অমিতাৰ উৎপত্তিস্থল আমেৰিকা আৰু ইয়াক মেক্সিক’ৰ কৃষকে প্ৰথম খেতি কৰিবলৈ আৰম্ভ কৰিছিল। বৰ্তমান সমগ্ৰ বিশ্বত আম আৰু আনাৰসৰ পাছত অমিতাই হ’ল তৃতীয় সৰ্বাধিক উত্পাদিত ফল। বিশ্বত প্ৰতি বছৰে প্ৰায় ১১.২২ নিযুত মেট্ৰিকটন অমিতা উত্পাদন হয় আৰু ইয়াত ভাৰতবৰ্ষৰ বৰঙণি প্ৰায় ৩৮.৬১ শতাংশ। ভাৰতৰ কেইখনমান ৰাজ্য বিশেষকৈ অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গুজৰাট, উৰিষ্যা, পশ্চিমবংগ, কেৰালা, তামিলনাডু, মধ্যপ্ৰদেশ আৰু অসমত অমিতাৰ খেতি কৰা হয়। ভাৰতৰ ৭৩.৭ হেজাৰ হেক্টৰ মাটিকালিৰ পৰা প্ৰায় ৪.২ নিযুত মেট্ৰিকটন অমিতা উত্পাদন হয়। বৰ্তমান সময়ত অমিতা খেতিৰ কৃষকক মিলিবাগ বা কপাহী পোকৰ আক্ৰমণে বিপাঙত পেলোৱা পৰিলক্ষিত হৈছে।
অৱশ্যে ১৯৯২ চনৰ পৰাহে এই পতংগৰ আক্ৰমণৰ বিষয়ে জনা গৈছিল। সেউজ হালধীয়া বৰণৰ এই পতংগৰ আক্ৰমণ প্ৰথমাৱস্থাত মেক্সিক’, বেলিজ, গোৱাটেমালা আদি অঞ্চলত পৰিলক্ষিত হৈছিল। পাছত ক্ৰমান্বয়ে আন আন দেশলৈ সম্প্ৰসাৰিত হৈ ভাৰততো প্ৰৱেশ ঘটে। অমিতাকে ধৰি অন্যান্য প্ৰায় ৫৫ বিধ উদ্যান শস্য বিশেষকৈ ভেণ্ডি, বেঙেনা, মধুৰি, আম, ডালিম, শিমলু আলু, ৰঙা লাও আদিক ক্ষতি কৰা এই পতংগ ২০০৮ চনৰ জুলাই মাহত তামিলনাডুৰ কইম্বাটুৰ নামৰ ঠাইত পোন প্ৰথমবাৰলৈ চিনাক্ত কৰা হয়। এই অনিষ্টকাৰী পোকবিধ যাতায়াত বিশেষকৈ মালবাহী ট্ৰাক, ৰেল তথা অন্যান্য কাৰকৰ দ্বাৰা সমগ্ৰ ভাৰততে বিয়পি পৰিছে। এতিয়া কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, ত্ৰিপুৰাৰ লগতে ২০১১ চনৰ শেষ ভাগৰ পৰা অসমতো এই পতংগৰ অপকাৰী প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। পৰৱৰ্তী সময়ত বেংগালুৰুস্থিত ‘নেচনেল ব্যুৰ’ অৱ এগ্ৰিকালছাৰেল ইনছেক্ট ৰিছ’ৰ্চেছ’ নামৰ প্ৰতিষ্ঠানৰ উদ্যোগত এই পতংগৰ সমস্যা বহু পৰিমাণে নিৰ্মূল কৰিবলৈ সক্ষম হৈছে। মিলিবাগৰ আক্ৰমণৰ ফলত অমিতা গছৰ পাতবোৰ সোতোৰা-মোতোৰা হৈ পৰে। প্ৰথমাৱস্থাত এই পোক অমিতাৰ পাতৰ তলফালে একগোট হৈ থাকি সময়ৰ ব্যৱধানত অমিতাৰ ফলক আক্ৰমণ কৰে, ফলত অমিতাৰ ফলত ক’লা বৰণীয়া দাগ পৰি খাদ্যৰ অনুপযোগী কৰি তোলে। মিলিবাগৰ আক্ৰমণৰ বাবে ৬০-১০০ শতাংশ পৰ্যন্ত অমিতা গছ অনিষ্ট হোৱা পৰিলক্ষিত হয়। পূৰঠ নোহোৱা অমিতা গছত মিলিবাগৰ প্ৰাদুৰ্ভাৱ অধিক হয় আৰু এই পতংগই ক্ষৰণ কৰা বিষাক্ত দ্ৰব্যৰ প্ৰভাৱত গছবিলাক মৰি যায়। তদুপৰি এই পোকে নিঃসৰণ কৰা মধুকনা বা ‘হনিদিউ’ৰ বাবে অমিতাৰ পাত, গা-গছ আৰু ফলবোৰক ক’লা ভেঁকুৰৰ আচ্ছাদন বা ‘চুটি ম’ল্ড’য়ে ঢাকি ধৰে। আক্ৰমণ বাঢ়ি যোৱাৰ লগে লগে পাতৰ সালোক সংশ্লেষণ বাধাপ্ৰাপ্ত হয় আৰু উদ্ভিদ জোপা মৰহি যাবলৈ ধৰে। সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত গছৰ তলত থিয় হ’লে মধুকনা সৰি পৰা পৰিলক্ষিত হয়। অৱশ্যে সামান্য ক্ষতিকাৰী অৱস্থাত পাত, ফুল আৰু ফলত পতংগৰ অৱস্থিতি পৰিলক্ষিত হয়।
মিলিবাগৰ মতা আৰু মাইকী পতংগৰ আকৃতি ভিন্ন ভিন্ন হয়। অধিক উষ্ণতাত ইহঁতৰ বংশবৃদ্ধি দ্ৰুত হয়। এই পতংগই পৰুৱাৰ জৰিয়তেও চলাচল কৰা পৰিলক্ষিত হয়। এক সমীক্ষা মতে মিলিবাগৰ আক্ৰমণৰ ফলত ভাৰতীয় হিচাপত প্ৰতি বছৰে ১৫০০ কোটি টকা অপচয় হয়। উক্ত প্ৰতিষ্ঠানে মিলিবাগৰ নিয়ন্ত্ৰণৰ বাবে ‘এছাৰ’ফেগাছ পাপায়ি’ নামৰ এক সূক্ষ্ম পৰজীৱী মেক্সিক’ৰ পৰা আমদানি কৰি ভাৰতত মেলি দিয়ে। এই কাৰ্যসূচী কিছু পৰিমাণে সফল হৈছে যদিও ৰাসায়নিক কীটনাশকৰ দ্বাৰা তেনেই নামমাত্ৰ সফলতাহে পোৱা গৈছে। কিয়নো ৰাসায়নিক কীটনাশকে মিলিবাগ পতংগৰ বাহ্যিক আৱৰণখন ভেদ কৰিব নোৱাৰাৰ লগতে প্ৰাকৃতিক শত্ৰুবোৰক নষ্ট কৰাৰ ফলত দীৰ্ঘদিনীয়া নিয়ন্ত্ৰণ অসম্ভৱ হৈ পৰে। নতুন খেতিত ব্যৱহৃত পুলিবোৰ পতংগমুক্ত হোৱা উচিত। আক্ৰান্ত উদ্ভিদৰ অৱশিষ্ট অংশত মিলিবাগে আশ্ৰয় লৈ অন্য নিৰোগী গছলৈ বিয়পিবলৈ সুবিধা পায়। সাময়িক সকাহৰ বাবে ‘প্ৰফেন’ফচ’ নামৰ ৰাসায়নিক কীটনাশক প্ৰতি লিটাৰ পানীত ২ মিঃলিঃকৈ মিহলাই ছটিয়াব লাগে। অৱশ্য খুব জোৰেৰে দৰব নিমিহলোৱাকৈ পানী ছটিয়ালেও সুফল পাব পাৰি।
‘এছাৰফেগাছ পাপায়ি’ৰ উপৰিও ছিউডলেপ্টমেষ্টিক্স মেক্সিকানা আৰু এনাগাইৰাছ লকি নামৰ আন দুবিধ সূক্ষ্ম পৰজীৱীয়েও মিলিবাগ পতংগ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম। তদুপৰি পখিলাজাতীয় পৰভোজী পতংগ, স্পেলজিছ এপিয়াছৰ পলুৱে কপাহী পোকক ভক্ষণ কৰে। ‘নেচনেল ব্যুৰ’ অৱ এগ্ৰিকালছাৰেল এনছেক্ট ৰিছ’ৰ্চেছ’ নামৰ জৈৱিক নিয়ন্ত্ৰণৰ সৰ্বভাৰতীয় প্ৰতিষ্ঠানটিয়ে কৃষকৰ মাজত বিনামূল্যে এই উপকাৰী পৰজীৱী পতংগ প্ৰজাতিক যোগান ধৰে। এনে ৫০০ পৰজীৱীক এবাৰত মুকলি কৰিলে, অমিতা পৰিৱেশতন্ত্ৰত খাপ খাই পৰে বাবে পুনঃ পুনঃ প্ৰয়োগ বা মুকলি কৰাৰ প্ৰয়োজন নহয়। বৰ্তমান, অসম কৃষি বিশ্ববিদ্যালয়ৰ জৈৱিক নিয়ন্ত্ৰণ বিভাগৰ জৈৱিক গৱেষণাগাৰত এনে পৰজীৱী পতংগক কৃত্ৰিমভাৱে উত্পাদন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি, ড০ দিলীপ কুমাৰ শইকীয়া
উৎসঃ অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 12/28/2018