এই মাহৰ কৃষি বিষয়ক পৰামৰ্শৰ বাবে আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ ড° দিলীপ কুমাৰ শইকীয়া, ড° বিজন চন্দ্ৰ দত্ত, ড° ছাহিদুৰ ৰহমান, ড° বাদল ভট্টাচাৰ্য, ড° ইনি গগৈ আৰু সুধাংশু ভাগৱতীৰ কাষ চাপিছিলোঁ। তেওঁলোকে আগবঢ়োৱা দিহা- পৰামৰ্শসমুহ তলত উল্লেখ কৰা হ’ল-
*এই সময়ছোৱাত চাহগছবোৰত কলম দিয়া অৱস্থাত থাকে বাবে প্ৰায়বিলাক প্ৰধান অনিষ্টকাৰী কীট-পত্ংগৰ উপদ্ৰৱ দেখা পোৱা নাযায়। যিবিলাক চাহগছত কলম দিয়া নহয়, সেইবোৰ চাহগছত হালধীয়া চাঁহিপোকৰ আক্ৰমণ পৰিলক্ষিত হয়। চাঁহিপোকৰ নিবাৰনৰ বাবে, ফেনপাইৰ’ক্সিনেট ৫ ই চি (১:২০০০) বা বাইফেনথ্ৰিন ৮ এছ চি (১:১৬০০) ৰ যিকোনো এটা দৰব ১৫ দিন ব্যৱধানত প্ৰয়োগ কৰিলে সুফল লাভ কৰিব পাৰি।
*ফ্ৰেন্সবিন, উৰহী আদি শস্যত ৰঙাচাঁহি আৰু মোৱা পোকৰ আক্ৰমণ হ’ব পাৰে। উক্ত দুইধৰণৰ পোক নিবাৰণৰ বাবে ফল নধৰা গছত, এক চাহচামুচ প্ৰফেনোফচ ৫০ ই চি দৰব প্ৰতি পাঁচ লিটাৰ পানীত মিহলাই ছটিয়াব লাগে। ফল লগাৰ পিছত আক্ৰমণ পৰিলক্ষিত হ’লে, ৩ চাহচামুচ নিমাজল প্ৰতি পাঁচ লিটাৰ পানীত মিহলাই ছটিয়াব লাগে।
*ভেণ্ডিৰ পুলি কটা পোক নিয়ন্ত্ৰণৰ বাবে প্ৰতি তিনি লিটাৰ পানীত এক চাহ চামুচ মালাথিয়ন ৫০ ই চি দৰব মিহলাই ৭ দিনৰ ব্যৱধানত প্ৰয়োগ কৰিলে সুফল লাভ কৰা যায়। লাওজাতীয় শস্যৰ অপকাৰী ফুটুকী পোক বা এপিলেকনা বিটল আৰু ৰঙা গুবৰুৱা ধৰণৰ পোক নিয়ন্ত্ৰণৰ বাবে এক চাহ চামুচ মালাথিয়ন ৫০ ই চি দৰব প্ৰতি আঢ়ৈ লিটাৰ পানীত মিহলাই ছটিয়াব লাগে। দৰব প্ৰয়োগৰ পিছত ৭-৮ দিনলৈকে ফল ছিঙা অনুচিত।
*লাওজাতীয় শস্যত বৰলীয়া পোকৰ আক্ৰমণ দেখা যাব পাৰে। গাভিনী বৰলীয়া পোকে লাওজাতীয় ফলত ডিম্ব প্ৰসৱ কৰে আৰু ইয়াৰ পুৰ্ণাংগবোৰে ফলৰ ৰস, ফুলৰ নিৰ্যাস, চৰাইৰ বিষ্ঠা আদিক খাদ্যৰুপে গ্ৰহণ কৰি খেতিৰ কাষত থকা বিভিন্ন অপতৃণবোৰত আশ্ৰয় লয়। গতিকে অপতৃণসমুহ নিৰাই পৰিষ্কাৰ কৰি ৰখা অতি প্ৰয়োজনীয়। হেদালিৰ কাষত ফেৰমন ফান্দ (কিউ লিউৰ বা মিথাইল ইউগিনলযুক্ত) স্থাপন কৰি সুফল পাব পাৰি। ইয়াৰ বাবে প্ৰতিবিঘা মাটিত ৫ টাকৈ ফান্দ ব্যৱহাৰ কৰিব লাগে। বৰলীয়া পোকৰ আক্ৰমণৰ বাবে গেলি যোৱা ফলসমুহ চিঙি দুৰলৈ নি ধ্বংস কৰা প্ৰয়োজন। কিয়নো হেদালিৰ তলত এইবোৰ মাটিত সৰি পৰিলে ইয়াৰ পৰা পলু ওলাই মাটিৰ তলত লেটা হৈ আকৌ লেটাৰপৰা বৰলীয়া পোকৰ পুৰ্ণাংগ ওলাই আহি লাওজাতীয় শস্যৰ ফলত কণী পাৰিব। এইদৰে জীৱনচক্ৰ আগুৱাই গৈ গৈ পাচলিৰ বহু অনিষ্ট কৰিব।
*বৰ্তমান সময়ত অমিতাৰ কপাহী পোকে (Mealy bug) অমিতাৰ পাতৰ তলফালে একগোট হৈ থাকি সময়ৰ ব্যৱধানত অমিতা গছৰ ফলক আক্ৰমণ কৰে। কপাহী পোকৰ আক্ৰমণৰ বাবে অমিতাবিলাকত ক’লা বৰণৰ দাগ পৰাৰ বাবে খোৱাৰ অনুপযোগী হৈ পৰে। ফল নধৰা অপৈণত গছবিলাকত কপাহী পোকৰ সাংঘাতিক বংশবৃদ্ধি হোৱাৰ লগতে এই পোকে নি:সৰণ কৰা অপকাৰী পদাৰ্থ (Toxin) ৰ বাবে গছবিলাক মৰি যায়। তদুপৰি কপাহী পোকে নি:সৰণ কৰা মৌজাতীয় পদাৰ্থৰ বাবে অমিতা, গা-গছ আৰু ফলত ক’লা ভেঁকুৰ উৎপন্ন হয় আৰু ই গছৰ সালোক-সংশ্লেষণত বাধা দিয়ে। কপাহী পোক নিয়ন্ত্ৰণৰ বাবে প্ৰফেন’ফছ ৫০ ই চি নামৰ ৰাসায়নিক কীটনাশকবিধ প্ৰতি লিটাৰ পানীত ২ মিলিলিটাৰকৈ মিহলাই গছৰ পাতত ছটিয়াব লাগে। অৱশ্যে , প্ৰাৰম্ভিক অৱস্থাত খুউৱ জোৰেৰে দৰব নিমিহলোৱাকৈ পানী ছটিয়ালেও সুফল পাব পাৰি।
*বৰ্তমান মৌ-মাখিৰ ঋতুস্ৰাৱৰ সময়। সেইবাবে এইসময়ত মৌ-মাখিৰ বংশবৃদ্ধিৰ প্ৰৱণতা দেখা দিয়ে আৰু সবল মৌ-বাহে জাক উৰুৱায়। এই জাক উৰুওৱা ৰোধ কৰিবলৈ সবল মৌ-বাহৰ বিভজন কৰিব লাগে, নাইবা ৰাণীমৌ কোষসমুহ মৌজোল আহৰণ কৰিবলৈ ভাঙি দিব লাগে। আম, লিচু, নেমু আদি ফল-মুল জাতীয় শস্যৰ ফুল ফুলাৰ সময়ত প্ৰতি হেক্টৰ ফলৰ বাগিচাত পাঁচ বাহ থলুৱা সঁচ অথবা দুই বাহ পশ্চিমীয়া সঁচৰ মৌ-বাহ স্থাপন কৰি উৎপাদন বৃদ্ধি কৰিব পৰা যায়।
*উহ পৰুৱাই বিভিন্ন ঘৰুৱা সামগ্ৰীৰ লগত কৃষিখণ্ডৰ বিস্তৰ ক্ষতি সাধন কৰে। এনে হাফলু বন্ধা উই পৰুৱাক যান্ত্ৰিক পদ্ধতিৰে ধ্বংস কৰিব পাৰি। ইয়াৰ বাবে প্ৰথমে জীৱিত উই হাফলুটো চিনাক্ত কৰি ল’ব লাগে আৰু হাফলুটো মাটিৰ সমানত খান্দি বগৰাই দি, ভেঁকুৰ বাগিচাবোৰ আঁতৰাই ৰজা আৰু ৰাণী থকা ৰাজকীয় কক্ষটো বিচাৰি উলিয়াই ল’ব লাগে। তাৰ পিছত এই ৰাজকীয় কক্ষত থকা ৰাণীক নিধন কৰিলে উইপোকৰ উপদ্ৰৱ বহু হ্ৰাস পায়।
লেখক: ড° আটাউৰ ৰহমান, ৰুদ্ৰ নাৰায়ণ বৰকাকতি (দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 2/15/2024