প্ৰধান প্ৰবন্ধ: আমৰলি টোপ
আমৰলি পৰুৱা (Oecophyla smaragdina): আমৰলি পৰুৱাৰ কণী আৰু অপত্য পলুবোৰ সংগ্ৰহ কৰি তেলত দি পিয়াঁজৰ সৈতে ভাঁজি পৰিবেশন কৰা হয়। জনবিশ্বাসমতে, গৰু বিহুৰ দিনাখন আমৰলি পৰুৱা খালে বছৰটোলৈ মানুহে সু-স্বাস্থ্য পোৱাৰ ওপৰিও সৰুআইকে ধৰি অন্যান্য ৰোগৰ প্ৰতিৰোধ ক্ষমতা লাভ কৰে।
উঁইচিৰিঙা (Acheta domestica): মাটিত থকা উঁইচিৰিঙাৰ গাতবোৰ চিনাক্ত কৰি খান্দি উলিওৱা হয়। সংগ্ৰহ কৰা উঁইচিৰিঙাৰ পাখি গুচাই জুইত সেকি বা তেলত ভাঁজি পৰিবেশন কৰা হয়।
জেৱাংকৰ(Lethocerus grandis): এই পতংগবিধ অসমৰ জনজাতীয় সম্প্ৰদায়ৰ মাজত খুবেই জনপ্ৰিয়। ইঁহতক জুইত সেকি বা তেলত ভাঁজি পৰিবেশন কৰা হয়।
উঁই (Odontotermes obesus): পাখিহীন আৰু পাখিযুক্ত উভয়ধৰণৰ উঁইক প্ৰয়োজন সাপেক্ষে পাখি গুছাই পৰিবেশন কৰা হয়।
মৌ-মাখি আৰু বৰল (Apis indica) আৰু বৰল (Vespa sp.) : মৌৰ চাক বা বৰলৰ বাঁহ সংগ্ৰহ কৰি কেঁচাই বা পগাই উভয়ধৰণে পৰিবেশন কৰিব পাৰি। ইহঁতৰ অপত্যস্তৰবোৰ, যেনে:-পলু আৰু লেটাক বাঁহটো পুৰি তাৰ পৰা পৃথক কৰি কেঁচাই খাব পাৰি। লোকবিশ্বাসমতে, মৌ আৰু বৰলৰ কিছুমান ঔষধী গুণ আছে। প্লীহাৰোগ নাশক, বাত বিষ নাশক আৰু দৃষ্টি শক্তি বৃদ্ধিকাৰক হিছাপে এইবোৰৰ গুৰুত্ব আছে।
লিংকৰ(Agabetes acuductus) আৰু (Hydrochera rickseckeri): অসমৰ বড়ো আৰু মিচিং সম্প্ৰদায়ৰ মাজত লিংকৰি বিশেষভাবে জনপ্ৰিয়। পুখুৰী আৰু খালৰ পৰা লিংকৰি সংগ্ৰহ কৰি জুইত সেকি বা তেলত ভাঁজি পৰিবেশন কৰা হয়।
ফৰিং (Heiroglyphus banian) আৰু (Neoconocephalus paustris): ফৰিঙৰ পাখি গুছাই জুইত সেকি বা তেলত ভাঁজি পৰিবেশন কৰা হয়। তিৱা সম্প্ৰদায়ৰ মাজত ফৰিং বহুলভাৱে সমাদৃত।
এৰী পলু (Philosomia ricini): আহোম আৰু মিচিঙকে ধৰি অসমৰ বহুকেইটা সম্প্ৰদায়ৰ মাজত এৰিৰ পলু আৰু লেটা খাদ্যৰূপত বহুলভাৱে সমাদৃত। এৰিৰ পলু আৰু লেটাক কেঁচাই, সিজাই বা তেলত ভাঁজি পৰিবেশন কৰা হয়।
পতংগ |
প্ৰ’টিন (গ্ৰাম) |
চৰ্বি (গ্ৰাম) |
শৰ্কৰা (গ্ৰাম) |
কেলছিয়াম (মি.গ্ৰা.) |
লোহা (মি.গ্ৰা.) |
জেৱাংকৰি |
১৯.৮ |
৮.৩ |
২.১ |
৪৩.৫ |
১৩.৬ |
আমৰলি পৰুৱা |
১৩.৮ |
৩.৫ |
২.৯ |
৪৭.৮ |
৫.৭ |
এৰিপলুৰ লেটা |
৯.৬ |
৫.৬ |
২.৩ |
৪১.৭ |
১.৮ |
উঁইচিৰিঙা |
১২.৯ |
৫.৫ |
৫.১ |
৭৫.৮ |
৯.৫ |
উঁই |
১৪.২ |
0 |
0 |
0 |
৩৫.৫ |
সৰু ফৰিং |
২০.৬ |
৬.১ |
৩.৯ |
৩৫.২ |
৫.০ |
ডাঙৰ ফৰিং |
১৪.৩ |
৩.৩ |
২.২ |
২৭.৫ |
৩.০ |
(প্ৰতি ১০০ গ্ৰাম ওজনত)
লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি
শেহতীয়া উন্নীতকৰণ: : 5/3/2020