হাহঁ, মূৰ্গী, কুৱেইল, ইমু, টাৰ্কি আদিৰ কণীৰ পৰা কৃত্ৰিমভাৱে পোৱালী জগাব পৰা এক বিশেষ ধৰণৰ যন্ত্ৰ মই তৈয়াৰ কৰি উলিযাইছো। এই যন্ত্ৰটোৰ বিশেষত্ব হ’ল---
১) বজাৰত পোৱা আন ইনকুৱেটৰৰ তুলনাত ইয়াৰ দাম কম।
২) ইয়াক সহজে যি কোনো লোকে পৰিচালনা কৰিব পাৰে।
৩) এই যন্ত্ৰটোৰ আন এটা গুৰুত্বপুৰ্ণ দিশ হ'ল- ইয়াক বিদ্যুৎ শক্তিৰ উপৰিও কেৰাচিন তেল বা সৌৰশক্তিৰ দ্বাৰা চলাব পাৰি।
এই যন্ত্ৰটো উত্তৰ-পূৰ্বাঞ্চলৰ তাপ, চাপ আৰু আৰ্দ্ৰতাৰ ওপৰত অধ্যয়ন আৰু গৱেষনা কৰি প্ৰস্তুত কৰা হৈছে -যাৰ ফলত এই যন্ত্ৰৰ সফলতাৰ শতাংশ হাৰ বহু বেছি। এই যন্ত্ৰটোৰ কৌশলটো ইতিমধ্যে মোৰ নামত পেটেন্ত কৰা হৈছে। আৰু হাহঁ-মূৰ্গী পালকসকলৰ বাবে বিক্ৰীৰ বাবে বজাৰত মুকলি কৰি দিছো।
লিখক: মিলন জ্যোতি দাস।
শেহতীয়া উন্নীতকৰণ: : 6/12/2020