মানৱ দেহৰ গঠন, বাঢ়ন আৰু পৰিপুষ্টিৰ কাৰণে যিদৰে মানুহক শ্বেতসাৰ, প্ৰ’টিন, চৰ্বি আদিৰ প্ৰয়োজন ঠিক তেনেদৰে দেহৰ পৰিপুষ্টিৰ বাবে নানাবিধ ভিটামিন আৰু খনিজ লৱণ, জৈৱিক এচিড, হজম হোৱা এনজাইম আদিৰো সমানে প্রয়োজন। ফলমূলবিলাকত নানাবিধ ভিতামিন, খনিজ লৱণ, জৈৱিক অম্ল, এনজাইম আদি সৰহ পৰিমাণে পোৱাৰ উপৰি কিছু পৰিমাণে শ্বেতসাৰ, প্ৰ’টিন, পেকটিন, চেলোল’জ, চৰ্বি আদিও পোৱা যায়। এই লাগতিয়াল দ্ৰব্যবোৰ যেনেদৰে মুখ্য ফলমূল যেনে কল, কমলা, আম, মধুৰি, মাটিকঁঠাল, লিচু, অমিতা, আঙুৰ, আপেল, নাচপতি, প্লাম, চেপেটা আদিত পোৱা যায় ঠিক তেনেদৰে অসমত সহজতে উপলব্ধ গৌণ ফল বা থলুৱা ফলমূল বিলাকতো পোৱা যায়। তদুপৰি এই থলুৱা ফলবোৰ ঔষধি গুণৰ বাবেও বিখ্যাত।
অসমত সাৰুৱা মাটি আৰু জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি সহজতে হোৱা থলুৱা ফলবোৰ হৈছে আমলখি, শিলিখা, জলফাই, অমৰা, নগাটেঙা, মিৰিকা টেঙা, কৰ্জা টেঙা, থেৰেজু, ঔটেঙা, লেটেকু, পনিয়ল, ডিমৰু, ভোমোৰা, হেলচ, পোৰা আমলখি, বৰঠেকেৰা, কুঁজী থেকেৰা, ৰূপহী থেকেৰা, মাহী থেকেৰা, বগৰী, নুনী টেপৰ টেঙা, বহঁত, ক’লা জামু, কৰদৈ, আহোম বগৰী, নৰা বগৰী, বেল, বনপিঠা, কপালফুটা ইত্যাদি। অসমৰ গঞা জীৱনত ইয়াৰ উপকাৰিতা আৰু ভূমিকাৰ কেইটামান উদাহৰণেৰে শেষ কৰিব নোৱাৰি। বছৰৰ বিভিন্ন সময়ত পূৰঠ হোৱা বতৰৰ ফল হিচাপে গ্রহণ কৰি দেহৰ পৰিপুষ্টি সাধন কৰাৰ উপৰি ইয়াৰ গা-গছৰ পৰা খেতিৰ সঁজুলি, খৰি, কাঠ আদিৰ যোগান ধৰালৈকে সামৰি ল'ব পাৰি।
অসমত উপলব্ধ প্রায়বোৰ থলুৱা ফলতেই প্ৰ’টিন, নানাবিধ ভিটামিন, খনিজ লৱণ, শ্বেতসাৰ, পেকটিন, জৈৱিক অম্ল আদিৰে চহকী। এই ফলসমূহৰ ভিতৰত আমলখিত অতি বেছি ভিটামিন “চি” পোৱা যায়। অর্থাৎ প্রতি ১০০ গ্রাম আমলখিত ৬০০ মিলিগ্রাম ভিটামিন 'চি' বা খাদ্যপ্রাণ “গ” বা এচকৰবিক এচিড পোৱা যায়। লেটেকু,পনিয়ল, কৰ্দৈ, বেল আদিত খনিজ লৱণ যেনে কেলচিয়াম, মেগনেচিয়াম, ফছফৰাছ, ছালফাৰ আদি বিভিন্ন অনুপাতত পোৱা যায়। লেটেকু,পনিয়ল, জলফাই, নৰা বগৰী আদিত থকা প্ৰ’টিন আৰু ভিটামিন 'চি'ৰ পৰিমাণ আপেল, আঙুৰতকৈ বেছি। বগৰী, আহোম বগৰী, কৰ্দৈ, আটলাছ, জামু, নুনী, টেপৰটেঙা, আমলখি, মিৰিকা টেঙা, থেৰেজু, ডিমৰু, বনপিঠা, অমৰা, কপাল ফুটা আদি ফল সমূহত পুষ্টি সাধনত থকা বৰঙনি কোনো পধ্যেই ওলাই কৰিব নোৱাৰি।
অসমত সহজে উপলব্ধ হোৱা গৌণ ফল বা থলুৱা ফলসমূহ ঔষদ্ধি গুণৰ কাৰণে জনাজাত। এই ফলসমূহৰ বেছি ভাগেই স্কাৰ্ভি বেমাৰ, দাঁতৰ আলু উখহা আৰু দাঁতৰ গুৰিয়েদি তেজ ওলোৱা, চালৰ বেমাৰ, এজমা, ব্রংকাইটিচ, পেটৰ অসুখ, জণ্ডিচ, বহুমূত্র, ডায়েৰিয়া আদি ৰোগৰ প্রতিষেধক হিচাপে ব্যৱহাৰ কৰা হয়। কফৰোগ, মূৰৰ উফি, বহুমুত্র ৰোগ আদিৰ নিৰাময়ৰ বাবে ঔটেঙা আৰু ইয়াৰ ৰস ব্যৱহাৰ কৰা হয়। লেটেকুৰ গুটি এজমা, ব্রংকাইটিচ, বমি আদি ৰোধ কৰিবৰ বাবে, কেঁচা বেল ডায়েৰিয়া, গ্রহণী আদি ৰোগৰ প্রতিষেধক হিচাপে, কৰ্দৈ জণ্ডিচ আৰু অৰ্শ ৰোগত, আমলখি গ্ৰহণী, কফ, বহুমূত্র ৰোগত, জামুৰ ৰস আৰু গুটি পেটৰ অসুখত আৰু বহুমুত্ৰ ৰোগৰ প্ৰতিষেধক আৰু নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়। অসমত সহজতে উপলব্ধ থেকেৰাসমূহ যেনে কুজী থেকেৰা, বৰ থেকেৰা, ৰূপহী থেকেৰা, মাহী থেকেৰা, টেপৰ টেঙা আদি বহু যুগৰ পৰাই ঔষধি ফল হিচাপে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ বহুতো পুষ্টিকৰ গুণো আছে। এচকৰবিক এচিডৰ পৰিমাণ বৰথেকেৰাত বেছি (৮৮.৯%), কুঁজী থেকেৰাত ৬৩.৮৬% আৰু টেপৰ টেঙাত থাকে, ৩৫.৭৫% পৰিমাণ। পুৰণি গ্ৰহণী, ডায়েৰিয়া আৰু পেটৰ অসুখত কুঁজী থেকেৰা, বৰথেকেৰা বৰ উপকাৰী। কিন্তু টেপৰ টেঙা'ত পেকটিনৰ পৰিমাণ বেছি (১.২৩%)। থেকেৰাত থকা হাইড্রক্স চাইট্ৰিক এচিডৰ পৰিমাণ ০.৩৫% ৰ পৰা ২.৩৮% লৈকে থাকে আৰু এই এচিডৰ উপস্থিতিয়ে মানৱ দেহক কেন্ছাৰ বেমাৰৰ আক্ৰমণৰ পৰা প্রতিষেধক হিচাপে কাম কৰে। তদুপৰি, থেকেৰাত এণ্টি অক্সিডেন্টৰ পৰিমাণো যথেষ্ট। অন্যহাতে বগী জামুকত এন্টি অক্সিডেণ্টৰ পৰিমাণ ৯.৩৭ শতাংশ, পনিয়লত ৮.৯৩ শতাংশ, মিৰিকা টেঙাত ৮.৩৭ শতাংশ, ঔটেঙা ৮.৪৮ শতাংশ, নগাটেঙাত ৮.২ শতাংশ আৰু লেটেকুত ৩৪.৩৫ শতাংশ পোৱা যায়।
লিখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস, দৈনিক জনমভূমি।
শেহতীয়া উন্নীতকৰণ: : 1/18/2023