কৃষিক্ষেত্ৰত চৰাইৰ ভূমিকা
লখিমপুৰ আৰু ধেমাজি জিলাৰ নিৰ্বাচিত কেইখনমান ধাননি পথাৰত চলোৱা জৰীপত শালি, বাও, বৰো আৰু আহুধানৰ পথাৰত ৫৬ বিধ চৰাইৰ উপস্থিতি দেখা গৈছে। ধাননি পথাৰৰ চৰাইবোৰৰ ভিতৰত শতকৰা ৬০ ভাগ পতংগভোজী আৰু ২৫ ভাগেই মাছ, নিগনি, মকৰা, পোক, ঘাঁহ খোৱা সৰ্বভক্ষী চৰাই। শতকৰা ১০ ভাগ মান চৰাইহে প্ৰকৃততে শস্যভোজী। ইহঁতে ঘাঁহৰ গুটি, শস্যৰ বীজ আৰু পোৱালি তোলাৰ সময়ত পোক-পৰুৱা খয়। টুনি, টোকোৰা, কপৌ, ঘৰচিৰিকা, কাম চৰাই আদিৰ দৰে মাত্ৰ কেইবিধমান চৰাইক ধানখেতিৰ পেষ্ট বা অনিষ্টকাৰী চৰাই হিচাপে চিনাক্ত কৰা হৈছে যদিও ইহঁতে কৰা ক্ষতিৰ পৰিমাণ মাত্ৰ ৩-৫ শতাংশ। ধাননি পথাৰত বিচৰণ কৰা চৰাইবোৰৰ শতকৰা ৭০ ভাগেই প্ৰজননৰ সময়ত বংশবৃদ্ধিৰ বাবেই অহা দেখা যায়। ফেচু, বালিঘোঁৰা, শালিকা, কাউৰী, বগলী, মৌখাতী আদি চৰায়ে ধাননি পথাৰত অনিষ্টকাৰী কীট নিয়ন্ত্ৰণত প্ৰধান ভূমিকা লয়। এনেবোৰ চৰায়ে প্ৰধানকৈ ফৰিং জাতীয়, গুবৰুৱা জাতীয় আৰু পখিলা জাতীয় পোক ভক্ষণ কৰে। কাউৰীয়ে হাতী পোকৰ পেলু আৰু শালিকা আৰু বগলীয়ে ধানৰ নৰাৰ ভিতৰত লুকাই থকা মজাখোৱাৰ লেটা (হালবোৱাৰ সময়ত ওলাই পৰে) আৰু নৰাত থকা ফৰিঙৰ উপদ্ৰৱ শতকৰা ৩০ ভাগ হ্ৰাস কৰা দেখা গৈছে। এটা পূৰ্ণাংগ গো বগলীয়ে প্ৰতি ঘন্টাত ৪০০ টা মান ভূৰ পোকৰ পলু খাব পাৰে।
উৎস: কৃষি বিভাগ, অসম
শেহতীয়া উন্নীতকৰণ: : 10/7/2018