই ঢাকনিখন বন্ধ কৰি দিয়া উচিত| মৃত কুকুৰা নিষ্পত্তি কৰণৰ এই ব্যৱস্থাই পাম এলেকা প্ৰদূষিত নকৰে, পালকৰ ধন আৰু শ্ৰম লাঘৱ কৰে আৰু শিয়াল কুকুৰে খান্দি উলিয়াই পামৰ জৈৱিক নিৰাপত্তা নষ্ট কৰিব নোৱাৰে|
লেখক:- ডাঃ কুল প্ৰসাদ কলিতা
উৎস:- অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 5/15/2020