আহোমৰ শাসন প্ৰণালীৰ ভালেমান বিশেষত্ব আছিল। এই শীষন যন্ত্ৰটোৰ মূখ্য নায়ক অন আছিল ৰজা নিজে। কিন্ত ৰাজকাৰ্য্যত তেওঁক তিনিজন গোহায়ে সহায় কৰিছিল। এই গোহাই তিনিজনক কেতবোৰ অঞ্চলৰ ভাৰ দিয়া হৈছিল আৰু সেই অঞ্চলবোৰত তেওঁলোক প্ৰায় সৰ্ব্বেসৰ্বা আছিল। কিন্ত ৰাজ্যখনৰ সাধাৰণ প্ৰশাসন নাইবা অন্য কোনো শক্তিৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত কিন্ত তেওঁলোক কেৱল পৰামৰ্শ দাতাহে আছিল। এইবোৰ ক্ষেত্ৰত গোহাই সকলৰ নিজস্ব মত নাখাটিছিল। আনহাতেদি, ৰজাই কেতবোৰ বিষয়, যেনে যুদ্ধ ঘোষণা নাইবা অন্য ৰাজ্য বা শক্তিৰ সৈতে সম্বন্ধ স্থাপনৰ ক্ষেত্ৰত গোহাই সকলৰ সৈতে পৰামৰ্শ কৰিব লাগিছিল। গোহাই সকলে ৰজা বুলি ঘোষণা নকৰালৈকে কোনোৰজাই ৰাজপাট আৰোহণ কৰিব নোৱাৰিছিল আৰু যদি কেনেবাকৈ কৰে তেন্তে সি আইন সঙ্গত নাছিল। অৱশ্যে আহোম শাসন প্ৰণালীৰ এনেবোৰ ব্যৱস্থাবলী কাৰ্য্য ক্ষেত্ৰত সময়ে সময়ে লৰচৰ নোহোৱাকৈ থকা নাছিল। দৰাচলতে, ৰজা সকলৰ ব্যক্তিগত চৰিত্ৰ আৰু প্ৰভাৱ ভেদে কেতিয়াবা গোহাইৰ লগত বিধি অনুসৰি থকা সম্বন্ধৰ তাৰতম্য চকুত পৰিছিল। ঠিক সেইদৰে গোহাই আৰু ৰজাৰ সম্বন্ধৰ ক্ষেত্ৰতো ব্যক্তি বিশেষে বেলেগ বেলেগ দৃষ্টান্ত চকুত নপৰা নহয়। যেনে প্ৰতাপ সিংহ নাইবা গদাধৰ সিংহ নাইবা ৰিদ্ৰসিংহই গোহাই সকলৰ ওপৰত বিশেষ নিৰ্ভৰ নকৰি নিজ ইচ্ছানুসৰি ৰাজকাৰ্য্য পৰিচালনা কৰিছিল। আনহাতেদি, তাৰ সম্পূৰ্ণ ওলোটাটো হৈছিল ছুদাইফা ল’ৰা ৰজা আৰু কমলেশ্বৰ সিংহৰ দিনত। এই তিনিজন ৰজাই ইজন নহ’লে সিজন গোহাইৰ হাতৰ পুতলা হিচাবেহে কালাতিবাহিত কৰিছিল। ৰজা উপযুক্ত গোসাই সকলে মিলিত ভাৱে তেওঁক সিংহাসনচ্যুত কৰিছিল বুলি বহুতে কয়। কিন্ত এই কথা কিমান দূৰ নিৰ্ভৰশীল জনা নাযায়। অৱশ্যে ছূৰাম্পা আৰু ছুত্যিনফাৰ ক্ষেত্ৰত এই দুয়ো জন ৰজাকে ৰজা ভঙাৰ সিদ্ধান্ত গোহাই সকলে যুটীয়া ভাৱে লোৱাৰ কথাটো মিছা নহয়। কিন্ত সৰহ ভাগ ক্ষেত্ৰতে কোনো নিৰ্দিষ্ট আইনমতে নগৈ একোজন গোঁহাই বা উচ্চ বিষয়াই গাইগুটীয়া ভাৱে ৰজাৰ বিৰোধীতা কৰৰ দৃষ্টান্তহে পোৱা যায়। সেয়ে কোনো এজন ৰজাৰ বিপক্ষে যাওঁতে বা ৰজা ভঙা পতা কৰোতে তিনি জন গোহায়েহে তেনে পন্থা ল’ব পাৰে বুলি থকা বিধানৰ কাৰ্য্য ক্ষেত্ৰত যে ব্যতিক্ৰম ঘটিছিল সি ধুৰুপ।
পুৰণি কালত আহোম ৰজা সকলে উত্তৰাধিকাৰীৰ সুত্ৰত ৰাজপাট লাভ কৰিছিল। ৰজাৰ বৰপুত্ৰ জন তেওঁৰ মৃত্যুৰ পিছত ৰাজপাটত বহিছিল। কিন্ত পিছলৈ সেই নিয়মৰ হেৰেফেৰ ঘটিছিল। কেতিয়াবা পুত্ৰৰ ঠাইত ভাতৃ সকলেও ৰাজপাট লাভ কৰা দেখা গৈছিল। ৰুদ্ৰসিংহৰ চৰিজন ভায়েকে ইজনৰ পিছত সিজন ৰজা হৈছিল। ৰুদ্ৰসিংহই তেওঁৰ মৃত্যু শয্যাত এনে নিৰ্দ্দেশ দিছিল বুলি জনা যায়। কেতবোৰ বিশেষ ক্ষেত্ৰত ওচৰৰ সম্বন্ধীয় লোকক এৰি ৰজাৰ দূৰ সম্বন্ধীয়া ভাই-ভতিজাক আনি সিংহাসন দিয়াৰ দৃষ্টান্তও আছিল। আগৰ ৰজা জনৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই কেতিয়াবা তেওঁৰ মনোনীত জনক ৰজ পতা হৈছিল। অৱশ্যে বহু সময়ত মৃত ৰজা জনে সঁচাকৈয়ে এনে ইচ্ছা প্ৰকাশ কৰিছিল আৰু কেতিয়া তেওঁ এইদৰে ভাবিছিল বুলি এনেয়ে দাবী কৰিও সিংহাসন দখল কৰাৰ ঘটনা নঘটা নহয়। কেতিয়াবা সিংহাসন প্ৰাৰ্থী সকলৰ নিজস্ব প্ৰভাৱ আৰু ক্ষমতায়ো ৰাজপাট দখলত সহায় কৰিছিল। কেতিয়াবা আকৌ প্ৰধান গোহাই কেইজনৰ সৈতে ভাল সম্বন্ধ থকা জনে গোহাই সকলৰ মত সাপেক্ষেহে ৰজা হোৱাৰ নিয়ম বুলি কৈ তেওঁলোকৰ সহযোগ আৰু সহায়ত সিংহাসন অধিকাৰ কৰিছিল।
প্ৰচলিত বিধান মতে তিনি জন প্ৰধান গোহায়ে ৰজা নিৰ্বাচনৰ সময়ত ৰজাৰ ওচৰ সম্বন্ধ প্ৰাৰ্থী জনক আওকাণ কৰি দূৰৈৰ সমন্ধ লোকক কেতিয়াও ৰজা নাপাতিছিল। অৱশ্যে এই বিধানৰো হেৰফেৰ নঘটা নহয়। কেতিয়াবা কোনো এজনক ৰজা ভাঙিলে সেই ৰজা জনৰ ওচৰ সম্বন্ধৰ লোকক সিংহাসন দিয়াটো বিপদ জনক বুলি দূৰ সম্বন্ধৰ কোনো এজেনকহে সিংহাসন দিয়া হৈছিল। আনহাতেদি, কোনো এজন গোহায়ে যেতিয়া নিজ ক্ষমতাৰ বলেৰে কাৰোবাক ৰজা পাতে তেন্তে তেওঁ অন্যান্য কথাতকৈ সাধৰণতে নিজ স্বাৰ্থৰ কথাহে ভাবিছিল। সেয়ে তেওঁ ৰজা বাচোতে এনে লোককহে বাচিছিল- যেয়ে ৰজা হৈ তেওঁক পৰাপক্ষত সধাৰণতে ৰজাই ভোগ কৰাৰ ক্ষমতা দান কৰিব। এনে ধৰণৰ ক্ষমতা লোভী এজন বৰবৰুৱাই ছুহুং আৰু গোবৰক ৰজা পাতিছিল। এই দুয়ো জনেই ভূতপূৰ্ব্ব ৰজাৰ ওচৰ সম্ভন্ধীয় লোক নাছিল। সেইদৰে ছুজিনফা আৰু ছুদাইফাক বুঢ়াগোহায়ে ৰাজপাট দিছিল। ছুলিকফা ৰজা হৈছিল বৰফুকনৰ অনুগ্ৰহতহে।
আহোমৰ প্ৰচলিত বিধান মতে ৰাজৰক্ত নহ’লে কোনোৱে সিংহাসন আৰোহণ কৰিব নোৱাৰিছিল। ৰজা জন হ’ব লাগিব পবিত্ৰ আৰু তেওঁৰ গাত কোনো ঘূণ থাকিব নোৱাৰিব। আনকি গাত খহুৰ দাগ থাকিলেও তেওঁ সিংহাসন প্ৰাৰ্থী হোৱাৰ যোগ্যতা হেৰুৱাব। সেয়ে বহুতো আহোম ৰজাই ৰাজপাটত উঠিয়েই ৰজা হ’বৰ গুণ থকা ৰাজ পৰিয়ালৰ লোক সকলক অঙ্গক্ষত কৰি ঘূণীয়া কৰিছিল। এইদৰে নিজৰ ৰাজপাট নিষ্কণ্টক কৰিবলৈ সাধাৰণতে এনে কোঁৱৰ সকলক ধৰি আনি কাণ কাটি দিয়া হৈছিল। বহুক্ষেত্ৰত আকৌ অমানুষিক ভাৱে চকুৰ মণি কঢ়াও দেখা গৈছিল।
ৰাজ অভিষেকৰ নিয়ম-নীতি বৰ দীঘলীয়া আছিল। ৰজাই ডিঙিত ছোমদেওৰ মূৰ্ত্তি ধাৰণ কৰি হাতত ৰাজ পৰিয়ালৰ হেংদাং লৈ মতা হাতীত উঠি চৰাইদেওলৈ গৈ এটা আঁহতৰ পুলি ৰুইছিল। ইয়াৰ পিছত ৰজা আৰু ৰাণী উভয়ে পাটঘৰত প্ৰৱেশ কৰিছিল। পাটঘৰত পুৰোহিতে তেওঁলোকৰ গালৈ মন্ত্ৰপুত পানী ছটিয়াইছিল। ইয়াৰ পিছত ৰজা আৰু ৰাণীয়ে চোলং ঘৰত নিজ নিজ আসন লৈছিল। চোলংঘৰটো বাহৰ চাঙৰ আছিল। এই চাঙৰ তলত এজন মীনুহ আৰু যিমান বিধৰ পাৰে সিমান বিধ জীৱজন্ত থোৱা হৈছিল। মন্ত্ৰ্পুত পানী ঢালি এই ঘৰটোতে ৰজা আৰু ৰাণীক গাধুওৱা হৈছিল। গাধোৱা পানীবোৰ চাঙৰ তলৰ মানুহটো আৰু জীৱজন্তৰ গাত পৰাৰ নিয়ম আছিল। এইদৰে গা পা ধুই পবিত্ৰ হৈ ৰজাৰাণী শিঙৰি ঘৰত উঠি সোণৰ সিংহাসনত বহিছিল। তাৰ পিছত নতুন মোহৰ মৰোৱা হৈছিল। ৰাজ্যৰ প্ৰধান বিষয়া আৰু অন্যান্য নেতৃত্ব স্থানীয় ব্যক্তিয়ে আহি নানা উপহাৰ আদি আগবঢ়াই ৰজাৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিছিল। ৰজাই তাৰ পিছত বিষয়া আৰু পুৰোহিত সকলক পুৰস্কাৰ বিতৰণ কৰিছিল। গধুলি পৰত ৰংৰইচৰ ব্যৱস্থা কৰা হৈছিল আৰু ৰজা নিজে তাত উপস্থিত থাকিছিল। ইয়াৰ পৰৱৰ্ত্তী ত্ৰিশ দিনলৈকে যি সকলে তেওঁৰ ৰাজ অভিষেকৰ দিন উপস্থিত থাকিব পৰা নাছিল, তেওঁলোকৰ পৰা নানা ধৰণৰ উপহাৰ আগবঢ়োৱা হৈছিল এনে ধৰণে উপহাৰ পাবলৈ ৰজাই বাঞ্ছা কৰিছিল। উপহাৰ দিওতা সকল আছিল কৰতলীয়া ৰজা নাইবা উচ্চ শ্ৰেণীৰ বিষয়া। ৰুদ্ৰ্সিংহৰ ৰাজপাট আৰোহনৰ আগতে ৰজাই শিঙৰি ঘৰত উঠাৰ আগেয়ে হেংদাঙেৰে একে ঘাপতে মানুহ এটা কটাৰ নিয়ম আছিল, ৰুদ্ৰসিংহই মানুহৰ সলনি ম’হ বলি দিয়াৰ প্ৰথা প্ৰৱৰ্তন কৰে।
যি দৰে আহোম সকলৰ দিনত নিৰ্দিষ্ট কোনো এটা পৰিয়ালৰ লোকেহে ৰাজপাটত বহিব পাৰে ঠিক সেইদৰে প্ৰত্যেক জন প্ৰধান গোহাইৰ পৰিয়ালৰ লোকেহে গোহাই হ’ব পাৰে। সাধাৰণতে গোহাই পদবোৰ আছিল বংশানুক্ৰমিক। দেউতাকৰ মৃত্যুত ডাঙৰ জন পুত্ৰ গোহাই নিযুক্ত হৈছিল। কিন্ত ইয়াৰ ব্যতিক্ৰমো নোহোৱা নহয়। ডাঙৰ জন ল’ৰাক গোহাই নাপাতি সেই পৰিয়ালৰ আন যি কোনো এজন লোককে ৰজাই গোহাই পাতিব পাৰিছিল। কিবা দিষক্ৰুটি পালে ৰজাই ইচ্ছা কৰিলে গোহাই পদ ভোগকাৰী এজনক বৰ্খাস্তও কৰিব পাৰে। আহোম ৰাজত্বৰ প্ৰাৰম্ভণীত গোহাই আছিল দুজন- বুঢ়া গোহাই আৰু বৰ গোহাই। দিহিঙীয়া ৰজাই আন এজন গোহাইৰ পদ সৃষ্টি কৰিলে। নতুন গোহাই জনক বৰপাত্ৰ গোহাই বুলিছিল। ৰজাই নিজৰ বৈমাত্ৰেয় ভ্ৰাতৃ এজনক এইদৰে বৰপাত্ৰ গোহাইৰ পদ দিছিল। এনে প্ৰত্যেক জন গোহাইক কেইবাটাও পৰিয়ালৰ ভাৰ দিয়া হৈছিল। এই পৰিয়াল বিলাক নিৰ্দিষ্ট গোহাই জনৰ তলতীয়া আছিল আৰু তেওঁলোকক আন কোনো চৰকাৰী কৰ্ম্মচাৰীয়ে খটুৱাব নোৱাৰিছিল।
ডেভিদ স্কটৰ মতে একোজন গোহাইৰ অধীনত ১০,০০০ পাইকে খাটিছিল। পইচাৰ হিচাবত এই পাইক সকলৰ কামৰ মূল্য ডেভিদ স্কটে বছৰি প্ৰায় ৯০,০০০ টকা হয়গৈ বুলি গণ্য কৰিছিল।
আহোম সকলৰ ৰাজ্যৰ পৰিসৰ বৃদ্ধি হোৱাত ৰজাৰ দয়িত্ব বাঢ়িল। পিছলৈ এই দায়োত্ব সমূহ কেতবোৰ বিষয়াৰ হাতত ভগাই দিয়াৰ কথা চিন্তা কৰা হ’ল। তাৰ ফলত বৰ বৰুৱা, বৰফুকন আদি পদৰ সৃষ্টি হ’ল। এই দুয়োটা পদ প্ৰতাপসিংহৰ দিনৰ পৰা আৰম্ভ হৈছিল। এই পদ উত্তৰাধিকাৰী সূত্ৰে পোৱাৰ নিয়ম নাছিল। নিৰ্দিষ্ট ১২ টা পৰিয়ালৰ যিকোনো এজনক এই পদ বোৰ দিয়া হৈছিল। অৱশ্যে প্ৰধান তিনিজন গোহাইৰ পৰিয়ালৰ লোকক এই পদত নিযুক্তি দিয়া নহৈছিল। তেনে কৰিলে গোহাই সকল অতি ক্ষমতাশালী হোৱাৰ সম্ভাৱনা থকা হেতুকে এনে ব্যৱস্থা লোৱা হৈছিল।
বৰ বৰুৱাই কৰ সংগ্ৰহ কৰিছিল ; ন্যায় বিচাৰৰ তদাৰক কৰিছিল। যুঁজৰ সময়ত সেনাপতিৰ ভাৰ বহন কৰিছিল। শদিয়াৰ পৰা কলিয়াবৰলৈকে যিবোৰ ঠাই গোহাই সকলৰ বাবে নিৰ্দিষ্ট অঞ্চলৰ বাহিৰত আছিল সেই ঠাইবোৰৰ চোৱা-চিতাৰ ভাৰ বৰবৰুৱাৰ ওপৰত পৰিছিল। বৰবৰুৱাৰ অধীনত থকা পাইকৰ সংখ্যা আছিল ১৪,০০০। কিন্ত এই পাইক সকলে ৰজা ঘৰটো খাটিৰ লাগিছিল। বৰ বৰুৱাই ভাৰপ্ৰাপ্ত অঞ্চলৰ পৰা সংগ্ৰহ কৰা মুঠ কৰৰ শতকৰা ৭ ভাগ ব্যক্তিগত খা-খৰচৰ বাবে পাইছিল। তদুপৰি বিভিন্ন অপৰাধৰ বাবে কৰা জৰিমনাৰ পৰাও বৰ বৰুৱাৰ শথেষ্ট আয় হৈছিল।
কলঙ নৈৰ পৰাও ব্ৰহ্মপুত্ৰ লৈকে বিস্তৃত ঠাই ডোখৰ বৰফুকনে প্ৰথমে পাইছিল। কিন্ত আহোমৰ ৰাজ্য বৃদ্ধি পালে। পশ্চিমৰ কেতবোৰ ঠাই আহোম ৰাজ্যৰ অন্তৰ্গত হ’ল। ইয়াৰ পিছত আহোমৰ শক্তিবৃদ্ধি হোৱাত কলিয়াবৰৰ পৰা গোৱালপাৰা লৈকে তেওঁৰ ক্ষমতা প্ৰসাৰিত হ’ল। গুৱাহাতী হ’ল তেওঁৰ প্ৰধান ঘাটি। ব ব্ৰুৱাতকৈ বৰফুকনৰ পদ এতিয়া অধিক ক্ষমটাশালী আৰু মানী হৈছিল। বিশেষকৈ ৰজাৰ পৰা আঙৰত গুৱাহাটি তেওঁৰ প্ৰধান কেন্দ্ৰস্থল হোৱাত তেওঁৰ শক্তি আৰু প্ৰসাৰিত হ’ল। এওঁৰ শাসনাধীন লোক সকলে তেওঁক ভয় কৰিছিল। তেওঁৰ বিৰুদ্ধে প্ৰজাই ৰজাৰ ওচৰত কোনো আবেদন নিবেদন নকৰাটোৱে তেওঁৰ ক্ষমতাৰ ইঙ্গিত দিয়ে। আহোম শাসন প্ৰণালী মতে মৃত্যুদণ্ড দিয়াৰ গৰাকী আছিল ৰজা। কিন্ত বৰ ফুকনে তিনি জন গোহাইৰ দৰে আৱশ্যক বোধ কৰিলে দোষী এজনক পানীত জুবুৰিয়াই মাৰিব পাৰিছিল।
সময়ে সময়ে আহোমৰ দিনত স্থানীয় প্ৰশাসক নিযুক্তি দিয়া হৈছিল। শদিয়াত আছিল শদিয়া খোৱা গোহাই। ১৫২৩ খৃঃত চুটীয়া সকলক পৰাস্ত কৰাৰ সময়ৰ পৰা এই পদটো সৃষ্টি হৈছিল। ধনশিৰি নৈৰ পশ্চিমত থকা নগা অধ্যুষিত অঞ্চলত আছিল মৰঙী খোৱা গোহাই। সলাল গোহাইৰ অধীনত আছিল নঁগাও আৰু চাৰদুৱাৰৰ অংশ বিশেষ। বৰ ফুকন গুৱহাটীলৈ যোৱাৰ পিছত ওপৰত উল্লেখিত অঞ্চল সমূহত সলাল গোহাইৰ প্ৰকোপ বৃদ্ধি পাইছিল। কাজলিমুখত কাজলি খোৱা গোহায়ে ১,০০ পাইক পাইছিল। চাৰিং আৰু তিপামৰ ৰজা দুজন ৰাজ পৰিয়ালৰ আছিল। চাৰিং ৰজাই সিংহাসন পাব পাৰিছিল আৰু এনে ক্ষেত্ৰত চাৰিং ৰজাৰ পিছতহে তিপাম ৰজা সিংহাসনৰ উত্তৰাধিকাৰী আছিল।
কোনো কোনো ঠাইত স্থানীয় ৰজা বা মূখীয়াল জনে আহোমৰ বশ্যতা স্বীকাৰ কৰিলে তেওঁক সেই ঠাইৰ শাসনৰ দায়িত্বতেই ৰখা হৈছিল। দৰং, ডমৰুৱা, ৰাণী, বৰদুৱাৰ, নোদুৱাৰ, বেলতলা আদিৰ ৰজা সকল এই শ্ৰেণীৰ ৰজা আছিল। তেওঁলোকে কৰকাটল সংগ্ৰহ কৰিছিল আৰু ন্যায় বিচাৰৰ প্ৰতি চকু দিছিল। কিন্ত কিবা কাৰণত আৱশ্যক হ’লে প্ৰজাই তেওঁলোকৰ আদেশৰ বিৰুদ্ধে বৰফুকন বাৰজাৰ ওচৰত আবেদন কৰিব পাৰিছিল। পৰ্ব্বতীয়া অঞ্চলৰ ৰজা বা শাসক সকলৰ ক্ষেত্ৰত কিন্ত এনে ব্যৱস্থা নাছিল। কৰতলতীয়া হলেও প্ৰশাসনৰ ক্ষেত্ৰত তেওঁলোক প্ৰায় স্বাধীন আছিল বুলিব পাৰি। বশ্যতা স্বীকাৰ কৰা ৰজা সকলে ৰজাই আহ্বান কৰিলে নিৰ্দিষ্ট পৰিমাণৰ লোকলৈ তেওঁৰ সাক্ষাতৰ বাবে অহাৰ নিয়ম আছিল। ৰাণীৰ ৰজাৰ বাহিৰে আন ৰজা সকলে বছৰি আহোমক কৰ দিব লাগিছিল। কৰ তলতীয়া ৰজা কসলৰ উত্তৰাধিকাৰী সূত্ৰে ৰজা হোৱাৰ অধিকাৰ আছিল। কিন্ত কিবা কথাত অসন্তষ্ট হ’লে আহোম ৰজাই কৰতলতীয়া ৰজাক বৰ্খাস্ত কৰিব পাৰিছিল।
ৰাজ্যৰ উচ্চ বিষয়া সকল সাধাৰণতে উল্লেখিত পোন্দৰতা পৰিয়ালৰ পৰা লোৱা হৈছিল। কিন্ত সামৰিক সেৱাৰ বাবে আহোমৰ বাহিৰেও আন উচ্চ শ্ৰেণীৰ লোকক নিযুক্তি দিয়া হৈছিল। তিনি-চাৰি যুগ ধৰি অসমত বসবাস কৰা বিদেশী লোককো সামৰিক বাহিনীত লৈছিল।
এই বিষয়া সকলৰ ভিতৰত আটাইতকৈ মৰ্য্যদাপূৰ্ণ পদ আছিল ফুকনৰ। ফুকন সকলৰ ভিতৰত ছয় জনক চৰুৱা ফুকন বুলিছিল। এওঁলোকে যুটীয়াভাৱে বৰবৰুৱাক শাসন কাৰ্য্যত সহায় কৰিছিল। তদুপৰি তেওঁলোক প্ৰত্যেকৰে নিজ নিজৰ দায়িত্বও আছিল। তেওঁলোকৰ এজনক নাৱৈ বৈচা ফুকন বুলিছিল ৰজাৰ নাওবোৰৰ দায়িত্বত থকা নৱৈ বৈচা ফুকনৰ তলত ১ হাজাৰ জন লোকে কাম কৰিছিল। আন আন ফুকন সকল হ’ল- ভিতৰুৱাল ফুকন, ন ফুকন, দিহিঙীয়া ফুকন, ডেকা ফুকন আৰু নেওগ ফুকন।
ঠিক একেদৰে বৰফুকনকো ৬ জন ফুকনে যুটীয়া ভাৱে সহায় কৰিছিল। যিকোনো গুৰুত্বপূৰ্ণ বিষয়ত তেওঁ এই ফুকন কেইজনৰ মতামত লবলৈ বাধ্য আছিল। পানী ফুকন আছিল এই ফুকন সকলৰ অন্যতম। তেওঁৰ তলত ৬ হাজাৰ পাইকে খাতিছিল। ডেকা ফুকনৰ পাইক আছিল ৪ হাজাৰ। বাকী চাৰি জন ফুকনৰ ভিতৰত আছিল দিহিঙীয়া ফুকন, নেক ফুকন আৰু চুটীয়া ফুকন। শেষৰ ফুকন পদত অধিস্থিত বিষয়াৰ সংখ্যা আছিল দুজন।
এই ফুকন কেই জনৰ উপৰিও আৰু এজন আছিল ন্যায় সোধা ফুকন। তেওঁ ৰজাৰ হৈ ন্যায় বিচাৰৰ ভাৰ বহন কৰিছিল। ইয়াৰ বাহিৰেও তেওঁলোকতকৈ নিম্ন খাপৰ কেইবা জনো ফুকন আছিল। তেওঁলোকৰ এজন আছিল পৰ্ব্বতীয়া ফুকন ; এওঁ আছিল এজন ব্ৰাহ্মণ আৰু তেওঁ ৰাণীক সোধ-পোচ কৰিছিল। তামুলী ফুকনে ৰাজ কাৰেঙৰ ফুলনিৰ তদাৰক কৰিছিল। নাওঁ-জাহাজৰ দায়িত্বত আছিল নাওচলীয়া ফুকন। ৰজাৰ সাজপাৰৰ সমুদায় চোৱা-চিতাৰ দায়িত্বত থকা জন চোলাধৰা ফুকন আৰু হিন্দু মন্দিৰ সমূহৰ তদাৰক কৰা জন হ’ল দেউলীয়া ফুকন। লগুৱা লিকচৌ আদিৰ দায়িত্বত থকা জন জলভাৰী ফুকন আৰু খাৰ-বাৰুদৰ কাৰখানাৰ অধ্যক্ষ জন হ’ল খাৰঘৰীয়া ফুকন।
ফুকনৰ তলৰ খাপৰ বিষয়া সকল আছিল বৰুৱা আৰু তেওঁলোকৰ সংখ্যা হ’ল একুৰি জন বা ততোধিক। ভাণ্ডাৰী বৰুৱাই ৰাজভৰালৰ দায়িত্বভাৰ লৈছিল। ৰজাৰ দোলা সমূঅহ্ৰ দায়িত্বত আছিল দুলীয়া বৰুৱা। মৃত্যুদণ্ড কাৰ্য্যকৰী কৰাৰ ভাৰপ্ৰাপ্ত বিষয়া জনক চাওদাড়িয়া বৰুৱা বোলা হৈছিল। ৰাজ্যৰ মুখ্য কাৰিকৰ আছিল খনিকৰ বৰুৱা। প্ৰধান সোণাৰী আৰু মোহৰ তৈয়াৰী কৰাৰ দায়িত্বত থকা জন সোণাধৰ বৰুৱা আৰু ৰাজপৰিয়ালৰ চিকিৎসক জন বেজবৰুৱা। হাতীৰ দায়িত্বত আছিল হাতী বৰুৱা আৰু ঘোঁৰাৰ দয়িত্বত ঘোঁৰা বৰুৱা।
ৰাজখোৱা পদ ভোগকাৰী কৰ্ম্মচাৰীৰ সংখ্যা আছিল ১২ জন। তেওঁলোকৰ উপৰিও ভালেমান, কটকী, কাকতি আৰু দলৈ আছিল। ৰাজখোৱা সকল ৩০০ পাইকৰ গৰাকী আছিল। তেওঁলোকে বৰ বৰুৱাৰ অধীনত কাৰ্য্য নিৰ্ব্বাহ কৰিছিল। সময়ে সময়ে ৰাজখোৱা সকলে জনহিতকৰ কাম-কাজৰ তদাৰকৰ দায়িত্ব পাইছিল। কেতিয়াবা আকৌ তেওঁলোকে গোচৰ শুনিবও লাগিছিল। বিদেশী ৰাজ্য বা পাহাৰীয়া জনজাতি সকলৰ সৈতে ৰজাৰ প্ৰতিনিধি হিচাবে কটকী সকলে দায়িত্ব বহন কৰিছিল। কাকতি সকল আছিল লেখক। দলৈ সকল আছিল জ্যোতিষ শাস্ত্ৰ বিশাৰদ আৰু কোনো বিশেষ কামৰ কাৰণে শুভ দিন-বাৰ তেওঁলোকে নিৰ্ণয় কৰিছিল।
উচ্চ শ্ৰেণীৰ বিষয়া, পুৰোহিত, উচ্চ বংশৰ লোক আৰু লগুয়া-লোকচৌৰ বাহিৰে পোন্ধৰৰ পৰা পঞ্চাশ বছৰ বয়সৰ আটাইবোৰ পুৰুষ প্ৰজাই ৰজা ঘৰত খাটিব লাগিছিল। তেওঁলোকক পাইক অৰ্থাৎ পদাতিক বোলা হৈছিল। আগেয়ে বঙ্গদেশতো পাইকৰ প্ৰচলন আছিল আৰু স্বাধীন মুছলমান ৰজা সকলৰ ৰাজ প্ৰাসাদৰ নিৰাপত্তা ৰক্ষাৰ ভাৰ তেওঁলোকৰ ওপৰত অৰ্পণ কৰা হৈছিল। চাৰি জন পাইকৰে একোটা গোটৰ সৃষ্টি হৈছিল। ৰাজেশ্বৰ সিংহৰ দিনত উজনি অসমৰ ক্ষেত্ৰত তিনি জন পাই কেৰে একোটা গোট কৰাৰ নিয়ম হয়। গোটৰ তিনিজন পাইকৰে এজনে ৰজা ঘৰে নিৰ্দিষ্ট কৰা কাম কৰিব লাগিছিল। তেওঁ এইদৰে পাইক খটাৰ সময়ত আন দুজন পাইকে তেওঁৰ খেতি-বাতি কৰি পাইক জনক খুৱাই-বোৱাই ৰাখিছিল। এনেদৰে তিনি জনে পাল পাতি পাতি পাইক খাটিছিল। যান্তিৰ সময়ত পাইক সকলক নানা জনহিতকৰ কামত খটুৱা হৈছিল। বিশেষকৈ উজনি অসমৰ পুখুৰী, খড়খাৱৈ আদি খন্দাৰ কাম এই লোক সকলেই কৰিছিল। আনহতেদি যুদ্ধৰ কালত গোটৰ দুজন আৰু আৱশ্যক হ’লে তিনিওজন পাইকে যুঁজ কৰিবলগীয়া হৈছিল।
পাইক সকলক কেতবোৰ ‘খেল’ত বিভক্ত কৰা হৈছিল। প্ৰত্যেকটো খেলৰ দায়িত্ব একোজন বিষয়াৰ ওপৰত ন্যস্ত আছিল। ২০ জন পাইকৰ খেলৰ দায়োত্বত বৰা, ১০০ জনৰ ওপৰত শইকীয়া আৰু ১০০০ জনৰ ওপৰত হাজৰিকা নিযুক্ত হৈছিল। ৩০০০ পাইকৰ ভাৰপ্ৰাপ্ত জন ৰাজখোৱা আৰু ৬০০০ জনৰ দায়িত্বত থকা জন আছিল ফুকন। সচৰাচৰ সামৰিক বহিনীৰ দৰে কৰ্ত্তব্য নিষ্ঠাৰে এই লোক সকলক দায়িত্ব ভাৰ পালন কৰা দেখা গৈছিল। উল্লেখযোগ্য যে পাইক সকলে প্ৰয়োজনবোধ কৰিলে এনে বিষয়া ভঙা পতাৰ ক্ষেত্ৰতো মাত মাতিব পাৰিছিল। কাক এনে বিষয়া নিযুক্ত কৰিব লাগে সেই বিষয়ে তেওঁলোকে মতামত দিব পাৰিছিল। ঠিক সেইদৰে কোনো এজন বৰাক বৰ্খাস্ত কৰাৰ বাবেও নিবদন কৰিব পাৰিছিল। প্ৰয়োজনানুসাৰে শইকীয়াৰ ক্ষেত্ৰতো একে ব্যৱস্থা লোৱাৰ অধিকাৰো তেওঁলোকে পাইছিল। কোনো কোনো ক্ষেত্ৰত আনকি হাজৰিকাৰ দৰে উচ্চ পদাধিকাৰীৰ বাবেও অনুৰুপ ব্যৱস্থা লোৱাৰ বিধান আছিল। পাইক সকলৰ এনে ক্ষমতাই তেওঁলোকক এই লোক সকলৰ হাতত নিকাৰ ভুঞ্জাৰ পৰা ৰক্ষা কৰিছিল।
উচ্চ শ্ৰেণীৰ বিষয়া সকলৰ মাজত ‘খেল’ সমূহ বিতৰণ কৰা হৈছিল। দৰমহাৰ ঠাইত তেওঁলোকে পাইকৰ ‘খেল’ পোৱাৰহে নিয়ম আছিল। আহোম ৰজা সকল লাহে লাহে হিন্দু ধৰ্ম্মৰ প্ৰতি আকৃষ্ট হোৱাত খেল সমূহৰ পৰা বহুবোৰ পাইক আনি মন্দিৰ বা ব্ৰাহ্মণৰ সেৱা সুশ্ৰুষাৰ কামত লগাইছিল। কিছুমান পাইকে টকা-পইচা দি পাইক খটাৰ পৰা অব্যাহতি লৈছিল।
গা-খাটি দিয়াৰ বিনিময়ত একোজন পাইকে একোজন পাইকে দুপুৰা (প্ৰায় তিনি একৰ) ৰুপিত মাটি ধান ৰুবৰ বাবে বিনা খাজনাই পাইছিল। যদি এজন পাইকে গা-খটাৰ প্ৰয়োজন নাথাকে তেন্তে তাৰ বাবে তেওঁ ২ টকা দিব লাগিছিল। দৰঙৰ বাহিৰে অন্যান্য ঠাইত পাইকক ১ টকাৰ বিনিময়ত থকা ঘৰ আৰু বাগিছা কৰিবলৈ বেলেগে মাটি দিয়া হৈছিল দৰঙত প্ৰতি পাকঘৰৰ পৰা ১ টকাকৈ কৰ লোৱা হৈছিল। ইয়াৰ বাহিৰেও কোনোবাই আৰু মাটি বিচাৰিলে ১ টকা বা ২ টকাৰ বিনিময়ত পূৰাকৈ মাটি দিয়া হৈছিল। এনে মাটি ৰজা ঘৰৰ আৱশ্যক নোহোৱা লৈকে এইদৰে পাইক সকলে বহু দিন ধৰি ভোগ কৰা দেখা গৈছিল।
ৰাজ্যৰ যিবিলাক মাটিত পানী উঠিছিল তেনে মাটিত বাহিৰৰ পৰা ৰায়ত আনি ৰাজহুৱাহৈছিল। এনেলোকক পমুৱা বোলা হৈছিল। পমুৱাই কোদালে প্ৰতি কৰ দিব লাগিছিল। পাহাৰ অঞ্চলৰ যিসকল জনজাতীয় লোকে কপাহৰ খতি কৰিছিল তেওঁলোকেও কোদালে প্ৰতি কৰ দিছিল। খেতিৰ বাহিৰে অন্য জীৱিকাৰ উপায় লোৱা লোকৰ ক্ষেত্ৰত কৰৰ পৰিমাণ বেছি আছিল। সোণ কঢ়া লোক আৰু পিতলৰ কাম কৰা সকলে ৫ টকা কৰ দিছিল। মাছমৰীয়া আৰু তেলৰ ব্যৱসায় কৰা সকলে দিছিল ৩ টকা। ধান ৰোৱা মাটিবোৰ সময়ে সময়ে পুনৰ বিতৰণ কৰা হৈছিল। কিন্ত থকা ঘৰৰ ক্ষেত্ৰত বংশানুক্ৰমে ঘৰবোৰ পাইক সকলে পাইছিল। কোনো কোনো বিষয়াক মাটিৰে পুৰস্কৃত কৰা হৈছিল বা মাটি দান দিয়া হৈছিল। এনে মাটিৰ ওপৰত তেওঁলোকে ব্যক্তিগত স্বত্ব আৰোপ কৰিব পাৰিছিল। তাৰ বাহিৰে ব্ৰাহ্মণ বা মন্দিৰ আদিত দান কৰা মাটিৰ ওপৰত যাক সেই মাটি দান কৰা হৈছে তেওঁ বা তেওঁৰ পৰিয়ালৰ লোকৰ স্বত্ব আছিল। এনে মাটি দান কৰাৰ সময়ত মাটিৰ লগতে পাইক দিয়াৰো নিয়ম আছিল। কেতিয়াবা লিগিৰি বিলাকক এন মাটিত খেতি বাতি আদি কামত খটুওৱা হৈছিল।
আহোম সকলে পিছলৈ হিন্দু আইন সমূহ গ্ৰহণ কৰিছিল। ব্ৰাহ্মণ সকলৰ প্ৰভাৱেই ইয়াৰ মূল কাৰণ। কিন্ত তাৰ আগেয়ে ৰাজ্য খনত পৰম্পৰা ভাৱে চলি অহা নীতি-নিয়মকেবোৰেই আইন আছিল। বিচাৰক সকলেও নিজৰ বুদ্ধি-বিবেচনাৰে ন্যায় বা অন্যায়ৰ মানদণ্ড ঠিক কৰিছিল। আহোমৰ শাসন কালত যৌথ পৰিয়ালৰ পচলন আছিল যদিও এনে পৰিয়াল সম্ভ্ৰান্ত বংশৰ ভিতৰতে সীমাবদ্ধ আছিল। অন্যান্য লোকৰ ক্ষেত্ৰত পিতৃৰ মৃত্যুৰ পিছতে পুত্ৰ সকলক দেউতাকৰ সা-সম্পত্তি ভগাই লোৱা দেখা গৈছিল। কন্যা সকলে পৈত্ৰিক সম্পত্তিৰ ভাগ নাপাইছিল। ফৌজদাৰী আইনৰ বিধান বৰ কঠোৰ আছিল। অঙ্গক্ষত, অঙ্গহানি, লো তপতাই শৰীৰত দাগ দিয়াকে আদি কৰি নৃশংস শাস্তি সমূহৰ প্ৰচলন আছিল। কোনোবাই কাৰোবাৰ শাৰীৰিক ক্ষতি কৰিলে ঠিক সম পৰিমাণ ক্ষতি পূৰণৰ বিধান আছিল অৰ্থাৎ চকু হানি কৰিলে চকু নাইবা দাঁত ভাঙিলে দোষী জনৰ দাঁত ভাঙি শাস্তি বিধান কৰা হৈছিল। বিদ্ৰোহী সকলে গুকতৰ শাস্তি পাইছিল। অনাহাৰে মৃত্যুদণ্ড, জীয়াই জীয়াই কুঠাৰেৰে ফলা, শূলত দিয়া আৰু ফাঁচীত ওলোমোৱা আদি শাস্তি তেওঁলোকে পাইছিল। এই কেউবিধ শাস্তিৰ ভিতৰত ফাঁচী দিয়াটোৱেই যথেষ্ট সন্মান জনক বুলি বিবেচিত হৈছিল। ফৌজদাৰী গোচৰ সমূহৰ কোনো বিৱৰণী ৰখা নহৈছিল। কিন্ত দেৱানী গোচৰৰ ক্ষেত্ৰত শুনানীৰ বিৱৰণ জয়ী দলক দিয়া হৈছিল।
ন্যায় বিচাৰৰ ভাৰ অৰ্পণ কৰা হৈছিল তিনি জনা গোহাই বৰবৰুৱা আৰু বৰফুকনৰ ওপৰত। তেওঁলোকে নিজ নিজ অঞ্চলত নিজে নাইবা তেওঁলোকৰ তলতীয়া বিষয়াৰ দ্বাৰা গোচৰ সোধাইছিল। কোনো গোচৰৰ ৰায় মনঃপুত নহ’লে আপীল কৰাৰ নিয়মো আছিল। তিনি জনা গোহাইৰ ওচৰত আপীল কৰিব পৰাৰ ব্যৱস্থা আছিল। বৰবৰুৱা আৰু বৰফুকনৰ ক্ষেত্ৰত ৰজাৰ ওচৰত আৱশ্যক হ’লে দ্বিতীয়বাৰ আপীল কৰাৰ ব্যৱস্থা ন্যায় সোধা ফুকনে ৰজাৰ হৈ এনে আপীল শুনিছিল। আদালত সমূহৰ সভাপতি সকলক কটকী, গণক আৰু পণ্ডিত সকলে বিচাৰ কাৰ্য্যত সহায় কৰিছিল। সাধাৰণতে সভাপতি জনে এই লোক সকলৰ মতামতক যথেষ্ট মূল্য দিছিল। মোৱামৰীয়াৰ বিদ্ৰোহৰ আগলৈকে আহোমৰ দিনৰ ন্যায় বিচাৰ খৰতকীয়া আৰু পক্ষপাতীত্বহীন আছিল।
ৰাজ্যৰ প্ৰধান বিষয়া সকলে তেওঁলোকৰ নিজস্ব নিজস্ব ভূমিত দাস বা লিগিৰাৰ দ্বাৰা খেতি-বাতি কৰিছিল। যুদ্ধবন্দী, পাহাৰীয়া জনজাতি সকলৰ পৰা কিনা লোক নাইবা তেওঁলোকৰ মাটিত পোহপাল যোৱা লোক সকল এনে শ্ৰেণীৰ ভিতৰত পৰিছিল। এনে ধৰণৰ দাস সমূহে পাইক খাটিব নালাগিছিল। তেওঁলোক আছিলবিষয়া সকলৰ ব্যক্তিগত সম্পত্তিৰ দৰে। দৰাচলতে পাইক বিলাকতকৈ দাস বিলাকৰ অৱস্থা বেচি ভাল আছিল। সেয়ে পাইক খটাৰ পৰা ৰক্ষা পাবলৈ বহু সময়ত কিছুমান পাইকে পলাই গৈ এন লোকৰ ঘৰত দাস হিচাপে কালাতিবাহিত কৰিছিল।
কেৱল যে বিষয়া সকলহে দাস ৰাখিব পাৰিছিল এনে নহয়। আন সম্ভ্ৰান্ত পৰিয়ালৰ লোকও দাস ৰাখি দাসবোৰৰ হতুৱাই ঘৰৰ যাৱতীয় কাম-কজ নাইবা খেতিৰ কাম কৰোৱা দেখা গৈছিল। ডেভিদ স্কটে অসমলৈ আহি কেৱল কামৰুপতেই ১২,০০০ দাস মুকলি কৰালৈ চাই সমাজত দাসৰ প্ৰচলনৰ বিষয়ে অনুমান কৰিব পাৰি। বহু সময়ত মানুহে টকা-পইচাৰ অভাৱত নিজকে দাস হিচাবে বন্ধক দিয়া দেখা গৈছিল। এনে লোকৰ বংশধৰ সকলেও সাধাৰণতে দাস হিচাবেই জীৱন নিৰ্ব্বাহ কৰিছিল। দাস কিনা-বেচাৰো প্ৰচলন আহোম সকলৰ দিনত নথকা নহয়। প্ৰাপ্তবয়স্ক দাস এজনৰ মুল্য আছিল ৩ টকা। এনে দাস জন ভাল জাতৰ হ’লে তেওঁৰ মূল্য ২০ টকা লৈকে বৃদ্ধি পাইছিল।
অভিজাত শ্ৰেণী আৰু সাধাৰণ প্ৰজাৰ মাজত সমাজিক ভেদাভেদ দিনে দিনে বৃদ্ধি পাইছিল কেৱল অভিজাত বা উচ্চ শ্ৰেণীৰ লোকেহে জোতা, ছাতি আৰু দোলা ব্যৱহাৰ কৰিব পাৰিছিল। অৱশ্যে ১ হাজাৰ টকাৰ বিনিময়ত সাধাৰণ প্ৰজায়ো দোলাত উঠাৰ অধিকাৰ পাইছিল। উচ্চ শ্ৰেণীৰ লোকে সোঁকান্ধত চাদৰ এখন জাপি লৈছিল। যদি সাধাৰণ লোকে এনেদৰে কান্ধত চাদৰ ল’ব খোজে, তেওঁ সেই খন সোঁ কান্ধত নলৈ বাওঁ কান্ধতহে ল’ব আৰিছিল। সাধাৰণ মানুহে পকী ঘৰ সজা মানা আছিল। ঘৰ বিলাকৰ শেষৰ অংশৰ আকৃতি ঘূৰণীয়া কৰিব নোৱাৰিছিল, কিন্ত ৰজা ঘৰ বিলাকৰ আগ ফাল আৰু পিচ ফালটো ঘূৰণীয়া আকাৰৰ কৰা দেখা গৈছিল। মূছলমান, মৰিয়া, কৈৱৰ্ত্ত আৰু হাৰি লোক সকলে দীঘল চুলি ৰাখিব নোৱাৰিছিল। বিশেষকৈ পিছৰ দুই শ্ৰেণীৰ লোকে কপালত যথাক্ৰমে মাছ আৰু বাঢ়নী অকাৰ নিয়ম আছিল।
ভাৰতৰ অন্যান্য ঠাইৰ দৰে আহোমৰ মুদ্ৰাৰ ওজনো এতোলা (এক আউন্সৰ ২/৫ ভাগ) বা ৯৬ ৰতি আছিল। আহোমৰ মুদ্ৰা সমুহৰ আকাৰ মন কৰিবলগীয়া। ঘূৰণীয়া হোৱাৰ পৰিৱৰ্ত্তে আহোমৰ মুদ্ৰা সমূহ আছিল আঠ কোণীয়া। যোগিনী তন্ত্ৰৰ মতে আহোমৰ ৰাজ্য খন আঠ কোণীয়া আৰু সেই মতেই বোধকৰো মুদ্ৰাৰো আকাৰ নিৰ্ণয় হৈছিল। আন আন বিষয়ত তেওঁলোকৰ মুদ্ৰাৰ সৈতে কোচ ৰজাৰ মুদ্ৰাৰ কেতবোৰ মিল চকুত পৰিছিল। আহোমৰ আটাইতকৈ পুৰণি মুদ্ৰাটো হ’ল ১৫৪৩ খৃঃৰ চুকালঙমুঙৰ ৰাজত্বৰ চতুৰ্থ বছৰত এই মুদ্ৰাটো তৈয়াৰী হৈছিল। ইয়াৰ পিছৰ প্ৰায় এশ বছৰ ধৰি কোনেও মুদ্ৰা তৈয়াৰ কৰা নাছিল। ইয়াৰ পিছতহে ৰজা সকলৰ অভিষেকৰ সময়ত মুদ্ৰা তৈয়াৰীৰ নিয়ম হৈছিল। তেনে মুদ্ৰাত নতুনকৈ ৰাজপাট পোৱা ৰজা জনৰ নাম লিখা হৈছিল। ৰুদ্ৰসিংহৰ দিনৰ পৰাহে যথাবিহিত ভাৱে টাকশালত এ তোলা পৰিমাণৰ মুদ্ৰাৰ বাহিৰেও ৪৮ আৰু ২৪ ৰতিৰ মুদ্ৰা তৈয়াৰ হৈছিল। ইয়াৰ পিছত শিৱসিংহৰ দিনত ১২ আৰু ৬ ৰতিৰ মুদ্ৰা ওলায়। গৌৰীনাথ সিংহৰ দিনত ৩ ৰতিৰ মুদ্ৰাৰো প্ৰচলন হয়। শিৱসিংহই সোণৰ মুদ্ৰা উলিয়াইছিল। তেওঁৰ পূৰ্ব্বে ছুকলেঙমুঙ আৰু উদয়াদিত্যৰ দিনতহে এনে মোহৰ মৰা হৈছিল।
ছুকলেঙমুঙৰ দিনৰ মুদ্ৰাৰ কাহিনী আছিল আহোম ভাষাৰ । জয়ধ্বজ সিংহ আৰু চক্ৰধ্বজ সিংহৰ মোহৰৰ কাহিনীবোৰ সংস্কৃত ভাষাৰ। এই পিছৰ দুয়ো বিধ মোহৰত বাংলা লিপি ব্যৱহৃত হৈছে। প্ৰমত্ত সিংহ আৰু বালেশ্বৰ সিংহই ৰাজপাট আৰোহণৰ সময়ত উলিওৱা মুদ্ৰাৰ কাহিনী আহোম ভাষাৰ। কিন্ত একে কেই জন ৰজাৰ পিছৰ মুদ্ৰা বোৰৰ কাহিনীৰ ভাষা সংস্কৃত। সেয়ে প্ৰথ বিধ মুদ্ৰা ৰাজপাট আৰোহনৰ সময়ত ‘মেডেল’ৰ দৰে বিতৰণৰ বাবে তৈয়াৰী হৈছিল বুলি বহুতে ভাবে। শিৱসিংহ বৰৰজা আৰু ৰাজেশ্বৰ সিংহই যথাক্ৰমে ১৭২৯ আৰু ১৭৫২ খৃঃত চাৰিচূকীয়া মুদ্ৰা উলিয়াইছিল। এনে মুদ্ৰাৰ কহিনী পাৰ্চী ভাষাত লিখা হৈছিল। ১৭৭০ খৃঃত লক্ষ্মী সিংহৰ দিনত উলিওৱা মুদ্ৰাৰ ভাষা আছিল সংস্কৃত ।
আহোম আৰু সংস্কৃত ভাষাত মুদ্ৰাত লিখা কাহিনীবোৰ প্ৰায় একে ধৰণৰ আছিল। মুদ্ৰাৰ এপিঠিত ৰজাৰ নাম আৰু মুদ্ৰা তৈয়াৰৰ তাৰিখ উল্লেখ কৰা হৈছিল। আনটো পিঠিত (ওলোটা ফালে) ৰজাৰ আৰাধ্য দেৱতাৰ নাম খোদিত আছিল। ছুকলেঙমুঙৰ দিনৰ মুদ্ৰাৰ কাহিনীৰ অনুবাদ এনে ধৰণৰ :-
ওপৰ পিঠি : মহাৰাজ ছুকলেঙমুঙ, পোন্ধৰ বছৰ (চক্ৰ)।
ওলোটা পিঠি : মই ৰজাই তাৰাক পূজা যাচিছো।
ওপৰুল্লেখিত চক্ৰ শব্দটোৱে জোভিয়ান চক্ৰৰ কথা বুজাইছে। এনে চক্ৰ একোটাত ষাঠি বছৰকৈ ধৰা হয়। হিন্দু সকলে এনে চক্ৰক বৃহস্পতি চক্ৰ বোলে। খৃঃ পূ: ২০০০ বছৰ আগেয়ে চীন দেশতো এনে চক্ৰৰ হিচাব আছিল বুলি জনা যায়।
সংস্কৃত ভাষাত লিখিত প্ৰচলিত মুদ্ৰাৰ নমুনা হিচাবে চক্ৰধ্বজ সিংহৰ দিনৰ মুদ্ৰালৈ আঙুলিয়াব পাৰি :
ওপৰ পিঠি : স্বৰ্গদেউ চক্ৰধ্বজ সিংহ শক ১৫৮৩ (১৬৬৩ খৃঃ)।
ওলোটা পিঠি : শিৱ আৰু ৰামৰ পদত অৰ্ঘ্য।
আহোম ভাষাত লিখা মুদ্ৰাত সাধাৰণতে ইন্দ্ৰৰ নাম আৰাধ্য দেৱতা হিচাবে পোৱা যায়। সংস্কৃতত লিখা মুদ্ৰাত শিৱ (কেতিয়াবা অকলে আৰু কেতিয়াবা শিৱ-পাৰ্ব্বতী)ৰ নাম উল্লেখিত থাকে। ভৰত আৰু সৰ্ব্বানন্দই ৰাজপাট আৰোহণ কৰি উলিওৱা মুদ্ৰাত শ্ৰীকৃষ্ণৰ নাম পোৱা যায়। (এই দুয়োজন ৰজা বৈষ্ণৱ আছিল)। থিক সেইদৰে ব্ৰজনাথ ৰজা হৈ যি মুদ্ৰা উলিয়াইছিল সেই মুদ্ৰাত ৰাধা আৰু কৃষ্ণৰ প্ৰতি শ্ৰ্দ্ধা তৰ্পণ কৰা হৈছে।
কোনো চুবুৰীয়া দেশৰ পৰা কটকী আহিলে তেওঁলোকে ৰাজ্যত সোমাবলৈ অনুমতি বিচাৰি সীমান্তত অপেক্ষা কৰাৰ নিয়ম আছিল। অনুমতি লাভ কৰিলে এনে কটকীক ৰাজধানীলৈ আনিবলৈ যান বাহনৰ ব্যৱস্থা কৰা হৈছিল। ৰাজধানীত প্ৰথম দিনা বৰ বৰুৱাই আৰু পাচৰ তিনি দিন তিনি জন গোহায়ে কটকীক ভোজ-ভাত খুৱাইছিল। ইয়ৰ পিছৰ চাৰি দিনো একে ধৰণৰ ভোজ ভাতৰ আয়োজন কৰি লগতে এই চাৰি জন বিষয়াই কটকীৰ আগমণৰ উদ্দেশ্য সম্বন্ধে বুজ লৈছিল। ইয়াৰ পিচ দিনা এজন বৰুৱা আহি কটকীক আহোম ৰজাৰ ওচৰলৈ নিছিল। ৰজাই কটকীক নানা বিধ উপহাৰ আগবঢ়াই তেওঁৰ আগমণৰ উদ্দেশ্য শুনিছিল। তাৰ পিছত কটকীয়ে নিজ ৰজা বা শাসন কৰ্ত্তাৰ পৰা অনা চিঠি ৰজাৰ ওচৰত অৰ্পণ কৰিছিল। ইয়াৰ পিছত নিজ ৰাজ্যলৈ উভটি নোযোৱালৈকে কটকীক ৰাজ ভৰালৰ পৰা সকলো যাৱতীয় খা-খৰচ যোগোৱা হৈছিল। কটকী সকলৰ প্ৰত্যাৱৰ্তনৰ কালত তেওঁলোকক আকৌ সীমন্ত লোকে আগবঢ়াই দিয়াৰ নিয়ম আছিল। আহোম কটকী সকলে অন্য দেশৰ কটকীক এইদৰে আগবঢ়াই দিয়াৰ নিয়ম আছিল।
আহোম ৰজা সকলৰ আহোম ভাষাৰ গ্ৰহণ কৰা নামৰ আগত ‘ছু’ আৰু শেষত ‘ফা’ শব্দৰ ব্যৱহাৰ হৈছিল। ছু মানে বাঘ, (নাইবা সিংহও হ’ব পাৰে) আৰু ফা মানে স্বৰ্গ। স্বৰ্গৰ পৰা অহা বাঘ (ছু-বাঘ, কা-অহা, ফা-স্বৰ্গ); ছুনেনেফা মানে স্বৰ্গৰ পৰা অহা ধুনীয়া বাঘ (নেন-ধুনীয়া); ছুপাত ফা মানে পাট কাপোৰৰ দৰে মিহি ধুনীয়া বাঘ (পাত-পাট কাপোৰ)আৰু ছুখ্ৰঙ্কা হ’ল স্বৰ্গৰ পৰা অহা খঙাল বাঘ (খ্ৰ্ং মানে খঙাল, ভয় লগা)। কোনো কোনো ক্ষেত্ৰত নামৰ শেষৰ আখৰটো ‘ফা’ নহয়। যেনে ছুহুঙ্মুঙ ‘বিখ্যাত দেশৰ বাঘ’ (হুং-বিখ্যাত, মুঙ-দেশ)। ৰজা সকলে লোৱা হিন্দু নামবোৰ কেতিয়াও দেওধানীয়ে দিয়া আহোম নাম্ৰ ভাঙনিহে আছিল। যেনে গদাধৰ সিংহৰ হিন্দু নামৰ ‘গদা’ আৰু আহোম নামৰ ‘পাট’ৰ অৰ্থ একে। অসমীয়া ‘ৰুদ্ৰ’ আৰু আহোম ‘খ্ং’ৰ অৰ্থও এক। বহুতে কয় যি আহোম ৰজাৰ নামৰ প্ৰথম শব্দ ‘ছু’ শান সকলৰ ‘চাউ’ শব্দৰ সৈতে একে আৰু সেয়ে এই শব্দটো ‘ছু’ নহৈ ‘চাউ’ হ’ব লাগিছিল। কিন্ত দৰাচলতে কথাটো তেনে নহয় যেন লাগে। ‘চাউ’ মানে হ’ল ডাঙৰ বাবৰ। আহোম সকলৰ দেউ (ঈশ্বৰ, দেৱতা) শব্দৰ সৈতে ‘চাউ’ শব্দটো তুলনা কৰিব পাৰি। আহোমৰ ক্ষেত্ৰত ছু শব্দ ব্যৱহাৰ কৰিও ‘চাউ’ শব্দটো ব্যৱহাৰ কৰা দেখা যায়। যেনে ছুনেণফাৰ মুদ্ৰাত তেওঁক চাউ ছুনেফা বুলি অভিহিত কৰা হৈছে। আহোম আৰু শান ভাষাৰ চাউ-ফা অৰ্থ অসমীয়া ভাষাত স্বৰ্গদেউ। সেইদৰে তিনি জন ডাঙৰীয়াই ব্যৱহাৰ কৰা গোহাই শব্দৰ অৰ্থও হ’ল চাউ অৰ্থাৎ ডাঙৰ। বোধকৰো গোহাই শব্দটো আচলতে গোসাইহে আছিল। আহোমে ‘স’ ক’ব নোৱাৰি ‘হ’ বুলি উচ্চাৰণ কৰিছিল আৰি পিছলৈ সেইদৰেই লিখিবলৈ লৈছিল। বৰ গোহাই শব্দৰ আহোম প্ৰতি-শব্দ হ’ল চাউথাওলুং (ঈশ্বৰ-পুৰণি-ডাঙৰ), বুঢ়া গোহাই হ’ল চাউফ্ৰাঙমুঙ (ঈশ্বৰ-বহল-পৃথিৱী) আৰু বৰপাত্ৰ গোহাই হল চাউছঙ্লুঙ (ঈশ্বৰ-পবিত্ৰ-ডাঙৰ)। সেইদৰে বৰবৰুৱা হ’ল ফুকেনলুং (পুৰুষ-মহৎ-ডাঙৰ), আৰু বৰ ফুকন আছিল ফুকনলুং (পুৰুষ-আদি-ডাঙৰ)।
অসম নামৰ উৎপত্তি সম্বন্ধে নানা জনে নানা মত দিছে। মুছলমান সকলৰ বিৱৰণীত অসম শব্দটো অশম (sh) আৰু ইংৰাজীত অছম (S) বুলি উল্লেখিত আছে। কোনো কোনো সূত্ৰ মতে অসম মানে হ’ল অসমান ভূমি বা অসমতল। পূৰ্ব্ব বংঙ্গৰ সমতল ভূমি ‘সমতাত’ৰ বিপৰীতে এই অসমতল ভূমি খণ্ডৰ ক্ষেত্ৰত ‘অসম’ শব্দটো ব্যৱহৃত হ’ব পাৰে বুলি তেওঁলোকে কৰা ধাৰণাটো কিমান দূৰ গ্ৰহণযোগ্য সি প্ৰশ্নাধীন। আহোম সকল অসমলৈ অহাৰ আগেয়ে ‘অসম’ শব্দৰ ব্যৱহাৰ ক’তো পোৱা নাযায়। আকৌ, কোচ ৰজাৰ বংশাৱলীত অসম শব্দটোৱে ৰাজ্যখন বুজোৱাৰ পৰিৱৰ্তে আহোম সকলকহে বুজাইছে। সেয়ে মোৰ মতে অসম শব্দটো আহোম শব্দৰ পৰাই উদ্ভৱ হৈছে। অৱশ্যে এই সম্বন্ধেও কিছু কথা আৰু জানিবলৈ পালে ভাল আছিল। আহোম সকলে নিজকে ‘টাই’ বুলিছিল। তেওঁলোকেনো নিজকে কেতিয়াৰ পৰা আহোম বুলিবলৈ ললে জনা নাযায়। কোওৱে আকৌ কয় যে আহোম শব্দটো শান ভাষাৰ পৰা অহা। অসমীয়াত শান শব্দটো শ্যাম বোলা হয়। কিন্ত শ্যাম বুলিলে অসমীয়া সকলে কিন্ত আহোমক নুবুজায়-শ্যামদেশ বা থাইলেণ্ডৰ লোককহে বুজায়। আহোম সূত্ৰ মতে কিন্ত অসম শব্দৰ মানে হ’ল অসমান। অৰ্থাৎ সমতুল্য যাৰ নাই সেয়ে অসম। আহোম সকলৰ প্ৰথম ৰজা ছুকাফাই এই খন ৰাজ্য জয় কৰি স্থানীয় জন জাতীয় মুখীয়াল লোক সকলৰ প্ৰতি কৰা সু-ব্যৱহাৰত মুগ্ধ হৈ তেওঁলোকে এই বিজয়ী সকলক অসম বুলিছিল। আহোম সকলে নিজে ‘অসম’ শব্দটো উলিওৱা যেন নালাগে। কিন্ত মন কৰিব লগীয়া যে আটাই কেউটা শব্দৰ মানে কিন্ত একেটাই। টাই মানে হ’ল পবিত্ৰ (চীন ভাষাতো ইয়াৰ একেটাই অৰ্থ) আৰু অসমীয়া অসম শব্দটোও একে অৰ্থত ব্যৱহৃত হ’ব পাৰে। থিক সেইদৰে স্বৰ্গদেও মানে হ’ল চাউফা আৰু গোহাই মানে হ’ল চাউ। যিদৰে গোসাই শব্দটো গোহাই হ’লগৈ থিক সেইদৰে ‘স’ৰ ঠাইত ‘হ’ হৈ অসমৰ ঠাইত অহম আৰু পিছলৈ আহোম হ’ল।
উল্লেখযোগ্য যে বৰ্ম্মী সকলে অসমক আধন আৰু উইথালি বুলিছিল। চীন সকলে বুলিছিল। উইচালি। মণিপুৰীয়ে টেকাউ বুলিছিল। ভান ডেন ব্ৰুককে আদি কৰি ইউৰোপীয় ভৌগোলিক সকলে বৰ নদীৰ উত্তৰ খণ্ডক কোচ হাজো আৰু পূব খণ্ডক কোচ হাজো বুলি উল্লেখ কৰিছিল।
অসম বুৰঞ্জী
শেহতীয়া উন্নীতকৰণ: : 5/4/2020
উন্নত চৌকাৰ নিৰ্মাণ প্ৰণালী
জৈৱিক সাৰৰ প্ৰস্তুত প্ৰণালী
অসমীয়া খাদ্য প্ৰণালীৰ সম্পৰ্কে কিছু আভাষ
নাৰিকলৰ বৰফি