অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উদ্যান শস্যৰ দ্বাৰা স্বাৱলম্বন

 

চমু বিৱৰণ

উদ্যান শস্য বুলি ক'লে সাধাৰণতে ফল-মূল,শাক-পাচলি, আলুজাতীয় শস্য, বিভিন্ন ধৰণৰ ফুল, ঔষধি তথা সুগন্ধি গছ-পাত আদিক উদ্যান শস্য কোৱা হয় আৰু এইবোৰ শস্য সাধাৰণতে উদ্যান পাতি কৰা হয়। ইতিমধ্যে পৃথিৱীৰ সকলো দেশতে উদ্যান শস্যৰ খেতি লাভজনক হিচাপে পৰিগণিত হোৱাৰ লগতে বহুতো দেশৰ অর্থনীতি উদ্যানশস্যভিত্তিক হৈ পৰাও দেখা গৈছে। ভাৰতবর্ষতো সৰু-বৰ প্রতিখন নগৰৰ আশে-পাশে বিভিন্ন উদ্যান শস্যৰ খেতি ব্যৱসায়িকভিত্তিত কৰা হয় আৰু এইবোৰৰ ভিত্তিত বহুতো উদ্যোগ গঢ় লৈ উঠিছে। উদ্যান শস্যৰ এনে লাভজনক দিশৰ প্রতি অসমৰ কৃষকসকল সচেতন নহয়। অথচ অসমৰ ‘বাৰী পদ্ধতি’ক ব্যৱসায়িক ৰূপ দি অতি সহজে স্বাৱলম্বী হ’ব পৰা যায়। ইতিমধ্যে বিভিন্ন চৰকাৰী আঁচনিৰ জড়িয়তে কৃষকসকলক এই দিশত উৎসাহিত কৰিবলৈ যত্ন কৰি থকা হৈছে আৰু ঠাই বিশেষে এনে আঁচনিৰ দ্বাৰা কৃষকসকল উপকৃত হোৱা পৰিলক্ষিত হৈছে। আমাৰ এই লেখাত উদ্যান শস্যৰ দ্বাৰা লাভবান হ’ব পৰা কেতবোৰ দিশৰ বিষয়ে আলোকপাত কৰা হ’ল।

শাক-পাচলি

উদ্যান শস্যৰ দ্বাৰা লাভবান হ’ব পৰা প্রধান শস্যবিধ হৈছে শাক-পাচলি। সুষম আহাৰৰ বাবে বতৰৰ শাক-পাচলি অপৰিহার্য। সেয়ে এনেবোৰ শস্যৰ প্রতি সকলো শ্রেণীৰ গ্রাহক আগ্রহী। আনহাতে এইটোও দেখা যায় যে বজাৰত আগতীয়াকৈ উপলব্ধ হোৱা শাক-পাচলিৰ মূল্য সদায় বেছি। সেয়ে বজাৰ আৰু গ্রাহক এই দুয়োটা দিশলৈ লক্ষ্য কৰি শাক-পাচলিৰ বাৰীখন পাতিলে কৃষকজন অধিক লাভবান হোৱাৰ থল আছে। এই ক্ষেত্রত ‘পলি হাউছ’ বা সেউজ গৃহৰ ভূমিকা অতি গুৰুত্বপূর্ণ। এনে গৃহৰ লগতে এখন সু-পৰিকল্পিত আঁচনি প্রস্তুত কৰি আগবাঢ়িলে নগৰ-চহৰৰ দাঁতি-কাষৰীয়া কৃষকসকল শাক-পাচলিৰ খেতিৰ কৰি সহজে স্বাৱালম্বী পাৰে।

চহৰ অঞ্চলৰ পৰা কিছু নিলগত অথচ বাট-পথৰ সু-ব্যৱস্থা থকা এলেকাত বিভিন্ন ফল-মূলৰ বাগিচা পাতিব পৰা যায়। অসমত নেমু, সুমথিৰা, কল, নাৰিকল,আনাৰস,লিচু আদি ফলবোৰ ব্যৱসায়িক ভিত্তিত খেতি কৰি স্বাৱালম্বী হোৱাৰ প্রৱল সম্ভাৱনা আছে। এনেবোৰ শস্য একাধিক ব্যৱহাৰৰ বাবে উপযোগী হোৱা বাবে বজাৰত অধিক মূল্য পায়। ইতিমধ্যে অসমত ফল-মূলৰ ওপৰত ভিত্তি কৰি বহুকেইটা উদ্যোগ গঢ় লৈ উঠিছে। আনহাতে প্রশিক্ষণপ্রাপ্ত বহুতো আত্মসহায়ক গোট এনে উদ্যোগৰ প্রতি উৎসাহিত হৈ উঠা দেখা গৈছে যিটো শুভলক্ষণ।

ফুলৰ ব্যৱহাৰ

আমাৰ দৈনন্দিন জীৱনত ফুলৰ ব্যৱহাৰ ক্রমে বাঢ়ি অহা দেখা গৈছে। পূজা-পর্বৰ উপৰিও বিবাহ বা আন মাঙ্গলিক কাম-কাজত ফুল অপৰিহার্য। তদুপৰি সভা-সমিতি আদিত গৃহসজ্জাৰ লগতে মালা নাইবা পুষ্পসজ্জা আদিক যথেষ্ট গুৰুত্ব দিয়া হয়। আনকি শুভেচ্ছা জ্ঞাপন নাইবা ৰুগীৰ আৰোগ্য কামনা কৰিবলৈকো ফুলৰ আৱশ্যক হৈ পৰিছে। এনে এক পটভূমিত ফল-মূলৰ লগতে ব্যৱসায়িকভিত্তিত ফুলৰ খেতি কৰিও লাভবান হ’ব পৰা যায়। অৱশ্যে শাক-পাচলি নাইবা ফল-মূলতকৈ ফুলৰ বজাৰখনৰ চৰিত্র কিছু সুকীয়া। বছৰৰ সকলো সময়তে ফুলৰ চাহিদা আছে যদিও গুৰুত্বপূর্ণ উৎসৱ, পূজা-পার্বন,বিবাহ আদিক উপলক্ষ্য কৰি ফুলৰ খেতি কৰিলে অধিক লাভবান হ’ব পৰা যায়। এইদৰে কোনো বিশেষ সময়ক লক্ষ্য কৰি কৰা খেতিক ইংৰাজীত spot cropping কোৱা হয়। ফুলৰ খেতিৰ লগতে পুষ্পসজ্জাৰ বিভিন্ন দিশবোৰো শিকি-বুজি ল’লে ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰাৰ সুযোগ থাকে।
উদ্যান শস্যৰ আন এক দিশ হ’ল বীজ বা পুলিবাৰী। উৎকৃষ্টমানৰ ফুল,ফল,শাক-পাচলিৰ বীজৰ চাহিদা সদায়ে বেছি। এনে বীজ উৎপাদন কৰি যথেষ্ট অর্থ উপার্জন কৰিব পাৰি। শীতকালিন শাক-পাচলি যেনে:কবি, বিলাহী আদিৰ বীজ উৎপাদন কিছু জটিল যদিও এইবোৰৰ উন্নতমানৰ পুলি উৎপাদন কৰিও লাভবান হ’ব পাৰি। সেইদৰে বছৰৰ বিভিন্ন সময়ত হোৱা ফুলৰ পুলিবাৰী স্থাপন কৰিও স্বাৱলম্বী হ’ব পৰা যায়। এনে একোখন পুলিবাৰী পাতিবলৈ বৰ বেছি মাটি কিম্বা অৰ্থৰ আৱশ্যক নাই। আগ্রহ, একাগ্রতা আৰু ধৈর্যক মূলধন হিচাপে লৈ আগবাঢ়ি বৃহৎ নার্চাৰীৰ গৰাকী হোৱাৰ উদাহৰণ এই অসমতে বহুকেইটা আছে। সেয়ে ইচ্ছুক যুৱক-যুৱতীসকল এই দিশত অনায়েসে আগবাঢ়িব পাৰে। পাছলৈ এখেতসকলে সেউজ গৃহ, টিচু কালচাৰ আদি আধুনিক কৌশলবোৰ অৱলম্বন কৰি নিজ নিজ অঞ্চলত একোএকোজন বাটকটীয়া হৈ উঠাৰ সম্ভাৱনা আছে।

পাহাৰীয়া অঞ্চলত বিভিন্ন মচলাজাতীয় শস্য

অসমৰ পাহাৰীয়া অঞ্চলত বিভিন্ন মচলাজাতীয় শস্য যেনে: আদা, হালধি, নহৰু, জলকীয়া, জালুক আদিৰ খেতি কৰা হয়। ইয়াৰ উপৰিও নানানবিধ বনৌষধি তথা সুগন্ধি গছ-লতাৰ খেতিও অঞ্চল বিশেষত কৰা দেখা যায়। অসমৰ ভোট জলকীয়া বর্তমান পৃথিৱী বিখ্যাত। সেইদৰে কার্বি পাহাৰত হোৱা bird’s eye chilly ৰ চাহিদাও যথেষ্ট বেছি। মৰাণ আদা, শিলিখা, আমলখী আদি বিভিন্ন ঔষধ কোম্পানীয়ে অসমৰ পৰা সংগ্রহ কৰি নিয়ে। উন্নত পদ্ধতিৰে এনেবোৰ শস্যৰ খেতি কৰিও কৃষকসকল লাভবান হোৱাৰ যথেষ্ট থল আছে। ৰাজ্যিক কৃষি বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা উদ্যান শস্যৰ প্রযুক্তি অভিযানৰ বিভিন্ন আঁচনিৰ বিষয়ে বুজি কৃষকসকল এই দিশত আগবাঢ়িব পাৰে। অৱশ্যে এইখিনি সম্ভৱ হৈ উঠিব উপযুক্ত প্রশিক্ষণ আৰু তাৰ ব্যৱহাৰিক প্রয়োগৰ দ্বাৰা। বর্তমান অসমৰ প্রতিখন জিলাতে একো একোটা কৃষি বিজ্ঞান কেন্দ্র আছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত থকা এই কেন্দ্রবোৰৰ যোগেদি কৃষকসকল প্রশিক্ষণপ্রাপ্ত হৈ উদ্যান শস্যৰ বিভিন্ন দিশত আগবাঢ়ি নিজে লাভবান হোৱাৰ লগতে ৰাজ্য অর্থনীতি সবল কৰিব পাৰিব।

লেখিকা: বিনীতা হাজৰিকা।

 

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate