আৰ্চেনিকাযুক্ত খোৱা পানীখিনিৰ জৰিয়তেই হওক বা উচ্চ আৰ্চেনিকাযুক্ত মাটি বা পানীত খেতি কৰা ধানকেইটাৰ পৰাই হোক-বিশ্বজুৰি কোটি কোটি মানুহ প্ৰতিদিনে আৰ্চেনিকৰ বহি হৈ আহিছে। এয়া কোনো নতুন কথা নহয়। মানৱ দেহত আৰ্চেনিকৰ দৰে বৰ বিহৰ প্ৰভাৱৰ ফলত বৃদ্ধি পাইছে কৰ্কটকে ধৰি বিভিন্ন হৃদৰোগ, স্নায়ুজনিত ৰোগ আদি। তৃতীয় বিশ্বৰ মানুহে ক’ব নোৱাৰাকৈয়ে চাউলৰ জৰিয়তে দীৰ্ঘদিন জুৰি এনেধৰণে আৰ্চেনিক সেৱন কৰি থকা ঘটনাত উদ্বিগ্ন হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে আন্ত:ৰাষ্ট্ৰীয় সংস্থা।
শেহতীয়াভাৱে যুক্তৰাষ্ট্ৰৰ লিচেষ্টাৰৰ ডি মন্টফোৰ্ট বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ড০ পাৰভেজ হেৰছি আৰু নটিংহামৰ বৃটিছ জিওল’জিকেল চাৰ্ভেৰ বিজ্ঞানী ড০ মিছেল ৱাটছৰ নেতৃত্বত কৃষি বিজ্ঞানীৰ এটা দলে অইন সাধাৰণ শ্ৰেণীৰ জাতৰ ধানৰ তুলনাত যথেষ্ট কম পৰিমাণে আৰ্চেনিকৰ মাত্ৰা থকা এবিধ সুগন্ধি ধানৰ সঁচ চিনাক্ত কৰিবলৈ সক্ষম হৈছে। এই নতুন ধানৰ সঁচটোৰ আন এক উল্লেখযোগ্য চৰিত্ৰ হৈছে ইয়াত থকা উচ্চমাত্ৰাৰ চেলেনিয়াম আৰু জিংক। গৱেষকৰ দলটোৰ এই সফলতাৰ কথা প্ৰকাশ পাইছে ‘বায়’মেডিকেল স্পেক্ট্ৰোস্ক’পি এণ্ড ইমেজিং’ শীৰ্ষক পত্ৰিকাত।
সমগ্ৰ বিশ্বৰ তিনি বিলিয়নতকৈও অধিক মানুহৰ বাবে ধান প্ৰধান খাদ্য শস্য।
আনহাতে খাদ্যশস্যসমূহৰ ভিতৰত ধানেই মাটি আৰু পানীৰ পৰা আটাইতকৈ অধিক পৰিমাণে আৰ্চেনিক শোষণ কৰে। ধানত আৰ্চেনিকৰ মাত্ৰা যথাসম্ভৱ কম কৰাৰ উদ্দেশ্যে চলোৱা এই গৱেষণাটোত উত্তৰ-পূৱ বাংলাদেশৰ চিলেট অঞ্চলক গৱেষণাৰ কেন্দ্ৰস্থল হিচাপে লৈ ৯৮ বিধ ধানৰ প্ৰজাতিৰ ওপৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলোৱা হৈছিল। উল্লেখ্যযোগ্য যে, চিলেট অঞ্চলৰ ভু-গৰ্ভস্থ পানীত থকা আৰ্চেনিকৰ পৰিমাণ কম। এই নতুন ধানৰ সঁচবিধক গৱেষকৰ দলটোৱে চিলেটি বুলি নামাকৰণ কৰিছে। এই ধানৰ সঁচবিধত থকা আৰ্চেনিকৰ পৰিমাণ দেশখনৰ অইন অঞ্চলত কৰি অহা একে ধৰণৰ ধানৰ সঁচতকৈ ৪০ শতাংশ কম। অকল সেয়াই নহয়, এই নতুন ধানবিধত থকা অত্যাৱশ্যকীয় মৌলৰ লগতে চেলেনিয়াম আৰু জিংকৰ পৰিমাণো যথেষ্ট বেছি বুলি কোৱা হৈছে। ‘এয়া যথেষ্ট গুৰুত্বপূৰ্ণ কথা যে, এই নতুন চাউলবিধে মানৱ দেহত আৰ্চেনিকৰ কু-প্ৰভাৱ দূৰ কৰাৰ উপৰিও শৰীৰত জিংক আৰু চেলেনিয়ামৰ দৰে অত্যাৱশ্যকীয় মৌলৰ যোগান ধৰিব। ইতিহাসত প্ৰথমবাৰৰ বাবে ইমান কম আৰ্চেনিকযুক্ত ধানৰ কথা লিপিবদ্ধ হ’ল সেয়া গৱেষণাটোৰ আন এক উল্লেখনীয় ঘটনা’।
উৎস: কৃষি বিভাগ, অসম
শেহতীয়া উন্নীতকৰণ: : 7/7/2020