অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষিখণ্ডৰ উন্নয়ন- আধুনিক বিপণন ব্যৱস্থাৰ গুৰুত্বঃ

আমাৰ দেশৰ অৰ্থনীতিত কৃষিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এইক্ষেত্ৰত উদ্যানশস্যৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য। দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ৰ প্ৰায় ২৮.৫ শতাংশ আহে উদ্যানশস্যৰ পৰা তথা ই মুঠ ৰপ্তানীৰ ৫২ শতাংশ অধিকাৰ কৰি আহিছে। কৃষিখণ্ডৰ আধুনিকীকৰণ আৰু নিত্য-নতুন প্ৰযুক্তিৰ উদ্ভাৱন প্ৰয়োগৰ ফলস্বৰূপে কেৱল উদ্যানশস্যৰে উৎপাদন বৃদ্ধি হৈ বৰ্তমান প্ৰায় ১০১.৪৩ মিলিয়ন টন হৈছেগৈ। কিন্তু অতি পৰিতাপৰ বিষয় যে এই উৎপাদনৰ প্ৰায় ৩০-৩৫ শতাংশ প্ৰতি বছৰে নষ্ট হয় সংৰক্ষণ আৰু বজাৰৰ অভাৱত। মূল্যৰ হিচাপত এই লোকচানৰ পৰিমাণ বছৰি প্ৰায় ৫৪ হাজাৰ কোটি টকা।

উদ্যানশস্যৰ ক্ষেত্ৰত প্ৰধান সমস্যা হৈছে বেছিসংখ্যক শস্যই বছৰৰ এক নিৰ্দিষ্ট ঋতুতহে উৎপাদিত হয় আৰু ইহঁতৰ জীৱনকাল অতি সীমিত। সেয়েহে বছৰৰ নিৰ্দিষ্ট ঋতুত উৎপাদিত হোৱা ফলমূল আৰু শাক-পাচলিৰ মূল্য সংযোজন কৰি নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি। এইক্ষেত্ৰত ভাৰতৰ বিভিন্ন কৃষি গৱেষণা প্ৰতিষ্ঠান তথা কৃষি বিশ্ববিদ্যালয়সমূহৰ গৱেষণা শাখাই যথেষ্ট আগভাগ লৈছে আৰু ইতিমধ্যে নতুন প্ৰযুক্তিৰ উদ্ভাৱন কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ দৰে জৈৱ-বৈচিত্ৰ্যময় অঞ্চলৰ বাবে মূল্য সংযোজন আৰু সংৰক্ষণক এক উদ্যোগ হিচাপে গঢ়ি তোলাত যথেষ্ট সুযোগ আছে। এতিয়া কৰণীয় হৈছে ইচ্ছুক কৃষক আৰু যুৱক-যৱতীসকলক এই বিষয়ে অৱগত কৰোৱা তথা এই বিষয়ত জ্ঞান আৰু দক্ষতাসম্পন্ন মানৱ সম্পদ সৃষ্টি কৰা।

এইখিনিতে জনা উচিত কৃষিখণ্ডৰ উদ্যোগীকৰণ মানেনো কি ? কৃষিখণ্ডৰ উদ্যোগীকৰণ হৈছে এক প্ৰক্ৰিয়া, য’ত সহজলভ্য সুবিধা আৰু সম্পদসমূহ চিনাক্ত কৰি মূল্য সংযোজনৰ যোগেদি আৰ্থিক লাভৰ বাবে বজাৰত বিক্ৰীযোগ্য সামগ্ৰী অথবা সেৱালৈ ৰূপান্তৰ কৰা হয়। যিহেতু উৎপাদনৰ লগত বিপণন আৰু লাভালাভৰ ওতঃপ্ৰোত সম্বন্ধ, সেয়েহে কৃষি উদ্যোগীকৰণৰ মূল উদ্দেশ্য হৈছে মূল্য সংযোজিত সামগ্ৰী বিপণনৰ যোগেদি আৰ্থিক লাভ আদায় কৰা। আনহাতে বিপণন হৈছে এক নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া য’ত উৎপাদিত সামগ্ৰী অথবা সেৱাৰ চাহিদা সৃষ্টি কৰা হয় তথা উৎপাদিত সামগ্ৰী-সেৱাৰ বেচা-কিনাৰ দ্বাৰা এনেদৰে গ্ৰাহকৰ চাহিদা পূৰণ কৰা হয় যাতে পুনৰ নতুন চাহিদাৰ সৃষ্টি হয়। এক সুন্দৰ বজাৰ পৰিকল্পনাই হৈছে উদ্যোগীকৰণৰ মূল চাবিকাঠী। সেয়েহে এজন উদ্যোগীয়ে বিপণন ব্যৱস্থাৰ বিশেষ পাঁচটা দিশত গুৰু্ত্ব দিয়াটো অতি প্ৰয়োজনীয়।

সামগ্ৰী অথবা সেৱাঃ

ই হৈছে বিপণন ব্যৱস্থাটো চলি থাকিবলৈ প্ৰয়োজন হোৱা প্ৰধান উপাদান। প্ৰত্যেক উৎপাদিত সামগ্ৰী-সেৱাৰ মূলতঃ তিনিটা অংশ থাকে। মূল অংশটো হৈছে সামগ্ৰী-সেৱাৰ গ্ৰাহকৰ প্ৰয়োজন পূৰাব পৰা ক্ষমতা। উদাহৰণস্বৰূপে, এজন গ্ৰাহকে যদিহে বজাৰৰ পৰা এটা নিৰ্দিষ্ট কোম্পানীৰ ফলমূলৰ আচাৰ কিনিছে, তেনেহ’লে তেওঁ পোনতেই খাদ্য কিনিছে। দ্বিতীয় দিশটো হৈছে সামাজিক আৰু মানসিক দিশ। এতিয়া সেই একেজন গ্ৰাহকে এটা বিশেষ কোম্পানীৰ প্ৰতি থকা তেওঁৰ সদ্ভাৱ আৰু বিশ্বাসক মূল্য দিছে। তৃতীয়তে, সামগ্ৰী-সেৱাৰ লগত জড়িত আনুষংগিক বিশেষ সুবিধা যেনে- গুণাগুণৰ নিশ্চয়তা, ঘৰুৱা অৱস্থাত ৰাখিব পৰা গুণ, পৰিপুষ্টিৰ অক্ষুণ্ণতা ক্ৰয় কৰিছে। সেয়েহে সামগ্ৰী সেৱাৰ উক্ত তিনিটা বিশেষ দিশত প্ৰয়োজন পূৰাব পৰা ক্ষমতা থকাটো বাঞ্ছনীয়।

স্থানঃ

বিপণন ব্যৱস্থাৰ দ্বিতীয় উপাদান হৈছে বিপণনৰ বাবে সঠিক বজাৰ। বজাৰ হৈছে এনে এটুকুৰা ঠাই য’ত সামগ্ৰী-সুবিধা গ্ৰাহকে সহজে পাব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত বিপণনৰ সঠিক স্থান নিৰ্ণয় কৰাটো অতি প্ৰয়োজনীয়। এই ক্ষেত্ৰত দুটা বিশেষ দিশৰ ওপৰত গুৰুত্ব দিব লাগে। গ্ৰাহকৰ সুবিধা আৰু উৎপাদন স্থানৰ পৰা ইয়াৰ সুচলতা। তদুপৰি উৎপাদিত সামগ্ৰীৰ খুচুৰা নে পাইকাৰী বিক্ৰী হ’ব সেই দিশটোৰ প্ৰতিও স্থান নিৰূপণৰ সময়ত লক্ষ্য কৰিব লাগে।

উৎপাদিত সামগ্ৰী-সেৱাৰ মূল্য নিৰ্ধাৰণঃ

উৎপাদিত সামগ্ৰী-সেৱাৰ মূল্য নিৰ্ধাৰণ কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰশীল। সামগ্ৰীৰ বজাৰ মূল্যই তাৰ গুণাগুণ প্ৰতিফলিত কৰে। সেয়েহে বৰ্তমান বজাৰখনৰ ওপৰত এক অধ্যয়ন চলোৱাটো অতি প্ৰয়োজনীয়। পোনতেই চাব লাগে যি বিষয় উদ্যোগ গঢ়িব বিচাৰিছে তাৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী সহজলভ্য হয়নে ? যদি হয়, তাৰ উৎপাদনৰ ব্যয় কিমান ? সামগ্ৰী-সেৱাৰ বজাৰ চাহিদা কিমান ? গ্ৰাহক কোনসকল ? কিমান দূৰত্বত তেওঁলোকৰ অৱস্থান ? তেওঁলোকৰ ক্ৰয়ক্ষমতা কেনেধৰণৰ ? ইত্যাদি। এতিয়া সামগ্ৰী-সেৱাৰ মূল্য এনেধৰণে নিৰ্ধাৰণ কৰিব পাৰিব লাগিব যাতে গ্ৰাহকৰ প্ৰয়োজন পূৰোৱাৰ লগতে ক্ৰয়ক্ষমতাৰ ভিতৰত থাকে আৰু উৎপাদন কৰোতাজনো লাভান্বিত হয়।

বিজ্ঞাপনঃ

উৎপাদিত সামগ্ৰী-সেৱাৰ গুণগত মান, ব্যৱহাৰিক গুণ ইত্যাদি সময়ৰ লগত খাপ খুৱাই, চাহিদা অনুযায়ী সালসলনি কৰিব পৰাটোৱেই ব্যৱসায়ত সফল হোৱাৰ মূলমন্ত্ৰ। উৎপাদিত সামগ্ৰী-সেৱাৰ বিষয়ে গ্ৰাহকক অৱগত কৰোৱাটো অতি প্ৰয়োজনীয়। ডাঙৰ ডাঙৰ কোম্পানীয়ে বিজ্ঞাপনৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে আৰু বিজ্ঞাপনৰ বাবে সুকীয়া বিভাগ এটা ৰখা হয়। এইক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগীসকলেও উৎপাদিত সামগ্ৰীৰ ব্যৱহাৰ যোগ্যতা, বিপণনৰ স্থান আদি সন্দৰ্ভত বিজ্ঞাপন প্ৰচাৰ কৰিব পাৰে। ইয়াৰ বাবে উদ্যোগীজন সৃষ্টিশীল মনৰ অধিকাৰী হোৱাটো ভাল। সঠিক বিজ্ঞাপনে সামগ্ৰী বিপণনত বিশেষ ভূমিকা গ্ৰহণ কৰে।

মানৱ সম্পদঃ

বিপণন ব্যৱস্থাত মানৱ সম্পদ বুলিলে সামগ্ৰী-সেৱাবিধৰ উৎপাদনৰ পৰা গ্ৰাহকৰ দ্বাৰা নিৰ্বাচিত হোৱালৈকে, সম্পূৰ্ণ প্ৰক্ৰিয়াটোত প্ৰয়োজন হোৱা কাৰিকৰী দক্ষতাসম্পন্ন লোকক সূচায়। বিশ্বায়নৰ যুগত বিপণনৰ প্ৰতিযোগিতাত তিষ্ঠি থাকিবলৈ দক্ষ লোক নিৰ্বাচন কৰা আৰু তেওঁলোকৰ দক্ষতা অক্ষুণ্ণ ৰাখিবলৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাটো নিতান্তই প্ৰয়োজনীয়।

আলোচ্য উক্ত পাঁচোটা বিশেষ উপাদানেৰে সম্পূৰ্ণ বিপণন ব্যৱস্থাটো গঠিত আৰু ই এক জটিল প্ৰক্ৰিয়া। সামগ্ৰী এবিধৰ বিপণনৰ পৰিকল্পনাই নিৰূপণ কৰে বজাৰত তাৰ চাহিদা কেনেধৰণৰ হ’ব। প্ৰত্যেক স্তৰতে এজন উদ্যোগীয়ে অনিশ্চয়তাৰ সন্মুখীন হ’ব পাৰে। সেয়েহে বিপদকালীন পৰিস্থিতিৰ বাবেও বিশেষ পৰিকল্পনাৰ অতি প্ৰয়োজন। তদুপৰি সামগ্ৰী-সেৱাৰ উৎপাদনৰ পৰা আৰম্ভ কৰি গ্ৰাহকৰ মাজত জনপ্ৰিয় হোৱালৈকে সমগ্ৰ প্ৰক্ৰিয়াটো লিপিবদ্ধ কৰি ৰাখিব লাগে, যাতে প্ৰয়োজনত তাক পুনৰীক্ষণ কৰি প্ৰয়োজনীয় সালসলনি কৰিব পাৰি। ই উৎপাদিত সামগ্ৰী-সেৱাৰ গুণগত মান অক্ষুণ্ণ ৰখাটো সহায়ক হয়।

(উৎসঃ অসমীয়া খবৰ)।

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate