অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কলখেতিৰ অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণঃ

কলখেতিৰ অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণঃ

অসমৰ পাহাৰে-ভৈয়ামে সকলো ঠাইতে বহু অতীজৰে পৰা কলৰ খেতি কৰি আহিছে। উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু আৰু মাটি কলখেতিৰ বাবে অতি উপযোগী। অৱশ্যে অসমত অতিমাত্ৰা বৰষুণৰ লগতে জলবায়ুৰ আৰ্দ্ৰতা অধিক হোৱা হেতুকে পোক-পৰুৱাৰ আক্ৰমণ আৰু বংশবৃদ্ধি সাধাৰণতে বেছি। সেয়েহে অন্য শস্যৰ দৰে কলগছতো বিভিন্ন ধৰণৰ পোক-পৰুৱাই আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে। অসমৰ কলখেতিত আক্ৰমণ কৰা পোক-পৰুৱাৰ ভিতৰত গা-গছ বিন্ধা পোক, মূঢ়া বিন্ধা পোক, ফল আৰু পাত আঁচোৰা পোক, মোৱা পোক, ওকণি পোক আৰু শস্যকৃমিয়েই প্ৰধান। কলখেতিৰ প্ৰধান পোক-পৰুৱাবোৰৰ আক্ৰমণৰ লক্ষণ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহ বিশদভাৱে আলোচনা কৰা হ’ল-

গা-গছ বিন্ধা পোকঃ এইবিধ পোকে প্ৰায় বছৰৰ ১২ মাহেই আক্ৰমণ আৰু বংশবৃদ্ধি কৰে যদিও বাৰিষা বতৰত ইহঁত অধিক সক্ৰিয় হৈ থাকে। এই পোকৰ আক্ৰমণৰ ফলত পাতবোৰ হালধীয়া পৰে আৰু ফল ধৰিলেও ফলবোৰ আকাৰত যথেষ্ট সৰু হয়, তদুপৰি গছজোপাৰ গা-গছডাল দুৰ্বল হৈ গেলিবলৈ আৰম্ভ কৰে। ফলস্বৰূপে সাধাৰণ এজাক বতাহতেই গছজোপা মাজভাগতে ভাগি পৰা দেখা যায়। এই পোকৰ আক্ৰমণ চেনিচম্পা, মালভোগ, জাহাজী কলত বেছিকৈ হোৱা পৰিলক্ষিত হয়।

অসমৰ পাহাৰে-ভৈয়ামে সকলো ঠাইতে বহু অতীজৰে পৰা কলৰ খেতি কৰি আহিছে। উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু আৰু মাটি কলখেতিৰ বাবে অতি উপযোগী। অৱশ্যে অসমত অতিমাত্ৰা বৰষুণৰ লগতে জলবায়ুৰ আৰ্দ্ৰতা অধিক হোৱা হেতুকে পোক-পৰুৱাৰ আক্ৰমণ আৰু বংশবৃদ্ধি সাধাৰণতে বেছি। সেয়েহে অন্য শস্যৰ দৰে কলগছতো বিভিন্ন ধৰণৰ পোক-পৰুৱাই আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে। অসমৰ কলখেতিত আক্ৰমণ কৰা পোক-পৰুৱাৰ ভিতৰত গা-গছ বিন্ধা পোক, মূঢ়া বিন্ধা পোক, ফল আৰু পাত আঁচোৰা পোক, মোৱা পোক, ওকণি পোক আৰু শস্যকৃমিয়েই প্ৰধান। কলখেতিৰ প্ৰধান পোক-পৰুৱাবোৰৰ আক্ৰমণৰ লক্ষণ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহ বিশদভাৱে আলোচনা কৰা হ’ল-

গা-গছ বিন্ধা পোকঃ এইবিধ পোকে প্ৰায় বছৰৰ ১২ মাহেই আক্ৰমণ আৰু বংশবৃদ্ধি কৰে যদিও বাৰিষা বতৰত ইহঁত অধিক সক্ৰিয় হৈ থাকে। এই পোকৰ আক্ৰমণৰ ফলত পাতবোৰ হালধীয়া পৰে আৰু ফল ধৰিলেও ফলবোৰ আকাৰত যথেষ্ট সৰু হয়, তদুপৰি গছজোপাৰ গা-গছডাল দুৰ্বল হৈ গেলিবলৈ আৰম্ভ কৰে। ফলস্বৰূপে সাধাৰণ এজাক বতাহতেই গছজোপা মাজভাগতে ভাগি পৰা দেখা যায়। এই পোকৰ আক্ৰমণ চেনিচম্পা, মালভোগ, জাহাজী কলত বেছিকৈ হোৱা পৰিলক্ষিত হয়।

নিয়ন্ত্ৰণ ব্যৱস্থাঃ

কলবাৰীখন পাতিবলৈ হ’লে গা-গছ বিন্ধা পোকে আক্ৰান্ত নকৰা বুলি নিৰ্বাচন কৰি ৰোৱাৰ ব্যৱস্থা কৰিব লাগে।

কলবাৰী বছৰৰ ১২ মাহতেই বন-বাত চিকুণোৱাৰ লগতে এই পোকৰ দ্বাৰা আক্ৰান্ত হোৱা গছবোৰ গুৰিতে কাটি টুকুৰা-টুকুৰ কৰি দ গাঁতত পুতি পোলাব লাগে আৰু গছৰ শুকান পাতবোৰ আঁতৰাই পৰিষ্কাৰ কৰি সেইবোৰ কলগছত মাটিৰ ঢাকোন হিচাপে ব্যৱহাৰ কৰিব পাৰি।

কলবাৰীখন সম্পূৰ্ণকৈ পৰিষ্কাৰ কৰি ৰখাৰ উপৰি তিনি বছৰৰ অন্তৰে অন্তৰে পৰাপক্ষত স্থান পৰিৱৰ্তন কৰি নতুন বাৰী স্থাপন কৰি এই পোক আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ লগতে ফচলো যথেষ্ট পৰিমাণে লাভ কৰিব পাৰি, যিহেতু উপযুক্ত পৰিচৰ্যাবিহীন কলবাৰীত এই পোকৰ আক্ৰমণ বেছিকৈ হয়।

কলবাৰীত পুলিবোৰ ৰোৱাৰ পূৰ্বে এটা ডাঙৰ আকাৰৰ পাত্ৰ বা গাঁতত পানী আৰু মাটি মিহলাই পাতল ঘনত্বৰ বোকা প্ৰস্তুত কৰি ল’ব লাগে। পূৰ্বে পৰিষ্কাৰ কৰি লোৱা পুলিবোৰৰ মূঢ়াবোৰ বোকাত লেটিয়াই লৈ ৪০ গ্ৰাম ‘কাৰ্বফুৰাণ ৩-জি’ নামৰ ঔষধৰ দানা সমভাৱে গোটেই মূঢ়াটোৰ ওপৰত ছটিয়াই দিব লাগে। এনে কৰিলে ঔষধৰ দানাবোৰ মূঢ়াটোৰ ওপৰত থকা বোকাৰ প্ৰলেপত লাগি ধৰিব। ইয়াৰ পাছত কিছুসময় বোকাখিনি শুকাবলৈ দি পুলিটো কলবাৰীত খান্দি থোৱা গাঁতত ৰোৱাৰ ব্যৱস্থা কৰিব লাগে। এনে কৰাৰ ফলত গা-গছ বিন্ধা পোকৰ আক্ৰমণৰ পৰা কলগছবোৰ ৰক্ষা কৰিব পাৰি।

কলগছৰ ফুল ফুলা তথা কলৰ থোক মেলাৰ সময়ত গা-গছ বিন্ধা পোকৰ আক্ৰমণ বেছিকৈ হোৱাৰ বাবে থোক মেলাৰ ১৫-ৰ পৰা ২০ দিনৰ আগতে ‘কাৰ্বফুৰাণ ৩-জি’ নামৰ দানাজাতীয় ঔষধ ৫০ গ্ৰাম প্ৰতিজোপা গছৰ চাৰিওফালে ঘূৰণীয়া আকৃতিৰ নলা খান্দি প্ৰয়োগ কৰিলে সুফল পোৱা যায়।

ইয়াৰ উপৰি কলগছজোপাই থোক নৌ মেলোতেই নাইবা মেলাৰ ঠিক পাছতেই ‘মন’ক্ৰট’ফছ ৪০ ই চি’ নাইবা ‘ডাইমিথয়েট ৩০ ই চি’ নামৰ যিকোনো এবিধ ঔষধ ১৫ মিলিলিটাৰ প্ৰতি ১০ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে। তদুপৰি ‘কুইনালফছ ২৫ ই চি’ নামৰ ঔষধ ২০ মিলিলিটাৰ প্ৰতি ১০ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিলেও উত্তম ফল পোৱা যায়।

মূঢ়া বিন্ধা পোকঃ

অসমত মূঢ়া বিন্ধা পোকৰ আক্ৰমণ গা-গছ বিন্ধা পোকতকৈ কম যদিও এই পোকে ঠাইবিশেষে কলখেতিত আক্ৰমণ কৰা দেখা যায়। পুৰণা, অপৰিপাটি আৰু মনকাণ নিদিয়া কলবাৰীত মূঢ়া বিন্ধা পোকৰ আক্ৰমণ বেছি হয়। এই পোকৰ আক্ৰমণ বছৰৰ ১২ মাহেই হয় যদিও বাৰিষাকালত এই পোকৰ প্ৰাদুৰ্ভাৱ বেছি হয় আৰু কলখেতিত এই পোকে শতকৰা ১০ ভাগৰ পৰা ৪০ ভাগলৈ ক্ষতিসাধন কৰে। মূঢ়া বিন্ধা পোকে মূঢ়াত বিন্ধা কৰি ভিতৰলৈ সোমাই যায় আৰু ফলত ফুটাবিলাকত বিভিন্ন ভেঁকুৰজাতীয় অণুজীৱই আক্ৰমণ কৰি লাহে লাহে মূঢ়া অংশ গেলাই পেলায়। ইয়াৰ ফলত গছজোপা নিশকতীয়া হৈ পৰে আৰু সাধাৰণ এজাক বতাহতে গছজোপা ভাঙি বাগৰি পৰে।

নিয়ন্ত্ৰণ ব্যৱস্থাঃ

কলবাৰীখন সদায় বন-বাত চিকুণাই পৰিষ্কাৰ কৰি ৰখাৰ লগতে কলবাৰীখনৰ ওপৰত সঘনে চোকা দৃষ্টি ৰখা কৃষক ৰাইজৰ অতি প্ৰয়োজনীয় বিষয়।

মূঢ়া বিন্ধা পোকৰ দ্বাৰা আক্ৰান্ত কলবাৰীত ফল চপোৱাৰ পাছত গা-গছৰ মাটিত লাগি থকা অংশ কাটি টুকুৰা-টুকুৰ কৰি দ গাঁতত পুতি পেলাব লাগে। কেতিয়াও সেই গা-গছৰ টুকুৰা-টুকুৰবোৰ মাটিৰ ঢাকোন হিচাপে কলগছৰ গুৰিত ব্যৱহাৰ কৰিব নালাগে। ফচল চপোৱাৰ পাছত মাতৃগছৰ মাটিত লাগি থকা কটা অংশত আলতীয়া মাটিৰে লেপন দিব লাগে নাইবা মূঢ়াৰে সৈতে উঘালি মাটিত দ গাঁত কৰি পুতি পেলাব লাগে।

মূঢ়া বিন্ধা পোকৰ দ্বাৰা আক্ৰান্ত হোৱা কলৰ পুলি কলবাৰীত ৰোৱা অনুচিত।

কলপুলি ৰোৱা গাঁতত ‘কাৰ্বফুৰাণ ৩-জি’ নামৰ দানাজাতীয় ঔষধৰ ৫০-ৰ পৰা ৬০ গ্ৰাম গা-গছ বিন্ধা পোকৰ প্ৰতিষেধক ব্যৱস্থাৰ দৰে মূঢ়া অংশত বোকাপানীৰ লেপনৰ ওপৰত প্ৰয়োগ কৰিব লাগে। দানাজাতীয় ঔষধ প্ৰয়োগ নকৰি মন’ক্ৰট’ফছ ৪০ ই চি নামৰ ঔষধৰ ২৫ মিলিলিটাৰ প্ৰতি ১০ লিটাৰ পানীৰ অনুপাতত মিশ্ৰণ তৈয়াৰ কৰি পুলিটোৰ মূঢ়া অংশ সম্পূৰ্ণৰূপে বুৰি যোৱাকৈ ৩০ মিনিট সময় তিয়াই থ’ব লাগে। এই প্ৰতিষেধক ব্যৱস্থা ল’লে এই পোকৰ পৰা যথেষ্ট পৰিমাণে সকাহ পোৱা যায়।

ইয়াৰ উপৰি মূঢ়া বিন্ধা পোকৰ আক্ৰমণ বেছি হ’লে মন’ক্ৰট’ফছ ৪০ ই চি নাইবা কুইনালফছ ২৫ ই চি নাইবা এন্দ’ছালফন ৩৫ ই চি নামৰ ঔষধৰ যিকোনো এবিধ ১৫ মিলিলিটাৰ প্ৰতি ১০ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

ফল আৰু পাত আঁচোৰা পোকঃ

সাধাৰণতে ব’হাগ-জেঠ মাহৰ পৰা আহিন-কাতি মাহলৈকে ফল আৰু পাত আঁচোৰা পোকৰ আক্ৰমণ যথেষ্ট পৰিমাণে হোৱা পৰিলক্ষিত হয়। এই পোকৰ আক্ৰমণ সঠিকভাৱে প্ৰতিপালন নকৰা বাৰীত বেছিকৈ হোৱা দেখা যায় আৰু তাৰ পূৰ্ণবয়স্ক পোকটোৱেহে কলগছজোপাৰ ক্ষতিসাধন কৰে। সাধাৰণতে কুমলীয়া পাত আৰু অপৈণত কলৰ বাকলিৰ হৰিত্কণাবোৰ খাই পেলায়। এই পোকবিধে সাধাৰণতে থোৰ ওলোৱা পাতৰ থুৰিত আশ্ৰয় লৈ হৰিত্কণাবোৰ আঁচুৰি আঁচুৰি খায়। ফলত কলথোক আৰু কুমলীয়া পাতবোৰ বুঢ়া পাতলৈ পৰিৱৰ্তন হোৱাৰ লগে লগে আঁচুৰি আঁচুৰি খোৱা অংশবোৰ সুস্পষ্ট মুগা বৰণৰ দাগলৈ ৰূপান্তৰিত হয়। এইবিধ পোকৰ আক্ৰমণৰ বাবে ফলৰ গুণাগুণ পৰিৱৰ্তন নহয় যদিও ফলবোৰৰ শ্ৰীবৃদ্ধিত বাধাপ্ৰাপ্ত হোৱা দেখা যায় আৰু বজাৰত এনেবোৰ কলৰ চাহিদা যথেষ্ট পৰিমাণে কম হোৱা দেখা যায়।

নিয়ন্ত্ৰণ ব্যৱস্থাঃ

কলবাৰীখন ঘাঁহ-বন চিকুণাই পৰিষ্কাৰকৈ ৰখা অতি প্ৰয়োজন।

শতকৰা ৫ ভাগ শক্তিযুক্ত মালাথিয়ন ঔষধৰ গুড়ি প্ৰতি হেক্টৰত ২০ কিলোগ্ৰাম হাৰত প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰি মন’ক্ৰট’ফছ ৪০ ই চি নামৰ ঔষধ ১ মিলিলিটাৰ প্ৰতি ১০ লিটাৰ পানীত মিহলাই কলৰ থোক ওলোৱাৰ লগে লগে আৰু সেই একে গাঢ়তাৰ ঔষধৰ দ্ৰৱণ প্ৰথমবাৰ প্ৰয়োগ কৰাৰ ১৫-ৰ পৰা ২০ দিনৰ অন্তৰত পুনৰবাৰ সম্পূৰ্ণৰূপে গছজোপাৰ সৈতে কলথোক ভালকৈ তিতি যোৱাকৈ স্প্ৰে’ কৰাৰ লগতে ওচৰে-পাঁজৰে থকা বন-বাতত স্প্ৰে’ কৰিলে অধিক সুফল পোৱা যায়।

শতকৰা ০.০৫ শক্তিযুক্ত মন’ক্ৰট’ফছ ৪০ ই চি নামৰ ঔষধৰ মিশ্ৰণ ৩০-ৰ পৰা ৫০ মিলিলিটাৰ এটা সৰু পাত্ৰত লৈ প্ৰতিজোপা কলগছৰ থুৰি অংশত প্ৰয়োগ কৰিব লাগে। এনে কৰিলে থুৰিত সোমাই থকা ফল আৰু পাত আঁচোৰা পোকবোৰ মাৰি ধ্বংস কৰিব পাৰি।

অসমৰ কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কাঁহিকুছিত থকা উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলে গৱেষণাৰ দ্বাৰা কপাহী কাপোৰৰ মোনা অথবা নীলা ৰঙৰ পলিথিনৰ মোনা ব্যৱহাৰ কৰি ফল আৰু পাত আঁচোৰা পোকৰ দ্বাৰা আক্ৰান্ত নোহোৱা কলৰ থোক চপাবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত পলিথিনৰ মোনাতকৈ কপাহী কাপোৰৰ মোনা ব্যৱহাৰ কৰি অধিক সুফল পাইছে। পাতল কপাহী কাপোৰ নাইবা নীলা ৰঙৰ পলিথিনলৈ কলৰ থোকটো সোমাব পৰাকৈ দীঘলে প্ৰায় ৩-ৰ পৰা ৪ ফুট আৰু বহলে ২-ৰ পৰা ৩ ফুটৰ একোটা মোনা চিলাই ল’ব লাগে। কলবাৰীত কলৰ থোক ওলোৱাৰ লগে লগে এনেকুৱা মোনা একোটা কলৰ থোকটোত সুমুৱাই মোনাটো থোকৰ ওপৰত থকা ডিল অংশত ৰছী এডালেৰে বান্ধি দিব লাগে। মোনাবোৰৰ তলৰফালে শকত গজাল একোটাৰে বতাহ চলাচলৰ লগতে বৰষুণৰ পানী ওলাই যাব পৰাকৈ ১৫-ৰ পৰা ২০ টামান ফুটা কৰি দিব লাগে। মোনাবোৰ আকৌ ২-ৰ পৰা ৪ দিনৰ অন্তৰে অন্তৰে খুলি কলডিলৰ বাকলি, জাবৰ-জোঁথৰ আদি পৰিষ্কাৰ কৰি পুনৰ আগৰ দৰে কলথোকত পিন্ধাই দিব লাগে। এইদৰে কলথোক প্ৰায় পূৰঠ হ’লে অৰ্থাত্ ৩০ৰ পৰা ৩৫ দিনৰ পাছত মোনাটো খুলি পেলাব লাগে। এইদৰে খুলি পেলোৱা মোনাবোৰ পুনৰ নতুনকৈ ওলোৱা কলৰ থোকত ব্যৱহাৰ কৰিব পাৰি। এইদৰে কলবাৰী থকা কৃষকসকলে এনেকৈ কেইটামান মোনা চিলাই ল’লে কলবাৰীখনৰ কলৰ থোকবোৰ ফল আৰু পাত আঁচোৰা পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰিব।

উৎস:অসমীয়া খবৰ, (ৰাজ্যিক কৃষি বিভাগৰ পুস্তিকাৰ পৰা উদ্ধৃত)

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate