বৰ্তমান প্ৰাধান্য পাবলৈ ধৰা আন কেতবোৰ গুৰুত্বপূৰ্ণ উপাদান বা পতংগ নিয়ন্ত্ৰণ পদ্ধতি।
ক) বন্ধ্যাকৰণ পদ্ধতিৰে পতঙ্গ নিয়ন্ত্ৰণ
পতংগবিদ এডৱাৰ্ড এফ. নিপলঙ য়ে টেকসাচস্থিত নিজস্ব পৰীক্ষাগাৰত লক্ষ্য কৰিলে যে, “স্ক্ৰীউৱৰ্ম” মাখিৰ মাইকীজনী আজীৱন মাত্ৰ এবাৰহে মিলনত লিপ্ত হয়, ইয়াৰ বিপৰীতে মতা মাখিটো একাধিকবাৰ বেলেগ বেলেগ মাখিৰ লগত মিলিত হয়। নিপলিঙে অনুভৱ কৰিলে যে- যদিহে মতা মাখিবোৰ কিবা উপায়েৰে বন্ধ্যা কৰি মিলনত লিপ্ত হ’ব দিয়া হয়, তেন্তে মৃতভ্ৰুণ সৃষ্টি হোৱাৰ ফলত গৰ্ভৱতী মাখিয়ে হয় গৰ্ভপাত বা মৃত প্ৰসৱ কৰিব। আমেৰিকাৰ দক্ষিণ-পূৱ অঞ্চলৰ পশুপালক সকলক ব্যতিব্যস্ত কৰি এই মাখিয়ে মাৰিমৰকৰ ৰূপ লোৱাত, পতংগবিধ নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যেই জীৱবিদসকলে বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছিল। United states Department of Agriculture চমুকৈ USDA ৰ তীক্ষ্ণ পতংগবিদজনে ১৯৩৭ চনত এনেধৰণৰ পতংগ নিৰ্মূলৰ এক গাণিতিক মডেল তৈয়াৰ কৰি প্ৰমাণ কৰিলে যে, এই পদ্ধতিৰে ৯৯ শতাংশ পৰ্য্যন্ত পতংগ নিয়ন্ত্ৰণ কৰিব পাৰি, য’ত নেকি ৰাসায়নিক পদ্ধতিৰে অতি বেছি ৯০ শতাংশহে নিয়ন্ত্ৰণ সক্ষম হয়। এই অধ্যয়ণৰ তথ্য ১৯৫৫ চনত প্ৰকাশ হ’ল। তেওঁৰ প্ৰস্তাৱিত পদ্ধতিটো দুই ধৰণৰ-
১) বন্ধ্যা মতামাখিৰে নিয়ন্ত্ৰণ
২) বন্ধ্যা মাখি (উভয় লিং) ৰে নিয়ন্ত্ৰণ।
পতংগ বন্ধ্যাকৰণৰ বাবে দুই ধৰণৰ পদ্ধতি ব্যৱহৃত হয়-
১) ৰাসায়নিক পদ্ধতিৰ দ্বাৰা-এফ’লেট, এফ’মাইড, এফ’ক্সাইড, হেম্পা, টেপা আৰু হেমেল আদিৰ প্ৰয়োগৰ দ্বাৰা বা
২) ৰশ্মি বিকিৰণৰ দ্বাৰা-সাধাৰণতে 60CO ৰ দ্বাৰা বিকিৰিত গামা ৰশ্মি ব্যৱহাৰ কৰা হয় যদিও ৰঞ্জন ৰশ্মি ৰ দ্বাৰাও বন্ধ্যাকৰণ কৰিব পাৰি।
১৯৫৪-৫৫ চনত গামা ৰশ্মি বিকিৰণৰ দ্বাৰা বন্ধ্যাকৰা মতা মাখিক, ৪০০ মাখি প্ৰতি মাইল প্ৰতি সপ্তাহ হিচাপত আমেৰিকাৰ কুৰাকাও দ্বীপৰ ১৭০ মাইল এলেকাত প্ৰয়োগ কৰা হ’ল-ফলত ১৯৫৯ চনৰ জৰীপ মতে “স্ক্ৰীউৱৰ্ম” মাখি সেই দ্বীপৰ পৰা বিলুপ্ত হৈ পৰিল। আচৰিত ভাৱে ১৯৬৪ চনত সমগ্ৰ আমেৰিকাই “স্ক্ৰীউৱৰ্ম” মাখি মুক্ত হৈ পৰে।
খ) ট্ৰেন্সজেনিক উদ্ভিদৰ সৃষ্টিৰে পতংগ নিয়ন্ত্ৰণ
প্ৰথমবাৰৰ বাবে ১৯৯০ চনত ট্ৰেন্সজেনিক ধপাত বাণিজ্যিক মুকলি কৰি চীনে বিশ্ব অভিলেখ সৃষ্টি কৰে। ইয়াৰ পাছত ১৯৯৪ চনত “Flavr Savr” নামৰ পলমকৈ পকা বিলাহীৰ জাঁত এটাৰে আমেৰিকাই ট্ৰেন্সজেনিক উদ্ভিদ ৰোপণৰ যাত্ৰা আৰম্ভ কৰে। ২০০২ চনত ৪৫,০০০ হেক্টৰ কৃষিভূমিত “Bt Cotton” ৰোপণেৰে নতুন খোজ পেলোৱা ভাৰতে, ইয়াৰ ফলত বৃদ্ধি হোৱা কপাহ উৎপাদনৰ প্ৰতি সঁহাৰি জনাই ২০০৬ চনত ট্ৰেন্সজেনিক উদ্ভিদৰ মাটিকালি ৩.৮ নিযুত হেক্টৰলৈ বৃদ্ধি কৰে।
ট্ৰেন্সজেনিক উদ্ভিদে কেনেকৈ পতংগ নিয়ন্ত্ৰণ কৰে?
“d-endotoxin gene” যুক্ত ট্ৰেন্সজেনিক উদ্ভিদক পখিলা জাতীয় পতংগৰ পলুৱে আক্ৰমণ কৰাৰ লগে লগে পতংগৰ বাবে ক্ষতিকাৰক বিষাক্ত পদাৰ্থ ক্ষৰণ আৰম্ভ হয়। এই পদাৰ্থ খাদ্যনলীত প্ৰৱেশ কৰাৰ পাছত, পতংগৰ মধ্যখাদ্যনলীৰ পৰিচ্ছদাত ছিদ্ৰ হয়, ফলত-খাদ্যনলীৰ খাদ্যপদাৰ্থ আৰু ৰক্তনলীকাৰ মাজত প্ৰত্যক্ষ সংযোগ স্থাপিত হয়; পতংগৰ খাদ্যনলী ক্ষাৰকীয়, pH ৰ মান ৮-১০ আৰু পতংগৰ ৰক্তৰ pH ৰ মান ৬-৭, গতিকে খাদ্যনলী আৰু ৰক্তনলীৰ মাজত ঘটা সংযোগে সৃষ্টি কৰা আয়নীয় বিসমতাৰ বাবে পতংগৰ মৃত্যু ঘটে।
গ) ট্ৰেন্সজেনিক পতংগ সৃষ্টিৰে নিয়ন্ত্ৰণ
কপাহৰ অনিষ্টকাৰী পতংগ “পিংক বলৱৰ্ম” ৰ মতাটো গোটেই জীৱন কালত কেইবাবাৰো মিলনত লিপ্ত হয়, ইয়াৰ বিপৰীতে মাইকীজনী এবাৰহে মিলিত হয়। গতিকে বিজ্ঞানীসকল ব্যস্ত হ’ল এনে এটা “মাৰক জিন” ৰ উদ্ভাৱনৰ বাবে যি নেকি মতাটোৰ পৰা মাইকীজনীলৈ মিলনৰ সময়ত জপিয়াব পাৰে, লগতে এই জিনটোও এনেধৰণৰ হ’ব লাগিব যে, ইয়াৰ উপস্থিতিত মতাটোৰ কোনো ক্ষতি নহয়, অৰ্থাৎ ই বাহকহে, কিন্তু মিলনৰ সময়ত সংক্ৰমিত মাইকী পখিলাজনী পৰিৱেশৰ বিশেষ পৰিস্থিতিৰ প্ৰতি সংবেদনশীল হৈ পৰে; যেনে: উত্তাপ সহ্য কৰিব নোৱাৰা অৱস্থা, ফলত পৰিৱেশৰ উষ্ণতা কম বা বেছি হ’লে সংক্ৰমিত পখিলাটোৰ মৃত্যু ঘটে।
ট্ৰেন্সজেনিক পতংগ কি?
পৰিৱেশ সচেতন মহলৰ পৰা বিভিন্ন ধৰণৰ সমালোচনাৰ সন্মুখীন হোৱাৰ স্বত্বেও ট্ৰেন্সজেনিক পতংগ সৃষ্টিৰে পতংগ নিৰ্মূলৰ এক আকৰ্ষণীয় অধ্যয়ন ক্ষেত্ৰই বিজ্ঞানীসকলক হতাশ কৰা নাই। সাগৰীয় জেলিফিশ্বৰ পৰা সংগ্ৰহ কৰা বিষাক্ত গুণবাহী “মাৰক জিন”ক জৈৱ প্ৰযুক্তি কৌশলেৰে, গৱেষণাগাৰত পালন কৰা মতা পতংগৰ দেহত সংযোগ কৰা হয়-ইয়েই ট্ৰেন্সজেনিক পতংগ। ট্ৰেন্সজেনিক পতংগই বাহকৰ দৰে ক্ৰিয়া কৰি মিলনৰ সময়ত মাইকী পতংগক সংক্ৰমিত কৰে।
শেহতীয়া উন্নীতকৰণ: : 3/29/2020