অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পান কাৰ্ড

পান কাৰ্ড

পান কাৰ্ড কি ?

পান অৰ্থাৎ পাৰমেনেণ্ট একাউন্ট নম্বৰ হল ১০ সংখ্যক একক উল্ফা-নিমিউৰিক সংখ্যা যিটো ভাৰতীয়  আয়কৰ বিভাগে জাৰি কৰে।এই পান কাৰ্ড দেশৰ নাগৰিক,প্ৰতিষ্ঠান সকলোৰে বিত্তিয় লেনদেনৰ বাবে অপৰিহাৰ্য

পান কাৰ্ড আহৰনৰ যোগ্যতা মাপকাঠি কি?

দেশৰ যিকোনো ভাৰতীয় নাগৰিক তথা ব্যক্তিগত প্ৰতিষ্ঠা,বিত্তিয় প্ৰতিষ্ঠান সকলোৱে এই পান কাৰ্ডৰ বাবে আৱেদন কৰিব পাৰে।

পান কাৰ্ড কোনে আবেদন কৰিব পাৰে?

দেশৰ যিসকল নাগৰিকে আয়কৰ জমা দিব লাগে তথা যিকোনো ব্যক্তি বা বিত্তীয় প্ৰতিষ্ঠান বিত্তিয় লেনদেনৰ লগত জড়িত হয় তেনে সকলো ব্যক্তি বা প্ৰতিষ্ঠানে পান কাৰ্ড থকাটো জৰুৰী।

পান কাৰ্ড কেনেকৈ আৱেদন কৰিব পাৰি?

যিকোনো ব্যক্তিয়েই আৱেদন পত্ৰ 49A পূৰন কৰি এই পান কাৰ্ড আৱেদন কৰিব পাৰি।এই পান কাৰ্ড লাভ কৰিবৰ বাবে যিকোনো ব্যক্তিয়েই অনলাইন যোগেও আৱেদন কৰিব পাৰে।এই সেৱা লাভ কৰিবৰ বাবে ওচৰৰ অৰুনোদয় কেন্দ্ৰৰ লগত যোগাযোগ কৰিব পাৰে।

পান কাৰ্ড আৱেদন পত্ৰ কত লাভ কৰিব পাৰি?

এই পান কাৰ্ড আৱেদন কৰিব বিচৰা যিকোনো ব্যক্তিয়েই 49A আৱেদন পত্ৰ যি আয়কৰ বিভাগৰ দ্বাৰা জাৰি কৰা  হয় তাক যিকোনো স্বীকৃত TIN-Facilitation Centers পৰা সংগ্ৰহ কৰি আৱেদন কৰিব পাৰে

পান কাৰ্ড আৱেদনৰ বাবে কি নথিপত্ৰৰ আৱশ্যক হয়?

নিম্ন উল্লেখিত নথিপত্ৰসূহ  পান কাৰ্ড আৱেদনৰ বাবে আৱশ্যক হয়:

পাচপোৰ্ট ফটো

  • ফটোকপি ঠিকনা প্ৰমানপত্ৰ।
  • ফটোকপি পৰিচয় প্ৰমানপত্ৰ।
  • ডিমাণ্ড ড্ৰাফট বা চেক ১০৭ টকাৰ মূল্যৰ মাচুল।

তলত উল্লেখিত যিকোনো এখন প্ৰমানমূলক প্ৰতিলিপিয়েই ঠিকনাৰ প্ৰমানপত্ৰ আৰু পৰিচয়মূকল প্ৰমানপত্ৰ হিচাপে পান কাৰ্ড আৱেদন পত্ৰৰ লগত গাঠি দিব লাগিব:

পৰিচয় প্ৰমানপত্ৰৰ বাবে:

  • বিদ্যালয় এৰাৰ প্ৰমানপত্ৰ
  • মেট্ৰিকৰ প্ৰমানপত্ৰ
  • ডিগ্ৰী বা কোনো শিক্ষামূলক প্ৰতিষ্ঠানৰ প্ৰমানপত্ৰ
  • বেংক একাউন্টৰ প্ৰমানপত্ৰ
  • পানীৰ মাচুল প্ৰতিলিপি
  • ভোটৰ প্ৰ্মানপত্ৰ
  • বাহন অনুজ্ঞাপত্ৰ
  • ৰেচন কাৰ্ড ইত্যাদি

ঠিকনামূলক প্ৰমানপত্ৰৰ বাবে:

  • বিদ্যুৎ মাচুল
  • টেলিফোন মাচুল
  • বেংক একাউন্টৰ প্ৰ্তিলিপি
  • চাকৰীৰ প্ৰমানপত্ৰ
  • ভোটৰ প্ৰমানপত্ৰ
  • বাহন চালনৰ অনুজ্ঞাপত্ৰ
  • ৰেচন কাৰ্ড ইত্যাদি

এই পান কাৰ্ড আৱেদনৰ বাবে প্ৰয়োজন হোৱা  49A আৱেদন পত্ৰৰ আহৰনৰ ক্ষেত্ৰত কিবা মূল্য ভৰিবলগিয়া হয় নেকী?

এই 49A আৱেদন পত্ৰ সম্পূৰ্ন বিনামূলীয়াকৈ NSDL-TIN website পৰা ডাউনলোড কৰিব পাৰি।ইয়াৰ উপৰিও যিকোনো TIN-Facilitation Centers পৰাও এই আৱেদন পত্ৰ সম্পূৰ্ণ বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰি।

পান কাৰ্ড আৱেদনৰ বাবে কি ধৰনৰ নথি পত্ৰৰ আৱশ্যক হয়?

পান কাৰ্ড আৱেদনৰ সময়ত নিম্ন উল্লেখিত নথি-পত্ৰ আৱশ্যক হয়-

পৰিচয়মুলক প্ৰমানপত্ৰ।

ঠিকনামূলক প্ৰমানপত্ৰ।

পান কাৰ্ড আৱেদন প্ৰপত্ৰৰ শেহতীয়া স্থিতিৰ বিষয়ে কেনেকৈ জানিব পাৰি?

যিকোনো নতুন পান কাৰ্ড আৱেদনকাৰী তেওঁৰ শেহতীয়া পান কাৰ্ড আৱেদন প্ৰপত্ৰৰ স্থিতিৰ বিষয়ে জানিবলৈ NSDL-TIN website গৈ তথ্য লাভ কৰিব পাৰিব।

যিকোনো ব্যক্তিয়েই এখনতকৈ অধিক পান কাৰ্ড অধিগ্ৰহন কৰিব পাৰিনে?

এখনতকৈ অধিক পান কাৰ্ড অধিগ্ৰহন কৰি ৰখাটো আইনমতে দণ্ডনীয়।ইয়াৰ বাবে দোষী ব্যক্তিক     ১০,০০০ টকালৈ জৰিমনা ভৰিব লগাত পৰিব পাৰে।

উৎস:

: NSDL

UTITSL

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate