পানী মেটেকাৰ ঘাই উৎপত্তিস্থল হ’ল ব্ৰাজিল। এই জলজ উদ্ভিদবিধ বিভিন্ন সময়ত মানৱ পৰিচালিত বাণিজ্য আৰু পৰিভ্ৰমণৰ লগত সংগতি ৰাখি সমগ্ৰ পৃথিৱীত বিয়পি পৰিল। যদিও লিখিত তথ্য নাই, তত্ৰাচ ১৮৮৮-১৮৮৯ চন মানত ভাৰতবৰ্ষত এইবিধ উদ্ভিদৰ প্ৰৱেশৰ ঘটে আৰু ১৮৯৬ চনলৈ ই সম্পূৰ্ণৰূপে বংগদেশত খোপনি পুতি লয়। লোকগাঠাৰ মতে, এগৰাকী বৃটিচ চাহাবে তেওঁৰ পত্নীক উপহাৰ স্বৰূপে দিয়া এমোঠা সুন্দৰ নীলাভ্ মেটেকা ফুলৰ থোপাৰ ৰূপেৰে আমাৰ দেশলৈ এই অপতৃণ প্ৰব্ৰজিত হৈছিল।
চিত্ৰ (৪): ফুলৰ সৈতে পানীমেটেকা
অত্যাধিকভাৱে বংশবৃদ্ধি হোৱা এই ৰূপকণ্যা মেটেকা, যদিও ভাৰতত প্ৰৱেশ ঘটিল, কিন্তু ই বিষকণ্যা হ’বলৈ বেছি পৰ নালাগিল। লগতে লৈ আনিলে শস্যৰ বাবে অপকাৰী বৰ শামুক। পানীমেটেকাৰ দৰে ভয়াবহ অপতৃণ অনুকূল পৰিৱেশ তথা সম্পূৰ্ণ পুষ্টি দ্ৰব্যৰ উপস্থিতিত মাত্ৰ ১০ দিনৰ ভিতৰত দুগুণলৈ শ্ৰীবৃদ্ধি হয় আৰু দ-বোকা পানীৰ তলত সৰি পৰা বীজ প্ৰায় কুৰি বছৰ বয়স পৰ্য্যন্ত জীৱিত হৈ থাকে। বৰ্ত্তমান ভাৰতবৰ্ষৰ প্ৰায় ২,০০০০০ হেক্টৰৰ অধিক জলস্থান পানীমেটেকাৰ কৱলত। নাম মাত্ৰ উপকাৰী গুণ থকাৰ সত্বেও প্ৰত্যক্ষ আৰু পৰোক্ষ ৰূপত অপকাৰী প্ৰভাৱ অধিক হোৱাৰ হেতু এইবিধ উদ্ভিদক ‘অপতৃণ’ আখ্যা দিয়া হয়।
ভাৰতৰ সমগ্ৰ জলাশয় সমূহত বৰ্তমান পানী মেটেকা বিয়পি পৰিছে। এবাৰ মেটেকাৰ প্ৰৱেশ ঘটিলে তাক নিৰাময় কৰা অসম্ভৱ। নৌ পৰিবহন, বান নিয়ন্ত্ৰণ, কৃষি জলসিঞ্চন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত পানী মেটেকাই সমস্যাৰ সৃষ্টি কৰিছে। ইহঁতৰ শ্বসনৰ ফলত জলজ-জীৱৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় অক্সিজেনৰ পৰিমাণ কমি যায় আৰু নিৰ্মল পানীক লেতেৰা কৰিব পাৰে। ইয়াৰ উপৰিও মঁহ-ডাঁহৰ প্ৰজনৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰি ৰোগ সংক্ৰমণত সহায় কৰে।
পৰিৱেশ তন্ত্ৰৰ প্ৰতি ভাবুকি স্বৰূপ পানী মেটেকাৰ উপকাৰী দিশটো তেনেকৈ উপেক্ষা কৰিব পৰা বিধৰ নহয়। পানী মেটেকাৰ পৰা জৈৱিক গেছ, কেছু সাঁৰ, পশু খাদ্য, জিৱাৰেলিক এচিড, কাগজ আৰু অনাৱেশক বৰ্ড তৈয়াৰ কৰিব পৰা যায়। তদুপৰি পানীৰ পৰা মেটেকাই আৰ্চেনিকৰ দৰে গধুৰ ধাতু পৰিশোধন কৰিব পাৰে। প্ৰতি টন শুকান পানী মেটেকাৰ পৰা ৬৪ শতাংশ মিথেন যুক্ত ৪০০ লিটাৰ জৈৱিক গেছ উৎপাদন কৰিব পাৰি। উল্লেখযোগ্য যে, কিছুমান জনজাতিয়ে পানীমেটেকাৰ কুমলীয়া পাত সেউজীয়া শাক-পাছলিৰ দৰে ব্যৱহাৰ কৰে।
মেটেকা নিৰাময়ৰ উপায়সমূহ হ’ল
১) ভৌতিক পদ্ধতিৰে নিয়ন্ত্ৰণ
(২) ৰাসায়নিক পদাৰ্থৰ ভিতৰত অপতৃণনাশক ডায়কুয়েট, গ্লাইফ’ছেট আৰু ২,৪-ডি আদি উল্লেখনীয় যদিও এইবোৰ ক্ষুদ্ৰ জলাশয় বোৰৰ বাবেহে উপযুক্ত কিয়নো শক্তিশালী ৰাসায়নিক পদাৰ্থয়ে জলপ্ৰদূষণেৰে অন্যান্য জলজ-জীৱৰ বাবেও ক্ষতিকাৰক সেয়েহে জৈৱ নিয়ন্ত্ৰণৰ বিকল্প নাই। ক্ষণস্থায়ী নিয়ন্ত্ৰণ আৰু জলপ্ৰদূষণৰ সমস্যা সৃষ্টি কৰা, ৰাসায়নিক পদ্ধতিৰ বিকল্পৰূপে All India Coordinatied Research Project on Biological Control of Crop Pests and Weeds; ৰ তত্বাৱধান ১৯৮২ চনত কেইবিধমান জৈৱনিয়ন্ত্ৰক পতংগ ভাৰতবৰ্ষলৈ আমদানি কৰি জলাশয়ত মুকলি কৰাৰ অনুমতি প্ৰদান কৰা হয়। এই পতংগবোৰে হ’ল-ত্ৰি-অৰি পানী মেটেকা পোক, চিত্ৰিত পানী মেটেকা পোক আৰু এটা চাঁহী। ব্ৰক্ষ্মপুত্ৰৰ সোঁতে কঢ়িয়াই আনি অসমৰ বিভিন্ন ঠাইত বিস্তৃতি ঘটোৱা পানীমেটেকাৰ অপকাৰীতালৈ লক্ষ্য ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ জৈৱ নিয়ন্ত্ৰণ বিভাগে ১৯৮৮ চনৰ মে’ মাহত বাংগালোৰৰ পৰা পতংগ প্ৰজাতিদ্বয় এতিয়া অসমৰ প্ৰায় কেইখন জিলালৈকে সম্প্ৰসাৰিত হৈছে। পানীমেটেকাৰ অন্যান্য জৈৱ নিয়ন্ত্ৰক ভেঁকুৰ কেইবিধমান হ’ল: Alternaria eichhorniae, Fusarium sp আৰু Cercospora
চিত্ৰ (৪১): ত্ৰি-অৰি পানী মেটেকা পোকৰ মাইকী মতা
চিত্ৰ(৪২): চিত্ৰিত পানীমেটেকা পোকৰ মাইকী মতা
পূৰ্ণাঙ্গ চিত্ৰিত আৰু ত্ৰি-অৰি পানী মেটেকা পোক দুয়োবিধ পতংগই পানীমেটেকাৰ পাত খায় যদিও কণী পৰাৰ ক্ষেত্ৰত ইহঁতে যথাক্ৰমে কোমল কেন্দ্ৰীয় পত্ৰ আৰু বৃন্তাংশৰ বহিস্ত্বক তৰপৰ ঠিক তলৰ অংশ ব্যৱহাৰ কৰা দেখা যায়। কণীৰ বৰণ বগা হয় আৰু প্ৰায় এসপ্তাহৰ ভিতৰত এইবোৰ ফুটি প্ৰথম স্তৰৰ পলুৰ সৃষ্টি হয়। পলুবোৰ, বগা আৰু ক্ৰিম বৰণৰ মুণ্ডাংশ হালধীয়া-সুমথিৰা ৰঙৰ হয়। পলুবোৰে সোপসুপীয়া বৃন্তৰ মাজেৰে খাই-খাই আগবাঢ়োতে একোটা সুৰংগৰ সৃষ্টি কৰে, এনেদৰে আগুৱাওঁতে বৃদ্ধি আৰু বিকাশৰ বিভিন্ন পৰ্য্যায়ত মোট সলাই শেহস্তৰৰ পলুৰ সৃষ্টি হয়। এই পূৰ্ণবিকশিত পলুৱে প্ৰকণ্ড বা আলুৰ মাজেদি ফুটাকবি ওলাই সতেজ শিপাত লেটা বান্ধে। অনুকূল পৰিৱেশত পলু আৰু লেটাই পূৰ্ণবিকাশ লাভ কৰোঁতে প্ৰায় দুমাহ সময় লয়। লেটা বন্ধাৰ প্ৰায় এসপ্তাহ পাছত পূৰ্ণাঙ্গ পতংগ পোৱা যায়। বিশেষকৈ উল্লেখযোগ্য কথাটো হ’ল: চিত্ৰিতপানীমেটেকা পোক, শীতকালি সক্ৰিয় আৰু ত্ৰ-অৰি পানীমেটেকা পোক গৰমকালি সক্ৰিয় হয়।
চিত্ৰ(৪৩):ত্ৰি-অৰি পানী মেটেকা পোকৰ পলু
চিত্ৰ(৪৪):ত্ৰি-অৰি পানী মেটেকা পোকৰ পূৰ্ণাংগ পলু
চিত্ৰ(৪৫): পানী মেটেকা পোকৰ লেটা (দুয়োটা প্ৰজাতিৰ একে)
তালিকা(৮): মেটেকা পোকৰ চিনাক্তকৰণৰ পদ্ধতি
বিৱৰণ |
চিত্ৰিত পানীমেটেকা পোক |
ত্ৰিঅৰি পানী মেটেকা পোক |
|
প্ৰজাতি |
পূৰ্ণাঙ্গ পতংগ |
পিঠি আগুৰি থকা পক্ষবৰ্মৰ ওপৰত থকা গাঢ় ক’লা বৰণৰ আঁকযোৰা যথেষ্ট দীঘল দেখা যায়। |
পক্ষবৰ্মৰ ওপৰৰ ক’লা আঁক-যোৰা যথেষ্ট সৰু (চিত্ৰিত পানীমেটেকা পোকতকৈ সৰু যেন দেখা যায়) |
|
পলু |
প্ৰাকপদ নাথাকে, তাৰ পৰিৱৰ্তে থকা পাদিকখণ্ডত শূক দেখা নাযায়। |
প্ৰাকপাদৰ পৰিৱৰ্তে থকা পাদিকখণ্ডত শূক দেখা যায়। |
লিংগ |
মতা |
দুয়োটা প্ৰজাতিৰ পূৰ্ণাংগ পতংগৰ স্পৰ্শ সুত্ৰদ্বয় ঠুঁটৰ অগ্ৰভাগৰ পৰা সৃষ্টি হয়। |
|
মাইকী |
দুয়োটা প্ৰজাতিৰ পূৰ্ণাংগ পতংগৰ স্পৰ্শ সুত্ৰদ্বয় তুলনামূলকভাৱে মতাতকৈ মাইকীটোৰ কিছু পৰিমাণে তলৰ পৰা উৎপন্ন হয়। |
তালিকা(৯): পানী মেটেকা পোকৰ প্ৰজাতিদ্বয়ৰ তুলনামূলক আকৃতি
স্তৰ |
চিত্ৰিত পানী মেটেকা পোক পৰিসৰ (মি:মি:) |
ত্ৰি-অৰি পানী মেটেকা পোক পৰিসৰ (মি:মি:) |
|
কণী |
১) দীৰ্ঘ |
০.৭০-০.৯০ |
০.৮১-০.৯৪ |
২) প্ৰস্থ |
০.৫৫-০.৬১ |
০.৫০-০.৬৩ |
|
পলুৰ দৈৰ্ঘ্য |
১) প্ৰথম স্তৰ |
১.৮০-২.১২ |
১.৮০-২.০০ |
২) দ্বিতীয় স্তৰ |
৩.৫০-৪.২০ |
৩.৫০-৪.১০ |
|
৩) তৃতীয় স্তৰ |
৫.৮৮-৬.৭০ |
৫.৬০-৮.১০ |
|
লেটা |
১) দৈৰ্ঘ্য |
৫.০০-৬.৭০ |
৫.০০-৬.৫০ |
২) প্ৰস্থ |
৩.৭৫-৪.৫০ |
৩.৫০-৪.২০ |
|
পূৰ্ণবয়স্ক মতা |
১) দৈৰ্ঘ্য |
৩.২৫-৩.৫০ |
৩.১১-৩.৫৫ |
২) প্ৰস্থ |
২.০০-২.৩০ |
১.৯০-২.৪০ |
|
পূৰ্ণবয়স্ক মাইকী |
১) দৈৰ্ঘ্য |
৪.২৫-৪.৫৫ |
৪.০০-৪.৬০ |
২) প্ৰস্থ |
২.২২-২.৭০ |
২.১০-২.৫০ |
পানীমেটেকা পোকৰ লগত জড়িত গুৰুত্বপূৰ্ণ গৱেষণাৰ কিছুমান তথ্য:
১) বাংগালোৰৰ All India Co-Ordinated Research Project on Biological Control of Crop Pests and Weeds অৰ অধীনত সুধা নাগৰকাট্টী আৰু কে.পি. জয়ন্তে ১৯৮২ চনত পানীমেটেকা পোকে অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ প্ৰায় ৭৬ জোপা উদ্ভিদৰ ওপৰত আক্ৰমণ কৰে নে নাই পৰীক্ষা চলাই পাইছিল যে এই পতংগ প্ৰজাতিদ্বয়ৰ সম্পূৰ্ণ পোষক-নিৰ্দিষ্টতা আছে।
২) হেছাৰঘাট্টাৰ Indian Institute of Horticultural Research অৰ অধীনত পতংগ তত্ব আৰু শস্য কৃষি বিভাগৰ পি.এনঞ্জি বিশালক্ষী আৰু কে.পি জয়ন্তে ১৯৯৬ চনত পানীমেটেকাৰ শিপাত পলস পৰাৰ বাবে পানীমেটেকা পোকৰ লেটাবন্ধাত অসুবিধা হয় নে কি, পৰীক্ষা কৰি পাইছিল যে পূৰ্ণ বিকশিত পলুৱে পলস জমা হোৱা শিপাত লেটা বান্ধিবলৈ অক্ষম হোৱাৰ কাৰণে পূৰ্ণাঙ্গ পতংগৰ সংখ্যা কমি যায়। ফলত পানীমেটেকাৰ নিয়ন্ত্ৰণ হ্ৰাস হয়।
৩) ৰায়পুৰৰ Centrel Integrated Pest Management Centre অৰ অধীনত এ.কে. মিশ্ৰ আৰু এছ.কে.শ্ৰীবাস্তৱে ১৯৯৭ চনত পানীমেটেকা পোকৰ খাদ্যাভাসত বৃহৎ মৌল পুষ্টিয়ে প্ৰভাৱ পেলায় নে কি পৰীক্ষা কৰি পাইছিল যে নাইট্ৰ’জেনৰ পৰিমাণ বঢ়ালে খাদ্য গ্ৰহণৰ মাত্ৰা বাঢ়ে আৰু কেলছিয়ামৰ পৰিমাণ বঢ়ালে খাদ্য গ্ৰহণৰ মাত্ৰা কমে।
৪) ৰায়পুৰৰ প্ৰতিষ্ঠানটোৰ অধীনত একে কেইজন বিজ্ঞানীয়ে ২০০০ চনত পানীমেটেকা পোকৰ খাদ্যাভাসত সুক্ষ্ম পুষ্টিদ্ৰব্যৰ প্ৰভাৱ পৰেনে নাই পৰীক্ষা কৰি পাইছিল যে অধিক গাঢ়তাসম্পন্ন মলিবডেনাম, মেংগানিজ, আয়ৰন আৰু ব’ৰন ৰ উপস্থিতিত খাদ্য গ্ৰহণৰ মাত্ৰা বাঢ়ে, কিন্তু তাম আৰু দস্তাৰ উপস্থিতিত কমি যায়।
৫) জিম্বাবৱেৰ Plant protection Research Institute অৰ G.P. Chikwenhere আৰু S.Vestergaard এ ২০০১ চনত Beauveria basiana (চৰহা পোকৰ জৈৱ নিয়ন্ত্ৰক ভেঁকুৰ) পানীমেটেকা পোহৰ ওপৰত প্ৰভাৱ পৰে নে কি পৰীক্ষা কৰি চাই পাইছিল যে-অৰি পানী মেটেকা পোকৰ বিকাশৰ প্ৰত্যেকটো স্তৰত ই আক্ৰমণ কৰে; লগতে প্ৰতি মিলিলিটাৰ পানীত ৫×১০৯
কানিডিয়াৰ উপস্থিতিয়ে মৃত্যু ঘটাব পাৰে।
সামৰনি
এয়া উল্লেখ কৰা অনাৱশ্যক যে, দ্ৰুত গতিৰে বৃদ্ধি পাব ধৰা মেটেকাই আমাৰ জলাশয় সমূহত ব্যাপ্ত হৈ, সুস্থ পৰিৱেশ তন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈ পৰিছে। গতিকে এইটো গুৰুত্বপূৰ্ণ যে, মানুহৰ উপকাৰত অহাকৈ পানী মেটেকাক সদ্ প্ৰয়োগ কৰাৰ লগতে ইয়াৰ অপকাৰীতা হ্ৰাস কৰিবৰ বাবে সু-সংহত উপায়েৰে নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা উচিত।
লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি
শেহতীয়া উন্নীতকৰণ: : 1/30/2019