বতৰৰ শাক-পাচলি বতৰত লগাটো প্রকৃতিৰ নিয়ম। কিন্তু বিজ্ঞানৰ বিভিন্ন দিশত উৰ্ধগামীৰ লগত কৃষি বিজ্ঞানৰো বহুতো উন্নতি হৈছে। এই ক্ষেত্ৰত শস্যৰ জাত উদ্ভাৱন, উন্নত কৃষি কৌশল, উন্নত প্রজনন পদ্ধতি, উন্নত প্রতিপালন ব্যৱস্থা, উৎপাদন আৰু উন্নত গুণমান বিশিষ্ট শস্য আদিৰ দিশত কৃষি বিজ্ঞান বহুত আগবাঢ়ি যোৱাৰ লগতে কিছুমান শস্যৰ আবতৰত কেনেদৰে উৎপাদন কৰিব পাৰি তাৰ গৱেষণা হৈছে আৰু কৃষকে এই পদ্ধতি আঁকোৱালি লৈছে। আবতৰত খেতি কৰা পদ্ধতি কৃষক সমাজৰ মাজত সমাদৰ পোৱাৰ কাৰণসমূহ হৈছে আবতৰত উৎপন্ন কৰা শস্যবোৰৰ মূল্য বজাৰত বহুত বেছি। কম পৰিমাণৰ মাটিতে ইয়াৰ উৎপাদনে কৃষকক যথেষ্ট সকাহ দিয়ে। লগতে অব্যৱহৃত হৈ থকা মাটিখিনিৰ সদ্ ব্যৱহাৰ হয়।
ফুলকবি, বিলাহী, তিয়ঁহ, কেপচিকাম আদি শাক-পাচলি আবতৰীয়া বতৰত কৃতকার্যতাৰে খেতি কৰিব পাৰি। বতৰৰ লগত খাপ খুৱাই বৰ্তমান আগতীয়াকৈ ফুল কবিৰ খেতিৰ লগতে আগতীয়া বন্ধাকবি কৰাটো অসমৰ বহুতো কৃষকৰ মাজত ধাউতি দেখা গৈছে। কিন্তু সময়মতে বীজ সিঁচা আৰু পথাৰত পুলি ৰোপণ কৰাটো নিতান্ত আৱশ্যক। কাৰণ ফুলকবি, বন্ধাকবি, ওলকবি, ব্ৰকলি আদি শাক-পাচলিৰ গছৰ বাঢ়ন, ফুল-ফুলৰ গঠন নিৰ্ভৰ কৰে বায়ুৰ উষ্ণতাৰ ওপৰত। গতিকে বজাৰত আগতীয়াকৈ ফুলকবি উলিয়াবলৈ হ’লে সঠিক সময়ত বীজ সিঁচি পুলি গজাই মূল পথাৰত ৰোপণ কৰিব লাগে। অসমৰ জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি ফুল কবিৰ ভাল উৎপাদন পোৱা সঁচবোৰ হৈছে পুচা কেটকী, পূচা দীপালী, আর্লি কুঁৱৰী, আর্লিদন, আর্লি ছাইনীজ প্রিন্স, জৱাহৰ মতি, কর্তিকা, অগ্রহানী ইত্যাদি। অন্যহাতে, আগতীয়াকৈ খেতি কৰিব পৰা বন্ধাকবিৰ সঁচবোৰ হৈছে আর্লি এক্সপ্ৰেছ, পুচা মুক্তা, প্রাইড অব্ ইণ্ডিয়া ইত্যাদি। এই সঁচবোৰৰ কবিৰ বান্ধ খোৱাটো আগতীয়া হয়।
কবিৰ ভাল উৎপাদন পাবলৈ হ’লে আগতীয়া ফুলকবিৰ শস্যৰ বীজ আগষ্ট মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত বীজ সিঁচাৰ কাম সম্পন্ন কৰিব লাগে। আগষ্ট মাহৰ প্ৰথম তিনিটা সপ্তাহত বীজ সিঁচাৰ সময়ত বৰষুণ হৈ থকা বাবে মুকলি ঠাইত পুলিবাৰী তৈয়াৰ কৰিব নোৱাৰি। গতিকে পলিথিন থকা চালিৰ তলৰ বা থাৰ্মকলৰ বাকচত (বজাৰত সহজতে উপলব্ধ) মাটি, বালি আৰু পচা গোৱৰৰ গুৰি ১:১:১:১ অনুপাতত মিহলাই পুলিবাৰীৰ ভেটি তৈয়াৰ কৰি বা সেই অনুপাতৰ মাটিৰ মিশ্ৰণ, থাৰ্মকল বাকচত ভৰাই ঘৰৰ বাৰান্দা বা ভঁৰাল ঘৰৰ তলত অৰ্থাৎ বৰষুণ নপৰা ঠাইত ৰাখি বীজ সিঁচিব লাগে। বায়ু মণ্ডলত জলীয় ভাপ বেছি থকা বাবে বা সংগ্ৰহ কৰা মাটি বালিত ভেঁকুৰৰ বীজাণু থকা বাবে মাটিৰ সেই মিশ্রণখিনি শোধন কৰি ল’ব লাগে। মাটি শোধন কৰিবৰ বাবে অর্থাৎ মাটিখিনি ভেঁকুৰৰ পৰা মুক্ত কৰিবৰ বাবে ০.২ শতাংশ শক্তিৰ কেপ্টান (২ গ্রাম দৰব একলিটাৰ পানীত মিহলাই) বা ৩-৪ শতাংশ শক্তিৰ ফৰমেলিন মিশ্রণত ভেটিটো তিয়াই ল’ব লাগে আৰু দুদিন বস্তাৰে ঢাকি গাপ দি ৰাখি পাছত মালাথিয়ন পাউদাৰ মিহলাই ৫-৬ দিনৰ পাছত বীজ সিঁচিব লাগে। বীজ সিঁচাৰ পাছত পাতলীয়াকৈ পানী দি কলপাতেৰে ভেটি ঢাকি দিব লাগে। পাছত (২-৩ দিন) যেতিয়া বীজ অংকুৰিত হ’ব তেতিয়া কলপাত আঁতৰাই দিব লাগে। পলিথিন চালিৰ তলত যদি ভেটি কৰি অৰ্থাৎ পুলিবাৰী পাতি কবিৰ পুলি তৈয়াৰ কৰিবলৈ হ’লে চালিখনৰ উচ্চতা বেছি হ’ব লাগে। কাৰণ পলিথিন চালিৰ তলত ৰ’দৰ দিনত উষ্ণতা বৃদ্ধি পায় বাবে বৰ গৰম হয় আৰু গৰমৰ প্রকোপত দুপৰীয়া নতুনকৈ গজালি ওলোৱা পুলিবোৰ মৰি যাব। অন্যহাতে, চালিৰ তলৰ পুলিবোৰত পুৱা-আবেলি দুবাৰ পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে।
আগষ্টৰ দ্বিতীয় সপ্তাহত বীজ সিঁচা পুলিবোৰ ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত মূল পথাৰত ৰোপণ কৰিব লাগে। অসমত ছেপ্টেম্বৰ মাহতো (ভাদ মাহত) বৰষুণ হৈ থকা বাবে ওখ বাম চানেকীয়া মাটিহে আগতীয়া কবি খেতিৰ বাবে বাছনি কৰিব লাগে। নতুনকৈ ৰোপণ কৰা কবি পুলিবোৰ বৰষুণৰ বাবে নষ্ট নহ’বলৈ পথাৰত যথেষ্ট পৰিমাণে পচা গোবৰ বা পচনসাৰ প্রয়োগ কৰিব লাগে। পুলি ৰোপণ কৰাৰ পাছতো পুলিৰ গুৰিত পচা গোবৰৰ গুৰি বা কেঁচুসাৰৰ গুৰি প্রয়োগ কৰিব লাগে। পুলি ৰোৱাৰ পাছত পথাৰত পুলিবোৰ গুৰি পচা বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ হ’লে ইন্দোফিল এম-৪৫ দৰৱ দুই গ্রাম এক লিটাৰ পানীত মিহলাই বা ট্রাইক’ডাৰ্মাৰ মিশ্রণ পুলিৰ গুৰিত প্রয়োগ কৰিব লাগে। পুলিৰ গুৰিত ৰোপণ কৰা এমাহমানলৈকে গুৰিটোৰ মাটিখিনি ধেনুভিৰিয়াকৈ ৰাখিব লাগে যাতে পুলিৰ গুৰিত বৰষুণ দিলে পানী জমা নহয়।
লিখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস, দৈনিক জনমভূমি।
শেহতীয়া উন্নীতকৰণ: : 10/30/2023