অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইণ্ডিয়ান বেংকৰ ম’বাইল বেংকিং সেৱাসমূহ

ইণ্ডিয়ান বেংকে ম’বাইলত এই সেৱাসমূহ আগবঢ়াইছে:

  • একাউণ্টত বাহাল থকা ধনৰ পৰিমাণৰ অনুসন্ধান কৰিবলৈ
  • শেষৰ লেনদেনৰ সবিশেষ জানিবলৈ
  • ইছ্যু কৰা চেকৰ ধন মুকলিকৰণ অৱস্থাৰ বিষয়ে জানিবলৈ
  • নিজৰ একাউণ্টৰ ভিতৰত পূঁজি স্থানান্তৰ কৰিবলৈ
  • অন্য ইণ্ডিয়ান বেংক একাউণ্ট, ইণ্ডিয়ান বেংক ক্ৰেডিট কাৰ্ড একাউণ্ট আৰু অন্য বেংক একাউণ্টলৈ পূঁজি স্থানান্তৰ কৰিবলৈ৷
  • ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ স্বত্ব সাপেক্ষে, গ্ৰাহকে প্ৰতি দিনে 50,000/- টকালৈকে পূঁজি স্থানান্তৰ কৰিব পাৰে৷

ম’বাইল বেংকিং সেৱা পঞ্জীয়নৰ কাৰণে পদ্ধতি

ম’বাইল বেংকিং সেৱাৰ কাৰণে প্ৰয়োজনীয়তা

জিপিআৰএচ/জাভা সক্ষম ম’বাইল ফোন

সক্ষমতা

ম’বাইল বেংকিং সুবিধা থকা গ্ৰাহকে তাত্ক্ষণিকভাৱে নতুন জে2এমই(J2ME) ম’বাইল বেংকিং সুবিধা লাভ কৰিব পাৰিব৷ নতুন গ্ৰাহকে, যি এই সুবিধা লাভ কৰিবলৈ বিচাৰে,তেওঁ মূল শাখাত ম’বাইল বেংকিং সেৱা সক্ষম কৰিবলৈ অনুৰোধ কৰা উচিত আৰু তেতিয়া তেওঁ জে2এমই সুবিধা লাভ কৰিব পাৰিব৷

আবেদন ডাউনলোড

যেতিয়া গ্ৰাহকে তেওঁৰ ম’বাইলৰ যোগেদি “IndMobile” অনুৰোধ আমাৰ ম’বাইল বেংকিং সেৱাৰ নম্বৰ – 9444394443 লৈ প্ৰেৰণ কৰিব, তেতিয়া আবেদন ডাউনলোড কৰাৰ কাৰণে ইউআৰএল লিংক গ্ৰাহকৰ ম’বাইললৈ প্ৰেৰণ কৰা হ’ব৷ জে2এমই ম’বাইল বেংকিংৰ আবেদন বেংকৰ ৱেবচাইটৰ পৰাও ডাউনলোড কৰিব পাৰি৷

জে2এমই আবেদনৰ পঞ্জীয়ন

জে2এমই আবেদন ম’বাইল হেণ্ডচেটত স্থাপন কৰিবলৈ, গ্ৰাহকে আবেদন মুকলি কৰিব লাগিব আৰু পঞ্জীয়ন পদ্ধতি স্বয়ংক্ৰীয়ভাৱে আৰম্ভ হ’ব য’ত গ্ৰাহকে ম’বাইল নম্বৰ আৰু 4 টা সংখ্যাৰ এমপিআইএন প্ৰবিষ্ট কৰিব লাগিব৷ গ্ৰাহকে 6 টা সংখ্যাৰ আবেদন পত্ৰৰ পাছৱৰ্ড তেওঁৰ পচন্দ অনুযায়ী পঞ্জীয়ন কৰিব৷ এমপিআইএন, চিআইএফ আৰু ম’বাইল নম্বৰৰ সফল বৈধতাৰ ভিত্তিত, পদ্ধতিটোৱে পঞ্জীয়ন আৰু সংযোগী একাউণ্টৰ চিনক্ৰ’নাইজ আৰম্ভ কৰিব আৰু হিতাধীকাৰীৰ একাউণ্টলৈ যোগ কৰিব৷

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate