১) কীটনাশক প্ৰয়োগ কৰা বিভিন্ন শস্য, ফলমূল, শাক-পাচলি আদি ভালদৰে ধুই বা ৰান্ধিহে খাব লাগে । ফলমূলবোৰ নিমখ মিহলি পানীত চাৰি-পাঁচ মিনিট তিয়াই ৰাখি পাছত ভালদৰে ধুই খাব লাগে ।
২) শাক-পাচলি ধুই ৰন্ধাৰ আগত তাত অকণমান ভিনেগাৰ ছটিয়ালে ঔষধৰ প্ৰভাৱ কমে । ফলমূলতো অলপ খোৱা ছ’ডা দি ভালদৰে খোৱাৰ আগতে ধুলেও বিষক্ৰিয়া বহুখিনি কমে ।
৩) বাকলিযুক্ত শাক-পাচলি বাকলি গুচাই খাব বা ৰান্ধিব লাগে । ভাপত সিজালেও ফল বা পাচলিত থকা ঔষধৰ অৱশিষ্ট কমে ।
কীটনাশক ঔষধৰ পাৰ্শ্বক্ৰিয়াসমূহৰ প্ৰতি লক্ষ্য ৰাখি পৰাপক্ষত এইসমূহ ব্যৱহাৰ নকৰি আন উপায়েৰে শস্য ৰক্ষাৰ ব্যৱস্থা কৰিব পাৰিলে ভাল । একান্ত জৰুৰী হ’লেহে বিজ্ঞানসন্মতভাৱে সঠিক পৰিমাণত, সঠিক সময়ত এইসমূহ প্ৰয়োগ কৰিব লাগে ।
পৰিপূৰক খাদ্যৰ লগতে মাছৰ উৎপাদন বঢ়াবলৈ পুখুৰীত প্ৰাকৃতিক খাদ্যৰ পৰিমাণ বঢ়োৱাটো অত্যন্ত জৰুৰী । মাছৰ প্ৰাকৃতিক খাদ্যসমূহৰ ভিতৰত উদ্ভিদ প্লৱক আৰু প্ৰাণী প্লৱক অন্যতম । পানীত প্লৱকৰ পৰিমাণ বঢ়াবলৈ ৰাসায়নিক আৰু জৈৱিক সাৰৰ প্ৰয়োজন অত্যন্ত জৰুৰী । এবিঘা পানীকালিৰ পুখুৰীত ৩ কি:গ্ৰা: ইউৰিয়া আৰু ৪ কি:গ্ৰা: ছুপাৰ ফছফেট প্ৰয়োগ কৰা অত্যন্ত জৰুৰী । তদুপৰি জৈৱিক সাৰ হিচাপে গৰুৰ কেঁচা গোবৰ অথবা গাহৰিৰ মল, হাঁহ-কুকুৰাৰ মল আদি প্ৰয়োগ কৰিব লাগে । প্ৰতি চাৰি কঠাৰ (প্ৰায় এবিঘা) পানীকালিৰ পুখুৰীত এজনী গৰুৰ দৈনিক গোৱৰখিনি প্ৰয়োগ কৰিব পাৰি । তদুপৰি এটা গাঁতত গৰুৰ কেঁচা গোবৰ, সৰিয়হৰ খলিহৈ আৰু চিঙ্গল ছুপাৰ ফছফেট ৩:২:১ অনুপাতত মিহলাই নিয়মীয়াকৈ পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে । এই তিনিটা মিশ্ৰণ তৃতীয় দিনৰ পৰা পুখুৰীত প্ৰয়োগ কৰাৰ বাবে উপযোগী হয় । মিশ্ৰণটোৰ উপকাৰীতা হ’ল- ইয়ে অতি সোনকালে পানীত প্লৱকৰ পৰিমাণ বঢ়াই মাছ পালনৰ বাবে পুখুৰীটো উপযোগী কৰি তোলে ।
উৎস :- অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 3/11/2020