আলু এনে এবিধ পাচলি যাক টেঙা আৰু খাৰ দুয়ো ধৰণৰ ব্যঞ্জনৰ লগতেই খাব পাৰি৷ আলুক মুল্য সংযোজন কৰি চিপচ, আইচক্ৰীম আদিৰ ৰূপটো পৰিবেশন কৰা হয়৷ খ্ৰীষ্টপূৰ্ব ৮০০০-৫০০০ বৰ্ষৰ সময়ছোৱাত, পেৰু আৰু বলিভিয়াৰ কৃষকে পথাৰত উৎপাদন কৰিবলৈ আৰম্ভ কৰা আলুক পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বই আদৰি লয়৷ ষোড়শ শতিকাৰ মাজচোৱাত স্পেইনৰ পৰা ইউৰোপলৈ আমদানি হোৱা আলুক ইউৰোপে উপনিৱেশেৰে খোপনি পোতা অঞ্চল সমুহলৈ বিয়পাই দিয়ে৷ শ্বেতসাৰ যুক্ত আলু হ’ল,- ধান, ঘেহু আৰু মাকৈৰ পাছতে বিশ্বৰ সৰ্বাধিক উৎপাদিত শস্য৷ এক সমীক্ষামতে, বৰ্তমান চীনদেশত সৰ্বাধিক আলু উৎপাদিত হয় ; লগতে, ভাৰত আৰু চীনে মিলি বিশ্বৰ এক তৃতীয়াংশ আলু প্ৰতিবছৰে পথাৰৰ পৰা চপাই৷ আধুনিক কৃষি ইতিহাসৰ পাত মোকলালে পোৱা যায় যে,- প্ৰথমাৱস্থাত অনাদৃত আলু আয়াৰলেণ্ডবাসীৰ বাবে এসময়ত মুখ্য খাদ্যৰূপে বিবেচিত হৈ পৰে, কিন্তু দুৰ্ভাগ্যবশতঃ ১৮৪৫ চনত আলুখেতিক পাতপোৰা ৰোগে আক্ৰমন কৰাত, আয়াৰলেণ্ডত দুৰ্ভীক্ষৰ সুচনা হৈছিল৷ অলপ গাখীৰ বা মাখনৰ সৈতে অকল আলু ভক্ষণ কৰিলেই মানৱ দেহৰ বাবে প্ৰয়োজনীয় পুষ্টি পাব পাৰি৷ সেয়েহে আলুৰ গুৰুত্বলৈ লক্ষ্য ৰাখি, ৰাষ্ট্ৰ সংঘই ২০০৮ বৰ্ষক আন্তৰ্জাতিক আলু দিৱসৰূপে পালন কৰিছিল৷ আলু গছৰ পাত কাণ্ড আদিত “গ্লাইক’এলকেলইড” নামৰ এক বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে, অৱশ্যে সূৰ্যৰ পোহৰ পোনপটিয়াকৈ পৰিলেহে আলুৰ মানব খাদ্যাংশত এই ৰসায়ন সৃষ্টি হয়৷
এইবাৰ আলু খেতিৰ কৃষকৰ পৰা আলু সংৰক্ষণৰ বিষয়ক অনেক টেলিফ’ন আমালৈ আহিছিল, সেইবাবে কৃষকৰ সুবিধাৰ্থে অসম কৃষি বিশ্ব বিদ্যালয়ে আগবঢ়োৱা কেইটামান নিয়ম আমি এই আলোচনাত লিপিবদ্ধ কৰিলোঁ৷
(১)আলুৰ বীজৰূপে অকল মাত্ৰ পুৰঠ আলু গছৰ পৰা আলু সংগ্ৰহ কৰা উচিত৷
(২)বীজৰ বাবে ৫ৰ পৰা ১৫ গ্ৰাম ওজনৰ আলুক ঘৰৰ ভিতৰত সুন্দৰকৈ সংৰক্ষণ কৰিব পাৰি৷
(৩) খেতি চপোওৱাৰ পাছত আলুখিনিক ১০-১৫দিনলৈ শীতল জেগাত ৰাখি চাফা কৰি ৩ % বৰিক এচিডেৰে (মানে প্ৰতি কিলোগ্ৰাম আলুক ৩০ গ্ৰাম বৰিক এচিড) ৩০ মিনিট আৰু পাছত ০.২৫ % মেংকজেৱ দৰবেৰে (মানে প্ৰতি কিলোগ্ৰাম আলুক ২.৫ গ্ৰাম মেংকজেৱ) ২০ মিনিটৰ বাবে পৰিশোধণ কৰিব লাগে৷ এনে কৰাৰ পাছতহে বীজখিনিক চাঙত তুলি ৰাখিব লাগে৷
(৪) প্ৰতি কিলোগ্ৰাম আলুক ১.২৫ গ্ৰাম মালাথিয়ন ৫% পাউডাৰেৰে সানি ৰাখিলে হালুৱা পোক বা “পটেট’ টিউবাৰ মথ” নামৰ পোকৰ পৰা পৰিত্ৰান পাব পাৰি ৷ অৱশ্যে, মালাথিয়ন ব্যৱহাৰ কৰিলেও মাজে মাজে নিৰীক্ষণ কৰিব লাগে, কীটনাশকৰ গুণাগুণ নষ্ট হলে পোকে আক্ৰমণ কৰিব পাৰে৷
(৫) চাঙত ৰখা আলুৰ ক্ষেত্ৰত, শুকান নিম পাত বা ইউকেলিপ্টাচৰ পাতৰ এটা ৪ ছেঃমিঃ ডাঠ তৰপৰ ওপৰত আলু ৰাখি তাৰ ওপৰত আকৌ শুকান নিম পাতৰ বা ইউকেলিপ্টাচৰ পাতৰ এটা তৰপ এটা দিব লাগে, এনেকৈ তৰপে তৰপে আলু ৰাখি সংৰক্ষণ কৰিব পাৰি৷
(৬) প্ৰতিষেধক ব্যৱস্থা লোৱাৰ ওপৰিও, মাজে মাজে নিৰীক্ষণ কৰি পোক লগা দেখিলে তেনে আলু পৃথক কৰা উচিত ৷ সামৰ্থ্য অনুসৰি “পটেট’ টিউবাৰ মথ” নামৰ পোকৰ আক্ৰমন সঘনাই পৰিলক্ষিত হোৱা অঞ্চলত, আঠুঁৱাৰ ব্যৱস্থা কৰি পখিলাই ডিম্ব প্ৰসৱ কৰাৰ পৰা আলু ৰক্ষা কৰিব পাৰি৷
(৭) আগষ্ট মাহত কিছুমান গঁজালি ভাঙি দিলে আলুগুটি সোপোকা পৰাৰ পৰা ৰক্ষা কৰিব পাৰি৷
আধুনিক প্ৰযুক্তিবিদ সকলে, পাত পোৰা ৰোগৰ প্ৰতিৰোধী “ফৰচোনা” নামৰ জেনেটিকেলি মডিফাইড বা আনুবংশীয়ভাবে পৰিৱৰ্তিত সঁচ প্ৰস্তুত কৰিছে৷ ইয়াৰোপৰি, মনচেন্ট’ কোম্পানীয়ে “নিউ লিফ” নামৰ আলুৰ সঁচ উদ্ভাৱন কৰিছে, যি “কলৰাড’ পটেট’ বিটল” নামৰ পোকৰ আক্ৰমনৰ পৰা আলুক ৰক্ষা কৰে৷ সৌভাগ্যবশতঃ এই পোক এতিয়াও ভাৰতত সোমাব পৰা নাই৷
লিখকৰ পৰিচয়ৰুদ্র নাৰায়ণ বৰকাকতি
পতংগতত্ব বিশেষজ্ঞ
কৃষি বিজ্ঞান কেন্দ্র, গোলাঘাট
শেহতীয়া উন্নীতকৰণ: : 6/25/2020