অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জেট্ৰ’ফা :

জেট্ৰ’ফা :

 

জীৱাশ্ম ইন্ধনবিলাক ক্ৰমাগতভাৱে বিলুপ্তিৰ পথলৈ ক্ৰমাগতভাৱে বিলুপ্তিৰ পথলৈ অগ্ৰসৰ হোৱাৰ ফলতে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে অৰ্থনৈতিক দিশত এক জটিল সমস্যাৰ সৃষ্টি কৰিছেগ। সেয়ে বিকল্প ইন্ধনৰ উদ্ভাৱন অতি প্ৰয়োজনীয় হৈ পৰিছে। প্ৰকৃতি জগতত পোৱা ব্যৱহাৰৰ উপযোগী গছ-গছনি ইন্ধনৰ কাৰণে যে লাগতিয়াল তাক নুই কৰিব নোৱাৰি। বনস্পতি, তেল আৰু চৰ্বিৰপৰা ‘ইষ্টৰিফেকেছন’ নামৰ প্ৰণালীৰে জৈৱ ডিজেল উৎপাদন কৰিব পৰা যায়। এইক্ষেত্ৰত অব্যৱহৃত কোনো কামত নলগা হ’লেও জেট্ৰ’ফা, পাংগালিয়া, শালভধ্ৰা ইত্যাদি গছ জৈৱ ডিজেল উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। ভাৰতবৰ্ষত জেট্ৰ’ফা খেতিৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে। জেট্ৰ’ফা আৱিষ্কাৰ হৈছিল দক্ষিণ আমেৰিকা আৰু আফ্ৰিকাত, পিছলৈ ইয়াৰ বিস্তাৰ গোটেই পৃথিৱীলৈ বিয়পি পৰে। ইয়াৰ বৈজ্ঞানিক নাম জেট্ৰ’ফা কাৰকাছ। অসমীয়া ভাষাত ৰন্ধনজ্যোতি বুলি জনা যায়। জেট্ৰ’ফা তিনিৰপৰা পাঁচ মিটাৰ উচ্চতাৰ জোপোহা গছ।

এইবিধ খেতি গ্ৰীষ্মকালীন প্ৰজাতিৰ হোৱা বাবে এই খেতিৰ সুফল ভালদৰে পোৱা যায়। প্ৰথম অৱস্থাত পৰাগযোগ Cross Polination পদ্ধতিৰে হোৱা হেতু দ্বিতীয় বছৰৰপৰা উৎপাদন আৰম্ভ হয়। অতি লাভজনক হিচাপে সাত-আঠ বছৰ পৰ্যন্ত সৰ্বাধিক উৎপাদন বৃদ্ধি হৈ ৪০ বা ৫০ বছৰলৈ থাকে। প্ৰথম অৱস্থাত গুটি সিঁচি পৰৱৰ্তী সময়ত ঠাল-ঠেঙুলিৰপৰা কলম দি এই খেতি কৰিব পাৰি।

উপযুক্ত মাটিডৰা বাছি লৈ অধিক পৰিমাণৰ জলসিঞ্চন কৰিলে এই গছত সহজে ফুল ধৰে। এই ব্যৱস্থাৰে গছবিধৰ পূৰঠ গুটি এবছৰতে কেইবাবাৰো সংগ্ৰহ কৰিব পৰা যায়। বতৰৰ ওপৰত কিছু পৰিমাণে নিৰ্ভৰ কৰি গৰম আৰু শুকান পৰিৱেশত ফল অধিক বৃদ্ধি আশা কৰিব পাৰি। পৰি থকা(ছন পৰা) মাটিডৰা এই খেতিৰ বাবে ব্যৱহাৰ কৰিব পাৰি, যিহেতু গৰু-ছাগলীয়েও ইয়াক নাপায়। খেতি চপোৱা সময়ত বীজ বা গুটিৰপৰা সহজে তেল বাহিৰ কৰা যন্ত্ৰৰ সহায়ত তেল উলিয়াব পাৰি।

উপযুক্ত মাটিৰপৰা হোৱা খেতিৰপৰা পূৰ্ণ বৃদ্ধিপ্ৰাপ্ত এজোপা জেট্ৰ’ফা গছৰপৰা আধা কিলোগ্ৰাম পৰ্যন্ত গুটি পাব পাৰি। প্ৰতি হেক্টৰ মাটিত চাৰি মেট্ৰিকটন গুটি পাব পাৰি। উৎপাদিত গুটিৰ গঠন বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি গড়ে প্ৰায় ৩০ শতাংশৰপৰা ৪০ শতাংশ তেল উৎপাদন কৰিব পাৰি। জেট্ৰ’ফা গুটিৰ মূল্য প্ৰতি কিলোগ্ৰামত প্ৰায় আঠ টকা।

কেইবছৰমান আগেয়ে ৰাজীৱ গান্ধী অক্ষয় দিৱস উপলক্ষে আয়োজন কৰা সভাত তদানীন্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে জেট্ৰ’ফাক ‘ভাৰতৰ ৰতনজ্যোতি’ আখ্যা দি ৰাইজক উদ্দেশ্যি দুআষাৰ কৈছিল। তেওঁ কৈছিল যে এক হেক্টৰ পতিত মাটিত এই খেতি কৰি নিতৌ অফিচলৈ অহা-যোৱা কৰা এজন লোকৰ প্ৰয়োজনীয় ইন্ধনৰ যোগান এবছৰলৈ সহজে পাব পাৰি।

এনেকুৱা জৈৱ ইন্ধনৰ মূল্য পেট্ৰ’লতকৈ বহু পৰিমাণে কম বুলি ক’ব পাৰি। এই ইন্ধনৰপৰা বায়ুমণ্ডল দূষিত কৰিব পৰা কাৰ্বন-ডাই-অক্সাইড বা কাৰ্বন-মন-অক্সাইড সৃষ্টি নহয়। জেট্ৰ’ফাৰ বহল ভিত্তিত খেতি কৰিবলৈ উৎসাহ যোগোৱাৰ বাবে ৰাষ্ট্ৰীয় তৈল বীজ আৰু বনস্পতি তেল উন্নয়ন ব’ৰ্ডৰ ফালৰপৰা এখন আঁচনি ইতিমধ্যে ঘোষণা কৰা হৈছে।

কৃষকক অণুপ্ৰাণিত কৰিবলৈ জেট্ৰ’ফা খেতি কৰিবলৈ চৰকাৰীভাৱে ছয় লাখ ৫০ হেজাৰ টকা পৰ্যন্ত ঋণ দি ৩০ শতাংশ ঋণ ৰেহাইৰ ব্যৱস্থা আছে বুলি জনা যায়। প্ৰয়াত বিজ্ঞানী এ পি জে আব্দুল কালামে ৰাষ্ট্ৰপতি ভৱনৰ জেনেৰেটৰ, ঘাঁহনি কটা যন্ত্ৰত জৈৱ ইন্ধনৰ কাৰ্যদক্ষতা সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা চলায় আৰু সফলতাৰ চানেকি দাঙি ধৰে। তাৰ পিছত তেওঁ চৰকাৰৰদ্বাৰা অনুমোদিত পাঁচ শতাংশ জৈৱ ডিজেল মিহলি ইন্ধন জেৰেৰেটৰত ব্যৱহাৰৰ পোষকতা কৰে। ইফালে, প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ অনুৰোধক উপেক্ষা নকৰি ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক পি পুষ্পংগদান আৰু এইচ এম বেহেলে তেওঁলোকৰ প্ৰতিষ্ঠানত জেট্ৰ’ফাৰপৰা তৈয়াৰ কৰি উলিওৱা জৈৱ ডিজেল পৰীক্ষা কৰিবলৈ বিচাৰে।

উল্লেখ্য যে ৰাষ্ট্ৰপতি ভৱনত ইতিমধ্যে ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠানৰদ্বাৰা এখন সুন্দৰ জৈৱ বিচিত্ৰ্য উদ্যান স্থাপন কৰা হৈছে। জেট্ৰ’ফা সম্পৰ্কে ডাঃ কালামে কৈছিল যে ই পতিত মাটিবিলাকক সেউজ বিপ্লৱৰে সেউজীয়া কৰিব পাৰি। দেশলৈ পেট্ৰ’লিয়াম ইন্ধনৰ আমদানিৰ পৰিমাণ হ্ৰাস কৰিব পাৰে। তদুপৰি ই পৰিৱেশৰ ওপৰত কোনো ক্ৰিয়া নকৰে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ সিঙে জেট্ৰ’ফাক ভাৰতৰ ৰতনজ্যোতি নামেৰে বিভূষিত কৰা কাৰ্যটোক শলাগ লোৱা আমাৰ কাম। আমাৰ বিশ্বাস- জেট্ৰ’ফা খেতি কৰিলে ভৱিষ্যতে অসমৰ কৃষকে অধিক লাভৱান হৈ কৃষিৰ উন্নতি সাধন কৰিব পাৰিব। এই সন্দৰ্ভত আমি চৰকাৰক উচিত পদক্ষেপ ল’বলৈ অনুৰোধ জনালোঁ।

লেখক: কিৰণ চন্দ্ৰ চৌধুৰী(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 6/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate