আলুৰ খেতি অসমৰ প্ৰায় প্ৰতিজন কৃষকেই কম-বেছি পৰিসৰত কৰা দেখা যায়।কিন্তু দুখৰ কথা যে আমাৰ ৰাজ্যখন এতিয়াও আলু উৎপাদনৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল হ’ব পৰা নাই।বিজ্ঞানসন্মত কৃষি প্ৰণালী সুচাৰুৰপে অৱলম্বন কৰি এই খেতিৰ উৎপাদন যে বহুল পৰিমাণে বঢ়াব পাৰি,তাত কোনো সন্দেহৰ অৱকাশ নাই।আলুৰ উৎপাদন কম হোৱাৰ মুল কাৰণ হিচাপে বিভিন্ন অনিষ্টকাৰী পোক-পৰুৱা আৰু বেমাৰ-আজাৰকে চিহ্নিত কৰিব পাৰি।এই কীটবোৰৰ আক্ৰমণৰ ফলত কোনো কোনো ক্ষেত্ৰত আলু খেতি সম্পুৰ্ণৰুপে নি:শেষ হৈ যোৱাও পৰিলক্ষিত হয়।সেয়েহে এইবোৰৰ আক্ৰমণ উচিত সময়ত সঠিক পদ্ধতিৰে প্ৰতিহত কৰাটো অতি বাঞ্জনীয়।
আলুৰ অনিষ্টকাৰী পোক-পৰুৱাবিলাকৰ ভিতৰত ৰঙা পৰুৱা,মোৱা পোক আৰু আন মাটিত থকা পোকেই প্ৰধান।
(১)আলু গছৰ গুৰিত মাটি চপোৱাৰ সময়ত থিমেট ১০ জি (ফ’ৰেট ১০% দানা)দুই কিলোগ্ৰাম,অন্যথা মালাথিয়ন ৫% ডাষ্ট ৫.৪ কিলোগ্ৰাম প্ৰতি বিঘা হাৰে মাটিত প্ৰয়োগ কৰিব লাগে।
(২)সৰিয়হৰ তৈল কেক বিঘাইপতি ২০ কেজিকৈ মাটি চপোৱাৰ সময়ত প্ৰয়োগ কৰিও ৰঙা আৰু বগা পৰুৱাৰ উপদ্ৰৱ যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰি।
মোৱা পোক নিবাৰণৰ হেতু মালাথিয়ন ৫০ ইচিৰ ২০০ মিলিলিটাৰ প্ৰায় ৮০ লিটাৰ পানীত মিহলাই বিঘাইপ্ৰতি স্প্ৰে কৰিব লাগে।
এই খেতিৰ ৰোগৰ ভিতৰত ‘লেট ব্লাইট’ হ’ল অন্যতম তথা মাৰাত্মক বিধৰ।ই বিলাহীকো আক্ৰমণ কৰে।অত্যধিক শীত,সেমেকা বতৰ,মেঘাচ্ছন্ন আকাশ আৰু বৰষুণ ইবোৰ উপাদানে উক্ত ৰোগৰ উৎপত্তিৰ কাৰণ।এই ৰোগ জানুৱাৰী মাহত বেছিকৈ হোৱা দেখা যায়।পাতৰ তলিভাগত এই বেমাৰে প্ৰথমে দেখা দিয়ে।পাতত ইটা বৰণীয়া ক্ৰমবৰ্ধিত মৃত অংশ বা দাগ দেখা যায় আৰু অৱশেষত আক্ৰান্ত পাতবোৰ মৰি যায়।প্ৰথমে এনেকুৱা অংশবোৰ নিস্তেজ সেউজ আৰু পিছলৈ ইটা বৰণীয়া ক’লা গেলি যোৱা অংশত পৰিণত হয়,যিবোৰৰ আকাৰ অনুকুল বতৰত তীব্ৰগতিত বাঢ়ি যায়।পাতৰ শীৰ্ষ নাইবা কাষৰ অংশত এই দাগবোৰ পৰিলক্ষিত হয় আৰু তললৈ অথবা অন্তৰ্দিশে বিস্তাৰিত হয়।সেমেকা বতৰত একৰ পৰা চাৰি দিনৰ ভিতৰত আক্ৰান্ত পাত সমুলাংশে মৰি যাব পাৰে।এই দাগবোৰ দেখা দিয়াৰ পিছতে যদি বতৰ শুকান হয়,আক্ৰান্ত অংশত পাতখিলা ভাঁজ লাগি যায় বা সংকুচিত হৈ কেঁকোৰা-কেঁকুৰি পৰে।কিন্তু সেমেকা বতৰ বাহাল থাকিলে সোনকালে গেলি যায়।এইক্ষেত্ৰত প্ৰায়েই এক উগ্ৰ গোন্ধ অনুভুত হয়।তাৰ পাছত সকলোবোৰ পাত,পাতৰ ঠাৰি আনকি গা-গছো তৎকালেই ইয়াৰ গৰাহত পৰে আৰু অৱশেষত গোটেই গছ মৰি যায়।আলুগুটিবোৰো পথাৰত গছত লাগি থকা অৱস্থাতে বা চপোৱা আৰু সংৰক্ষণৰ সময়ত এই ৰোগৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে।ফলস্বৰুপে আলুবোৰ গেলি যায়।
(১)আক্ৰান্ত পথাৰৰ পৰা বীজ ৰাখিব নালাগে।
(২)খেতিপথাৰখন বন-বাট নিয়ন্ত্ৰণ কৰি পৰিষ্কাৰকৈ ৰাখিব লাগে।
(৩)চাৰিৰ পৰা ছয় ইঞ্চি ওখকৈ শস্যৰ গুৰিত মাটি চপাই দিলে আলুগুটিবোৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা খুব কম থাকে।
(৪)ইণ্ডোফিল এম ৪৫ ৰ ০.২৫% দ্ৰৱ (১০ লিটাৰ পানীত ২৫ গ্ৰাম)স্প্ৰে কৰিব লাগে।ডাৱৰীয়া বতৰত উক্ত দৰব প্ৰতিষেধক হিচাপে স্প্ৰে কৰিব লাগে।এই দৰব ১২ দিনৰ অন্তৰালত ছবাৰ স্প্ৰে কৰিলে আকাংক্ষিত ফল পোৱা যায়।অন্যথা সংমিশ্ৰিত ঔষধ যেনে-মেনকোজেব ৬৪%+ মেটালক্সিল ৮% (তিনিটা স্প্ৰে)ৰ দুই গ্ৰাম প্ৰতিলিটাৰ পানী হাৰে আৰু মেনকোজেৱ (প্ৰতিলিটাৰ পানীত ২.৫ গ্ৰাম)ৰ তিনিটা স্প্ৰে সলনাসলনিকৈ ১২ দিনৰ অন্তৰালত অধিক সুফল পোৱা যায়।প্ৰথম স্প্ৰেটো সাধাৰণতে ডিচেম্বৰ মাহৰ ১০ ৰ পৰা ১৫ তাৰিখৰ ভিতৰত কৰিব লাগে।উল্লেখ্য যে স্প্ৰে কৰাৰ সময়ত পাতৰ তলিভাগত যাতে ঔষধৰ দ্ৰৱ পৰে তালৈ সুক্ষ্ম দৃষ্টি ৰাখিব লাগে।
(৫)আলু ৰোৱাৰ আগতে বীজ পৰিশোধন কৰি ল’লে ভাল ফল পোৱা যায়।ইয়াৰ বাবে মেনকোজেব নামৰ ঔষধৰ (এক লিটাৰ পানীত ৫ গ্ৰাম)দ্ৰৱত ১০ মিনিট সময় বীজবোৰ ডুবাই ৰাখিব লাগে।তাৰ পাছত ছাঁত পাতলকৈ মেলি দি শুকাই ল’ব লাগে।
(৬)শুকান বতৰত শস্য চপাব লাগে।চপোৱাৰ সময়ত যত্ন ল’ব লাগে যাতে আলুগুটিবোৰ পাত বা গা-গছৰ সংস্পৰ্শলৈ নাহে।চপোৱাৰ পাছত পৰিত্যক্ত শস্যাংশ পুৰি বা পুতি পেলাব লাগে।
(৭)আক্ৰান্ত আলু খেতি দেৰিকৈ চপাব লাগে।এনেকুৱা গছবোৰ সম্পুৰ্ণকৈ শুকান যোৱাৰ পাছত চপালে আলুগুটি আক্ৰান্ত হোৱাৰ সম্ভাৱনা দুৰ হয়।
(৮)সংৰক্ষণৰ আগতে বীজবোৰ ডেৰ ঘণ্টাজুৰি মাৰকিউৰিক ক্ল’ৰাইডৰ দ্ৰৱত ডুবাই থ’ব লাগে।এনেকুৱা আলু যদি খাব বিচৰা হয় ভালকৈ ধুই ল’ব লাগে।ঠাণ্ডা,শুকান আৰু বায়ু পৰিচলন হোৱা কোঠাত সংৰক্ষণ কৰিলে খুব কম পৰিমাণে আলুবোৰ এই ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।সেমেকা আৰু বায়ু চলাচল ব্যাহত কোঠাত বীজ সংৰক্ষণ কৰিব নালাগে।
লেখিকা: ড° ৰঞ্জনা চক্ৰৱৰ্তী (নিয়মীয়া বাৰ্তা)
শেহতীয়া উন্নীতকৰণ: : 9/8/2023