অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৃত ‘মাজাং’ চাহ:

আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৃত ‘মাজাং’ চাহ:

 

নগাঁও জিলাৰ ছগৰাকী উদ্যমী যুৱকৰ নিৰন্তৰ প্ৰচেষ্টা আৰু পৰিশ্ৰমৰ যেন মূল্যাংকন হ’ল, যি প্ৰচেষ্টা আন শ শ নিবনুৱা যুৱকৰ আদৰ্শ হৈ পৰাৰ এশ শতাংশ সম্ভাৱনা আছে। উচ্চ শিক্ষিত হৈয়ো চৰকাৰী সংস্থাপন বিচাৰি হাহাকাৰ কৰাৰপৰা বিৰত থকা নগঞা উদ্যমী যুৱ ব্যৱসায়ী নৱ কুমাৰ গগৈ, দিলীপ কুমাৰ গোস্বামী, হিৰো ফুকন, ৰামেশ্বৰ গগৈ, সঞ্জীৱ বৰা আৰু কৃষ্ণকমল বৰাৰ নতুন চিন্তাই সপোনৰ পৰিধি ভাঙি দিঠকত পৰিণত হ’ল। গুণগত কেঁচা চাহপাত উৎপাদনৰ সংকল্প গ্ৰহণ কৰা উক্ত উদ্যমী যুৱ ব্যৱসায়ীকেইজন ৰাসায়নিক সাৰ, কীটনাশক আৰু তৃণনাশক ঔষধ প্ৰয়োগ নকৰাকৈ এশ শতাংশ জৈৱিক পদ্ধতিৰে কেঁচা চাহপাত উৎপাদন আৰম্ভ কৰিছে। ২০১৬ বৰ্ষত এই যুৱ ব্যৱসায়ীকেইজনে নিজাববীয়াকৈ থলুৱাভাৱে চাহ উৎপাদন ব্যৱস্থা কৰিলে আৰু নাম দিলে মাজাং। ‘মাজাং’ শব্দৰ অৰ্থ বড়ো আৰু ডিমাছা ভাষাত ধুনীয়া। নিজা চিন্তা আৰু ন-প্ৰচেষ্টাৰে উৎপাদিত ‘মাজং’ চাহে তেজত কলেষ্টেৰ’লৰ মাত্ৰা কমাই হৃদৰোগীৰ উপকাৰ সাধে বুলি প্ৰমাণিত হৈছে। তদুপৰি ই গাঁঠিৰ বিষৰ ক্ষেত্ৰত ঔষধৰ দৰে ক্ৰিয়া কৰাৰ লগতে কৰ্কট ৰোগ প্ৰতিৰোধ কৰা মধুমেহ ৰোগীৰ বাবেও উপকাৰী। তদুপৰি প্ৰচুৰ ভিটামিন থকা ‘মাজাং’ চাহে স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে দাঁতৰ ক্ষয় ৰোগ হ্ৰাস কৰা, যকৃতৰ ৰোগ প্ৰতিৰোধ কৰাৰ লগতে ক্ষুধাবৰ্দ্ধক আদি হিচাপে কাম কৰে। উল্লেখ্য, অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ কোষে ক্ষুদ্ৰ চাহ খেতিয়কে প্ৰস্তুত কৰা চাহৰ ভিতৰত মাজাঙক শ্ৰেষ্ঠ চাহৰ সন্মান প্ৰদান কৰাৰ লগতে গুৱাহাটীত থকা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত চাহৰ মান পৰীক্ষণ প্ৰতিষ্ঠানে মাজাঙক পৰীক্ষা কৰি উন্নত জৈৱিক চাহ বুলি স্বীকৃতি প্ৰদান কৰিছে। জৈৱিক পদ্ধতিত উৎপাদন কৰা পাতেৰে প্ৰস্তুত কৰা প্ৰাকৃতিক সেউজ চাহ(গ্ৰীণ টী) মাজাঙে কেন্দ্ৰীয় নিলাম বজাৰত সৰ্বাধিক দৰত বিপণন সুনিশ্চিত কৰি আশাৰ বতৰা কঢ়িয়াই আনিছে। ‘মাজাং’ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ আমেৰিকা যুক্তৰাজ্যকে ধৰি বহি:ৰাষ্ট্ৰৰ চাহ সেৱনকাৰীৰ মাজতো জনপ্ৰিয়। অলপতে আমেৰিকা যুক্তৰাজ্যৰ ছেম হিউষ্টন ষ্টেট ইউনিভাৰছিটীৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ডন ফ্ৰীমেন আৰু একেখন বিশ্ববিদ্যালয়ৰে অধ্যাপক তথা গুৱাহাটী আই আই টিৰ অতিথি অধ্যাপক হিৰণ্য কুমাৰ নাথে ‘মাজং’ উৎপাদন থলীত উপস্থিত হৈ ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণ কৰে। নগাঁও জিলাৰ চাপানলাত সম্পূৰ্ণ থলুৱা আৰু জৈৱিক পদ্ধতিৰে উৎপাদিত মাজাঙৰ উৎপাদন কৌশল আৰু প্ৰযুক্তিক ডন ফ্ৰীমেনে উচ্চ প্ৰশংসা কৰাৰ লগতে এই উৎপাদন কিদৰে বৃহৎ পৰিসৰত ব্যৱহাৰ কৰিব পাৰি তাৰ এক কৌশল যুগুত কৰাৰ বাবেও যুৱ ব্যৱসায়ীকেইজনক অনুৰোধ জনায়। উল্লেখ্য, মাজাঙৰ উৎপাদনৰ তুলনাত চাহিদা অধিক হোৱাত উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰে সহায় কৰি যুৱ ব্যৱসায়ীকেইজনক উৎসাহিত কৰিব বুলি সকলো আশাবাদী।

 

লেখক: চন্দনজ্যোতি বৰা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate