ট্রাইক'দাৰমা জাতীয় জৈৱিক কীট নাশক অথবা বেমাৰৰ বীজাণু নাশক বোৰ যেনে ট্রাইক'দাৰমা ভিৰিদি (Trichoderma viride) ট্রাইক'দাৰমা হাৰজিয়েনাম (Trichoderma harzianum) , ট্রাইক'দাৰমা কণীনজি (Trichoderma koningii) ,ট্রাইক'দাৰমা হামাটাম (Trichoderma hamatum)আদি । এইবোৰ জৈৱিক কীট নাশক বজাৰত ইয়াক বিভিন্ন ব্যৱসায়িক / বাণিজ্যিক নামৰে পোৱা যায় । এইবোৰ শস্যৰ বিভিন্ন বেমাৰ যেনে : শস্যৰ বিভিন্ন অংশ পঁচি যোৱা বেমাৰ, পুলি পঁচা বেমাৰ গছ লেৰেলি যোৱা বেমাৰ, ব্লাইট বেমাৰ , পাতত দাগ পৰা বেমাৰ , পাত /গছত বগা পাউদাৰ জাতীয় বেমাৰ বাবে অতি উপযোগী ।
প্রয়োগৰ বিধি বিধান
(ক) বীজ শোধন :
ঔষধৰ পৰিমাণ : প্রতি কিঃগ্রাম বীজত ৫ গ্রাম ঔষধ নতুবা পেকেটত উল্লেখ কৰাৰ ধৰণে ।
শোধন পদ্ধতি: ১০-২০ মিঃলিঃ পানী অথবা ভাতৰ মাৰৰ লগত ৫ গ্রাম ঔষধ মিহলায় পেষ্ট কৰি লব । এই পেষ্টৰ ওপৰত ১ কিঃ গ্রাম বীজ ভালদৰে মিহলাব যাতে সকলোবোৰ বীজত ঔষধটো লাগে । তাৰ পিচত বীজখিনি ছাঁত ২০ ৰ পৰা ৩০ মিনিটমান শুকাবলৈ দিব লাগে।
(খ) গছৰ আলু অথবা শিপাৰ শোধন:
ঔষধৰ পৰিমাণ :অনুমোদিত পৰিমাণ শোধন পদ্ধতি : ১ লিটাৰ পানীত ১০ গ্রাম ঔষধ মিহলায় তাত গছৰ আলু অথবা শিপাখিনি ৰোৱাৰ আগেয়ে ১৫ মিনিটমান এই মিশ্রণত তিয়াই লব লাগে ।
(গ) গছৰ পুলিৰ শোধন:
ঔষধৰ পৰিমাণ : ১ বিঘা মাটিত ৰোব পৰাকৈ যিমান পুলিৰ প্রয়োজন সিমান পৰিমাণৰ পুলি ৩০০ গ্রাম ঔষধৰ প্রয়োজন হব ।
শোধন পদ্ধতি : প্রতি লিটাৰ পানীত ৫ - ১০ গ্রাম ঔষধ মিহলায় ১৫ মিনিট সময় পুলিবোৰ মিশ্রণত ৰাখিব লাগে আৰু ইয়াৰ পিচত মিশ্রণৰ পৰা ওলিয়াই ১৫ মিনিট সময় ছাঁ ঠাইত পুলিবোৰ শুকাবলৈ দিব লাগে।
(ঘ) পুলিবাৰী শোধন :
ঔষধৰ পৰিমাণ : ৪০০ বৰ্গমিটাৰ পুলিবাৰীৰ বাবে ২৫০ গ্রাম পৰিমাণ ঔষধৰ প্রয়োজন।
শোধন পদ্ধতি : (১) ৫০ লিটাৰ পানীত ২৫০ গ্রাম ঔষধ মিহলায় পুলিবাৰীখনত প্রয়োগ কৰিব লাগে। (২) ২ কিঃ গ্রাম গোবৰ/ পচন সাৰত ২৫০ গ্রাম ঔষধ মিহলায় ৪০০বৰ্গমিটাৰমান পুলিবাৰীত সিঁচি পাতলিয়াকৈ জলসিঞ্চন কৰিব লাগে।
(ঙ) মাটি শোধন :
(১) পোনপতিয়াকৈ সিঁচি দিয়া : ঔষধৰ পৰিমাণ : ৩০০ গ্রাম ঔষধ প্রতি বিঘা মাটিত শোধন পদ্ধতি : ৬ কিঃ গ্রাম পচন সাৰত ৩০০ গ্রাম ঔষধ মিহলায় ১ বিঘা মাটিত সিঁচি পাতলিয়াকৈ জলসিঞ্চন কৰিব লাগে নতুবা মিশ্রণটো তৈয়াৰ কৰি পাত্রটো পলিথিনেৰে মুখখন বন্ধ কৰি ৭ -১৫ দিনমান ৰাখি পথাৰত প্রয়োগ কৰিব লাগে ।
(২) গাঁতত প্রয়োগ পদ্ধতি : ৬ কিঃগ্রাম পচনসাৰত ৩০০ গ্রাম ঔষধ মিহলায় গছত মাটিচপোৱাৰ সময়ত অথবা গছপুলি ৰোৱাৰ ৩০ দিন মানৰ পিচত গাঁতবোৰত প্রয়োগ কৰিব লাগে ।
বেচিলাচ থুৰিণজেনচিচ্ ৰদ্বাৰা তৈয়াৰি যিকোনো ঔষধ কৰি হোৱা ডায়মণ্ড বেক পখিলা (Diamond back moth), আৰ্মি ওৰ্ৱম (Army Worm) অথবা খোৰপোক আৰু চেমিলুপাৰ (Semilooper) জাতীয় পোক , বুটমাহৰ মজাখোৱা পোক , বিলাহীৰ ফলৰ মজাখোৱা পোক , বেঙনাৰ গছ আৰু ফলৰ মজাখোৱা পোক ,বাদামতহে আক্রমণ কৰা ৰেড্ হেয়াৰী বিছা (Red hairy catrpillar)আৰু নেমুৰ অনিষ্টকৰা পখিলাৰ বাবে অত্যন্ত উপকাৰী ।
ব্যৱহাৰৰ পদ্ধতি :
ঔষধৰ পৰিমাণ :
(১) পথাৰ শস্যৰবাবে বিঘাই প্রতি ১০০-১৫০ গ্রাম ঔষধ
(২) উদ্যান শস্যৰ বাবে বিঘাই প্রতি ১৫০-২০০ গ্রাম ঔষধ প্রয়োগ পদ্ধতি : ঔষধটো প্রথমে অলপ পানীত মিহলায় এটা মিশ্রণ তৈয়াৰ কৰি লব লাগে । তাৰ পিচত মিশ্রণটো সঠিক পৰিমাণৰ পানীত মিহলায় পথাৰত প্রয়োগ কৰিব লাগে ।
বিঃদ্রঃ :- যদি গছৰ পাতত ঔষধ স্প্রে কৰিব লগা হয় তেতিয়া ঔষধৰ লগত আঠাজাতীয় পদাৰ্থ মিহলায় স্প্রে কৰিলে গছৰ পাতত আঠাৰ লগতে ঔষধো পাতত লাগি ধৰিব আৰু ঔষধৰ গুণো বাঢ়িব ।
এই বিধ ঔষধ এবিধ কীট - পতঙ্গঁ আক্রমণকাৰী বেকটেৰীয়াৰ পৰা প্রস্তুত । এনেবিধ ঔষধ সাধাৰণতে পখীলাজাতীয় কীট পতঙ্গঁৰ যিবোৰ পলুৰ দ্বাৰা শাক - পাচলি অথবা ফলমূল গছত আক্রমণ কৰে তেনেবোৰ কীট পতঙ্গঁৰ নিয়ন্ত্রণৰ বাবে অতিকৈ উপকাৰী । বুভেৰীয়া বেচিয়ানাৰ বিভিন্ন প্রকাৰৰ ব্যৱহাৰ:
(ক) পাতত অথবা গছৰ ওপৰ ভাগত প্রয়োগ (Foliare spray) ঔষধৰ পৰিমাণ :
বিঘাই প্রতি ৪০০-৫০০ গ্রাম ঔষধ প্রয়োগ পদ্ধতি
প্রতি লিটাৰ পানীত ৫ গ্রাম ঔষধ মিহলায় গছৰ পাতত স্প্রে কৰিব । মাটিত পানীৰ লগত মিহলি কৰি প্রয়োগ (Soil dreuch) ঔষধৰ পৰিমাণ :প্রতি তিনিবিঘা মাটিৰ বাবে ২৫০-৫০০ গ্রাম ঔষধ পানীৰ লগত মিহলায় মাটিত প্রয়োগ কৰিব পাৰে ।
নিমৰ গছৰ বিভিন্ন অংশৰ পৰা তৈয়াৰী বিভিন্ন ঔষধ বহুসংখ্যাক কীট - পতঙ্গঁ নিয়ন্ত্রণৰ বাবে বৰ উপকাৰী । ঔষধৰ পৰিমাণ : হেক্টৰে প্রতি ১ লিটাৰ প্রয়োগ পদ্ধতি : প্রতি লিটাৰ পানীত ৩-৫ মিঃলিঃ ঔষধ মিহলায় কীট-পতঙ্গঁই কণী পৰা আৰু কণীৰ পৰা পলুবাচি ওলোৱাৰ ঠিক পিছতেই প্রয়োগ কৰিব । (খ) কীট- পতঙ্গঁৰ সংখ্যা লক্ষ্যকৰি ১৫ দিন মানৰ পিচত আকৈ স্প্রে কৰিব ।
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018
ক্ষুদ্র চাহ উদ্যোগ আৰু জৈৱিক চাহখেতিৰ সম্ভাৱনীয়ত
উদ্ভিদ ৰোগৰ জৈৱিক নিয়ন্ত্রণৰ বাবে 'ট্রাইকর্ডামা' ...
জৈৱিক আহাৰ স্বাস্থ্যসন্মত নহয় নেকি?
অসমত জৈৱিক খেতিৰ সম্ভাৱনা