“ৰমলাই গাখীৰৰ চছপেনটো গেছৰ ষ্ট’ভত উঠাই জুইকুৰা চিমত দি, লৰালৰিকৈ পাছলি কাটিবলৈ বহিল। বাৰীৰে সাৰ নিদিয়াকৈ ৰোৱা পাছলি দৰাৰ পৰা গিৰিয়েকে আনি থোৱা বন্ধাকবিটো কাটি থাকোতে তাই মন কৰিলে-কৰিব পাতত কিছুমান সৰু-সৰু হালধীয়া বৰণৰ খিচ-খিচিয়া মনিৰ দৰে বস্তু। পাত খিলা গুচাই দিলে যদিও ভিতৰৰ তৰপটোত দেখা পালে আমাৰ এৰী লেটাটোৰ নিচিনা কেইটামান লেটা, সেইকেইটা তাই গুচাই পেলালে। তাৰ পাছত কবিটো দুফালকৈ কাটোতে ভিতৰত লিৰ লৰাই থকা শকত ক’লা বৰণৰ পলু দেখা পালে। হাতত পলু এডাল লগাত তাই হাত ধুই পেলালে।” এই ঘটনাটোত ৰমলাই দেখা পোৱা বস্তুকেইটা আছিল-পতংগৰ কণী, লেটা আৰু পলু। মানুহৰ জীৱনত যিদৰে শৈশৱ, কৈশোৰ, যুৱা আৰু বৃদ্ধ আদি পৰিক্ৰমা পৰস্পৰ সংগতি ৰাখি সম্পন্ন হয় থিক সেইদৰেই পতংগৰ জীৱন বুৰঞ্জীত কণী, পলু, লেটা আৰু পূৰ্ণবয়স্ক (পখিলা, মাখি বা গুবৰুৱা) আদিৰে সম্পূৰ্ণ হয়। এনে ধৰণেৰে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াক কায়ান্তৰণ বোলা হয়।
চিত্ৰ (১০): বিভিন্ন পতংগৰ ডিম্ব (পেডিগ’ ২০০৬)
কীট-পতংৰ ক্ষেত্ৰত তিনি ধৰণৰ কায়ান্তৰণ দেখা যায়
১) অকায়ান্তৰণ: পতংগৰ অপত্যস্তৰ আৰু পূৰ্ণ বিকশিত পতংগৰ মাজত আকাৰ বৃদ্ধিৰ বাদে অন্য কোনো পৰিৱৰ্তন নঘটে। যেনে: পুৰণা কিতাপ পত্ৰৰ ভিতৰত দেখা পোৱা “চিলভাৰ ফিছ”।
২) অসম্পূৰ্ণ কায়ান্তৰণ: পতংগৰ অপত্যস্তৰ বোৰ জলজ হয়। ইয়াক “নায়াদ” বোলা হয়। যেনে: জিঁঞা।
৩) ক্ৰমিক কায়ান্তৰণ: পতংগৰ অপত্যস্তৰ বোৰক “নিম্ফ” বোলা হয়। যেনে: পইতাচোৰা।
৪) সম্পূৰ্ণ কায়ান্তৰণ: কণীৰ পৰা ফুটি ওলোৱা পলুবোৰ লেটা বান্ধে পাছত পূৰ্ণবিকশিত পতংগৰ সৃষ্টি হয়। যেনে: পখিলা।
চিত্ৰ (১১): পখিলা জাতীয় পতংগৰ পলু (পেডিগ’ ২০০৬)
চিত্ৰ (১২): পতংগৰ অকায়ান্তৰিত বিকাশ “চিলভাৰ ফিছ” (পেডিগ’, ২০০৬)
চিত্ৰ (১৩): পতংগৰ ক্ৰমিক কায়ান্তৰিত বিকাশ “ষ্টিংক বাগ” (পেডিগ’, ২০০৬)
চিত্ৰ (১৪): পতংগৰ অসম্পূৰ্ণ কায়ান্তৰিত বিকাশ “মে” ফ্লাই” (পেডিগ’, ২০০৬)
চিত্ৰ (১৫): পতংগৰ সম্পূৰ্ণ কায়ান্তৰিত বিকাশ “মাখি”(পেডিগ’, ২০০৬)
বৰ্গ |
উদাহৰণ |
ক) পাখিহীন Apterygota ১) Thysanura ২) Collembola ৩) Protura ৪) Diplura |
Silverfish Springtail Telsontail Japygids |
খ) পাখিযুক্ত Pterygota ৫) Ephemeroptera ৬)Odonata ৭)Plecoptera ৮)Grylloblatodia ৯)Orthoptera ১০)Phasmida ১১)Dermaptera ১২)Embioptera ১৩)Dictyoptera ১৪)Isoptera ১৫)Zoraptera ১৬)Psocoptera ১৭)Mallophaga ১৮)Siphonculata ১৯)Hemiptera ২০)Thysanoptera ২১)Neuroptera ২২)Mecoptera ২৩)Lepidoptera ২৪)Trichoptera ২৫)Diptera ২৬)Siphonaptera ২৭)Hymenoptera ২৮)Coleoptera ২৯)Strepsiptera ৩০)Mantophasmatidae |
Mayfly জিঁঞা Stonefly Rock crawlers ফৰিং, কুমতি Stick insect, Leaf insect Earwig Webspiner পইতাচোৰা উঁই-পৰুৱা Zorapteran কিতাপৰ ওকনি চৰাইৰ ওকনি মানুহৰ ছাল-ওকনি গান্ধী পোক Thrips Antlion, Aphidlion Scorpion fly পখিলা Caddisfly মাখি Fleas পৰুৱা, মৌ, বৰল গুবৰুৱা Stylopids Gladiator |
(দ্ৰষ্টব্য: নতুনকৈ স্বীকৃতি পোৱা বৰ্গ)
অসমীয়াত গোটেইবোৰ বৰ্গৰ নাম পোৱা নাযায় বাবে, ইংৰাজীয়েই ব্যৱহাৰ কৰা হৈছে।
চিত্ৰ (১৬): গুবৰুৱা জাতীয় পতংগৰ পলু (পেডিগ’, ২০০৬)
চিত্ৰ(১৮): প্ৰাপ্তবয়স্ক গুবৰুৱা জাতীয় পতংগ (পেডিগ’, ২০০৬)
স্তৰ |
বিভিন্ন ভাগ |
উদাহৰণ |
কণী |
- |
- |
পলু |
অপদী |
মাখি |
অল্পপদী |
গুবৰুৱা |
|
বহুপদী |
পখিলা |
|
লেটা |
ইক্সাৰেট |
গুবৰুৱা |
অৱটেক্ট |
মথ |
|
ক্ৰাইচেলিচ |
পখিলা |
|
ক’ৱাৰ্কটেট |
মাখি |
|
প্ৰাপ্তবয়স্ক |
- |
- |
লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি
শেহতীয়া উন্নীতকৰণ: : 5/2/2020