কাঠফুলা খেতিৰ আৰম্ভণিতে খেৰখিনি উতলাই বীজাণুমুক্ত কৰি লোৱা হয় যদিও ইয়াৰ উৎপাদনৰ সময়ত কিছুমান পোক-পৰুৱা আৰু বেমাৰ-আজাৰে অনিষ্ট সাধন কৰা দেখা যায়।সেয়ে এনে অৱস্থা নহ’বলৈ আগতীয়া ব্যৱস্থা ল’ব লাগে।কাৰণ পোক-পৰুৱা বা বেমাৰ-আজাৰত আক্ৰান্ত হ’লে ঔষধ দিয়াতকৈ আগতে প্ৰতিষেধক হিচাপে ঔষধ দিলে খেতিডৰাৰ পৰা হ’ব পৰা সম্ভাব্য লোকচানৰ পৰা হাত সাৰি থাকিব পাৰি।কাঠফুলাৰ খেতি কৰা ঘৰটো খিৰিকী থকা আৰু যথেষ্ট বতাহ চলাচল কৰিব পৰা হ’ব লাগে।ঘৰৰ ওচৰত বন্ধ পানী আৰু জংঘল আদি থাকিব নালাগে।ঘৰটো সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু চুণৰ পানীৰে মাজে সময়ে মচি থাকিব লাগে।খেতি কৰা ঘৰৰ বেৰবোৰত কীটনাশক দৰব ছটিয়াব লাগে।কাঠফুলা খেতিত খেৰবোৰ শুকাই নাযাবলৈ প্ৰয়োজন মতে দিনে-তিনিবাৰ পানী দিয়াটো খুবেই দৰকাৰ।নহ’লে মাইচেলিয়ামৰ প্ৰসাৰ আৰু গঠনত বাধাপ্ৰাপ্ত হৈ কাঠফুলাৰ গঠনত আকৃতি হানি আৰু উৎপাদন হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে।আনহাতে প্ৰতিষেধক হিচাপে মালাথিয়ন ৫০ ইচি বা এণ্ডোচালফান ৩৫ ইচি দৰহ তিনি মিলিলিটাৰ পাঁচ লিটাৰ পানীত গুলি প্ৰয়োগ কৰিব লাগে।ভেঁকুৰজনিত ব্ৰাউন,স্পট,গ্ৰীন মলড,ছফট মাইলডিও আদি বিভিন্ন ৰোগৰ বাবে বেভিষ্টিন বা বেনলেট ০৫ শতাংশ শক্তিৰ মিশ্ৰণ ছটিয়াব লাগে।পোকে ধৰা আৰম্ভ কৰিলে নুভন এক মিলিলিটাৰ দুই লিটাৰ পানীত গুলি লৈ ছটিয়াব লাগে।
কাঠফুলা খেতি চপোৱাৰ পাছত খেৰবোৰ দুৰৈত গাঁত খান্দি পুতি থ’ব লাগে।ব্যৱহাৰ হোৱা সকলো সামগ্ৰী পৰিষ্কাৰ কৰি শতকৰা পাঁচভাগ ফেৰ্মেলিন দৰবেৰে বীজাণুমুক্ত কৰি ল’ব লাগে।আনহাতে,কাঠফুলা খেতিৰ অন্যতম দিশ হ’ল নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ পৰা বীজ ক্ৰয় কৰা।নহ’লে অশেষ শ্ৰমেৰে গাঁটিৰ ধন ভাঙি কৰা মৰমৰ খেতিডৰাৰ পৰা আপুনি উপযুক্ত ফচল নাপাবও পাৰে।
লেখক: প্ৰসাদ দাস (নিয়মীয়া বাৰ্তা)
চৰকাৰী চাকৰিৰ বাবে আশা পালি বহি নাথাকি নলবাৰীৰ এজন যুৱকে ২০০৫ চনতে কম মুলধন খটুৱাই অধিক লাভৱান হোৱাৰ উপৰি মানুহক স্বাস্থ্যসন্মত সুস্বাদু খাদ্যৰ যোগান ধৰি আন পাঁচজন যুৱককো কৰ্মসংস্থাপন দি আদৰ্শ ৰাখিবলৈ সক্ষম হৈছে।নিজা উদ্যোগত ঘৰতে আৰম্ভ কৰা কাটঃফুলা খেতিৰে শেহতীয়াভাৱে বৃহৎ বজাৰ দখল কৰিবলৈ সক্ষম হোৱা যুৱকজন হৈছে জিলাখনৰে কেন্দুকুছিৰ মিতুল শৰ্মা।কৃষিভুমি অবিহনে অতি কম ধন বিনিয়োগ কৰি লাভৱান হ’ব পৰা খেতি হৈছে কাঠফুলা।
বছৰটোৰ প্ৰতি সময়তে উপলব্ধ হোৱাকৈ মিতুলে উইণ্টাৰ আয়ষ্টাৰ,পিংক আয়ষ্টাৰ ,মিল্কী মাশ্বৰুম,ব্লেক মাশ্বৰুম,চাজৰ কাজু আদি ভিন্ন প্ৰকাৰৰ কাঠফুলা উৎপাদন কৰি গ্ৰাহকক আকৰ্ষণ কৰাৰ লগতে নলবাৰী,বাকসা আৰু সীমামুৰীয়া কামৰুপ জিলাৰ অগণন গ্ৰাহকক লৈ এখন বৃহৎ বজাৰৰ সৃষ্টি কৰি আহিছে।মিতুলে ‘দৈনিক অসম’ক জানিবলৈ দিয়া মতে,কাঠফুলাৰ বাবে খেৰ আৰু পানীহে বেছি ব্যৱহৃত হয়।এয়া সম্পুৰ্ণ জৈৱিক পদ্ধতিৰ খেতি।খাদ্য হিচাপে কাঠফুলা মধুমেহ,হৃদৰোগ,ৰক্তচাপ আদিত যথেষ্ট উপাদেয়।তদুপৰি ই কলেষ্টৰেলযুক্ত।এইজন যুৱকে শেহতীয়াভাৱে বিনামুলীয়াকৈ ভালেসংখ্যক লোকক কাঠফুলাৰ প্ৰশিক্ষণ দিছে।মিতুলে এতিয়ালৈ চৰকাৰী কোনো সাহায্য পোৱা নাই।চৰকাৰী সহযোগিতা পালে মিতুলে নামনি অসমত প্ৰধানকৈ বৃহৎ কাঠফুলাৰ বজাৰ সৃষ্টি কৰাৰ ইচ্ছা মনতে পুহি ৰাখিছে।
লেখক: মনোজ শৰ্মা (দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 1/17/2023