লেটিন ভাষাৰ ফৰেনছিছ শব্দৰ পৰা ফৰেনছিক শব্দটো আহিছে, যাৰ অৰ্থ,- নিয়ম কানুনৰ আদালত বা আদালত সম্বন্ধীয়। হত্যা সম্পৰ্কীয় ঘটনাৰ অন্তৰালত থকা প্ৰকৃত ৰহস্য উদঘাটনৰ দ্বাৰা হত্যাকাৰীক চিনাক্ত কৰাটোৱেই ফৰেনছিক বিজ্ঞানৰ লক্ষ্য। আততীয়াকৈ আইনৰ গণ্ডীলৈ আনিবৰ বাবে মৃতদেহৰ চৌদিশৰ বয়-বস্তুবোৰ বৈজ্ঞানিক পদ্ধতিৰে চালি-জাৰি চাই অনুসন্ধান অব্যাহত ৰখাই এই বিজ্ঞানৰ মূল ভেটি। ফৰেনছিক পতংগ বিদ্যা এই ফৰেনছিক বিজ্ঞানৰ এটা নতুন দিশ। প্ৰকৃতিগত আবাস আৰু খাদ্যৰ বাবে মৃতদেহৰ ওপৰত পতংগই বাস কৰি বৃদ্ধি আৰু বিকাশৰ বিভিন্ন স্তৰবোৰ (যেনে- কণী, পলু, লেটা আৰু পূৰ্ণাংগ) সম্পূৰ্ণ কৰোতে অপৰাধৰ ৰহস্য উদঘাটনৰ বাবে বিভিন্ন সুৰুঙাৰ সৃষ্টি কৰে। আমাৰ দেশত ই তেনেই চালুকীয়া অৱস্থাতে আছে যদিও উন্নত দেশ আমেৰিকা বা ইংলেণ্ডত ই বহুলভাৱে ব্যৱহৃত। পতংগৰ সহায়ত হত্যাকাণ্ডৰ অনুসন্ধান চলোৱাটো আমাৰ দৰে বিকাশশীল দেশৰ সাধাৰণ মানুহৰ কাৰণে ভাবিব নোৱাৰা কথা যদিও বাস্তৱ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ সুপ্ৰতিষ্ঠিত আৰু বৈজ্ঞানিক প্ৰমাণিত। ফৰেনছিক পতংগ বিদ্যাৰ ইতিহাস হত্যাৰ পম দেখিবলৈ পতংগৰ সহায় লোৱা প্ৰথম জাতিটো হ’ল চীনাসকল। চীনা মৃতদেহ অনুসন্ধানকাৰী ছুং জুৱে ১২৩৫ চনত দি ৱাচিং এৱে অফ ৰঙ (চীনাৰ পৰা ইংৰাজীলৈ ভাঙনি কৰিছে মেকবাইটে, ১৯৮১)নামৰ গ্ৰন্থত এটা আমোদজনক কাহিনী লিপিবদ্ধ কৰিছে। শানিত অস্ত্ৰৰ আঘাতত মৃত্যু হোৱা খেতিয়ক এজনৰ হত্যাকাণ্ডৰ অনুসন্ধানৰ বাবে নিয়োজিত স্থানীয় তদন্তকাৰী বিষয়াজনে ওচৰ-পাজৰৰ খেতিয়কবোৰক নিজৰ-নিজৰ কাঁচিবোৰ লৈ তেখেতৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিলে। বতৰটো ফৰকাল আছিল আৰু এজাক ভেনামাখি উৰি আহি এখন কাঁচিৰ ওপৰত পৰিলহি। প্ৰকৃতাৰ্থত মাখিজাক তেজৰ গোন্ধৰ দ্বাৰা আকৰ্ষিত হৈছিল আৰু অৱশেষত সেইখনৰ গৰাকীয়ে নিজৰ ভুলৰ কথা স্বীকাৰ কৰিলে।
চিত্ৰ(২৪) : প্ৰাপ্তবয়স্ক ভেনামাখি উনবিংশ শতিকাৰ মাজভাগ মানৰ পৰা বহু ইউৰোপীয় বিজ্ঞানী, বিশেষকৈ বাৰ্গাৰোট, ব্ৰাউবেল আৰু য়ুভানভিটছ আদিয়ে ফৰেনছিক বিজ্ঞানত পতংগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি বহুকেইটা বৈজ্ঞানিক প্ৰবন্ধ প্ৰকাশ কৰিছিল।মেগনিন, নামৰ বিজ্ঞানীজনে ফৰেনছিক পতংগবিদ্যাৰ বিষয়ে এটা ঐতিহাসিক ধাৰণা আগবঢ়াইছিল। মৃতদেহ এটাই মৃত্যুৰ পাছৰ পৰা সম্পূৰ্ণ গলি নি:শেষ হোৱালৈকে আঠটা বিভিন্ন স্তৰ পূৰ্ণ কৰিব লগা হয় আৰু এই প্ৰতিটো স্তৰত বিভিন্ন পতংগই আক্ৰমণ কৰি নি:শেষ হোৱা কাৰ্য্য ত্বৰান্বিত কৰে। অৱশ্যে এই আঠটা স্তৰ সম্পূৰ্ণ কৰোঁতে প্ৰায় তিনি বছৰ সময়ৰ প্ৰয়োজন হয়। প্ৰত্যেকটো স্তৰত আক্ৰমণ কৰা পতংগৰ নিজস্ব বৈশিষ্ট্য আছে আৰু এনে বৈশিষ্ট্যপূৰ্ণ পতংগ চিনাক্তকৰণৰ দ্বাৰা মৃত্যুৰ সঠিক সময় নিৰ্ণয় সম্ভৱ হয়। অপৰাধ সংক্ৰান্তীয় ঘটনাৰ পম খেদিবৰ বাবে বৈজ্ঞানিক পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সময়তে মেগনিনৰ ধাৰণাটোও উপযুক্ত আহিলাত পৰিণত হ’ল। সেয়ে আমি মেগনিনক ফৰেনছিক পতংগ বিদ্যাৰ পিতৃপুৰুষ বুলিবও পাৰোঁ। মৃতদেহৰ লগত জড়িত সন্ধিপদীৰ শ্ৰেণী
১) নেক্ৰ’ফেজেছ
চিত্ৰ (২৫): “মেগট” মৃতদেহৰ পৰিৱৰ্তনৰ স্তৰৰ লগত সফলভাৱে বিকশিত হ’ব পৰা সন্ধিপদীবোৰক নেক্ৰ’ফেজেছ বোলা হয়। ইহঁতৰ ভিতৰত যথেষ্ট গুৰুত্বপূৰ্ণ পতংগ হ’ল ভেনামাখি বা ব্ল’ফ্লাই। এই পতংগবোৰে মৃতদেহৰ প্ৰতি আকৰ্ষিত হোৱাৰ মূখ্য কাৰণ হ’ল-পচিবলৈ ধৰা মাংসৰ দূৰ্গন্ধ আৰু মৃতদেহৰ ভিতৰত সৃষ্ট গেছে হেঁচা দি মৃতদেহৰ পৰা বাহিৰ কৰি দিয়া মল, বমি বা প্ৰস্ৰাৱৰ দূৰ্গন্ধ। এই পতংগবোৰে মৃতদেহৰ ওপৰত বসতিও কৰিব পাৰে বা খাদ্য হিচাপেও গ্ৰহণ কৰিব পাৰে। মৃত্যুৰ প্ৰকৃত সময় নিৰ্ণয়ৰ ক্ষেত্ৰত কণী, পলু (ভেনা মাখিৰ ক্ষেত্ৰত মেগট), লেটা আৰু পূৰ্ণাংগ আদি পতংগৰ জীৱন বুৰঞ্জীৰ বিভিন্ন স্তৰবোৰে সহায় কৰে।
২) প্ৰিডেটৰ আৰু পেৰাছাইটয়ড ইহঁতে মৃতদেহৰ ওপৰত হোৱা পতংগবোৰক খাদ্যৰ ৰূপত গ্ৰহণ কৰি নিজৰ বৃদ্ধি আৰু বিকাশ ত্বৰান্বিত কৰে। ফৰেনছিক বিদ্যাত এই ধৰণৰ পতংগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব কম।
৩)ক্ৰিপ্ট’জইড ইহঁতে মৃতদেহৰ ভিতৰত বা তলফালে আশ্ৰয় লয়। ইহঁতৰো ফৰেনছিক পতংগবিদ্যাত গুৰুত্ব কম। সাধাৰণতে মৃতদেহৰ ওপৰত পোৱা পতংগ বৰ্গ-ডিপ্টেৰা (মাখিজাতীয়) উইন্টাৰ নাট, ব্ল’ফ্লাই, স্ক্ৰু ৱৰ্ম ফ্লাই, গ্ৰিন বটল ফ্লাই, ফ্লেছ ফ্লাই, চিজ স্কিপাৰ, হৰ্ছ ফ্লাই, ৰবাৰ ফ্লাই আৰু টেকিণিড ফ্লাই আদি।
চিত্ৰ (২৬): (ক) “হৰ্ছ ফ্লাই” খ) “ৰবাৰ ফ্লাই” আৰু গ) “টেকিণিড ফ্লাই” বৰ্গ-কলিঅ’প্টেৰা (গুবৰুৱা জাতীয়) ব্ৰাউন হাউছ মথ আৰু ক্লথ মথ আদি। বৰ্গ-হাইমেন’প্টেৰা (পৰুৱা জাতীয়) নাছ’নিয়া ভিট্ৰিপেন্নিছ আৰু ছলেন’পছিছ গেমিনাটা আদি। বৰ্গ-এন’প্লুৰা ওকণি (ওকণি জাতীয়) ছাল’ওকণি, মূৰৰ ওকণি আৰু ক্ৰেব ওকণি আদি। বৰ্গ- ডিক্টায়’প্টেৰা (পইতাচোৰা জাতীয়) পাইতাচোৰা মৃতদেহৰ ওপৰত পোৱা কিছুমান চাঁহী বৰ্গ-একাৰিনা (চাঁহী আৰু চিকৰা) ডেম’ডেক্স প্ৰজাতি ডাৰ্মেট’ফেগ’ইডিছ টেৰ’নিছিনাছ, ছাৰ্কপ্টিছ স্কেবি’ আৰু ইউট্ৰম্বিকুলা বেল্কিনি। মৃতদেহৰ ওপৰত পতংগবোৰে মৃত্যুৰ পাছত উভয় কালতে আশ্ৰয় ল’ব পাৰে। বিশেষকৈ ছাল ওকণি আদি সৰু ল’ৰা-ছোৱালীৰ গাত আৰু ক্ৰেব ওকণি ডেকা মানুহৰ দেহত সাধাৰণতে জন্মে। তদুপৰি ফ্লিয়া আৰু কিছুমান চাঁহীক জীৱিত অৱস্থাত অস্বাস্থ্যকৰ পৰিৱেশত থকা মানুহৰ দেহত দেখা যায়। ছাল ওকণি মৃতদেহৰ ওপৰত প্ৰায় তিনিৰ পৰা ছদিনলৈ জীয়াই থাকিব পাৰে। সেয়ে মৃতদেহত থকা সমূহ ছাল ওকণিৰ মৃত্যুৱে হত্যা ছদিনৰ পূৰ্বেই যে হৈছে ইয়াকে বুজায়। ডেম’ডেক্স নামৰ চাঁহী পানীৰ মাজত এসপ্তাহ আৰু তেলত প্ৰায় দুসপ্তাহলৈ জীয়াই থাকিব পাৰে। সেয়ে তিতি-বুৰি থকা মৃতদেহৰ ক্ষেত্ৰত মৃত্যুৰ সময় নিৰ্ণয়ত এই চাঁহীৰ যথেষ্ট গুৰুত্ব আছে।
চিত্ৰ(২৭):ৰঙা চাঁহি, ক) ডিম্ব খ)ষষ্ঠ-পদী পলু গ) নিম্ফ আৰু ঘ) প্ৰাপ্তবয়স্ক চাঁহি মৃতদেহৰ লগত সন্ধিপদীৰ সম্বন্ধ
১) মৃতদেহৰ ওপৰত অনুক্ৰমণ- এটা প্ৰজাতিৰ ওপৰত অন্য প্ৰজাতিৰ অধিকাৰ) কৰা প্ৰাৰম্ভিক পৰ্য্যায়ৰ পতংগৰ জীৱন বুৰঞ্জী খুব চুটি হয়। আৰু ইহঁত মৃতদেহৰ ওপৰত কম সময়ৰ বাবেহে থাকে। আনফালে মৃতদেহ গলনৰ শেষৰ ফালে জন্মা পতংগৰ জীৱন বুৰঞ্জী দীঘল হোৱাৰ উপৰিও বহুত সময়লৈকে মৃতদেহৰ ওপৰত দেখা যায়।
২) মৃতদেহৰ প্ৰাৰম্ভিক পৰ্য্যায়ত পতংগ প্ৰজাতিৰ অনুক্ৰমণ যথেষ্ট তীব্ৰ হয় আৰু শেষৰ ফালে ধীৰ হৈ আহে।
৩) মৃতদেহৰ ওপৰত সৃষ্ট পতংগই বেক্টেৰীয়া আদি অণুজীৱৰ বৃদ্ধিত সহায় কৰাৰ উপৰিও নিজস্ব পাকস্থলী ৰস আৰু ভৌতিক পদ্ধতিৰে মৃতদেহটোত ছিদ্ৰ তথা সুৰংগ সৃষ্টি কৰি নি:শেষ কাৰ্য ত্বৰান্বিত কৰে। ৪) সন্ধিপদী প্ৰাণীবোৰৰ বিভিন্ন প্ৰজাতিয়ে বিভিন্ন উষ্ণতাত কণী পাৰে।
৫) সন্ধিপদীৰ আক্ৰমণৰ ফলত মৃতদেহৰ উষ্ণতা পৰিৱেশৰ উষ্ণতাতকৈ সচৰাচৰ বাঢ়ি যায়। আনহাতে যেতিয়া পৰিৱেশৰ উষ্ণতা পৰিৱেশৰ উষ্ণতা মাত্ৰ ২১.৫ ডিগ্ৰী ছেলছিয়াছ থাকে, তেতিয়া ভেনামাখিৰ পলুৰ আক্ৰমণৰ ফলত মৃতদেহৰ উষ্ণতা ৪৮.৯ ডিগ্ৰী চেলচিয়াছ হয়।
ফৰেনচিক পতংগবিদ এজনৰ কাম কি? হত্যা সংক্ৰান্তীয় ঘটনাৰ ৰহস্য উদঘাটনৰ বাবে ফৰেনছিক পতংগ দিব এজনে কৰিব লগা কামখিনি হ’ল:
১) মৃতদেহ নিৰীক্ষণ আৰু বতৰৰ তথ্য সংগ্ৰহ।
২) মৃতদেহৰ পৰা পতংগকে ধৰি অন্যান্য সন্ধিপদী প্ৰাণী সংগ্ৰহ।
৩) মৃতদেহ আঁতৰোৱাৰ পাছতো ৰৈ যোৱা অৱশিষ্ট পতংগ সংগ্ৰহ।
৪) যদি ওপৰত উল্লেখ কৰা কামখিনি অন্য কোনো কৌশলী মানুহে সম্পাদন কৰে, তেন্তে সংগ্ৰহ কৰা পতংগ আৰু তথ্যখিনি এজন পাকৈত ফৰেনছিক পতংগবিদৰ ওচৰলৈ প্ৰেৰণ। এজন অভিজ্ঞ ফৰেনছিক পতংগবিদে প্ৰজাতিৰ অনুক্ৰমণ, পলুৰ ওজন, পলুৰ দৈৰ্ঘ্য আদিৰ বিশ্লেষণেৰে হত্যাৰ প্ৰকৃত কাল সঠিককৈ গণনা কৰিব পাৰে। কিছুমান পতংগ সাধাৰণতে ছাঁ পৰা ঠাইত জন্মে আৰু আন কিছুমান ৰ’দ ঘাই ঠাইত জন্মে। এজন ফৰেনছিক বিশেষজ্ঞই বন্ধ কোঠাত উদ্ধাৰ হোৱা মৃতদেহৰ ওপৰত ৰ’দত জন্মে। এজন ফৰেনছিক বিশেষজ্ঞই বন্ধ কোঠাত উদ্ধাৰ হোৱা মৃতদেহৰ ওপৰত ৰ’দত জন্মা পতংগৰ যিকোনো স্তৰৰ উপস্থিতিৰ দ্বাৰা এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালত যে স্থান পৰিৱৰ্ত্তন কৰা হৈছে, সেইকথাও ডাঠি ক’ব পাৰে। বৰ্ত্তমান উন্নত দেশবোৰত পতংগ প্ৰজাতি চিনাক্তকৰণৰ উপৰিও ৰক্তখাদক পতংগই কোন উৎসৰ তেজ শুহিছে তাক বিশ্লেষণৰ বাবে ডি এন এ পৰীক্ষাৰদ্বাৰা অপৰাধী আৰু হত্যাৰ বলী দুয়োজন ব্যক্তিৰ চিনাক্তকৰণ সহজ হয়। বিষাক্ত ৰাসায়নিক দ্ৰব্য প্ৰয়োগৰ দ্বাৰা মৃত্যু হোৱা ঘটনাৰ ক্ষেত্ৰত যদি গলিত মৃতদেহ বৈজ্ঞানিক পৰীক্ষাৰ বাবে উপযুক্ত হৈ নাথাকে, তেতিয়া পতংগৰ কেইটামান পলুৱেও ৰাসায়নিক বিশ্লেষণ সম্ভৱ কৰি তোলে। ১৯৬২ চনৰ ৫ মে’ তাৰিখে সেই সময়ৰ অবিভক্ত ছোভিয়েট ৰাষ্ট্ৰত সাগৰৰ পানী জমা কৰি ৰখা টেংক এটাত ওপঙি থকা অৱস্থাত মৃতদেহ এটা আৱিষ্কাৰ কৰা হৈছিল। পঁচি জহি-খহি যোৱা অৱস্থাত পোৱা মৃতদেহটোৰ ভিতৰত পতংগ প্ৰজাতি এবিধৰ পলু পোৱা গ’ল। পাছত গৱেষণাগাৰত পৰীক্ষা কৰি জানিব পৰা গ’ল যে, এই প্ৰজাতিৰ পতংগবিধ সাগৰৰ লুণীয়া পানীত বাচি থাকিবলৈ অক্ষম। ইয়াৰ পৰা প্ৰমাণিত হয় যে, হত্যাকাণ্ডটো অন্য ঠাইতহে সংঘটিত হৈছিল। আৰু মৃতদেহ হত্যা কৰাৰ কেইদিনমানৰ পাছত স্থানান্তৰ কৰা হৈছে। পলুটোৰ বয়স নিৰ্ণয় কৰি অনুসন্ধানকাৰী বিষয়া এই সিদ্ধান্তত উপনীত হ’ল যে হত্যাকাণ্ড সংঘটিত হৈছিল সাতৰ পৰা দহদিনৰ আগতে আৰু এদিনৰ আগতে মৃতদেহ স্থানান্তৰ কৰা হৈছিল। সৌভাগ্যক্ৰমে অনুসন্ধানকাৰী বিষয়াই পৰিত্যক্ত গাড়ী এখনৰ পিছৰ ছিটত পতংগ প্ৰজাতিবিধৰ লেটা কেইটামান আৱিষ্কাৰ কৰিলে। ইয়াৰ পৰা এই সিদ্ধান্তত উপনীত হ’ব পাৰিলে যে গাড়ীখন মৃতদেহ কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পিছৰ অনুসন্ধান সহজ কৰি অনুসন্ধানকাৰী বিষয়াজন দোষীক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ল। শেষত আচামীয়ে দিয়া স্বীকাৰোক্তি মতে হত্যাকাণ্ড সংঘটিত হৈছিল ২৬ এপ্ৰিলত আৰু মৃতদেহ স্থানান্তৰ কৰা হৈছিল মে’ মাহৰ ৪ তাৰিখে। এনে ধৰণৰ হত্যাকাণ্ডৰ সফল অনুসন্ধানত ফৰেনছিক পতংগ বিদ্যাই সহায় কৰে। কেৱল মৰাশৰ ভিতৰত পোৱা পতংগৰ অধ্যয়ন কৰিয়ে যে অপৰাধ সম্বন্ধীয় অনুসন্ধান কৰিব পাৰি এনে নহয়।–অনুসন্ধানকাৰী বিষয়াৰ সূক্ষ্ম নিৰীক্ষণ আৰু বুদ্ধিমত্তায়ো অপৰাধৰ প্ৰকৃত ৰহস্য উদঘাটনত সহায় কৰে। ছিকাগো চহৰত ১৯৮৫ চনৰ গ্ৰীষ্মকালৰ নিশা মহিলা এগৰাকী ঘৰলৈ উভতিছে। নিজৰ ঘৰ সোমোৱাৰ আগতে বাগিছাখনৰ পৰা মুখা পিন্ধা মানুহ এজন ওলাই আহিল আৰু মহিলাগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰি বাগিছাৰ মাজেৰে পলাই গ’ল। অনুসন্ধানকাৰী পুলিচ বিষয়াই মহিলাগৰাকীৰ ঘৰৰ পৰা অলপ আঁতৰত থকা মানুহ এজনক সন্দেহ কৰিলে মহিলাগৰাকীৰ সাক্ষ্যৰ ওপৰত ভিত্তি কৰি মানুহজনৰ ঘৰত তালাচী চলাই স্কি খেলোতে ব্যৱহাৰ কৰা মুখা দুখন পালে। মানুহজনে ক’লে যে মুখা দুখন যোৱা শীতকালৰ পৰা অব্যৱহৃত হৈ পৰি আছে। পাছত পুলিছে বাগিছাখনৰ জোপোহা গছবোৰত দেখা পোৱা বনগুটিৰ নিচিনা গুটি কেইটামান মুখা এখনতো লাগি থকা অৱস্থাতো পালে। সেইকেইটা কিন্তু গছৰ গুটি নাছিল,-অনুসন্ধানকাৰী বিষয়াই গুটিকেইটা বিখ্যাত পতংগবিদ গ্ৰিনবাৰ্গৰ ওচৰলৈ পঠিয়াই দিলে। গ্ৰিনবাৰ্গে বাগিচাত আৰু মুখাখনত পোৱা তেনেকুৱা কেইবাটাও গুটি আনি পৰীক্ষা কৰিলে আৰু চিনাক্ত কৰিলে যে সেই গুটিবোৰ আচলতে পতংগৰ বিশেষ প্ৰজাতি এবিধৰ লেটা অৱস্থাহে। অধিক পৰীক্ষাৰ পৰা জানিব পৰা গ’ল যে, প্ৰজাতিবিধৰ জীৱন-বৃত্ত মাত্ৰ এবছৰ। গ্ৰীষ্মকালৰ আৰম্ভণিতে ইহঁত লেটা অৱস্থালৈ পৰিৱৰ্ত্তন হয় আৰু গ্ৰীষ্মৰ শেষৰ ফালে পূৰ্ণাংগ অৱস্থা পায়। তেওঁ এইটোও নিশ্চিত কৰে যে স্কি খেলা মুখাত পোৱা আৰু বাগিছাৰ পৰা সংগ্ৰহ কৰা লেটাবোৰৰ বয়স একে আৰু পাছত ব্যক্তিজনে নিজৰ অপৰাধৰ কথা স্বীকাৰ কৰিছিল। ফৰেনছিক বিজ্ঞানত পতংগবিদসকলৰ গুৰুত্ব দিনক দিনে বাঢ়ি আহিছে। পূৰ্বে সন্ধিপদীৰ দ্বাৰা আক্ৰান্ত হোৱা মৃতদেহৰ পৰীক্ষা অকল ব্যাধি বিশেষজ্ঞ আৰু শৈল্য চিকিৎসক আদিয়েহে কৰিছিল। তেওঁলোকৰ এই পৰীক্ষাত পতংগতত্বৰ সহায় মুঠেই লোৱা নহৈছিল। কিন্তু বৰ্ত্তমান পতংগবিদ আৰু ফৰেনছিক বিজ্ঞানীসকলৰ মাজত হত্যা সম্বন্ধীয় শেহতীয়া ঘটনাৰ আলমত সঘনাই আলোচনা হোৱা দেখা যায়।
ফৰেনছিক পতংগবিদ্যাক অধিক ফলপ্ৰসু কৰিবলৈ-
১) মৰণোত্তৰ পৰীক্ষা সম্পাদন কৰা প্ৰত্যেক চিকিৎসালয়ত একোজনকৈ পাকৈত পতংগবিদ থকা প্ৰয়োজন।
২) মৃতদেহত বংশ বিস্তাৰ কৰা পতংগৰ জীৱন বুৰঞ্জী আৰু সঠিক চিনাক্তকৰণ সেই পতংগবিদজনৰ জ্ঞাত হোৱা প্ৰয়োজন।
৩) বিভিন্ন উষ্ণতা আৰু আৰ্দ্ৰতাত পতংগৰ জীৱন বুৰঞ্জী সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰি সাৰণী আকাৰে লিপিবদ্ধ কৰা প্ৰয়োজন।
লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি
শেহতীয়া উন্নীতকৰণ: : 6/21/2020