অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বেঙেনা খেতিৰ কৃষকলৈ কিছু কথাঃ

বেঙেনা খেতিৰ কৃষকলৈ কিছু কথাঃ

বেঙেনা এবিধ ৰান্ধি খোৱা পাচলি। উদ্ভিদ বিদ্যাৰ দৃষ্টিৰে ই আলু আৰু বিলাহীৰ সৈতে একে জাতৰ। প্ৰাগৈতিহাসিক কালৰে পৰা পূব আৰু দক্ষিণ এছিয়াত বেঙেনাৰ খেতি কৰি অহা হৈছে। ৫৪৪ খ্ৰীষ্টাব্দত সম্পূৰ্ণ হোৱা চীনা কৃষি গ্ৰন্থ ‘কিমিন য়াউচা’ত লিপিবদ্ধ বেঙেনাৰ লেখাই হ’ল লিখিত ৰূপত পোৱা এই উদ্ভিদৰ প্ৰথম লিখিত তথ্য। সাধাৰণতে বেঙেনাৰ নিজস্ব স্বকীয় বৰণৰ বাবেই বেঙুনীয়া ৰঙে অসমীয়া ৰঙৰ তালিকাত এক স্থান পাইছে। বেঙেনাত উপস্থিত এন্থচায়ানিনৰ বাবে ইয়াৰ বৰণ কাৰণ। বিশ্বৰ প্ৰেক্ষাপটত বেঙেনা উত্পাদনত ভাৰতৰ স্থান দ্বিতীয়। বেঙেনাত কম পৰিমাণে চৰ্বি, মাংসসাৰ আঁহ আৰু শৰ্কৰা থাকে। অৱশ্যে মানুহৰ বাবে নিতৌ প্ৰয়োজনীয় মাত্ৰাত মেংগানিজ থাকে। কিছুমান মানুহৰ ক্ষেত্ৰত বেঙেনাই এলাৰ্জি সৃষ্টি কৰাৰ তথ্যও পোৱা যায়।

বেঙেনাৰ গুৰুত্বপূৰ্ণ কীট-পতংগসমূহঃ

(১) বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোক, (২) ফুটুকী পোক, (৩) মুৱা পোক আৰু (৪) শোহনি পোক আদি। এই কীট-পতংগসমূহ নিয়ন্ত্ৰণৰ বাবে কৃষকসকলে তলৰ কথাখিনি মন দিয়া উচিত।

  • শস্যচক্ৰৰ অধীনত একেডৰা মাটিতে বছৰে বছৰে বেঙেনা খেতি কৰা অনুচিত। লগতে এবছৰতকৈ পুৰণি মুঢ়া বেঙেনা ৰাখিব নালাগে।
  • বেঙেনাৰ পুলি ৰোৱাৰ পূৰ্বে খেতিৰ মাটিডৰা ভালদৰে চহাই মাটিৰ ওচৰে পাজৰে থকা বন-বাত নিৰাই ল’ব লাগে। এনে কৰিলে মাটিৰ তলত লেটা বান্ধি থকা আৰু বন-বাতত আশ্ৰয় লৈ থকা কীট-পতংগসমূহ আঁতৰি যায়।
  • কীট-পতংগৰ আক্ৰমণ প্ৰতিৰোধী উচ্চ উত্পাদনক্ষম জাতসমূহৰ খেতি কৰাত গুৰুত্ব দিব লাগে।
  • বেঙেনাৰ অনিষ্টকাৰী পতংগই আক্ৰমণ কৰা উদ্ভিদৰ অংশসমূহ বিশেষকৈ আগ আৰু ফল যথাসম্ভৱ আঁতৰাই নষ্ট কৰিব লাগে। ইয়াৰ ফলত পতংগৰ বংশবৃদ্ধি হৈ অধিক অনিষ্ট কৰাৰ সম্ভাৱনা দূৰ হয়।
  • বেঙেনা খেতিত সঠিক সময়ত সঠিক পৰিমাণৰ সাৰ-জাবৰ প্ৰয়োগৰ প্ৰয়োজন। মন কৰিবলগা যে শস্যত আৱশ্যকতকৈ অধিক মাত্ৰাত নাইট্ৰ’জেনযুক্ত সাৰ প্ৰয়োগ কৰিলে কীট-পতংগৰ বংশবৃদ্ধি হয়।
  • ডিম্ব পৰজীৱি ‘ট্ৰাইক’গ্ৰামা কাইল’নিজ’ বিঘাই প্ৰতি ২০,০০০ কৈ ১০ দিনৰ অন্তৰালত ৩-৪ বাৰ প্ৰয়োগ কৰিলে ছেঁই বিন্ধোৱা পোকৰ আক্ৰমণ বহুত পৰিমাণে হ্ৰাস পায়।
  • বেঙেনাৰ পাতখোৱা ফুটুকী পোকক নিয়ন্ত্ৰণ কৰিবলৈ বহু সময়ত ফুটছাই ব্যৱহাৰ কৰিও সুফল লাভ কৰিব পাৰি।
  • আঠাযুক্ত হালধীয়া আকৰ্ষক কাৰ্ড ব্যৱহাৰ কৰিও বেঙেনা গছৰ শোহনি পোক নিয়ন্ত্ৰণ কৰিব পাৰি।
  • ‘লিউচি লিউ’ৰ যুক্ত ফেৰমন ফান্দ ব্যৱহাৰ কৰিও বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোকক নিয়ন্ত্ৰণ কৰিব পাৰি।
  • নিমজাতীয় কীটনাশক ঔষধ প্ৰয়োগ কৰিও কীট-পতংগৰ পৰা বেঙেনাৰ খেতিডৰা ৰক্ষা কৰিব পাৰি।
  • পখিলাজাতীয় পতংগ বিশেষকৈ বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোকৰ পৰা বেঙেনাডৰাক ৰক্ষা কৰিবলৈ বেক্টেৰিয়াজনিত ঔষধ বি টি দুই মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই এসপ্তাহৰ অন্তৰালত দুবাৰ প্ৰয়োগ কৰা উচিত।
  • পৰিস্থিতি সাপেক্ষে, বেঙেনা পুলি ৰোপণৰ ২৫-৩০ দিনৰ পাছত, দানা জাতীয় কীটনাশক কাৰ্বফোৰাণ ৩জি, প্ৰতিজোপা গছৰ গুৰিত ৩ গ্ৰামকৈ প্ৰয়োগ কৰিও বেঙেনাৰ আগ আৰপ ফল বিন্ধোৱা পোক নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ উপৰি ২ মিঃ লিঃ প্ৰফেন’ ফজ ৫০ ই চি প্ৰতিলিটাৰ পানীত মিহলাই ১০ দিনৰ অন্তৰালত ৩ বাৰ বেঙেনা খেতিত প্ৰয়োগ কৰি আগ আৰু ফল বিন্ধোৱা পোক আৰু ফুটুকী পোক নিয়ন্ত্ৰণ কৰিব পাৰি। অৱশ্যে পূৰঠ বেঙেনাতলীত বেঙেনা ছিঙাৰ আগতে কৃত্ৰিম ৰাসায়নিক প্ৰয়োগ কৰা অনুচিত।

উত্সঃ অসমীয়া খবৰ ৰুদ্ৰ নাৰায়ণ বৰকাকতি, ড দিলীপ কুমাৰ শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 5/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate