অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইড কাটাৰ :

উইড কাটাৰ :

 

শস্যডৰাত গঁজি উঠা অনাৱশ্যকীয় ঘাঁহ-বনবোৰক অপতৃণ(weed) বুলি কোৱা হয়। এই অপতৃণবোৰ পথাৰত মূল  শস্যৰ সৈতে সাৰ, পানী আৰু পোহৰৰ বাবে প্ৰতিযোগিতাত লিপ্ত হয়। ফলত শস্যৰ উৎপাদন যথেষ্ট পৰিমাণে কমি যোৱাৰ আশংকা থাকে।

তদুপৰি এই অপতৃণবোৰৰ অনিয়ন্ত্ৰিত বৃদ্ধিৰ ফলত নানা বিধ শস্যক আক্ৰান্ত কৰিব পৰা কীত-পতংগৰ সংখ্যা আৰু ফলত বেমাৰ-আজাৰো বৃদ্ধি পায়। গতিকে অপতৃণ নাশ কৰাটো অত্যন্ত জৰুৰী।

আজিকালি বজাৰত বহু প্ৰকাৰৰ অপতৃণনাশক(weedicide) পোৱা যায়। এনেবোৰ ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ বৰ উৎসাহজনক নহয়। তদুপৰি হাতেৰে অপতৃণবোৰ নিৰনি কৰি আঁতৰোৱা কামটো যথেষ্ট ব্যয়বহুল আৰু বহু সময়ৰ প্ৰয়োজন হয়। সেইবাবে আমাৰ কৃষক বন্ধুসকলে উন্নত প্ৰযুক্তি সমৃদ্ধ উইড কাটাৰ ব্যৱহাৰ কৰিব পাৰে।

বৰ্তমান ভাৰতৰ কৃষি খণ্ডত উইড কাটাৰৰ ব্যৱহাৰ দিনক দিনে বাঢ়ি যোৱা পৰিলক্ষিত হৈছে। বজাৰত বিবিধ ক্ষমতাসম্পন্ন ২ ষ্ট্ৰোক আৰু ৪ ষ্টোকৰ মডেল উপলব্ধ। অলিওমেক, ষ্টিলহ আদি কোম্পানীৰ উইড কাটাৰে প্ৰভুত জনপ্ৰিয়তা অৰ্জন কৰিছে।

অধিকাংশ পেট্ৰ’লচালিত ২ ষ্ট্ৰোক মডেল ১৮-২১ এইচ পি আৰু ইয়াৰ বডীটো পাতল এলুমিনিয়ামেৰে গঠিত। এই মডেল ব্যৱহাৰ কৰিবলৈ প্ৰতি ঘন্টাত ৬০০-৯০০ মিঃলিঃ অইল মিশ্ৰিত পেট্ৰ’লৰ প্ৰয়োজন হয়।

কামৰ প্ৰয়োগৰ ওপৰত নিৰ্ভৰ কৰি পেট্ৰ’লৰ খৰচৰ সামান্য তাৰতম্য হ’ব পাৰে। এটা মেচিনৰ গড় ওজন ৭-৮ কিলোগ্ৰাম। সেইবাবে এই মেচিন চলোৱা লোকজনে বেছি ওজনৰ অনুভৱ নকৰে। অধিকাংশ মডেল কান্ধত ওলোমায়ো ব্যৱহাৰ কৰিব পাৰি।

উইড কাটাৰ মেচিন চলাই থকা অৱস্থাত বিশেষ কম্পন নহয় বাবে ভাগৰুৱা যেন অনুভৱ নহয়। এটা কথা মন কৰিব লাহে যে এই মেচিনটো ব্যৱহাৰ কৰা সময়ত খৰকৈ গতি কৰিব লাগে যাতে নিশ্চিত সময়ত বেছি কাম কৰিব পাৰি।

উইড কাটাৰ মেচিনত ঘাঁহ কটা উপকৰণ হ’ল ২.৭-৩ মিলিলিটাৰৰ এডাল নাইলন ৰছী। মেচিনৰ আগভাগত থকা হেডটোৱে এই ৰছীডাল ১০-১২ মিটাৰ পৰ্যন্ত ৰাখিব পাৰে। ৰছীডালৰ মূৰ দুটা ছিদ্ৰৰে ৭ ইঞ্চি দূৰত্বলৈ বাহিৰলৈ ওলাই আহে। ১০,০০০ আৰ পি এম বেগেৰে ঘূৰা এই ৰছীয়ে আঙুলিৰ সমান শাকত যিকোনো ঘাঁহ-বনক কাটিব পাৰে। ব্যৱহাৰ কৰা সময়ত শিল ওলালেও ৰছীডাল নাইলনৰ হোৱা বাবে কামত ব্যাঘাত নহয়।

অৱশ্যে অধিক শিল থাকিলে উইড কাটাৰ ব্যৱহাৰ নকৰাই ভাল। এজন অভিজ্ঞ লোকে ৫-৭ ইঞ্চি ৰছীৰে ৩ বিঘা মাটিত অপতৃণ কাটিব পাৰে। নতুন চালকক বেছি দীঘল ৰছীৰ প্ৰয়োজন হয়।

উচ্চ গুণ বিশিষ্ট ১ মিঃ নাইলন ৰছীৰ বজাৰ মূল্য ১০-১২ টকা হয়। প্ৰথমে মেচিনৰ হেডটো মাটিত জোকাৰি আৱশ্যকীয় দৈৰ্ঘ্য পাহাৰীফ্যা অঞ্চলত ব্যৱহাৰ কৰিবৰ বাবে বেকপেক(Bakpak) মডেলো বজাৰত পোৱা যায়।

উইড কাটাৰ ব্যৱহাৰ কৰাৰ সময়ত ঘাঁহ-বনবোৰ ২-৩ পাত বিশিষ্ট অৱস্থাত থাকিলে ফলাফল অধিক ভাল পাব পাৰি।

উইড কাটাৰৰ বহুল ব্যৱহাৰৰ ফলত শৰীৰৰ বাবে হানিকাৰক ৰাসায়নিক অপতৃণবোৰৰ উপযোগিতা কৃষি খণ্ডত কমি যাবলৈ ধৰিছে। তাৰ ফলত আমাৰ কৃষকসকলে জৈৱিক পদ্ধতিৰ কৃষিকাৰ্যৰ অংশীদাৰ হোৱাত প্ৰভূত সহায়ক হৈছে।

অৱশ্যে, যিবোৰ অপতৃণ নাইলন ৰছীৰে কটা সম্ভৱ নহয়, তাত ৩ দাঁতবিশিষ্ট ব্লেড ব্যৱহাৰ কৰিব পাৰি। ব্লেডখন গোলাকাৰ হ’লে সৰু গছবোৰো কটা যায়।

শুকান গছ আৰু নেপিয়াৰ, গুৱাটেমালা, চিট্ৰনেলা, লেমোন গ্ৰাছ জাতীয় ঘাঁহো কাটিব পাৰি। নাইলন ৰছীৰে কটা ঘাঁহবোৰ সৰু সৰু টুকুৰ হৈ পৰে। কিন্তু ৩ দাঁত থকা ব্লেডেৰে মাটিৰে সৈতে ঘাঁহ নিচ্ছিহ্ন কৰিব পাৰি।

গোলাকাৰ ব্লেড থকা উইড কাটাৰ ব্যৱহাৰ কৰাৰ সময়ত মেচিনত সংলগ্ন ‘গাৰ্ড’ ল’বলৈ নাপাহৰিব। ই আপোনাৰ সুৰক্ষা কবচ।

উইড কাটাৰ নিৰ্মাতা প্ৰতিষ্ঠানবোৰে মেচিন ব্যৱহাৰ কৰাৰ সময়ত চকুত চশমা, কাণত ইয়েৰ প্লাগ, হাতত গ্লোভছ, ডাঠ পোছাক আৰু জোতা পৰিধান কৰিবলৈ জাননী দিয়ে, যাতে যিকোনো সম্ভাব্য দুৰ্ঘটনাৰপৰা আপুনি নিৰাপদে থাকিব পাৰে। এইবোৰ সতৰ্কবাণী মানি চলা আপোনাৰ বাবেই মংগলজনক।

লেখক: ভাস্কৰ পাঠক(দৈনিক অসম)

 

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate