আমাৰ দৈনন্দিন ব্যৱহাৰিক জীৱনত আলুৰ গুৰুত্ব অপৰিসীম আৰু একক। আখলত অন্য পাচলি নাথাকিলেও আলুৰদ্বাৰাই বিভিন্ন ধৰণৰ ব্যঞ্জন, যেনে- জোল, ভাজি, পিটিকা আদি প্ৰস্তুত কৰি খাদ্যৰ জোৰা মাৰিব পাৰি।
আলু অবিহনে কোনো পাচলিৰ ব্যঞ্জনেই পূৰ্ণতা লাভ নকৰে। গতিকে পাচলিৰ ক্ষেত্ৰখনৰ সম্ৰাট আলু অবিহনে ৰান্ধনীয়ে আখলত সোমাই শূন্যতা অনুভৱ কৰাটো স্বাভাৱিক।
অধিক শ্বেতসাৰযুক্ত, সোৱাদযুক্ত আলুৰ খেতিৰ উপযোগী মাটি অসমত যথেষ্ট যদিও বতৰ, উপযুক্ত বজাৰ আৰু বিজ্ঞানসন্মত সংৰক্ষণৰ সু-ব্যৱস্থাৰ অভাৱত ৰাজ্যখনৰ কৃষক ৰাইজ এই খেতি কৰা ক্ষতিগ্ৰস্তৰ সন্মুখীন হ’বলগীয়াহে হয়।
তথাপি ব্যয়বহুল এই খেতিৰ বিজ্ঞানসন্মত কৃষি পদ্ধতিয়ে খেতিয়কসকলক যথেষ্ট সকাহ দিয়ে।
মাটি:
আলু খেতিৰ বাবে মাটি কোমল ফহফহীয়া, পলসুৱা বা বালীয়া পলসুৱা আৰু পানী ওলাই যাব পৰা অধিক জৈৱ পদাৰ্থযুক্ত মাটি উপযুক্ত।
মাহজাতীয় শস্যৰ খেতি কৰাৰ পিছত আলু খেতি কৰিব পাৰিলে ভাল ফল পোৱা যায়।
মাটি প্ৰস্তুত:
৪-৫ বাৰ হাল বাই-মৈয়াই সমান কৰি মাটি মিহিকৈ চহ কৰি ল’ব লাগে, যাতে পানী যোগান ধৰিলে সকলো ঠাইলৈ সমানে পানী বাগৰিব পাৰে নাইবা বৰষুণৰ পানী জমা হ’ব নোৱাৰে।
মিহিকৈ চহ কৰাৰ পিছত ৫০ ছেন্টিমিটাৰ আঁতৰে আঁতৰে নাঙলেৰে খেলি কৰি ল’ব লাগে।
জাত:
সময়:
১৫ অক্টোবৰৰপৰা নৱেম্বৰ মাহ পৰ্যন্ত।
সাৰ প্ৰয়োগ:
পচন সাৰ: প্ৰতি বিঘাত ১৩ কুইন্টল।
ৰাসায়নিক সাৰ: বৰষুণৰ ওপৰত নিৰ্ভৰশীল মাটিত-
পানী যোগানৰ ব্যৱস্থা থকা মাটিত-
সমুদায় সাৰ মাটি চাহ কৰাৰ সময়তে প্ৰয়োগ কৰিব লাগে। চাব লাগে যাতে আলুৰ গজালিবোৰ প্ৰত্যক্ষভাৱে সাৰৰ স্পৰ্শলৈ নাহে।
বীজৰ পৰিমাণ:
প্ৰতি বিঘাত ৩ কুইন্টল।
বীজ শোধন:
২.৫ ছেন্টিমিটাৰ ব্যাসাৰ্দ্ধৰ ২-৩ টা চকু থকা আলু নিৰ্বাচন কৰি ল’ব লাগে। তাতকৈ ডাঙৰ হ’লে ছুৰিৰে কাটি দুফাল কৰি লৈ দুগ্ৰাম এণ্ডোফিল এম ৪৫ ঔষধ*১ লিটাৰ পানীৰ মিশ্ৰণত ১০ মিনিট সময় ডুবাই ৰাখি শোধন কৰি ল’ব লাগে। তাৰপৰা উঠাই ৪৮ ঘন্টা ছাঁত শুকাব লাগে।
ৰোপণ পদ্ধতি:
৫০ ছেন্টিমিটাৰ ব্যৱধানত প্ৰস্তুত কৰা শিৰলুবোৰৰ ১৫ ছেন্টিমিটাৰ আঁতৰে আঁতৰে গজালি মেলা আলিবোৰৰ গজালিবোৰ ওপৰলৈ ৰাখি পুতি দিব লাগে।
তাৰ পিছত কাঠৰ মৈৰে বা হাতেৰে আলফুলে মাটিৰে শিৰলুবোৰ জাপি দিব লাগে। আনহাতে, ধান কাটি মাটি চহ কৰি এই খেতি কৰিলে এটা নিৰ্দিষ্ট দূৰত্বত ৰোপণ কৰি তাৰ ওপৰত মেটেকাৰে ঢাকি দিব লাগে।
আলু খেতিত পানী যোগান অত্যন্ত গুৰুত্বপূৰ্ণ দিশ। ৰোৱাৰ ২৫ দিনত এবাৰ, ৬০ দিনত এবাৰ আৰু ৮০ দিনত এবাৰ পানী যোগাব ধৰিব লাগে।
মাটি চপোৱা:
প্ৰথমবাৰ পানী দিয়াৰ আগেয়ে আৰু দ্বিতীয়বাৰ পানী দিয়াৰ আগেয়ে গছৰ গুৰিত মাটি চপাই দিব লাগে।
ৰঙা পৰুৱা আৰু উঁই পৰুৱা নিয়ন্ত্ৰণৰ বাবে প্ৰথমবাৰ মাটি দিয়াৰ সময়ত বিঘাই প্ৰতি ২০ কিলোগ্ৰাম খলিহৈ প্ৰয়োগ কৰিব লাগে।
লেট ব্লাইট ৰোগ হ’লে মেনক’জেৱ ঔষধ ২.৫ গ্ৰাম বা ডাইথেন এন ৪৫ ঔষধ ২.৫ গ্ৰাম*১ লিটাৰ পানী অনুপাতত মিশ্ৰণ কৰি ১২ দিনৰ অন্তৰে অন্তৰে স্প্ৰে কৰিব লাগে। প্ৰথমবাৰ প্ৰতি বিঘাত ৯০ লিটাৰ আৰু দ্বিতীয়বাৰ ১১০ লিটাৰ মিশ্ৰণ ঔষধ স্প্ৰে কৰিব লাগে।
ফচল চপোৱা:
গছবোৰ ৰঙা পৰি শুকাই মৰিবলৈ ধৰাৰ সময়ত সাৱধানে আলুবোৰ চপাব লাগে।
উৎপাদন:
বিঘাই প্ৰতি উৎপাদন- পানী যোগান ধৰিলে ২০-২২ কুইন্টল আৰু বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিলে ১০-১২ কুইন্টল।
লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 3/9/2020