ঘৰৰ জাবৰ জোথৰ, পেলনীয়া বস্তু আৰু আবৰ্জনাৰে অতি কম খৰচতে আৰু সহজতে নিজৰ বাৰীখনত পচন সাৰ তৈয়াৰ কৰি ল’ব পাৰি৷
পচন সাৰৰ গাঁতৰ কোনো ধৰা বন্ধা জোখ নাই যদিও (৬ ফুট) ১.৮ মিটাৰ দীঘল (৪ ফুট ) ১.২ মিটাৰ বহল আৰু ১.২ মি: (৪ ফুট) দ গাঁত এটা খান্দিলে তাৰ পৰা ১০০ ঘন ফুট (প্ৰায় ২ টন ) পৰিমাণৰ পচন সাৰ পোৱা যায় ৷বৰকৈ ৰ’দ নপৰা ওখ ঠাইত ওপৰুক্ত জোখৰ গাঁতটো (২ ফুট ৬০ চে: মি:) খান্দি এই খন্দা মাটিখিনি গাঁতটোৰ চাৰিওফালে ৪৫ চে: মি: (১.৫ ফুট ) আওলা ৰাখি চালি এখন দিব লাগে।
পচন সাৰৰ গাঁতত শষ্যৰ পেলনীয়া অংশ, গোহালিৰ আবৰ্জনা, বনবাত, তুঁহ আদি ১৫ চে: মি: (৬ ইঞ্চি) ডাঠকৈ সমানে ছতিয়াই গচকি দিব লাগে৷ শষ্যৰ অলাগতিয়াল অংশ, বনবাত আদি গাঁতত দিয়াৰ আগতে দুই এদিন ৰ’দত লেৰেলাই এৰাতি গোহালিত ছতিয়াই ল’ব লাগে৷ এনে কৰিলে আয়তনত কম হোৱাৰ উপৰিও ই জন্তুৰ মল-মূত্ৰ ধৰি ৰাখে৷ মেদেলুৱা, ধনচ্যা আদি সেউজীয়া সাৰৰ কোমল গছ দুই এডাল ইয়াৰ লগত মিহলাই দিলে বস্তুবোৰ সোনকালে পঁচিব৷ এই তৰপৰ ওপৰত ২.৫ চে: মি: (১ ইঞ্চি) ডাঠকৈ কেঁচা গোবৰ মেলি দি ২০ লিটাৰ (প্ৰায় দুই বাল্টি)পানী সমভাৱে ছটিয়াই দিব লাগে ৷ এই অনুক্ৰমে তৰপে-তৰপে গছ-গছনিৰ পেলনীয়া অংশ, জাবৰ-জোঠৰ গোবৰ আদিৰে গাঁতটো ওপৰি ভাগৰ পৰা ১৫ চে: মি: (৬ ইঞ্চি) ওখকৈ পুৰাই শেষৰ তৰপটোৰ মাজৰ অংশত বেছিকৈ জাবৰ-জোঠৰ দি কাছপিঠিয়াকৈ গোবৰ মাটিৰে লিপি ঢাকি দিব লাগে৷ প্ৰলেপটোত ফাঁট মেলিলে পুণৰ মাটিৰে বতাহ সোমাব নোৱাৰা কৰি দিব লাগে৷ প্ৰায় ৪-৫ মাহ মানত পচনসাৰ তৈয়াৰ হব৷
বিশেষ কেইটামান কথা
(১)পচন সাৰৰ গাঁতত পানী জমা নোহোৱা আৰু ছাঁ পৰা ওখ ঠাইত খান্দিব লাগে৷
(২)শষ্যৰ পেলনীয়া অংশ বিশেষ, জাবৰ জোথৰ আদিৰে তৰপ দিলেহে সোনকালে পঁচে৷
(৩)পচনসাৰৰ গাঁতটো মাটিৰে লিপি ঢাকি দিয়াৰ এমাহ মানৰ পিছত গোটেইখিনি বস্তু এবাৰ লুটিয়াই বগৰাই পুনৰ ঢাকি দিলে ভাল হয়৷
(৪)পচিব নোৱাৰা বা সহজে নপচা বস্তু যেনে: বাঁহ কাঠৰ অংশ, টিং, বটল, প্লাষ্টিকৰ মোনা আদি পচন সাৰৰ গাঁতত দিব নালাগে৷
বি: দ্ৰ: উত্তম মানৰ বিশিষ্ট চুপাৰ ডাইজেষ্ট কমপ’ষ্ট পাবলৈ হলে প্ৰতি তৰপ আৰ্বজনাৰ ওপৰত গোবৰ দিয়াৰ আগতে আঢ়ৈ কি: গ্ৰা: চুপাৰ ফচফেট বা সমানুপাতে ৰক ফচফেট (৮ টা তৰপত মুঠ ২০ কি: গ্ৰা:) আৰু ফুটছাই সমভাৱে ছটিয়াই দিব লাগে ৷ আনহাতে প্ৰতিতো তৰপৰ ওপৰত ১ কি: গ্ৰা: (মূঠ ৮ কি: গ্ৰা : ) চুপাৰ ফচফেট আৰু ফুটছাই প্ৰয়োগ কৰিও সৰ্বসাধাৰণ কৃষকে উৎকৃষ্ট মানৰ পচন সাৰ তৈয়াৰ কৰি ল’ব পাৰে৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।শেহতীয়া উন্নীতকৰণ: : 10/6/2018
জৈৱিক কৃষিত ব্যৱহৃত কেইবিধমান সাৰ আৰু কীটনাশকৰ বিষ...
জুলাই মাহৰ কৃষি দিহা