বিভিন্ন পতংগবিদৰ সমীক্ষা অনুসৰি, ৩৫০-৫০০ নিযুত বছৰৰ পূৰ্বে বিশ্বত পতংগৰ আৱিৰ্ভাব হৈছিল। স্কটলেণ্ডত আৱিষ্কাৰ হোৱা ডেভ’নিয়ান (৩৯৫-৩৪৫ নিযুত বছৰৰ পূৰ্বৰ কাল) যুগৰ Rhyniella Precursor নামৰ পতংগৰ ফছিলেই হ’ল সবাতোকৈ প্ৰাচীন মানৱজাত পতংগ। উদ্ভিদৰস খাদক কীটবোৰৰ বিৱৰ্তন হৈ আধুনিক পতংগ সৃষ্টি হওঁতে ক্ৰিটাচিয়াচ (ক্ৰিটাচিয়াচ-১৩৬-৬৫ নিযুত বছৰৰ পূৰ্বৰ কাল)যুগলৈকে এক সুদীৰ্ঘ পৰিক্ৰমা অতিক্ৰম কৰিব লগাত পৰিছিল।
প্ৰাণীজগততেই নহয় সমগ্ৰ জীৱ-জগতৰ এক বহুল অংশ, বৰ্তমান পতংগৰ দখলত আছে। অদ্যপি সংজ্ঞায়িত ১.৭ নিযুত প্ৰজাতিৰ ভিতৰত ৪৫,০০০ প্ৰজাতি মেৰুদণ্ডী, ২,৫০,০০০ প্ৰজাতি উদ্ভিদ আৰু ৯,৫০,০০০ প্ৰজাতি পতংগ। জীৱবিদে নামাকৰণ কৰিবলৈ সক্ষম হোৱা এই পতংগসমূহৰ ভিতৰত কলিঅ’প্টেৰা, লেপিড’প্টেৰা, হাইমেন’প্টেৰা আৰু ডিপ্টেৰাবৰ্গৰ, যথাক্ৰমে ৩,১.১,১.১ আৰু ০.৮৫ লাখ প্ৰজাতিযুক্ত পতংগই জীৱ-জগতৰ ৫৬ শতাংশ ঠাই অধিকাৰ কৰি আছে।
ক) মানুহৰ দৰে সিহতে আশ্ৰয়স্থল নিৰ্ণয় কৰিব পাৰে। উদাহৰণ স্বৰূপে, মৌ-মাখিয়ে মৌ বাহ সাজিব জানে।
খ) প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি আৱাস জানে। যেনে-উঁই পোকে বহু ওখ হাফলু নিজস্ব কলা-কৌশলেৰে প্ৰস্তুত কৰিব পাৰে।
গ) মানুহে উদ্যান সজোৱাৰ লেখিয়াকৈ কিছুমান উঁইয়ে ভেঁকুৰ উদ্যান নিৰ্ম্মাণ কৰে। উদাহৰণ স্বৰূপে উঁইয়ে হাফলুৰ ওপৰত বৰ নাফু নামৰ ভেঁকুৰ, খাদ্যৰ উদ্দেশ্যে আৰু লগতে আৰ্দ্ৰতাৰ ভাৰসাম্য ৰক্ষাৰ বাবে গজাই লয়।
চিত্ৰ (১): প্ৰাচীন জীৱাশ্মৰ ভিতৰত অন্যতম কাৰ্বনিফেৰাছ যুগৰ
(৩৪৫-২৮০ নিযুত বছৰৰ পূৰ্বৰ কাল) এটা পতংগৰ
পুন:সংস্থাপিত ছবি (পেডিগ’, ২০০৬)
ঘ)মানুহে গৰু পোহাৰ দৰে কিছুমান পৰুৱাই মধুনিৰ্যাস আহৰণৰ বাবে মোৱা-পোকক পোহে। “লেডি বাৰ্ড বিটল” নামৰ পোক বিধৰ এক প্ৰজাতিয়ে মোৱা-পোকক খাদ্য হিচাপে ব্যৱহাৰ কৰে। পৰুৱাই মধু নিৰ্যাসৰ বাবেই মোৱা-পোকক উক্ত পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে।
চিত্ৰ (২): মোৱা পোক,
এফিড (পেডিগ’, ২০০৬)
ঙ) ই মানুহৰ দৰে বহু দূৰ অতিক্ৰম কৰিব পাৰে। “মনাৰ্ক বাটাৰফ্লাই” নামৰ পখিলাই প্ৰত্যেক শীতত হেজাৰ হেজাৰ মাইল ইউ.এছ.এৰ পৰা প্ৰব্ৰজন কৰিব পাৰে। এই প্ৰব্ৰজন উপযুক্ত পৰিৱেশ লাভৰ উদ্দেশ্যে কৰে (বৰকাকতি, ২০০৫ ডি)।
চিত্ৰ (৩): (ক) প্ৰাপ্তবয়স্ক “ৱেগৱৰ্ম”, (খ) মোনাৰ ভিতৰত সুৰক্ষিত
ডিম্ব আৰু (গ) মোনাৰ ভিতৰত সুৰক্ষিত পলু (পেডিগ’, ২০০৬)
চ) “ৱেগৱৰ্মম্ৰ পলু আৰু লেটা সুৰক্ষিত মোনাৰ ভিতৰত বিকাশ পায়।
ক) পতংগই ৰেচম বা ছিল্ক, মৌ, মম আৰু লা প্ৰস্তুত কৰিব পাৰে।
খ) অসংখ্য সৰু সৰু ফুলৰ পৰা মধু সংগ্ৰহ কৰিব পাৰে, যিটো কাম মানুহে অত্যাধুনিক সৰঞ্জামেৰেও কৰিব নোৱাৰে।
গ) নিজস্ব পাখিৰে উৰিব পাৰে, মানুহে হেলিকপ্তাৰ আৰু এৰোপ্লেনেৰেহে পাৰে।
ঘ) নিজেই পোহৰো সৃষ্টি কৰিব পাৰে। যেনে: জোনাকী পৰুৱা।
ঙ) নিজস্ব ওজনতকৈ বহুগুণ গধুৰ বস্তু দাঙিব পাৰে। যেনে-পৰুৱা।
চ) প্ৰত্যেক জৈৱিক পদাৰ্থ-চুলি, পাখি, ঊল, মম, চেলুল’জ, হাড়, তেজ, উদ্ভিদ নিৰ্যাস, মাংস আৰু জন্তুৰ ৰেচন দ্ৰব্য আদিক খাদ্যৰ ৰূপত গ্ৰহণ কৰিব পাৰে (বৰকাকতি, ২০০৫ ডি)।
১) ব্যৱহাৰৰোপযোগী পদাৰ্থ: পতংগ পালনৰ দ্বাৰা আমি মৌ, মম, লা আৰু চিল্ক আদি মূল্যৱান পদাৰ্থ আহৰণ কৰিব পাৰো।
২) ব্যৱহাৰোপযোগী দেহাংশ: মৃত শুকান আৰু গুড়ি জাতীয় কেক্টাছ স্কেল-পোকৰ দেহাংশৰ পৰা তেজ ৰঙী এক ধৰণৰ ৰং ক’চিনিল প্ৰস্তুত কৰা ৰঙক ৰাজপোছাক আৰু মিঠাইত ৰং দিবৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
৩) গল: পতংগৰ আক্ৰমণৰ বাবে গছৰ পাত, থাৰি বা ফলত দেখা পোৱা কিছুমান টোপোৰাক গল বোলা হয়। এই গলৰ পৰা টেনিক এচিড আৰু এবিধ ৰং প্ৰস্তুত কৰিব পৰা যায় আমাৰ পৌৰাণিক ঋষি-মুনিসকলে সাঁচি পাতত এই গলৰ পৰা প্ৰস্তুত কৰা চিয়াহী ব্যৱহাৰ কৰিছিল বুলি জনা যায়। আফ্ৰিকাৰ চোমালীৰ মহিলাসকলে টেটু কৰিবৰ বাবে গল প্ৰস্তুত চিয়াঁহী ব্যৱহাৰ কৰে।
৪) ৰেণু সংযোজক: পখিলা, মৌ-মাখি, মথ আৰু থ্ৰিপচেই প্ৰধান ৰেণু সংযোজক, ইহঁতে শস্যজাত উদ্ভিদ, ফলৰ গছ, শাক-পাচলি আদিক ৰেণু সংযোজনৰে সহায় কৰে। প্ৰায় ৫০-৭০ শতাংশ ৰেণু সংযোজন অকল পতংগৰ বাবেই হয়।
৫) অপকাৰী-পতংগ খাদক পতংগ: “টাইগাৰ বিটলে” আমাৰ ধানগছক গাখীৰতি অৱস্থাত আক্ৰমণ কৰা গান্ধিপোকক ভক্ষণ কৰে। ই এবিধ ভাল জৈৱ নিয়ন্ত্ৰক।
৬) পতংগই মানুহ আৰু জন্তুৰ বাবে খাদ্য যোগায়: অসমীয়া মানুহে মাঘৰ বিহুৰ সময়ত ৰঙা পৰুৱা খোৱাৰ উপৰিও বহু জনজাতীয় মানুহে এৰি পলু, উঁইচিৰিঙা, জিলি, উঁই, ফৰিং আদিক খাদ্যৰ ৰূপত ব্যৱহাৰ কৰে। এইবোৰ পতংগক কুকুৰা, গাহৰি আদি প্ৰাণীয়েও খায়।
চিত্ৰ (৪): বাহৰ সৈতে আমৰলি পৰুৱা
(সৌজন্য: ড০ ৰবীন গগৈ)
৭) অপতৃণ নাশকৰ ৰূপত পতংগ: অপতৃণবোৰ অদৰকাৰী উদ্ভিদ। পানীমেটেকাৰ দৰে অপকাৰী অপতৃণ নাশ কৰিবৰ বাবে পানীমেটেকা পোকক ব্যৱহাৰ কৰা হয়।
৮) বৈজ্ঞানিক গৱেষণাত সহায়ক পতংগ: আধুনিক জেনেটিক দ্ৰচফিলাৰ ওপৰত নিৰ্ভৰশীল। সহজ পালন আৰু দ্ৰুত বংশ বিস্তাৰৰ বাবে ইহঁতক জীৱবিদ্যাৰ প্ৰত্যেক শাখাত ব্যৱহাৰ কৰা হয়।
৯) ঔষধী গুনকাৰক পতংগ: মৌ-মাখিৰ বিষাক্ত শুং দালক বাতবিষ আৰু আৰ্থাইটিছ ৰোগৰ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়।
ঠিক সেইদৰে, বিস্তাৰ-বিটলৰ পৰা প্ৰস্তুত কৰা “কান্থাৰিদিন” ক চুলিৰ টনিক হিচাপে ব্যৱহাৰ কৰা হয়।
১০) প্ৰদূষণৰ সংকেত দাতাৰ পতংগ: ফুটফুটীয়া কলা দাগ থকা “পেপাৰড মথ” ক বৰ্তমান গাঢ় কলা বৰণৰ দেখা গৈছে, বিশেষ মানচেষ্টাৰৰ দৰে ব্যস্ত চহৰত। ইয়াক “ইণ্ডাষ্ট্ৰিয়েল মেলানিজম” বোলা হয়। কলকাৰখানাৰ পৰা ওলোৱা অত্যাধিক ধোৱাৰ বাবে সৃষ্টি হোৱা পৰিৱেশ প্ৰদূষণৰ ইংগিত দিয়ে।
১১) ফৰেনচিক পতংগ বিদ্যা: প্ৰথম অপৰাধ চিনাক্তকৰণৰ বাবে পতংগৰ ব্যৱহাৰৰ কথা ত্ৰয়োদশ শতিকাৰ “চাইনিজ মেনুৱেল অফ ফৰেনচিক মেডিচিন” ৰ পৰা পোৱা যায়। শানিত অস্ত্ৰৰ আঘাতত মৃত্যু হোৱা খেতিয়ক এজনৰ লগৰ বোৰক একেলগে থুপাই সিহঁতৰ কাঁচিবোৰ এঠাইত দমাব দিয়াত এজাক ভেনামাখি উৰি আহি যিখন কাঁচিত পৰিল সেইখনৰ গৰাকীজনে পাছত হত্যাৰ অপৰাধৰ দোষ স্বীকাৰ কৰিছিল।
অৰ্থনৈতিক ভাৱে গুৰুত্বপূৰ্ণ শস্য, প্ৰাণী আৰু দৈনন্দিন আহিলা-পাতি ধ্বংস কৰি এশ এবুৰি বদনামৰ মাজতো পতংগৰ কিছুমান উপকাৰ উল্লেখনীয়। কেতিয়াবা মহামাৰীৰ উৎস হিচাপে ক্ৰিয়া কৰা পতংগৰ কিছুমান প্ৰজাতি খাদ্য হিচাপেও ব্যৱহাৰ হয়। জীৱনক অদ্ভুত ধৰণে ধাৰণা কৰিব জনা পাকৈত শিল্পী পতংগৰ বিষয়ে জানি শেষ কৰিব নোৱাৰি।
লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি
শেহতীয়া উন্নীতকৰণ: : 4/12/2020