ইতিহাসৰ সৈতে ভূগোলৰ ঘনিষ্ঠ সম্পৰ্ক আছে।সেইকাৰনে কোনো কোনো বুৰঞ্জীবিদে ভূগোল আৰু কালপঞ্জীক ইতিহাস ৰচনাৰ ক্ষেত্ৰত সূৰ্য্য আৰু চন্দ্ৰ বুলি মন্তব্য কৰিছে—“Sun and moon the right eye and the left eye of history”(Quoted from History of India by Sinha and Banerjee)প্ৰত্যোক দেশৰ ইতিহাসত গতি লক্ষ্য কৰিলে দেখা যায় যে সেইখন দেশৰ ইতিহাসৰ ওপৰত ভূগোলে বিশেষভাৱে প্ৰভাৱ পেলাইছে। সেইকাৰনে দাৰ্শনীক “বোদ্যাই বোডিন কৈছে যে ভূগোল আৰু পৰিৱেশৰ বিভিন্ন জাতিৰ ভাগ্য নিৰ্নয় কৰে।ভাৰতবৰ্ষৰ ক্ষেত্ৰত এইষাৰ কথা বিশেষভাবে প্ৰযোজ্য।অৱশ্যে Dr.Huntington আদিৰ দৰে পণ্ডিতে ইতিহাসৰ ওপৰত ভূগোলে প্ৰভাৱ পেলোৱা কথাষাৰ অতিশয়োক্তি বুলি কব খোজে।
হিমালয়ৰ প্ৰভাৱ
হিমালয়ৰ পৰ্বতমালা ভাৰতৰ উত্তৰ সীমাত অৱস্থিত।এই পৰ্বতখনে উত্তৰ সীমাত প্ৰহৰী হিচাপে থিয় দি থকাৰ কাৰনেই ১৯৬২ চনৰ চীনৰ আক্ৰমনৰ সময়লৈকে কোনো বিদেশীয়ে উত্তৰ সীমাই দি আহি ভাৰতবৰ্ষ আক্ৰমন কৰিব পৰা নাছিল।ভাৰতবৰ্ষত তিনিখন প্ৰ্ধান নদী—ব্ৰক্ষপুত্ৰ,গংগা,সিন্ধু হিমালয়ৰ বৰফগলা পানীৰে পৰিপূৰ্ন হৈ ভাৰতৰ মাটি সাৰুৱা কৰে।ভাৰত হৈ পৰে “সুজলা সুফলা শস্য শ্যামলা”।তদুপৰি দক্ষিন পশ্চিম মৌচুমী বতাহে হিমালয়ত ঠেকা খাই সমতলত বৰষুন হৈ পৰে।এইবোৰ কাৰনত বহুতো ভাৰতবৰ্ষক “হিমালয়ৰ দান” বুলি কয়।
নদ-নদীৰ প্ৰভাৱ
সাধাৰনতে পৃথিৱীৰ বিভিন্ন ঠাইৰ সভ্যতা নদীৰ পাৰত গঢ় লৈ উঠা দেখা হৈছিল।নীলনদীৰ পাৰত মিচৰীয় সভ্যতা,ট্ৰাইগ্ৰীচ আৰু ইউফ্ৰেটীচ নদীৰ পাৰত মেচোপেটেমীয়া সভ্যতা গঢ় লৈ উঠাৰ দৰে ভাৰততো সিন্ধুনদীৰ পাৰত সিন্ধুসভ্যতা,গংগানদীৰ পাৰত আৰ্য্যসভ্যতা,দক্ষিনৰ গোদাবৰী,কৃষ্ণা,কাবেৰী,তুংগভদ্ৰা নদীৰ উপত্যকাত দ্ৰাবিড় সভ্যতা গঢ় লৈ উঠিছিল।আনহাতেদি আকৌ ভাৰতৰ প্ৰধান নদ-নদী বিলাকৰ পাৰে পাৰে আহি বিদেশী আক্ৰমনকাৰীয়ে ভাৰত আক্ৰমন কৰিবলৈ সুবিধা পাইছিল।অৱশ্যে সিন্ধু নদী আৰু গ্ংগা নদীৰ পাৰৰ উৰ্বৰা অঞ্চল অধিকাৰ কৰি লবলৈ ভাৰতৰ ভিতৰৰ ৰাজবংশ বিলাকৰ মাজতো যুদ্ধ হৈছিল।উদাহৰনস্বৰুপে পাল-প্ৰতিহাৰ গুৰ্জৰ সকলে সাৰুৱা গ্ংগা উপত্যকা অধিকাৰ কৰি লোৱাৰ কাৰনেই নিজৰ মাজতে যুদ্ধ কৰিছিল।তেনেদৰে পল্লৱ আৰু চালুক্যসকলে আৰু পিছলৈ বাহমনী আৰু বিজয়নগৰ ৰাজ্যই কৃষ্ণা আৰু তুংগভদ্ৰা নদীৰ মাজৰ ৰায়চুৰ দোৱাৰ অধিকাৰ কৰি লবলৈ নিজৰ ভিতৰতে যুদ্ধ কৰিছিল।এই নদ-নদীবোৰৰ পাৰত পাটলিপুত্ৰ,বাৰানসী,কনৌজ আদিৰ ডাঙৰ ডাঙৰ চহৰবোৰ গঢ় লৈ উঠিছিল।তদুপৰি এই নদ-নদীবোৰ আছিল ভাৰতৰ প্ৰধান জলপথ আৰু এই নদীবোৰ থকাৰ কাৰনেই আন্তৰ্বানিজ্য আৰু বিশেষকৈ বৰ্হিবানিজ্য সম্ভৱ হৈছিল।
সমতলৰ প্ৰভাৱ
ভাৰতৰ ইতিহাসৰ ওপৰত সমতল অঞ্চলৰো প্ৰভাৱ দেখা যায়।সমতল অঞ্চলৰ প্ৰ্চুৰ পৰিমানে বৰষুন হয় কাৰনেই ভাৰত উৰ্বৰা হৈ পৰিছে।বৃক্ষ মৎস্য,খনিজ সম্পদে ভাৰতক সম্পদশালী দেশ হিচাপে গঢ়ি তুলিছে।কম পৰিশ্ৰমতে সমতল অঞ্চলত মানহে জীৱিকা অৰ্জন কৰিব পৰা হৈছে।সেইকাৰনে অৱশ্যে সমতল অঞ্চলত মানুহে কিছু কৰ্মবিমুখ হৈ পৰিছে।জীৱিকা উৰ্পাজনৰ কাৰনে কঠোৰ স্ংগ্ৰাম কৰিবলগিয়া হোৱা নাই কাৰনে শিল্প সাহিত্য দৰ্শনত মনোনিৱেশ কৰি পাৰদৰ্শিকতা দেখুওৱাৰ কাৰনে ভাৰতবাসীয়ে সুবিধা পাইছে।
বিন্ধ্যাপৰ্বত আৰু গিৰিপথৰ প্ৰভাৱ
ভাৰতবৰ্ষৰ মাজভাগতে বিন্ধ্যাপৰ্বত অৱস্থিত।উত্তৰ ভাৰত আৰু দক্ষিন ভাৰতৰ মাজতে বিন্ধ্যাপৰ্বত থকাৰ কাৰনে উত্তৰ পিনৰ পৰা দাক্ষিনাত্যত ৰাজ্যবিস্তাৰ কৰা বা সভ্যতা বিস্তাৰ কৰা সম্ভৱপৰ হৈ উঠা নাছিল।ইয়াৰ ফলত দাক্ষিনাত্যত দ্ৰাবিড় সভ্যতা স্বতন্ত্ৰ ৰুপত গড় লৈ উঠাৰ সুবিধা পাইছিল।অৱশ্যে বিন্ধ্যাপৰ্বতে সদায়েই দাক্ষিনাত্যতক বিছিন্ন কৰি ৰাখিব পৰা নাছিল।অৰ্য্যসকলে বিন্ধ্যা অতিক্ৰম কৰি দাক্ষিনাত্যত গৈছিল আৰু তাত আৰ্য্যসভ্যতা বিস্তাৰ কৰিছিল।আৰ্য্য সভ্যতা বিস্তাৰৰ ফলস্বৰুপে দক্ষিন পথো আৰ্য্যবৰ্ত্তৰ দৰেই ভাৰতৰ প্ৰধান অংগ হৈ পৰিছিল।পিছৰ যুগতো মৌৰ্য্য,গুপ্ত।খিলিজী,টোগলক আৰু মোগলসকলে দাক্ষিনাত্যত আধিপত্য বিস্তাৰ কৰিছিল।অৱশ্যে স্মিথে কোৱাৰ দৰে দাক্ষিনাত্যৰ পিনৰ পৰা কোনো ৰাজবংশই উত্তৰ ভাৰতত আধিপত্য বিস্তাৰ কৰিৱ পৰা নাছিল।হিমালয় পৰ্বতমালাই ভাৰতক মধ্য এচিয়াৰ পৰা বিছিন্ন কৰি ৰাখিছিল যদিও উত্তৰ-পশ্চিম আৰু উত্তৰ-পূৱ পিনে কিছুমান গিৰিপথ আছিল আৰু সেই গিৰিপথবোৰেইদিয়েই পূৱ এচিয়াৰ লগত ভাৰতৰ যোগাযোগ স্থাপন হৈছিল।
উত্তৰ-পশ্চিমে পিনে থকা গিৰিপথ যেনে-খাইবাৰ,বোলান,গোমাল,গিৰিপথেদি আৰ্য্য পাৰ্চিয়ান,মেচিডোনীয়,ব্যাকট্ৰীয়।শক,কুষান,হুনু,তুৰ্কী আফগান।মোগল আদি জাতি ভাৰতত প্ৰৱেশ কৰিছিল।উত্তৰ-পূৱ পিনে থকা গিৰিপথবোৰেদি বৌদ্ধধৰ্ম ভাৰতৰ পৰা গৈ মধ্য এচিয়াত প্ৰৱেশ কৰিছিল।উত্তৰ পূৱ পিনে থকা গিৰিপথবোৰেদী ম্ংগোলীয় গোষ্ঠীৰ মানুহ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিছিল।গিৰিপথবোৰেদিয়েই চীন তীব্বত আৰু ব্ৰ্ক্ষদেশৰ লগত যোগাযোগ স্থাপন হৈছিল।এই গিৰিপথবোৰেদি এচিয়াৰ সৈতে ভাৰতৰ বানিজ্যিক সম্পৰ্কও স্থাপন হৈছিল।
সামুদ্ৰিক প্ৰতিৱেশীৰ অভাৱ
ভাৰতৰ কোনো শক্তিশালী সামুদ্ৰীক প্ৰতিৱেশী অৰ্থাৎ ওচৰ-চুবুৰীয়াই নাছিল।সমুদ্ৰ্পথেদি আত্মৰক্ষাৰ কাৰনে প্ৰ্তিৰক্ষা কৰাৰ কথা ভাৰতে ভাৱিব লগা হোৱা ,নাছিল।সমুদ্ৰ পথেদি বানিজ্যিক যোগাযোগ স্থাপন হোৱাৰ উপৰিও সমুদ্ৰ পথেদি গৈ ভাৰতে ওচৰ চুবৰীয়া ৰাষ্ট্ৰ জাভা,সুমাত্ৰা,বালিবৰ্নিও,ইণ্ডোচীন আদি ঠাইত ভাৰতীয় ধৰ্ম সভ্যতা বিস্তাৰ কৰিছিল আৰু উপনিৱেশ স্থাপন কৰিছিল।সেইকাৰনে ভাৰতীয় সভ্যতা বিস্তাৰ হোৱা এই অঞ্চলাবোৰক “বৃহত্তৰ ভাৰত” বোলা হৈছিল।কিন্ত পিছলৈ পটুৰ্গীজ ফৰাচী আৰু ইংৰাজসকল সমুদ্ৰ পথেদি ভাৰতত প্ৰৱেশ কৰে আৰু ক্ৰমান্বয়ে ভাৰতবৰ্ষক ওপৰত প্ৰভাৱ বিস্তাৰ কৰে।ইংৰাজসকলৰ এটা শক্তিশালী নৌবাহিনী থকাৰ কাৰনেই পটুৰ্গীজ,ডাচ, আৰু ফৰাচী জাতিক হৰুৱাই আধিপত্য বিস্তাৰ কৰা ইংৰাজসকলৰ কাৰনে সহজ হৈছিল।ভাৰতে সুমাত্ৰা, জাভা, বালিবৰ্নিও আদি ঠাইত ভাৰতীয় উপনিৱেশ প্ৰতিষ্ঠা কৰাৰ ফলত দক্ষিন পূব এচিয়াৰ প্ৰতিৰক্ষাৰ প্ৰশ্নটো ভাৰতবৰ্ষৰ সৈতে জড়িত হৈ পৰিছিল।
বিভিন্ন যুগত বিভিন্ন জাতিৰ মানুহে ভাৰতত বসবাস কৰি আহিছে।শাৰীৰীক গঠন মূৰৰ খোলৰ গঠন আৰু অন্যান্য অংগ প্ৰত্যংগ আৰু ভাষাৰ ভিত্তিত ভাৰতৰ জনগোষ্ঠীক কেইবাটাও ভাগত ভাগ কৰা হৈছে:
আৰ্য্যগোষ্ঠী
আৰ্য্যগোষ্ঠীৰ আৰ্য্যসকল গৌৰবৰ্নৰ আছিল আৰু তেওঁলোক জোঙা নাকৰ আছিল।তেঁওলোক ওখ আছিল আৰু তেওঁলোকে সংস্কৃত ভাষা কৈছিল।
দ্ৰাবিড়গোষ্ঠী
দ্ৰাবিড়গোষ্ঠীৰ লোকসকলৰ গাৰ ৰঙ কলা আৰু কেকোৰাঁকেকুৰী চুলি আছিল। এওঁলোক বহল কপালৰ আৰু মজলীয়া উচ্চতাৰ আছিল। দ্ৰাবিড়গোষ্ঠীৰ লোকসকলে তামীল, তেলেগু, মালয়ালী আৰু কানাড়া ভাষা কৈছিল।এওঁলোকৰ বৰ্নমালা সংস্কৃত আৰু ব্ৰাক্ষী বৰ্নমালাতকৈ বেলেগ আছিল।
আদিবাসী জনগোষ্ঠী
এই গোষ্ঠীৰ লোকসকল চুটিচাপৰ অতি কলা বৰনৰ আৰু চেপেটা নাকৰ আছিল।এওঁলোক সাধাৰনতে পাহাৰ আৰু হাবি জংগলত থাকি ভাল পাইছিল।তেওঁলোকৰ লিপি নাছিল আৰু ভাষা আৰ্য্য আৰু দ্ৰাবিড় গোষ্ঠীৰ ভাষাৰ পৰা সম্পুৰ্ন বেলেগ আছিল।কোল,ভিল,মুণ্ডা, আদি জাতিৰ লোকসকল এই গোষ্ঠীৰ ভিতৰত পৰিছিল।
মংগোলীয় গোষ্ঠী
ম্ংগোলীয় গোষ্ঠীৰ লোকসকলৰ গাৰ বৰন হালধীয়া আছিল আৰু তেওঁলোকৰ ডাঢ়ি-গোফ নাছিল।তেওঁলোকৰ নাক চেপেটা,মুখ বহল আৰু গালৰ হাড় উঠা আছিল।তেওঁলোকে হিমালয়ৰ নামনিত আৰু অসমৰ পৰ্বতত বাস কৰিছিল।
পোনতে আদিম জনগোষ্ঠীৰ মানুহবিলাক ভাৰতৰ সকলো ঠাইতে বিয়পি আছিল।কিন্ত সিহততকৈ উন্নত দ্ৰাবিড় জনগোষ্ঠীৰ ওচৰত সিহত শৰনাপন্ন হবলগীয়া হৈছিল।সেইদৰে উন্নত মানৰ আৰ্য্য সকলৰ আগত দ্ৰাবিড় সকল তিষ্ঠিব পৰা নাছিল।উন্নত মানৰ সংস্কৃতি ধাৰন কৰা জনগোষ্ঠীৰ আগত আদিম জনগোষ্ঠীসমুহ তিষ্ঠি থাকিব নোৱাৰাটো এটা ঐতিহাসিক ঘটনা আৰু ইয়াৰ তাৎপৰ্য্য আছিল গভীৰ।ইয়াৰ ফলত আদিম জনগোষ্ঠীৰ কিছুমান নি:ছিন্ন হৈ গৈছিল।কিছুমান বিজিতসকলৰ সম্পূৰ্ন অধীন হৈ পৰিছিল।।কিছুমান আকৌ গৈ হাবিয়ে জংগলে থাকিবলৈ লৈছিল আৰু সেইবোৰেই কিছু পৰিমানে আদিম স্ংস্কৃতি ভাষা আদি জীয়াই ৰাখিবলৈ সক্ষম হৈছিল।
ভাৰতত বসবাস কৰা আধিবাসীসকলক দুটা ভাগৰ ভাগ কৰা হৈছে।এটা হৈছে প্ৰত্নপ্ৰস্তৰ যুগ আৰু আনটো হৈছে নৱপ্ৰস্তৰ যুগ।প্ৰত্নপ্ৰ্স্তৰ যুগৰ মানুহে কোৱাৰ্ট ঝইট নামৰ এবিধ শিলেৰে অস্ত্ৰ-শস্ত্ৰ নিৰ্মান কৰিছিল।সেইকাৰনে ভাৰতৰ প্ৰত্নপ্ৰস্তৰ যুগৰ মানুহ বিলাকক “Quart zite men” বুলি কোৱা হৈছিল। প্ৰত্নপ্ৰস্তৰ যুগৰ মানুহবিলাকৰ কৃষিৰ জ্ঞান মুঠেও নাছিল আৰি সিহতে জন্তৰ মাংস খাই জীৱন নিৰ্বাহ কৰিছিল। জুইৰ ব্যৱহাৰৰ সিহতে নাজিনিছিল আৰু মাটিৰ পাত্ৰ ব্যৱহাৰ কৰাৰ কথাও জনা নগৈছিল।নৱপ্ৰস্তৰ যুগৰ মানুহবিলাকেও শিলৰ সৰঞ্জাম কৰিছিল আৰু সোনৰ ব্যৱহাৰৰ জানিছিল।কিন্ত এওঁলোকৰ শিলৰ সজুলিঁবোৰ প্ৰস্তৰ যুগৰ মানুহৰ সজুলিঁতকৈ বেছি মিহি,ঘুৰনীয়া আৰু দীঘল খোলনিৰ। প্ৰত্নপ্ৰস্তৰ যুগ আৰু নৱপ্ৰস্তৰ যুগৰ শিলৰ সজুলিবোৰৰ মাজৰ পাৰ্থক্য দেখিলেই ধৰিব পৰা বিধৰ আছিল।নৱপ্ৰস্তৰ যুগৰ সভ্যতা প্ৰস্তৰ যুগৰ সভ্যতালৈ উন্নত আছিল।নৱপ্ৰস্তৰ যুগৰ মানুহে ফল-মূল আৰু শস্যৰ খেতি কৰিব জানিছিল।তেওঁলোকে গৰু ছাগলী,পুহিছিল আৰু চাকত মাটিৰ চাকি তৈয়াৰ কৰিব জানিছিল।তেওঁলোকে গুহাত বাস কৰিছিল আৰু গুহাৰ বেৰত চিকাৰ আৰু নৃত্যৰ ছবিঁ আঁকিছিল।মাটিৰ পাত্ৰবোৰ ৰঙবিৰঙৰ সজাইছিল। তেওঁলোকে উল আৰু কাপোৰ বব জানিছিল।মৰাশবোৰ তেওঁলোকে পুতি থিছিল আৰু তাৰ ওপৰত মৈদাম নিৰ্মান কৰিছিল।সেই মৈদামবোৰক “দলমেনচ”বুলি কোৱা হৈছিল।
প্ৰত্নপ্ৰ্স্তৰ আৰু নৱপ্ৰস্তৰ যুগক প্ৰাক-ঐতিহাসিক যুগ বুলি ,কোৱা হৈছিল।কাৰন কেৱল শিলৰ সজুলিঁ আৰু গুহাত অকাঁ ছবিবোৰৰ বাহিৰে সেই সময়ৰ বিষয়ে জানিবলৈ অন্য তথ্য পাতি নাছিল যিটো যুগত মানুহে ধাতুৰ ব্যৱহাৰ বিশেষকৈ তামৰ ব্যৱহাৰ শিকিলে সেইটো যুগক তাম্ৰযুগ বুলি কোৱা হয়। এই যুগত দৈনন্দিন ব্যবহাৰৰ সঁজুলি আৰু অস্ত্ৰ শস্ত্ৰ মানুহে শিলৰ পৰিৱৰ্তে তামেৰে নিৰ্মান কৰিবলৈ ললে। ইয়াৰ পিছত মানুহে লোহাৰ ব্যবহাৰ শিকিলে আৰু শিলৰ পৰিৱৰ্তে লোহাৰে সঁজুলি নিৰ্মান কৰিবলৈ ললে।গতিকে সেই যুগটোক লৌহযুগ বুলি কোৱা হয়।কিন্ত মন কৰিবলগীয়া কথা যে উত্তৰ ভাৰতত প্ৰস্ত্ৰযুগৰ আৰু লৌহযুগৰ মাজত তাম্ৰযুগ আছিল যদিও দক্ষিন ভাৰতত প্ৰস্তৰ যুগৰ পৰা লৌহ যুগলৈ উত্তৰ্ন হোৱা দেখিবলৈ পোৱা হৈছিল।মাজত তাম্ৰযুগৰ চিন পোৱা হোৱা নাছিল।তাম্ৰযুগ আৰু লৌহযুগৰ আৰম্ভ হোৱাৰ লগে লগে ঐতিহাসিক যুগৰ আৰম্ব হল বুলি কোৱা হয়।যিকি নহকও সিন্ধুনদী সভ্যতা আছিল তাম্ৰযুগৰ সভ্যতা আৰু ই ক্ৰমাৎ সিন্ধু উপত্যকাৰ পৰা অন্যান্য অঞ্চললৈকে বিস্তৃত হৈ গৈছিল।
দ্ৰাবিড়সকল ভাৰতৰ এটা আদিম জাতি বৰ্তমান দক্ষিন ভাৰতৰ তামিল তেলেগু কানাড়ী,মালায়ালম ভাষা কোৱা লোকসকল দ্ৰাবিড় জাতিৰ লোক বুলি কোৱা হয়।কোনো কোনো ঐতিহাসিকে বৈদিক যুগৰ স্ংস্কৃত ভাষাৰ লগত দ্ৰাবিড়ৰ বৈশিষ্ট আছে বুলি কৈছে।যি কি নহকও দ্ৰাবিড় সকল ভাৰতৰ ভিতৰৰ জাতিয়েই নে তেওঁলোক ভাৰতলৈ বাহিৰৰ পৰা আহিছিল সেই বিষয়ে মত পাৰ্থক্য আছে। কোনো কোনো ঐতিহাসিকে কব খোজে যে দ্ৰাবিড় সকল ভাৰতৰ আদিম আধিবাসীসকলৰ বংশধৰ আৰু দ্ৰাবিড় সংস্কৃতি প্ৰাক দ্ৰাবিড় স্ংস্কৃতিৰ এটা ধাৰাবাহিক ৰুপহে মাথোন।আনহাতেদি দ্ৰাবিড় আখৰ “ভেট্ৰেলুট্ৰু”ৰ কথালৈ আঙুলিয়াই দি বহুতে কব খোজে এই আখৰটো চেমিটিক আৰ্থাৎ চুমেৰীয়াৰ আখৰ আৰু তাৰ ওপৰতে নিৰ্ভৰ কৰি আৰু লগতে চুমেৰীয়া আৰু দ্ৰাবিড়সকলৰ মাজত থকা জাতিগত সাদৃশ্যৰ কথা লক্ষ্য কৰি তেওঁলোকে কব খোজে যে দ্ৰাবিড় সকল পশ্চিম পিনেদি বেলুচিস্তান হৈ ভাৰতবৰ্ষত আক্ৰমন কৰিছিল।দ্ৰাবিড়সকলৰ উৎপত্তি সম্পৰ্কে এই ক্ষেত্ৰত আৰু এটা মন কৰিবলগিয়া কথা হল যে বেলুচিস্থান “ব্ৰাহুই” নামৰ এটা ফৈদে কোৱা ভাষাৰ লগত দ্ৰাবিড় সকলে কোৱা ভাষাৰ সাদৃশ্য আছে।এইষাৰ কথাই দ্ৰাবিড়সকলৰ বেলুচিস্থান হৈ বাহিৰৰ পৰা ভাৰতলৈ অহা কথাবোৰ কিছু পৰিমানে সমৰ্থন কৰে।কিন্ত দ্ৰাবিড় সকল ভাৰতৰ আদিম জাতি বুলি ভবাসকলে কব খোজে দ্ৰাবিড় সকলৰ জনস্ংখ্যা বৃদ্ধি পোৱাত তেওঁলোকৰ কিছুমান গৈ বেলুচিস্থান বসবাস কৰিছিলগৈ।গতিকে এই বিষয়ত সঠিকভাবে একো জনা নাযায়।দ্ৰাবিড়সকল এটা সুসভ্য জাতি আছিল। তেওঁলোকে ধাতুৰ ব্যৱহাৰ জানিছিল।তেওঁলোকে নিৰ্মান কৰা ধুনিয়া ধুনিয়া মাটিৰ পাত্ৰবোৰ তেওঁলোকৰ সৌন্দৰ্য্য জ্ঞানৰ পৰিচয় দিছিল।তেওঁলোকে গৃহনিৰ্মান আৰু দুৰ্গনিৰ্মান কামতো পাকৈত আছিল। তেওঁলোকে নিৰ্মান কৰা গৃহ আৰু দুৰ্গৰ উল্লেখ বৈদিক সাহিত্যত আছে। কৃষিৰ ক্ষেত্ৰত দ্ৰাবিড় সকল সমৃদ্ধিশালী আছিল আৰু তেওঁলোকে জলসিঞ্চন প্ৰনালীৰে পথাৰলৈ পানী যোগান ধৰিছিল।সাগৰ পাৰ হৈ তেওঁলোকে ব্যৱসায় বানিজ্যও কৰিছিল।ভালেমান ক্ষেত্ৰত দ্ৰাবিড় সভ্যতা আৰু আৰ্য্য সভ্যতাৰ পাৰ্থক্য আছিল। দ্ৰাবিড় সমাজখন আছিল মাতৃপ্ৰধান।আৰ্য্যসমাজ আছিল পুৰুষ প্ৰধান। দ্ৰাবিড়সকলে মাতৃদেৱীক আৰু বিবিধ ৰাক্ষক পূজা কৰিছিল আৰু নৰবলি দিছিল। দ্ৰাবিড় সকলৰ মাজত জাতিভেদ প্ৰথা নাছিল।অৱশ্যে আৰ্য্য আৰু দ্ৰাবিড় সকলৰ মাজত থকা এনে ধৰনৰ পাৰ্থক্য কালক্ৰমত বহুতখিনি নাইকিয়া হৈ যায়।দক্ষিন ভাৰতত আৰ্য্য সকলৰ সম্প্ৰসাৰনৰ লগে লগে দ্ৰাবিড় আৰু আৰ্য্য সকলৰ স্ংমিশ্ৰন হোৱাৰ ফলত তেওঁলোকৰ মাজত থকা বিভিন্নতাবোৰ লাহে লাহে নাইকীয়া হৈ যায়।বৰঞ্চ জ্ঞাতে আৰু অজ্ঞাতে দ্ৰাবিড় সকলৰ ধৰ্মবিশ্বাস ভাষা সংস্কৃতি আৰ্য্যসকলৰ মাজত সোমাই পৰে।স্মিথে কৈছে যে আৰ্য্যসকলে দ্ৰাবিড় দৈত্য বিলাকক গ্ৰহন কৰি নতুন নামেৰে নামকৰন কৰি হিন্দু ধৰ্মৰ দেৱদেৱী হিচাপে চিনাক্ত কৰে।স্ংস্কৃত ভাষাতো ভালেমান দ্ৰাবিড় উপাদান সোমাই পৰে বুলি বুৰঞ্জীবিদসকলে মন্তব্য প্ৰকাশ কৰিছে।শেষত এইটো কব পাৰি যে ভাৰতৰ অতীত বুৰঞ্জীৰ কথা জানিবলৈ হলে উত্তৰ ভাৰতৰ ইতিহাসৰ লগতে দক্ষিন ভাৰতৰ ইতিহাসো ভালকৈ জানিব লাগিব—“Early Indian History as a whole cannot be viewed in true perspective until the non-Aryan institutions of the south receive adequate treatment”Samith.
আয়তনত ভাৰতবৰ্ষ এখন মহাদেশৰ নিচিনা।ভাৰতবৰ্ষৰ ভৌগলিক বৈচিত্ৰ্যৰে পৰিপুৰ্ন এখন দেশ।উত্তৰে হিমালয়ৰ পৰা দক্ষিনে কন্যাকুমাৰীলৈকে পশ্চিমে আৰৱ সাগৰৰ পৰা পূবে আৰব সাগৰলৈকে বিস্তৃত এই ভাৰতবৰ্ষত তাপমাত্ৰা জলবায়ু,বৰষুনৰ পৰিমান আৰু জীপনি গছ গছনিৰ বিৱৰন আৰু জীব জন্ত সকলো ক্ষেত্ৰত বিভেদ আৰু বৈচিত্ৰ্য চকুত পৰা।উদাহৰনস্বৰুপে হিমালয়ৰ নামনি তাপমাত্ৰা শুকান আৰু শক্তিদায়ক।আনহাতেদি কোনকন আৰু কৰমণ্ডল উপকুলৰ তাপমাত্ৰা সেমেকা আৰু গ্ৰীষ্মপ্ৰ্ধান।ভাৰতবৰ্ষত তাপমাত্ৰা সাধাৰনতে তিনিভাগত বিভক্ত কৰা হয়—যেনে—polor,temperate আৰু Tropical ভাৰতৰ প্ৰাকৃতিক বৈচিত্ৰ্যো মন কৰিবলগিয়া।ভাৰতৰ উত্তৰ সীমাত বৰফে আৱৰা কেইবাহাজাৰ মাইলো বিস্তৃত হিমালয় পৰ্ব্বতমালা আৰু পৃথিৱীৰ ভিতৰতে আটাইতকৈ ওখ এভাৰেষ্ট আৰু কাঞ্চনজংঘা শৃংগ আছে।ইপিনে আকৌ সিন্ধু আৰু গংগা নদীৰ সমতলভূমীৰ নিচিনা বিস্তৃত সাৰুৱা অঞ্চল ভাৰততে আছে।পৃথিবীৰ আটাইতকৈ বেছি বৰষুন হয় অসমৰ চেৰাপুঞ্জীত।আনহাতেদি বছৰি মাত্ৰ তিনি ইঞ্চি বৰষুন হোৱাৰ ফলত ৰাজস্থানৰ থৰ মৰভূমী অঞ্চলত ঘাঁহ এডালো গজি উঠিব নোৱাৰে। ব্ৰ্ক্ষপুত্ৰ, গংগা, কাবেৰীৰ নিচিনা নদী ভাৰততে আছে।তেনেকৈ কাবেৰী আৰু নৰ্মদাৰ দৰে সোতঁ থকা নদী ভাৰততে আছে। হিমালয়,অসম,উৰিষ্যা,মধ্যপ্ৰদেশ আদিত থকা গহীন অৰন্যও ভাৰতত দেখিবলৈ পোৱা যায়। ভাৰতৰ জনগোষ্ঠী চাৰিটা জনগোষ্ঠী যেনে-আৰ্য্য, দ্ৰাবিড়, আদিম জনজাতি আৰু ম্ংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত আছিল।উত্তৰ ভাৰতত আৰ্য্যজাতিৰ প্ৰভাৱ আৰু দাক্ষিনাত্যত দ্ৰাবিড় জাতিৰ প্ৰ্ভাৱ স্পষ্ট ৰুপত পৰিছিল।ইয়াৰ উপৰিও বিভিন্ন জাতিৰ মানুহ যেনে-শক হূন, ইণ্ডোগ্ৰীক, কূষান, তুৰ্কী আদি ভাৰতবৰ্ষলৈ আহিছিল।তেওঁলোকে ভাৰততে বসবাস কৰি ভাৰতৰ জনগোষ্ঠীৰ সৈতে মিলি গৈছিল। সেই কাৰনেই ভিনচেন্ট স্মিথে ভাৰতবৰ্ষক “Ethnological museum” বুলি কৈছিল। তদুপৰি হিন্দুসকলৰ উপৰিও সপ্তম শতিকাৰ পৰা ভাৰতবৰ্ষলৈ আহিবলৈ লোৱা আৰব, তুৰ্কী, পাৰ্চী, আফগান আৰু মংগল জাতিৰ মুছলমানসকল ভাৰতত বসবাস কৰিবলৈ লৈছিল। চুলতান মামুদে ভাৰতবৰ্ষ আক্ৰমন কৰি পঞ্জাৱ অধিকাৰ কৰাৰ পিছত পৰা মুছলমান বসতি বিস্তৃত হাৰত হয়। হিন্দু-মুছলমান উপৰিও বৌদ্ধ, জৈন, শিখ আদি ধৰ্মৰলোকো ভাৰতবৰ্ষত আছিল। ইয়াৰ পিছত ইউৰোপীয় পটুৰ্গীজ, ডাচ, ফৰাচী আৰু ইংৰাজ বনিকসকল ভাৰতলৈ আহি বসবাস কৰেহি আৰু ভাৰতৰ বিভিন্ন ট্ৰাইৰ আৰু জাতিৰ তিৰোতাৰ লগত তেওঁলোকৰ বৈবাহিক সম্পৰ্ক স্থাপন হয়। ভাৰতৰ জনগোষ্ঠীৰ ক্ষেত্ৰত এইটো মন কৰিবলগীয়া কথা যে বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা আহি বসবাস কৰা জনগোষ্ঠীৰ কোনোটোৱেই তেজৰ পৱিত্ৰতা ৰক্ষা কৰিব পৰা নাছিল কাৰন তেঁওলোকৰ মাজত বৈবাহিক সম্পৰ্ক স্থাপন হৈছিল। ইয়াৰ ফলত এটা মিশ্ৰিত জাতিৰ জন্ম হৈছিল।–“ The modern population of india almost everywhere is far too mixed to admit of the disentangling of district races—(Smith)। ইয়াৰ উপৰিও ভাৰতৰ চৈধ্যতাতকৈ অধিক ভাষা আৰু উপভাষা কোৱা মানুহ আছে। কোনো এটা ভাষা ভাৰতৰ সকলো অঞ্চলতে প্ৰচলিত নহয়। সেইদৰে বিভিন্ন অঞ্চলত মানুহৰ মাজত সাজ-পোচাক আৰু আচাৰ-ব্যৱহাৰৰ পাৰ্থক্যও দেখিবলৈ পোবা যায়। অতীত আৰু মধ্যযুগত ভাৰতত ৰাজনৈতিক ঐক্য নাছিল বুলিয়েই কব পাৰি। আঞ্চলিকতাবাদ আৰু ৰাজনৈতিক বিচ্চিন্নতাই যেন ভাৰতবৰ্ষত ইতিহাসৰ নিয়ম আছিল।মাজে সময়ে মৌৰ্য্য, গুপ্ত, খিলিজী আৰু মোগল সকলৰ দিনত ৰাজনৈতিক ঐক্য স্থাপন হৈছিল যদিও সেই ঐক্য বেছিদিন স্থায়ী হৈ থাকিব পৰা নাছিল। আভ্যন্তৰীন দুৰ্বলতা বা বিদেশী আক্ৰমনৰ ফলত সেই সাম্ৰাজ্যবোৰৰ যেতিয়াই পতন ঘটিছিল তেতিয়াই ভাৰতবৰ্ষত পুনৰ ৰাজনৈতিক অনৈক্যই দেখা দিছিল। এটা ভাষা এখন ৰাষ্ট্ৰ,আৰু এটা ধৰ্মৰ ওপৰত প্ৰ্তিষ্ঠিত জাতীয়তাবাদ আৰু নেচনেলিজীমৰ ধাৰনাৰ ভাৰতবৰ্ষত অভাৱ আছিল।যি অৰ্থত জাপান, জাৰ্মানী বা ফ্ৰান্স এখন দেশ আছিল আৰু সেই দেশৰ অধিবাসীসকল এটা জাতি আছিল সেই অৰ্থত ভাৰত এখন দেশ বা এটা জাতি হব পৰা নাছিল। কিন্ত ভাৰতবৰ্ষত ইমানখিনি বিভেদ আৰু বৈচিত্ৰ্য থকা সত্বেও ঐক্যৰ এটা অন্তৰ্নিহিত সোতঁ বৈ থকা দেখিবলৈ পোৱা গৈছিল। ভাৰতবৰ্ষৰ ইতিহাসৰ মুল আধাৰেই হল বিভেদৰ মাজত ঐক্য। ভাৰতৰ চিৰপ্ৰৱাহমান এই ঐক্যৰ কথা মনত ৰাখিয়েই স্মিথে ভাৰতবৰ্ষত “বিভেদৰ মাজত ঐক্য” থকা বুলি কৈছে। এই ঐক্যবোধ ভাৰতীয় মানসীকতা আৰু ভাৰতীয় স্ংস্কৃতিৰ পৰা উদ্ভৱ হৈছে।প্ৰ্কৃত অৰ্থত মোগল আৰু বৃটিছৰ দিনতহে ভাৰতীয় ৰাজনৈতিক ঐক্যই পৰিপূৰ্নতা লাভ কৰিছিল যদিও ভাৰতীয় সভ্যতা, স্ংস্কৃতি সৃষ্টি কৰোতাঁসকল ভাৰতবৰ্ষৰ ভৌগলীক ঐক্যৰ বিষয়ে সজাগ আছিল। তেওঁলোকে সকলো প্ৰকাৰে এই ভাৰতীয় ঐক্যৰ কথা ভাৰতৰ জনসাধাৰনক বুজাবলৈ যত্ন কৰিছিল। উদাহৰনস্বৰুপে হিমালয়ৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত এই ভূখণ্ডক ভাৰতবৰ্ষ বুলি কোৱা হৈছিল। এই ভাৰতবৰ্ষৰ নাম এটা ৰাজবংশৰ সৈতে জড়িত হৈ আছিল। ৰজা “ভৰতৰ” নাম অনুসৰি এই ভূখণ্ডৰ নাম ভাৰতবৰ্ষ হৈছিল বুলি কোৱা হৈছে আৰু ভাৰতৰ অধিবাসীসকলক ভৰতসন্তান বুলি কোৱা হৈছে।অতীতৰ হিন্দু ভৌগলীক সকলে ভাৰতবৰ্ষক এখন স্বয়ংসম্পূৰ্ন দেশ বুলিয়েই বিবেচনা কৰি আহিছে।ভাৰতৰ ঐক্যবোধ প্ৰাচীন যুগৰ পৰাই প্ৰ্ত্যক্ষভাৱে প্ৰকাশ পাই আহিছিল।সমগ্ৰ ভাৰততে হিন্দুৰ তীৰ্থস্থানবোৰ বিয়পি আছিল। হিমালয়ৰ পৰা কন্যাকুমাৰীলৈকে আৰু দ্বাৰাকাৰ পৰা কামৰুপলৈকে বিস্তৃত হৈ থকা এই তীৰ্থস্থানবোৰৰ উপৰিও নদ-নদী যেনে কুৰুক্ষেত্ৰ,গ্ংগা,গয়া,প্ৰভাস,পুস্কৰ,নৰ্মদা,সিন্ধু,কাবেৰীক সঘনাই স্মৰন কৰে।ইয়াৰ ফলস্বৰুপে ভাৰতবাসীৰ মানসপটত ভাৰত্ভূমীৰ মানচিত্ৰই সদায় দেখা দি থাকে।ভাৰতবৰ্ষত বসবাস কৰি থকা লোকসকল বিভিন্ন জনগোষ্ঠীৰ যদিও তেওঁলোকে মিলিজুলি এটা মিশ্ৰিত স্ংস্কৃতিৰ সৃষ্টি কৰিছে।দুহেজাৰ বছৰৰ হিন্দু আৰু বৌদ্ধ শাসন কালত ভাষাগত আৰু ৰাজনৈতিক বিচ্চিনতা থকা স্বত্বেও,ভাৰতবৰ্ষৰ প্ৰাদেশিক চিন্তা আৰু সাহিত্যৰ ওপৰত স্ংস্কৃত ভাষাৰ প্ৰভাৱ পৰিছিল আৰু হিন্দুযুগত ধৰ্ম, দৰ্শন, সাহিত্যচিন্তা, আচৰন আৰু জীৱন দৃষ্টিত এটা মূলগত ঐক্য উপলদ্ধি কৰিব পৰা হৈছিল।ভাৰতবৰ্ষত বহু ভাষা থাকিলেও সেইবোৰ দুই এটা মূল ভাষাৰ পৰা উদ্ভৱ হৈছে।উদাহৰনস্বৰুপে উত্তৰ ভাৰতৰ ভাষাবোৰৰ স্ংস্কৃত ভাষাৰ স্ংযোগ আছে।ভাৰতৰ কথ্য ভাষা প্ৰাকৃতৰ সৈতে স্ংস্কৃত ভাষাৰ স্ংযোগ আছে। সেইদৰে প্ৰাচীন ব্ৰাক্ষী লিপিৰ পৰা উত্তৰ ভাৰতৰ অধিকাংশ লিপিৰ উদ্ভৱ হৈছে।সেইদৰে দাক্ষিনাত্যৰ ভাষা-যেনে তামিল, তেলেগু, মালায়ালম আদি দ্ৰাবিড় ভাষাৰ পৰা উদ্ভৱ হৈছে,স্ংস্কৃত ভাষাই ভাৰতৰ বিভিন্ন প্ৰান্তৰ মাজত মিলনৰ সেতু হিচাপে কাম কৰি আছে।স্ংস্কৃত ভাষা সাহিত্য চৰ্চাৰ কেন্দ্ৰবোৰ লৈ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা শিক্ষা আহৰন কৰিবলৈ ছাত্ৰ আহিছিল।সেই দৰেও ভাৰতত ঐক্যৰ আদৰ্শ দৃঢ় কৰিছিল।প্ৰাচীন ভাৰতত বাৰানসী, উজ্জ্যয়নী তক্ষশীল প্ৰ্ভৃতি নগৰবোৰ হিন্দুশাস্ত্ৰ চৰ্চাৰ কেন্দ্ৰ আছিল। নালন্দা, বিক্ৰ্মশীলা আদি ঠাইত থকা বৌদ্ধ বিশ্ববিদ্যালয়ৰ লৈ ভাৰতৰ বাহিৰৰ পৰাও ছাত্ৰ পঢ়িবলৈ আহিছিল। ধৰ্মগুৰুসকলে ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ মাজত ধৰ্ম প্ৰ্চাৰ কৰি বিভিন্ন জনগোষ্ঠীৰ মাজত ধৰ্ম প্ৰ্চাৰ কৰি ঐক্যৰ ভাৱ জগাই তুলিছিল।ভগৱান বুদ্ধদেৱে নিজৰ ধৰ্ম প্ৰ্চাৰ কৰি বিভিন্ন জনগোষ্ঠীক মুক্তিৰ পথ দেখুৱাইছিল। বিভিন্ন ঠাইত স্থাপন হোৱা বৌদ্ধ স্ংঘবোৰে বিভিন্ন অঞ্চলৰ মাজত যোগসুত্ৰ স্থাপন কৰিছিল। সেইদৰে মহাবীৰ জৈনেও ভাৰতৰ বিভিন্ন অঞ্চলত ধৰ্মৰ বানী প্ৰ্চাৰ কৰিছিল।সেইদৰে মহাবীৰ জনৈও ভাৰতৰ বিভিন্ন অঞ্চলত ধৰ্মৰ বানী প্ৰ্চাৰ কৰিছিল।ভক্তি ধৰ্মৰ সাধক সকলেও যেনে- মাধৱাচাৰ্য্য, বল্লভাচাৰ্য্য, শংকৰচাৰ্য্য, চৈতন্য, শ্ংকৰদেৱ আদিয়েও ভক্তিধৰ্ম প্ৰচাৰ কৰি ভাৰতীয় ঐক্যবোধৰ ধাৰনা শক্তিশালী কৰি তুলিছিল। পিছলৈ চুফী-সন্ত সকলে ধৰ্মৰ ক্ষেত্ৰত সমন্বয়ৰ বানী প্ৰচাৰ কৰে আৰু ইয়াৰ ফলত হিন্দু মুছ্লমানৰ মনত ঐক্যবোধ জাগি উঠে।এই ক্ষেত্ৰত চেখ চেলিম চিস্তি আৰু খাজা মইনুদ্দিন চিস্তিৰ কথা ষ্মৰন কৰিব পাৰি। ভাৰতৰ মানুহৰ মাজত ঐক্যবোধ নিকপকপীয়া কৰাত মহাকাব্য ৰামায়ন আৰু মহাভাৰতৰ বৰঙণিও অস্বীকাৰ কৰিব নোৱাৰী।ৰামায়ন আৰু মহাভাৰত-এই মহাকাব্য দুখন ভাৰতৰ সকলোশ্ৰেনীৰ মানুহৰ মাজত অতি জনপ্ৰিয়।এই দুখন মহাকাব্যৰ জৰিয়তে ভাৰতীয় স্ংস্কৃতি আৰু ধৰ্মৰ ভাৱ ভাৰতৰ বিভিন্ন অঞ্চলত বিয়পি পৰিছিল। ভাৰতৰ লোকনাট্য অনুষ্ঠানবোৰলৈ মন কৰিলেই সেই কথা আমাৰ চকুত পৰে।বিষ্ণুময় ধাৰানাই ভাৰতৰ বিভিন্ন প্ৰান্তৰ মানুহক একেডাল ডোলেৰে বান্ধি ৰাখিছিল। মহাভাৰত আৰু ৰামায়নৰ দ্বাৰা অনুপ্ৰানিত হৈ স্থানীয় কবিসকলেও যেনে-কৃত্তিবাস, তুলসীদাস, কাশীৰাম দাস, মাধৱকন্দলী আদিয়ে নিজৰ নিজৰ ভাষাত ৰামায়ন মহাভাৰত ৰচনা কৰিছিল আৰু মহাকাব্য দুখনৰ অন্তৰ্নিহিত আদৰ্শ জনসাধাৰনৰ মাজত বিলাই দিছিল। ৰাজনৈতিকভাৱে যুগে যুগে বিচ্চ্ছিন্ন হৈ পৰাৰ উদাৰহন আছিল যদিও ৰাজনৈতিক ঐক্যৰ ধাৰনা প্ৰাচীন কালৰ পৰাই ভাৰতত পোষন কৰা হৈছিল—“It has a history running back to remote antiquity” উদাহৰন স্বৰুপে কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰধান উদ্দেশ্য আছিল বিভিন্ন অঞ্চলৰ ৰজাসকলক কুৰু বা পাণ্ডৱ বংশৰ অধীনলৈ অনা।ঋকবেদত উল্লেখ থকা “দশৰজাৰ যুদ্ধ”খনো আছিল ৰাজনৈতিক ঐক্য সাধনৰ কাৰনে হোৱা এখন যুদ্ধ। পৰাজিত ৰজাসকলক বিজয়ী ৰজাৰ সাৰ্বভৌম ক্ষমতাৰ অধীনলৈ আনি সাম্ৰাজ্য গঠনৰ মাধ্যমেদি ৰাজনৈতিক ঐক্য সাধনৰ প্ৰ্চেষ্ঠাৰ উদাৰহন ভাৰতীয় ইতিহাসত পোৱা যায়।হিমালয়ৰ পৰা সাগৰলৈকে বিস্তৃত গোটেই অঞ্চলৰ অঞ্চলিক ৰজাসকলক এজন ৰজাৰ সাৰ্বভৌম ক্ষমতাৰ অধীনলৈ আনি সাম্ৰাজ্য গঠনৰ মধ্যমেদি ৰাজনৈতিক ঐক্য সাধনৰ প্ৰ্চেষ্ঠাৰ উদাহৰন ভাৰতীয় ইতিহাসত পোৱা যায়।হিমালয়ৰ পৰা সাগৰলৈকে বিস্তৃত গোটেই অঞ্চলৰ আঞ্চলিক ৰজাসকলক এজন ৰজাৰ সাৰ্বভৌম ক্ষমতাৰ অধীনলৈ অনাৰ ধাৰনা ৰাজচক্ৰ্ৱৰ্ত্তী, অধিৰাজ, ৰাজাধিৰাজ, সম্ৰাট একৰাত আদি উপাধিবোৰৰ দ্বাৰা প্ৰকাশ পাইছিল। “ৰাজসূয়”, “ৰাজপেয়” আদি যজ্ঞ অনুষ্ঠানৰ দ্বাৰা প্ৰতাপশালী সম্ৰাটসকলে নিজৰ সাৰ্বভৌম ক্ষমতাৰ প্ৰ্চাৰ কৰিছিল। মহাপদ্মনন্দ, চন্দ্ৰ্গুপ্ত, মৌৰ্য্য প্ৰমুখ্যে মৌৰ্য্যবংশৰ সম্ৰাটসকল, সমুদ্ৰগুপ্ত আদিৰ দিনতো সাম্ৰাজ্য প্ৰ্তিষ্ঠাৰ মাধ্যমৰে ৰাজনৈতিক আদৰ্শ প্ৰ্তিষ্ঠা কৰা হৈছিল—“Mahapadma Nanda was the first historical Emperor of India and the tradition established by him was continued and given a practical shape by the Mauryas and the Gupts”(Sinha & Banerjee)পিছলৈ বিশেষকৈ আল্লাউদ্দিন খিলজী আৰু মোগল সম্ৰাট আকবৰেও ভাৰতৰ বহুত অঞ্চল নিউৰ অধীনলৈ আনিছিল।মোগল শাসকসকলৰ দিনতে ভাৰতবাসীয়ে প্ৰশাসনিক একতা আৰু একেধৰনৰ ৰাজনৈতিক অভিজ্ঞতা উপলদ্ধি কৰিবলৈ সুবিধা পাইছিল—Oneness of rule and sameness of political experience” চাৰ যদুনাথ চৰকাৰৰ মতে নিজকে জড়িত কৰিব পৰা সকলৰ মাজতহে ঐতিহাসিক ঐক্য স্থাপন হয়-“working the same type of administration and shaving the success and failure of it because it is the product of their own efforts” ইংৰাজসকলে বহু পৰিমানে মোগল শাসন ব্যৱস্থাকে গ্ৰ্হন কৰিছিল আৰু এটা সুবিধাজনক পৰিৱেশ গঢ় লৈ উঠাৰ কাৰনে তেওঁলোকে মোগল সকলতকৈ সফলভাৱে ৰাজনৈতিক ঐক্যৰ ধাৰনাটো কটকটীয়া কৰিব পাৰিছিল।ইংৰাজী শিক্ষাত ভাৰতৰ মধ্যবিত্ত শ্ৰেনীটোৱে ভাৰতীয় ঐক্যৰ আদৰ্শকে সুদৃঢ় কৰিছিল। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সকলো অঞ্চলতে মানুহে যোগদান কৰাত ভাৰতীয় ঐক্যৰ আদৰ্শই পূৰ্নতা লাভ কৰিছিল।অৱশেষত ভাৰতবৰ্ষ দুটা ভাগত বিভক্ত হবলগীয়া হয় যদিও দেশীয় ৰাজ্যবোৰ ভাৰতৰ লগত চামিল কৰাৰ ফলত ভাৰতীয় ঐক্য সুদৃঢ় হয়।তদুপৰি যুক্তৰাষ্টীয় শাসনব্যৱস্থা ভাৰতীয় সংবিধান আৰু জাতীয় পাৰ্লিয়ামেন্ট আদিৰ দৰে অনুষ্ঠানবোৰে ৰাজনৈতিক ঐক্যৰ ধাৰনাক বাস্তৱ ৰুপ দিয়ে।গতিকে ভাৰতত বৈচিত্ৰ্য আৰু বিভেদৰ মাজত থকা ঐক্যৰ ধাৰনাক ক্ষেত্ৰত “Herbert Risely” য়ে সঠিকভাৱে মন্তব্য প্ৰকাশ কৰি কৈছে যে ধৰ্ম,ভাষা,আচাৰ-ব্যৱহাৰ,ৰীতি-নিতী দৈহিক গঠন সকলো ক্ষেত্ৰত বিভিন্নতা থকা সত্বেও এটা ভাৰতীয় চৰিত্ৰ এটা ভাৰতীয় ব্যক্তিত্ব গঢ় লৈ উঠিছিল যিটো আমি খণ্ডত ৰুপত কেতিয়াও চাব নোৱাৰো—“There is in fact an Indian character,a general Indian personality which we cannot reselove into its component elements”(Sir Herbert Risely).
ঐতিহাসিক কীথৰ মতে খৃষ্টৰ জন্মৰ আগতে ভাৰতৰ ওপৰত বৈদশিক আক্ৰমন হোৱা নাছিল।সেইকাৰনে ভাৰতবাসীৰ মনত কোনো ধৰনৰ জাতীয় চেতনাৰ উন্মেষ ঘটা নাছিল যাক আশ্ৰয় কৰি জাতীয় ইতিহাস ৰচনা কৰিব পাৰি। পাৰস্য আৰু গ্ৰীকৰ আক্ৰমন হৈছিল যদিও সেই দুটা আক্ৰমনে জাতীয় জীৱনৰ ওপৰত প্ৰভাৱ পেলাব পৰা নাছিল।কীথে আৰু কৈছিল যে ভাৰতবাসীসকলে ইহলোকতকৈ পৰলোকত অধিক বিশ্বাস কৰিছিল আৰু সেই কাৰনে ইহলোকত ঘটা ঘটনাৱলীৰ প্ৰতি তেওঁলোক আগ্ৰহী নাছিল।
কিন্ত কীথৰ এই অভিমত সম্পূৰ্ন সত্য নহয়।ভাৰতীয় সকলে বিভিন্ন ঘটনা কাল অনুসৰি ব্যাখা কৰা নাছিল যদিও তেওঁলোকে বিভিন্নভাৱে একো একোটা ঘটনা লিপিবদ্ধ কৰিছিল।ৰজাসকলে তেওঁলোকৰ সভাৰ পণ্ডিতসকলৰ হতুৱাই তেওঁলোকৰ কাম আৰু কীৰ্তীবোৰ লিপিবদ্ধ কৰোৱাইছিল। শিলালিপি, তাম্ৰলিপি আদিতো সম্ৰাট সকলৰ কীৰ্তি লিখা হৈছিল।জীৱনি গ্ৰন্থবোৰটো ঐতিহাসিক তথ্য বিচাৰি পোৱা গৈছিল। সেইদৰে সাহিত্যটো ঐতিহাসিক তথ্য সিঁচৰিত হৈ আছিল।গতিকে ইচলামীয় অভিধানৰ আগতে ভাৰতত প্ৰকৃত ইতিহাস ৰচনা হোৱা নাছিল বুলি এলফিনষ্টোনে কোৱা কথাষাৰ সত্য নহয়।অৱশ্যে সকলোবোৰ তথ্য সংকলন কৰি ধাৰাবাহিক ইতিহাস ভাৰতীয়সকলে ৰচনা কৰিব পৰা নাছিল।যিকি নহকও দেশৰ বুৰঞ্জীবিদসকলে সিদ্ধান্ত কৰি প্ৰাচীন ভাৰত বুৰঞ্জীৰ সমল হিচাপে কেতবোৰ উপাদান গ্ৰহন কৰিলে। সেইবোৰ হ’ল:
(১) প্ৰাচীন সাহিত্য,
(২) বৈদশিক বিৱৰন,
(৩) লিপি,
(৪) মুদ্ৰা,
(৫) ঐতিহাসিক ভগ্নৱশেষ।
(ক)ধৰ্মীয় সাহিত্য
প্ৰাচীন সাহিত্য আৰু ধৰ্মশাস্ত্ৰ বিলাকৰ পৰা ভাৰতৰ ইতিহাস সম্পৰ্কে বহুতো কথা জনা যায়।ভাৰতৰ প্ৰাচীনতম সাহিত্য বেদৰ বিশেষকৈ ঋকবেদৰ পৰা ভাৰতৰ সামাজিক অৰ্থনৈতিক আৰু সাংস্কৃতিক বহুতো তথ্য পোৱা যায়। উদাহৰন স্বৰুপে বেদৰ পৰা কেইটামান কথা জানিব পাৰো। বেদৰ পৰা আমি জানিব পাৰো যে আৰ্য্যসকল বাহিৰৰ পৰা অহিছিল আৰু দাস আৰু দস্যুবিলাকক বধ কৰি তেওঁলোকে ভাৰতত বসতি স্থাপন কৰিছিল।তদুপৰি আৰ্য্যসকলে যে প্ৰথমে দক্ষিন পশ্চিম আৰু পঞ্জাৱত বসতি স্থাপন কৰিছিল সেই কথা বেদৰ পৰা জানিব পাৰি।ঋকবেদৰ ৰাজন্যবৰ্গৰ মাজত হোৱা যুদ্ধৰ বিৱৰন আছে। ট্ৰাইবেল মুৰব্বী সকলৰ মাজত হোৱা সংঘৰ্ষৰ কথাও ঋকবেদত আছে।বেদৰ পৰা জানিব পাৰি যে সেইসময়ৰ সম্ৰাট সকল সাংবিধানিক মূৰব্বীহে আছিল। প্ৰকৃত ক্ষমতা সভা আৰু সমিতীৰ ওপৰতহে ন্যস্ত আছিল।অৱশ্যে পৰৱৰ্তী বৈদিক যুগত ৰজাই সৰ্বেসৰ্বা আছিল। ঋকবেদৰ পৰা আৰু জনা যায় যে ঋকবেদৰ সময়ত জাতিভেদ প্ৰথা কটকটীয়া নাছিল। পৰৱৰ্তী বৈদিক যুগত ই এটা সামাজিক অনুষ্ঠানলৈ ৰুপান্তৰিত হয়।আৰ্য্যসকলৰ অৰ্থনৈতিক অৱস্থাৰ কথাও বেদবিলাকৰ পৰা জানিব পাৰি।বেদত কোৱা হৈছে যে আৰ্য্যসকল অৰ্থনৈতিক অৱস্থা আদিতে যদিও সৱল প্ৰকৃতিৰ অছিল পিছলৈ ই জটিল হৈ পৰিছিল।
অৱশ্যে যদিও সবল বৈদিক সাহিত্যবোৰ মূলত ধৰ্মীয় আছিল তথাপি ইয়াৰ সহায়ত অতীত ভাৰতৰ ইতিহাস জোৰা লগাব পাৰি।ঋকবেদৰ উপৰিও সামবেদ,যজুৰবেদ, আৰু আৰ্য্যযুগৰ সংস্কৃতিৰ কথা জনা যায়।অৰ্থব বেদত উল্লেখ থকা অলৌকিক তন্ত্ৰ মন্ত্ৰবোৰ আৰ্য্য আৰু অনাৰ্য্য সংস্কৃতিৰ সংমিশ্ৰনৰ ফলত গঢ় লৈ উঠিছিল বুলি ভাবিব পাৰি।যজ্ঞৰ সময়ত “গাথাৰ” আকাৰত বিভিন্ন ৰাজবংশবোৰ কথা জনা যায়।ঋকবেদৰ পৰা প্ৰাচীন ভাৰতৰ ৰাজনৈতিক কথাও কিছু জানিব পাৰি।উদাহৰনস্বৰুপে ঋকবেদৰ উল্লেখ থকা দহজন ৰজাৰ যুদ্ধলৈ আঙুলিয়াব পাৰি।বেদৰ ব্ৰাক্ষন,উপনিষদ,আৰন্যক আদিও ঐতিহাসিক উপাদান বুলি গন্য কৰিব পাৰি।উপনিষদ বিলাকত দৰ্শন আৰু নৈতক মূল্যবোধৰ ওপৰত হোৱা আলোচনাৰ বিৱৰন আছে।ইয়াৰ পৰা আদিতে হিন্দুসকলৰ আধ্যাত্মিক চিন্তাৰ কথা জানিব পাৰি।আত্মা,ভগৱান,মুক্তি লাভ আদিৰ ক্ষেত্ৰত হিন্দুসকলৰ ধাৰনা কেনে আছিল সেই কথা উপনিষদৰ পৰা জানিব পাৰি। বেদাংগবিলাক আছিল—treatises on science and art ইয়াৰ পৰা হিন্দুসকলৰ phonetics,Astronomy,Ritual,ব্যাকৰন,Etymology,Metrics আদিৰ বিষয়ে জানিব পাৰি।সুত্ৰ বিলাকৰ পৰা পুৰান ভাৰতৰ সামাজিক আৰু ধৰ্মীয় জীৱনৰ কথা জানিব পাৰি।স্ংখ্যাত সূত্ৰ আছিল তিনিখন যেনে—(১)কল্পসুত্ৰ (২) গৃহ সুত্ৰ আৰু ধৰ্ম সুত্ৰ।
(খ) পুৰান
পুৰানবোৰ আছিল প্ৰাচীন যুগৰ ইতিহাস সাহিত্য।এনে পুৰান সংখ্যাত ওঠৰখন আছিল (বিষ্ণুপুৰান, ব্ৰক্ষপুৰান,পদ্মপুৰান, ভগবৎ পুৰান, শৈৱ পুৰান,মাৰ্কডেয় পুৰান, নাৰদীয় পুৰান, ভৱিষ্যপুৰান, ব্ৰ্ক্ষবৈৰ্বতপুৰান, অগ্নিপুৰান, স্কন্দপুৰান, লিংগপুৰান, বামনপুৰান, মৎস্যপুৰান, গৰুড়পুৰান, কুৰ্মপুৰান ব্ৰ্ক্ষাণ্ড পুৰান)। ইতিহাস ৰচনাত ক্ষেত্ৰত এই পুৰানবোৰ এটা প্ৰধান উপাদান হল হিচাপে লোৱা হৈছিল। মগধৰ ৰাজবংশ বিলাকৰ বিষয়ে পুৰানৰ পৰা ভালেমান তথ্য পোৱা যায়।কিন্ত পুৰানত উল্লেখ থকা কালপঞ্জী সতৰ্কভাৱে ব্যৱহাৰ কৰা উচিত বুলি ড: ভিনচেন্ট স্মিথে মন্তব্য কৰিছে। কিয়নো পুৰানবোৰত কিংম্বদন্তী আৰু ঐতিহাসইক তথ্য বিচাৰি উলিওৱা টান। তদুপৰি পুৰানত অতীতত হৈ যোৱা ঘটনাক ভৱিষ্যতকালত ঘটিব বুলি ভৱিষ্যতৰ বানী কৰা হৈছে।আনহাতেদি গুপ্তযুগৰ আগত পুৰানবোৰ সংকলন কৰাও হোৱা নাছিল। গতিকে পুৰানৰ তথ্যপাতিবোৰ অন্য তথ্যৰ দ্বাৰা সমৰ্থিত নহলে গ্ৰহন কৰাটো উচিত নহয় বুলি পণ্ডিতসকলে মত প্ৰ্কাশ কৰিছে।
(গ)পুৰানৰ গুৰুত্ব
অতীজ ভাৰত সম্পৰ্কে নিৰ্ভৰযোগ্য আৰু ধাৰাবাহিক ঐতিহাসিক তথ্য নথকাৰ কাৰনে পুৰান বিলাকৰ পৰা বহুতো কথা জানিব পাৰি।পুৰানৰ ক্ষেত্ৰত আটাইতকৈ মন কৰিবলগীয়া কথা হল যে পুৰানৰ পুৰনি কালত ৰাজত্ব কৰা ৰজাসকলে কিমান সময়ৰ পৰা কিমান সময়লৈ ৰাজত্ব কৰিছিল সেইটো উল্লেখ আছে।ইয়াৰ দ্বাৰা বংশাৱালী ৰক্ষা কৰাত সহজ হৈছে। তদুপৰি পুৰানবিলাকে অতীজ ভাৰতৰ ঐতিহাসীক ভূগোল সম্পৰ্কীত ভালেখিনি কথা জানিবলৈ দিয়ে। পুৰানবিলাকত অতীজ ভাৰতৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু ধৰ্মীয় জীৱনৰ এখন সুস্পষ্ট ছবি দাঙি হৈছে।
কিন্ত ইতিহাসৰ সম্বল হিচাপে পুৰানবিলাক ব্যৱহাৰ কৰোতেঁ সতৰ্কতা অৱলম্বন কৰা উচিত হব।কাৰন ইয়াৰ কিংম্বদন্তী আৰু ঐতিহাসিক ঘটনা এনেভাৱে সানমিহলি হৈ গৈছে যে তাৰ পৰা ঐতিহাসিক তথ্য বিচাৰি পোৱাটো টান,কিন্ত পুৰানৰ এনে ধৰনৰ সীমাবদ্ধতা থাকিলেও অতীজ ভাৰতৰ বুৰঞ্জী ৰচনা কৰোতেঁ পুৰান বিলাকৰ গুৰুত্বক অস্বীকাৰ কৰিব নোৱৰী আৰু তাৰ কাৰনে পুৰানৰ ওপৰতে নিৰ্ভৰ কৰাৰ বাহিৰে অন্য উপায় নাই।উদাহৰন স্বৰুপে মহাকাব্যৰ যুগৰ পৰা বৌদ্ধ যুগলৈকে পুৰানৰ ওপৰত নিৰ্ভৰ নকৰিলে নিৰ্ভৰ কৰিবলৈ অন্য তথ্য নাই।
(ঘ) মহাকাব্য
প্ৰাচীন ভাৰতৰ মহাকাব্য ৰামায়ন আৰু মহাভাৰতৰ পৰা আমি প্ৰাচীন ভাৰত বুৰঞ্জীৰ কিছু তথ্য স্ংগ্ৰহ কৰিব পাৰোঁ। এই দুখন মহাকাব্যৰ পৰা ভাৰতীয় সমাজ বৌদ্ধিক চিন্তাধাৰা আৰু ৰাষ্ট্ৰীয় জীৱনৰ বহুত মূল্যবান তথ্যপাতি পোৱা যায়।
উদাহৰন স্বৰুপে ৰামায়নৰ পৰা আমি বিশেষভাবে এই কেইটা কথা জানিব পাৰো।ৰামায়নৰ পৰা জানিব পাৰি যে আৰ্য্য আৰু অনাৰ্য্য সকলৰ মাজত যুদ্ধ হৈছিল আৰু যুদ্ধত আৰ্য্যসকল জয়লাভ কৰিছিল। অশ্বমেধ যজ্ঞ পতাৰ পৰা এইটো জানিব পাৰি যে সেইযুগত ৰজাৰ ক্ষমতা বৃদ্ধি পাইছিল। এজন শক্তিশালী ৰজাই অন্য ৰজাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিছিল।ৰামায়নৰ পৰা এইটো জনা যায় দক্ষিন ভাৰতৰ পিনেও আৰ্য্যসকলৰ বিস্তাৰ হৈছিল।
(ঙ) বৌদ্ধ আৰু জৈন সাহিত্য
বিভিন্ন বৌদ্ধ গ্ৰন্থ যেনে-জৈন আৰু বৌদ্ধ ধৰ্মৰ গ্ৰন্থসমূহৰ পৰা আমি প্ৰাচীন ভাৰত বুৰঞ্জীৰ বিষয়ে কিছু সমল স্ংগ্ৰহ কৰিব পাৰোঁ।এই বৌদ্ধ সাহিত্যৰ পৰা আমি প্ৰাচীন ভাৰতীয় ধৰ্মীয় চিন্তাধাৰা,সাহিত্য,সংস্কৃতিৰ বিষয়ে কিছু জ্ঞান আহৰন কৰিব পাৰো।
বৌদ্ধ সাহিত্যবোৰৰ বেছি ভাগেই পালি আৰু প্ৰাকৃতত লিখা। এতিয়ালৈকে উদ্ধাৰ হোৱা পাঁচশৰো অধিক হোৱা পাচশঁৰো অধিক বৌদ্ধ জাতকত ষষ্ঠ শতিকাৰ ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক জীৱনৰ বিষয়ে বহুত কথা জনা যায়। সিংহলীয় বৌদ্ধ সাহিত্যৰ পৰা বুদ্ধৰ জীৱন আৰু চন্দ্ৰ্গুপ্ত মৌৰ্য্যৰ বিষয়ে ভালেমান মুল্যবান তথ্য পোৱা যায়।
বৌদ্ধ সাহিত্যৰ তিনিটা ভাগ আছে। সেইকেইটা হ’ল—জাতক, পিটক আৰু নিকায়। পিটকত বৌদ্ধধৰ্মৰ মূল নীতি ভাষাত লিখা আছে।পালি সাহিত্যৰ অন্যান্য কিতাপ হল “মিলিন্দ পানহ” দ্বীপবংশ” আৰু “মহাবংশ”। মিলিন্দ পানহ বৌদ্ধ সন্ন্যাসী নাগসেন আৰু গ্ৰীকৰজা মিনান্দাৰৰ মাজত হোৱা কথোপকথনৰ উল্লেখ আছে। বাকী দুখন কিতাপত খৃষ্টপূৰ্ব ছয়ৰ পৰা খৃষ্টাব্দ চাৰিলৈকে শ্ৰীলংকা আৰু ভাৰতৰ বুৰঞ্জী লিখা আছে।“অভগুত্ৰ নিকায়” আৰু এখন উল্লেখনীয় বৌদ্ধ সাহিত্য। এই কিতাপ খনত খৃ:পৃ: ছয়ৰ ভাৰতৰ ৰাজনৈতিক সামাজিক আৰু ধৰ্মীয় জীৱনৰ বিষয়ে লিখা আছে।তদুপৰি বৌদ্ধ পণ্ডিত নাগাৰ্জুনে “সতসহাৰিকা” “প্ৰাজনাপাৰিমতা” মহায়ন সূত্ৰ লিখিছিল।বৌদ্ধ সাহিত্যৰ অন্য দুখন উল্লেখযোগ্য পুথি হল “মহায়ন সুবলামকাৰ আৰু বসুবন্ধুয়ে ৰচনা কৰা, “অভিদ হৰ্ম কোৰ”। তদুপৰি অশোক,কনিষ্ক,চন্দ্ৰগুপ্ত মৌৰ্য্য,পুষ্যমিত্ৰ্শুংগ আদিৰ শাসনৰ বহুতোখিনি কথা বৌদ্ধ সাহিত্যৰ পৰ জনা যায়।বৌদ্ধযুগৰ আগৰ যুগৰ বুদ্ধদেৱৰ জন্ম বৃত্তান্তকে ধৰি বহুতো কথা জাতক বিলাকৰ পৰা জানিব পাৰি।প্ৰায় ৫৪৯ টা জাতকৰ সাধুকথাৰ পৰা তিনিশশতিকাৰ সভ্যতাৰ বিষয়ে জানিব পাৰি বুলি “Dr winternitz য়ে মন্তব্য কৰিছে।তদুপৰি অশ্বযোষৰ বুদ্ধচৰিতত বুদ্ধদেৱৰ জীৱনি সম্পৰ্কে নিৰ্ভৰযোগ্য তথ্য আছে।জৈন গ্ৰন্থবোৰৰ ভিতৰত আচাৰংগ সূত্ৰ,ভগৱতীসূত্ৰ,পৰিশিষ্ট পাৰ্বন আদিত ঐতিহাসিক তথ্য পোৱা যায়।জৈনলোক কাহিনীবোৰ বিশ্লেষন কৰি চালেও ভালেমান ঐতিহাসিক তথ্য পোৱা যায়।
(চ)সংস্কৃত সাহিত্য
পানিনি আৰু পতঞ্জলীৰ ব্যাকৰন পৰা প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে প্ৰাচীন ভাৰতৰ ভালেমান ঐতিহাসিক উপাদান পোৱা যায়। বিশাখ দত্তৰ “মুদ্ৰাৰাক্ষস” নাটকৰ পৰা চন্দ্ৰ্গুপ্ত মৌৰ্য্যৰ সম্পৰ্কে আৰু কালিদাসৰ “মালবিকাগ্নিমিত্ৰ” নাটকৰ পৰা শৃংগবংশৰ ৰজা অগ্নিমিত্ৰৰ বিষয়ে জানিব পাৰি।কৌটিল্যৰ অৰ্থশাস্ত্ৰ এখন বিখ্যাত গ্ৰন্থ।ইয়াত ৰাষ্ট্ৰ্নীতি আৰু ৰাষ্ট্ৰ্পৰিচালনাৰ সম্পৰ্কে উল্লেখ আছে।বিশেষকৈ মৌৰ্য্যযুগ সম্পৰ্কে অৰ্থশাস্ত্ৰ এখন প্ৰামানিক গ্ৰন্থ। গাৰ্গী স্ংহিতাখন মূলত :জ্যোতিষ বিষয়ক গ্ৰন্থ হলেও ইয়াত ঐতিহাসিক তথ্যৰো চমু উল্লেখ আছে। ইয়াত বিশেষকৈ মৌৰ্য্যৰাজত্বৰ শেষৰ পিনে ৰাষ্ট্ৰীয় গ্ৰীক আক্ৰমনৰ কথা উল্লেখ আছে।
(ছ)অন্যান্য ধৰ্মশাস্ত্ৰ
ষ্মৃতিশাস্ত্ৰবিলাক যেনে—নাৰদ, বৃহস্পতি স্মৃতি, শুক্ৰনিতী, মনুস্মৃতি আদিৰ পৰা প্ৰাচীন ভাৰতৰ সামাজিক ৰীতি-নীতি, সমাজ স্ংগঠনৰ, ৰাষ্ট্ৰীয় কৰ্তব্য ইত্যাদিৰ কথা জনা যায়।
(২)প্ৰাচীন ঐতিহাসিক ৰচনা
প্ৰাচীন ঐতিহাসিক ৰচনাৰ ভিতৰত প্ৰথমতে বংশাৱলীবোৰৰ কথা উল্লেখ কৰিব পাৰি।সেইবোৰ মহাভাৰত আৰু ৰামায়নৰ অন্তৰ্ভুক্ত হৈ পৰিছিল।অৱশ্যে প্ৰকৃত ঐতিহাসিক তথ্য কাশ্মীৰৰ কলহানৰ ৰাজতৰঙ্গিনীত পোৱা যায়। কলহেন প্ৰাচীন যুগৰ পৰা দ্বাদশ শতিকালোকে কাশ্মীৰৰ ঘটনাৱলীৰ ধাৰাবাহিক বিৱৰন লিপিবদ্ধ কৰিছিল।অৱশ্যে আৰম্ভৰ পৰা শেষলৈকে কলহনে সমানে ঐতিহাসিক তথ্য লিপিবদ্ধ কৰিব পৰা নাছিল।পিছলৈ তেওঁৰ বিৱৰনত তথ্যৰ অভাৱ দেখা গৈছিল।তদুপৰি ঐতিহাসিক পটভূমিত কিছুমান ঐতিহাসিক কাব্য ৰচনা কৰা হৈছিল।উদাহৰন স্বৰুপে “পৃথ্বীৰাজ বিজয়” দক্ষিন ভাৰতৰ “কলম্বকাম” “কালিঙ্গডু পৰানিৰ” কথা উল্লেখ কৰিব পাৰি।
(৩) প্ৰাচীন ৰজা আৰু অন্যান্য ব্যক্তিৰ জীৱন চৰিত্ৰ
অতীত কালত ক্ষমতাশালী ৰজাসকলে তেওঁলোকৰ ৰাজত্বকালৰ গুৰুত্বপূৰ্ন ঘটনাবিলাক লিপিবদ্ধ কৰোৱাইছিল।এইবোৰক ৰাজবৃত্ত বা ৰজাৰ কাহিনী বোলা হৈছিল।কিন্ত এনে গ্ৰন্থবোৰঅত ভালেমান ক্ষেত্ৰত আতিশয্য থাকে।ৰাজসভাৰ লিখকে জনে নিজ ৰাজ্যৰ ৰজাৰ ৰাজত্বকালৰ ঘটনাবিলাক অধিক গুৰুত্বপূৰ্ন কৰি দেখুৱায়,সৰুৰাজ্যৰ ৰজা এজনক “সসাগৰা বসুন্ধৰা”ৰ অধিকাৰী হিচাপে বৰ্ননা দিয়ে।যি কি নহকও এনেধৰনৰ ৰজাৰ জীৱনচৰিত বোৰত আতিশায্য থাকিলেও সেইবোৰ প্ৰাচীন ভাৰতৰ বুৰঞ্জীৰ প্ৰয়োজনীয় ঐতিহাসিক তথ্য বুলি ধৰিব পাৰি।এই গ্ৰন্থবোৰৰ ভিতৰত বানৰ “হৰ্ষচৰিত”বিলহানৰ “বিক্ৰ্মাংকদেৱচৰিত” সান্ধ্যকৰনন্দীৰ “ৰামচৰিত” আৰু পদ্মগুপ্তৰ “নৱসাহশংকচৰিত”উল্লেখযোগ্য।অৱশ্যে এই গ্ৰন্থবোৰক ঐতিহাসিক পুথি বোলাতকৈ “historical romance”হে বোলা হৈছে।স্ংস্কৃত ভাষাত লিখা এই গ্ৰন্থবোৰৰ উপৰিও প্ৰাকৃত ভাষাত লিখ “গৌৰৱৱাহ” আৰু হেমচন্দ্ৰৰ “কুমাৰপালচৰিত”গ্ৰন্থ উল্লেখযোগ্য।অন্যান্য ব্যক্তিৰ জীৱনিৰ ভিতৰত অশ্বঘোষৰ দ্বাৰা ৰচিত “বুদ্ধচৰিত”ৰ কথা উল্লেখ কৰিব পাৰি।ইয়াত বুদ্ধদেৱ সম্পৰ্কে ঐতিহাসিক উপাদানো আছে।
(৪)প্ৰত্ন্তাত্বিক উপাদান
ভাৰতীয় ইতিহাসৰ প্ৰাচীন যুগটোৰ কথা জনাৰ ক্ষেত্ৰত প্ৰ্ত্নতাত্বিক উপাদানে ভালেখিনি সহায় কৰে।সেই কাৰনে প্ৰত্নতাত্বিক উপাদান “sheet anchor of ancient Indian history”বুলি কোৱা হৈছে।প্ৰত্ন্তাত্বিক উপাদান বোৰ সাধাৰনতে তিনিটা ভাগত ভাগ কৰা হয়—
(ক) প্ৰাচীন লিপি
(খ) প্ৰাচীন মুদ্ৰা,
(গ) স্মৃতিস্তম্ভ-প্ৰাচীন ধ্বসাৱশেষ।
এইক্ষেত্ৰত কানিংহাম হেমিলটন,জেমচ প্ৰিন্সেপ,জন মাৰ্চেল,ৰাখালদাস বন্দোপধ্যায়,ভগৱানলাল ইন্দ্ৰ্জী আদি প্ৰত্নত্তত্ববিদ সকলৰ নাম উল্লেখ কৰিব পাৰি।জেমচ প্ৰিন্সেপে অশোকৰ শিলালিপিৰ পাঠ উদ্ধাৰ কৰিছিল।
(৫) প্ৰাচীন লিপি
প্ৰাচীন ভাৰতবৰ্ষৰ ইতিহাসৰ তথ্য সংগ্ৰহৰ ক্ষেত্ৰত প্ৰাচীন লিপিবোৰেই সকলোতকৈ নিৰ্ভৰযোগ্য বুলি কব পাৰি। অন্যন্য ক্ষেত্ৰত গৱেষনাৰ কাৰনেও লিপিৰ ওপৰতেই নিৰ্ভৰ কৰিবলগিয়া হয়।Fleet য়ে কৈছে—It is almost entirely from a patient examination of the inscription----that our knowledge of the ancient political history of india has been derived.But we are also ultimately dependant on the inscription in every other line of Indian researel.ফ্লিটৰ মতে প্ৰাচীন লিপিৰ ওপৰত নিৰ্ভৰ নকৰাকৈ কোনো তাৰিখ বা চিনাক্তকৰন আদি কৰিব নোৱাৰি।তেওঁৰ মতে-“They regulate everything that we can learn from tradition,literature coins,art,architeeture,or any other source” এই লিপিবোৰত সাধাৰনতে কোনো এটা ঘটনাৰ বিৱৰন থাকে। উদাহৰন স্বৰুপে খাৰভেলৰ হাথীগুম্পা লিপি, সমুদ্ৰগুপ্তৰ এলাহাবাদৰ স্তম্ভলিপিৰ কথা কব পাৰি।এই বিৱৰনবোৰ পৰা বুজিব পাৰি যে অতীতত হিন্দুসকলে চমু অথচ নিদিষ্টভাবে ঘটনাবোৰ লিপিবদ্ধ কৰিব জানিছিল যদিও সেই বিৱৰনবোৰ পৰিসৰ ঠেক আছিল—limited in ssope” বেছিভাগ লিপিতেই ধৰ্মীয় অনুদান মাটি বৃত্তি দান দিয়াৰ কথা উল্লেখ আছিল আৰু বংশাৱলী লিপিবদ্ধ কৰা হৈছিল।কিন্ত চাব জানিলে সেই বংশৱলীবোৰৰ পৰাই ৰাজনৈতিক,সামাজিক,অৰ্থনৈতিক ধৰ্মীয় আদি কথা জানিব পাৰি।প্ৰায় সকলোবোৰ ভাষাতে যেনে—সংস্কৃত,পালি,প্ৰাকৃত,তামিল,তেলেগু,মালায়ালম,কানাড়ী আদিত এই প্ৰাচীন লিপিবোৰ লিখা হৈছিল আৰু লিখোতে ব্ৰাহমী আৰু খাৰোস্তি লিপি ব্যৱহাৰ কৰা হৈছিল।লিপিবোৰ লিখা ভাষাৰ স্ংখ্যা বহুত হোৱাৰ দৰেই যিবোৰ বস্তৰ ওপৰত এই লিপিবোৰ লিপিবদ্ধ কৰা হৈছিল সেইবোৰৰ স্ংখ্যাও বহুত আছিল।সেইবোৰ আছিল যেনে—লোহা, সোন, ৰুপ, তাম, ব্ৰাচ, ব্ৰঞ্জ, মাটি, ইটা, শিল, ক্ৰিষ্টেল ইত্যাদি। তদুপৰি ভাৰতৰ বাহিৰত পোৱা লিপি দুই এখনতো ভাৰতৰ বিষয়ে উল্লেখ আছে।এচিয়া মাইনৰৰ “বগহাৰনকইত” পোৱা লিপিত ভাৰতলৈ অহাৰ আগতে আৰ্য্যাসকলৰ প্ৰব্ৰজনৰ কথা উল্লেখ আছে।ইয়াৰ উপৰিও পাটিপোলিস আৰু নাকচ-ই-ৰুস্তম(ইৰান)থকা লিপিত ভাৰত আৰু ইৰানৰ মাজত স্থাপন হোৱা ৰাজনৈতিক যোগাযোগৰ কথা উল্লেখ আছে।ভাৰতৰ বাহিৰে চম্পা, জাভা, আনাম, কম্বোডিয়া আদি ঠাইত পোৱা ভাৰতীয় প্ৰাক-ঐতিহাসিক যুগৰ লিপি পোৱা গৈছিল কিন্ত সেইবোৰৰ পাঠ উদ্ধাৰ সম্ভৱ হোৱা নাই।কোনো কোনো ঐতিহাসিক “সোহাগো” তাম্ৰলিপিক ভাৰতৰ সৰ্বপ্ৰাচীন লিপি বুলি কৈছে।তেওঁলোকৰ মতে এই সম্ৰাট অশোকৰো আগৰ যুগৰ।মুঠতে লিপিবোৰ আছিল প্ৰাচীন ভাৰতৰ ইতিহাসৰ নিৰ্ভৰযোগ্য সমল। Dr Smith মতে প্ৰাচীন ভাৰতৰ ইতিহাসত উপাদান হিচাপে লিপিবোৰক প্ৰথম স্থান দিয়া হয় কাৰন সেইবোৰ মোটামুটিভাৱে আমাৰ প্ৰয়োজনীয় তথ্যৰ ভিতৰত সৰ্বাধিক গুৰুত্বপূৰ্ন আৰু বিশ্বাসযোগ্য-most important and trust worthy যিকি নহকও অশোকৰ শিলা স্তম্ভ আৰু গুহালিপিবোৰৰ পৰাই লিপি যুগৰ আৰম্ভনি বুলি কোৱা হয়।অশোকৰ ৰাজত্বকালত যিমানবোৰ লিপি পোৱা গৈছিল সিমানবোৰ লিপি অইন কোনো ৰজাৰ ৰাজত্ব কালতে পোৱা নগৈছিল।অশোকৰ শিলাপিলি আৰু স্তম্ভলিপিৰ অৱস্থানৰ পৰা মৌৰ্য্য সাম্ৰাজ্যৰ সীমা ওচৰ চুবুৰীয়া ৰাজ্যবোৰৰ নাম,অশোকৰ শাসন,ধৰ্মনীতি আদিৰ বিষয়ে জনা যায়।কলিঙ্গ যুদ্ধৰ পিছত অশোকৰ মানসিক পৰিৱৰ্তন আৰু ধৰ্মনীতিৰ কথাও এই লিপিবোৰৰ পৰাই জনা যায়।মহাৰাজ অশোকৰ লিপিবোৰ মৌৰ্য্যযুগৰ ভাৰতৰ মূল্যবান উপাদান আছিল,মৌৰ্য্য যুগৰ পিছৰ যুগত সাতবাহন ৰজাসকল “নানঘাট” আৰু “নাসিক” লিপি, কলিঙ্গ ৰজা খাৰভেলৰ হাতীগুম্পা লিপি,ৰুদ্ৰ্দমনৰ গিৰিনগৰ লিপি উল্লেখযোগ্য।সাতবাহন সম্ৰাটে গৌতমীপুত্ৰ সাতকৰ্নীৰ গৌৰৱজ্জল শাসনকালৰ কথা নাসিকলিপি তেওঁৰ মাতৃ গৌতমী বালাশ্ৰীয়ে খোদিত কৰাইছিল।নাসিকলিপি এখন উল্লেখযোগ্য ঐতিহাসিক দলিল।এই লিপিত বেপাৰ বানিজ্য আৰু অৰ্থনৈতিক অৱস্থাৰ কথাও উল্লেখ আছে।হৰিসেনে ৰচনা কৰা সম্ৰাট সমুদ্ৰ্গুপ্তৰ এলাহাবাদ প্ৰ্শস্তি অতীত ভাৰতৰ ইতিহাসৰ অতি মূল্যবান সম্বল।এই প্ৰশস্তিৰ ভাষা সংস্কৃত আৰি ইয়াক আংশিক গদ্যত আৰু আংশিক পদ্যত লিখা আছে।এলাহাবাদ প্ৰশস্তিত উত্তৰ আৰু দক্ষিন ভাৰতৰ বহুত ৰজা আৰু ৰাজ্যৰ নাম আৰু উত্তৰ পশ্মিম ভাৰতৰ কিছুমান উপজাতিও কথাও পোৱা যায়।নাসিক আৰু এলাহবাদৰ লিপিৰ ওপৰিও স্কন্দগুপ্তৰ “ভিতাৰি লিপি” কনিস্কৰ মথুৰা আৰু পেচোৱাৰলিপি,হৰ্ষবৰ্দ্ধনৰ নালন্দা লিপি আৰু চালুক্য দ্বিতীয় পুলকেশীৰ আইহোললিপি অতি বিখ্যাত।ৰজাৰ লিপিবোৰৰ বাহিৰেও বৰ্তমানলৈকে প্ৰাপ্ত ডেৰ হাজাৰতকৈ অধিক বেচৰকাৰী লিপিত অতীত ভাৰতৰ ধৰ্মীয় চিন্তা,ভূমী আইন,সামজিক অৱস্থা আদিৰ বিষয়ে জনা যায়।
(ক)লিপিৰ গুৰুত্ব
লিপি বিলাকৰ পৰা ৰজাৰ উপাধি,বংশাৱালী আদিৰ কথা জানিব পাৰি।কেতিয়াবা ৰজাৰ ৰাজত্বৰ তাৰিখো লিপিত উল্লেখ আছে।এই লিপি বিলাকত বহুতো অতি প্ৰয়োজনীয় ঐতিহাসিক ঘটনাৰ উল্লেখ আছে।Dr RC Majumder লিপি বিলাক “contempory record of a reliable charcter”বুলি কৈছে।লিপিবিলাকৰ গুৰুত্বৰ কথা কবলৈ যাওঁতে উদাহৰন স্বৰুপে কব পাৰি যে এলাহবাদৰ লিপিখন উদ্ধাৰ নোহোৱা হলে নেপোলিয়ন বোনাপাৰ্ট লগত তুলনা কৰিব পৰা দ্বিগ্বীজয়ী বীৰ সমুদ্ৰগুপ্তৰ কথা জনাই নগলেহেতেন। প্ৰাচীন লিপি বিলাকৰ পৰা বেলেগ বেলেগ যুগত ভাৰতৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতক আৰু ধৰ্মীয় অৱস্থাৰ কথা জানিব পাৰি।লিপিবিলাকৰ পৰা ঐতিহাসিক ভুগোলৰ কথাও জানিব পাৰি যেনে-অশোকৰ ৰুমিত্ত-পিলাৰ ইনচক্ৰিপশনৰ পৰা জানিব পাৰি যে বুদ্ধদেৱে লুম্বিনি নামৰ ঠাইত জন্ম গ্ৰহন কৰিছিল।তেনেকৈ গুপ্তযুগৰ লিপি বিলাকৰ পৰা জনা যায় যে গুপ্তযুগত জ্যেষ্ঠনুক্ৰ্মৰ বুৱস্থা নাছিল। লিপিবিলাকৰ পৰা অন্য সমলৰ নজনা কিছুমান কথা জনা যায়।যেনে-লিপিবিলাকৰ পৰা জনা যায়ে অতীজত নাৰীসকলেও শাসন ব্যৱস্থাত অংশগ্ৰহন কৰিছিল। চন্দ্ৰগুপ্তৰ জীয়েক প্ৰভাৱতীয়ে তেওঁৰ পুতেক প্ৰাপ্তবয়স্ক নোহোৱাত শাসন কাৰ্য্যৰ ওপৰত চকু দিছিল। লিপিবিলাকত ৰজা আৰু প্ৰজা বিলাকৰ সামাজীক জীবনৰ কথা উল্লেখ থাকে।লিপিবিলাকত উল্লেখ আছে যে ৰজাই বৰ্নাশ্ৰম ধৰ্ম পালন কৰাতো ৰজাৰ কৰ্ত্তব্যৰ ভিতৰত পৰিছিল।তদুপৰি লিপিবিলাকৰ পৰা একোটা যুগৰ কৃষি,জলসিঞ্চন,বস্তৰ মূল্য,দেশৰ সীমা,জোখমাখ আদিৰ কথাও জনা যায়।
(খ)মুদ্ৰা
মুদ্ৰাৰ পৰা অতীজ ভাৰত বুৰঞ্জীৰ ভালেমান নিৰ্ভৰযোগ্য তথ্য পোৱা যায়।মুদ্ৰাবোৰৰ কিছুমান আছিল সাঁচত ঢলা,কিছুমান আছিল চাপ কটা।ছাপ কটা মুদ্ৰাবোৰত সোন ৰুপ তাম ব্যৱহাৰ কৰা হয় আৰু বাকীবোৰ ভাল ধাতুৰ লগত বেয়া ধাতু মিলাই সাঁচত ঢলা হয়।কোনো কোনো পণ্ডিতৰ মতে মুদ্ৰাৰ জ্ঞান ভাৰতবাসীৰ নাছিল।এই জ্ঞান তেওঁলোকে গ্ৰীকসকলৰ পৰা আহৰন কৰিছিল।কিন্ত এইষাৰ কথা সিমান সত্য নহয়। কাৰন পুৰনি ভাৰতীয় সাহিত্যত নাচক :সৎমন” কষ্ট্ৰিপস আদি মুদ্ৰাৰ কথা উল্লেখ আছে। তথাপি ভিনচেন্ট স্মিথ আদিৰ দৰে ঐতিহাসীকে কব খুজে যে সেইৱোৰ ব্যক্তিয়ে ব্যৱহাৰ কৰা মুদ্ৰা আছিল।কিন্ত পিছত কৰা গৱেষনাৰ পৰা এইটো প্ৰ্তিপন্ন হৈছিল যে সেইবোৰ ৰজাই ব্যবহাৰ কৰা মুদ্ৰা আছিল।প্ৰাচীন মুদ্ৰাবিলাকৰ পৰা অতীজ ভাৰত্ৰ প্ৰায় সকলো দিশৰে কথা জানিব পাৰি।যেনে-মুদ্ৰাৰ হৰফৰ পৰা সেইযুগৰ লিপি আৰু বৈদশিক প্ৰভাৱ, মুদ্ৰাৰ মানৰ পৰা অৰ্থনৈতিক অৱস্থা আৰু মুদ্ৰাৰ গঠনৰীতিৰ পৰা শিল্পকলা আৰু ধৰ্মীয় বিশ্বাসৰ কথা জনা যায়। বেক্ট্ৰীয়, শক, কুষান আদিৰ মুদ্ৰাৰ পৰা সেইবংশৰ ৰজাসকলৰ চন তাৰিখ আদিৰ কথা জানিব পৰি। গ্ৰীক আৰু খৰোষ্টীভাষাত ৰচিত এই মুদ্ৰাবিলাকত ৰজাৰ মুৰ্তিও খোদিত কৰা হৈছিল। বেকট্ৰীয় গ্ৰীক ৰজাসকলেই মুদ্ৰানিতীৰ প্ৰৱৰ্তন কৰিছিল বুলি জনা যায়।কুষানযুগ আৰু গুপ্তযুগৰ স্বৰ্নমুদ্ৰাই সেইযুগৰ আৰ্থিক স্বচ্ছলতাৰ কথা কয় আৰু ৰোমন সৈতে থকা বানিজ্যৰ স্বাক্ষৰ বহন কৰে।সমুদ্ৰগুপ্তই বীনা বজাই মুদ্ৰা আৰু যুদ্ধৰ সাজপোচাকত থকা মুদ্ৰা সকলোৰে পৰিচিত।সাতবাহন মুদ্ৰাৰ পৰাও সাতবাহন ৰজাসকলৰ দিনপঞ্জী ৰচনা কৰিব পাৰি।
(গ) মুদ্ৰাৰ গুৰুত্ব
মুদ্ৰাৰ পৰা সেই সময়ত ৰাজত্ব কৰা ৰজা আৰু তেওঁ গ্ৰহন কৰা উপাধিৰ কথা জানিব পাৰি।উদাহৰনস্বৰুপে সমুদ্ৰগুপ্তই যে পৰম ভট্ৰাৰক মহাৰাজধিৰাজ উপাধি গ্ৰহন কৰিছিল।সেইটো তেঁওৰ মুদ্ৰাৰ পৰা জনা যায়।চিটি ব্ৰাউনৰ মতে মুদ্ৰাই যে ৰজা আৰু ৰজাজনৰ উপাধি জনাতহে সহায় কৰে এনে নহয়।মুদ্ৰাবোৰত উল্লেখ কৰা তাৰিখবোৰত আমাক সহায় কৰে “to reconstruce the dynasties and determine the chronology of the ruling power” মুদ্ৰাবোৰৰ পৰা এটা যুগত ব্যৱহাৰ কৰা লিপিৰ কথাও জনা যায়।মুদ্ৰাটো চাই ৰজাজনৰ চাৰিত্ৰিক বৈশিষ্টৰ কথা জানিব পাৰি।যেনে যুদ্ধৰ সাজত থকা মুদ্ৰাটো চাই কব পাৰি যে চন্দ্ৰগুপ্ত সমুদ্ৰগুপ্ত এজন যোদ্ধা আছিল।তেনেকৈ বীন বজাই থকা মুদ্ৰাটো চই কব পাৰি চন্দ্ৰগুপ্ত এজন সংগীতজ্ঞ আছিল।এটা সিংহৰ সৈতে যুদ্ধ কৰি থকা মুদ্ৰাটো চাই কব পাৰি যে ধাৰনা কৰিব পাৰি যে চন্দ্ৰগুপ্ত আৰু বিক্ৰামাদিত্য সাহসী ৰজা আছিল।অতীজ ভাৰতৰ মুদ্ৰাৱোৰ গ্ৰীক,ইণ্ডোবেক্ট্ৰিয়ান,ইণ্ডো পাৰ্থিয়ান শক আদি জাতিৰ কথাও কয়।মুদ্ৰা নোহোৱা হলে এসময়ত যে এই জাতিবোৰ ভাৰতলৈ আহিছিল সেই কথা পাহৰিয়েই যোৱা গলেহতেন।তদুপৰি মুদ্ৰা কিছুমান এপিঠিৰ শব্দবিলাক আছিল গ্ৰীক আৰু ব্যৱহাৰ কৰা লিপি আছিল ব্ৰাহমী আৰু খাৰোচটি।এইবোৰ অশোকৰ স্তম্ভলিপিবোৰ বুজাত সহায় কৰে---“The clue to the decipherment of both these alphabet Brahmi and Kharosity)was obtained from bilingual coins stuck by the greek princes who ruled over the portions of afghanisthan and the Punjab from c 200-25 BC(Rapson).মুদ্ৰাবোৰৰ পৰা এটা যুগত আৰ্ট সম্পৰ্কেও জানিব পাৰি।কোনো কোনো অৰ্থনৈতিকৰ মতে মুদ্ৰাবোৰৰ পৰা বেলেগ বেলেগ সময়ৰ অৰ্থনৈতক অৱস্থাৰ কথাও জানিব পাৰি।কিছুমান মুদ্ৰা ব্যৱহাৰীসকলৰ গীলডে ব্যৱহাৰ কৰিছিল।অৱশ্যে তেনে ক্ষেত্ৰত ৰজা সকলৰ অনুমতি লবললগীয়া হৈছিল।মুদ্ৰাবোৰৰ দ্বাৰা ব্যৱসায় বানিজ্যও চলিছিল।মৌৰ্য্যযুগৰ পিছৰ বহুতো মুদ্ৰা পোৱা গৈছিল।গুপ্তযুগত সোনৰ মুদ্ৰা ব্যৱহাৰ কৰা হৈছিল।ইয়াৰ পৰা এইটো অনুমান কৰিব পাৰি যে গুপ্তযুগত অৰ্থনৈতিক অৱস্থা স্বচ্ছল আছিল।মৌৰ্য্যযুগৰ বহু স্ংখ্যক মুদ্ৰা পোৱা গৈছিল আৰু তাৰ পৰা এইটো অনুমান কৰিব পাৰি যে মৌৰ্য্যযুগত ব্যৱসায় বানিজ্য ঠন ধৰি উঠিছিল।কিন্ত গুপ্ত যুগৰ পিছত কম স্ংখ্যক মুদ্ৰা পোৱা গৈছিল আৰু তাৰ পৰা এইটো অনুমান কৰিব পাৰি যে সেই সময়ত ব্যৱসায় বানিজ্য কম পৰিমানে হৈছিল।“The importances of numismatics for the study of the economics condition of a country is too obvious to need a detailed consideration (Dr.majumder)
(ঘ)কীৰ্ত্তিস্তম্ভ, প্ৰাচীন ধ্বাংসাৱশেষ আদি
কীৰ্ত্তিস্তম্ভবোৰৰ পৰা প্ৰাচীন ভাৰতৰ ৰাজনৈতিক বুৰঞ্জীৰ কথা বেচিকৈ নাজানিলেও সাংস্কৃতিক বুৰঞ্জী আৰু ধৰ্মীয় বিশ্বাসৰ কথা জানিব পাৰি। মহেঞ্জদাৰো আৰু হৰপ্পাৰ ধ্বাংসাৱশেষ পৰা প্ৰাচীন সিন্ধু সভ্যতাৰ কথা জনা যায়।এই সিন্ধুসভ্যতা আৱিস্কাৰ হোৱাৰ ফলত ভাৰতৰ ইতিহাসৰ কালপঞ্জী তিনিহাজাৰ খৃ:পু: পিছুৱাই দিবলগীয়া হয়।কাৰন সিন্ধুসভ্যতা আৱিস্কাৰ নোহোৱালৈকে আৰ্য্য সভ্যতাই ভাৰতীয় সভ্যতাৰ উৎস বুলি ভাবি থকা গৈছিল।তেনেকৈ পাটলিপুত্ৰ,তক্ষশীলা,সাৰনাথ আদি প্ৰাচীন নগৰবোৰৰ খনন কাৰ্য্যৰ ফলস্বৰুপে সেই যুগৰ জীৱন যাত্ৰা,শিল্প,স্থাপত্য আদিৰ বিসয়ে বহুত কথা জনা যায়।হস্তিনাপুৰ,কৌশম্বী আদি প্ৰাচীন নগৰবোৰ খনন ফলত প্ৰাচীন যুগৰ সভ্যতাৰ নিদৰ্শন পোৱা যায়।এই নিদৰ্শনৰ পৰা জানিব পাৰি যে খৃ:পু এহেজাৰ বছৰত ভাৰতৰ বিভিন্ন অঞ্চলত মানুহে বসবাস কৰিছিল আৰু তেওঁলোকৰ জীৱনযাত্ৰা স্বচ্ছ্ল আছিল মানুহে ধাতু ব্যৱহাৰ জানিছিল।খোটানত খনন কাৰ্য্য চলোৱাৰ কাৰনে মধ্য এচিয়াত কুষান যুগত ব্যৱসায় বানিজ্য আৰু মহাযান বৌদ্ধধৰ্মপ্ৰ্চাৰ হোৱাৰ কথা ,জানিব পাৰি।প্ৰাচীন গুহা আৰু মন্দিৰবোৰৰ পৰাও সেই যুগৰ শিক্ষা আৰু ধৰ্মীয় ব্যৱস্থাৰ কথা জানিব পাৰি।উদাহৰনস্বৰুপে মৌৰ্য্যযুগৰ বাৰবাৰ গুহা অজন্তা ইলোৰাৰ গুহা আৰু চিত্ৰাৱলী আৰু গুপ্তযুগৰ ভিতাৰগাওঁ আৰু দেওগড়ৰ মন্দিৰৰ নাম উল্লেখ কৰিব পাৰি।ইয়াৰ উপৰিও দক্ষিনৰ চোল পল্লৱ চালুক্য সকলৰ মন্দিৰ স্থাপত্য আৰু ভাস্কৰ্য্যৰ পৰা সেইবংশৰ ৰজাসকলৰ ৰাজত্বকালৰ কথা জানিব পাৰি।ভাৰতৰ বাহিৰত ভাৰতৰ ৰাজনৈতিক আৰু সাংস্কৃতিক বিস্তাৰৰ কথা কম্বোজৰ অংকোৰভট আৰু অংকোৰ্থম বৰ-বদূৰৰ স্তপ আদিৰ কথা জানিব পাৰি।
(৬)বিদেশী ভ্ৰমনকাৰীৰ টোকা
প্ৰাচীন ভাৰতৰ বিষয়ে জানিবলৈ হলে গ্ৰীক,ৰোমান,চীন,তিব্বতীয় আৰু মুছলমান ভ্ৰ্মনকাৰী আৰু লিখকসকলৰ লিখনীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।এই লিখকসকলৰ কেতিয়াবা শুনা কথাৰ ওপৰত ভিত্তি কৰি লিখিছিল আৰু কেতিয়াবা নিজে দেখা কথাৰ বিৱৰন দিছিল।অৱশ্যে বৈদশিক লিখক বা ভ্ৰমনকাৰীসকলৰ টোকা বহুক্ষেত্ৰত ভূল বুলি প্ৰ্মানিত হৈছিল।ভাৰতবৰ্ষত ভাষা সম্পৰ্কে ভাল জ্ঞান নথকাৰ কাৰনেই আৰু কথাবোৰ ভালকৈ পৰীক্ষা কৰি গ্ৰহন নকৰাৰ কাৰনেই এই ভূল হবলৈ পাইছিল।তথপি বিদেশী লিখকৰ বিৱৰন নিৰক্ষেপ আছিল আৰু চন তাৰিখ আদি তেওঁলোকে শুদ্ধভাৱে উল্লেখ কৰিছিল।বিদেশী ভ্ৰমনকাৰীৰ বিৱৰন সাধাৰনতে দুটা ভাগত বিভক্ত কৰিব পাৰি।এটা হৈছে গ্ৰীক ৰোমান আদি ভ্ৰমনকাৰীসকলে দিয়া বিৱৰন আৰু আনটো হৈছে চীনা ভ্ৰমনকাৰীসকলে দিয়া বিৱৰন।গ্ৰীক লিখকসকলৰ বিৱৰনত ৰাজনৈতিক আৰু অন্য তথ্য বেচিকৈ পোৱা যায়।কাৰম মুলত তেওঁলোক আছিল তীৰ্থযাত্ৰী।ইয়াৰ উপৰিও তিব্বতীয় আৰু আৰবীয় লিখকসকলৰ বিৱৰনো প্ৰাচীন ভাৰতীয় ইতিহাসৰ মূল্যবান সম্বল হিচাপে পৰিগনিত হৈছে।গ্ৰীক ঐতিহাসিক “হিৰোডোটাচ” আৰু “টেচিয়াচ” ভাৰতলৈ অহা নাছিল যদিও তেওঁলোকৰ বিৱৰনত পাৰস্যৰ দ্বাৰা উত্তৰ-পশ্চিম ভাৰত অধিকাৰ কৰাৰ কথা উল্লেখ আছে।আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমনৰ কথা তেওঁৰ লগত অহা তিনিজন ঐতিহাসিকৰ বিৱৰনৰ পৰা জনা যায়।তেওঁলোকৰ বিবৰনৰ পৰা বুটলি আনি ডিওডোৰাচ, (Diodorus),কুইণ্টাচ কাৰ্টিয়াচ(Quintus curtius)আৰু জাষ্টিন(Justin)কিছুমান কথা আমাক জানিবলৈ দিছে।আলেকজেণ্ডাৰ লগত অহা তিনিজন ঐতিহাসিকৰ ভিতৰত “নিয়াৰকাচে”সিন্ধুনদীত নাবেৰে ভ্ৰমন কৰিছিল আৰু বিবৰন লিখিছিল।চন্দ্ৰগুপ্ত মৌৰ্য্যৰ ৰাজসভালৈ চেলুকচৰ দূত হিচাপে আহি মেগেস্থেনিচে চন্দ্ৰগুপ্তৰ ৰাজসভাত কিছুদিন আছিল আৰু এখন গ্ৰন্থ ,লিখিছিল।গ্ৰন্থখনৰ নাম আছিল ইণ্ডিকা।ইণ্ডিকা ভাৰত বুৰঞ্জীৰ এখন নিৰ্ভৰযোগ্য গ্ৰন্থ।ইণ্ডিকাৰ কিছুমান খণ্ড পোৱা নাই যদিও যিকেইটা খণ্ড পোৱা গৈছে সেই খণ্ড কেইটাকে মৌৰ্য্যযুগৰ বহুত তথ্য পোৱা গৈছে।প্লুটাকে আলেকজেণ্ডাৰৰ জীৱনী লিখিছিল আৰু আলেকজেণ্ডাৰৰ ভাৰত বিজয়ৰ বৰ্ননা দিছিল।জাষ্টিনে আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমনৰ বৰ্নান দিয়াৰ প্ৰসংগতে চন্দ্ৰগুপ্তৰ মৌৰ্য্যৰ আদি জীৱন সম্পৰ্কেও ভালেমান তথ্য প্ৰকাশ কৰিছে।ইয়াৰ উপৰিও ডেইমাকস আৰু ডায়নিচাচৰ ভাৰত সম্পৰ্কে দিয়া বিৱৰনো তথ্যসমৃদ্ধ।প্ৰ্থম শতাব্দীত এজন অজ্ঞাত লিখকে লিখা “পেৰিপ্লাস অফ দি ইৰিথ্ৰিয়ান সি” নামৰ গ্ৰন্থৰ পৰা ভাৰতৰ উপকূল,বন্দৰ বানিজ্য আৰু অৰ্থনৈতক জীৱন সম্পৰ্কে বহুত মুল্যবান তথ্য পোৱা যায়।ড: আৰ:চি মজুমদাৰে এই গ্ৰন্থখনত অতি মূল্যবান গ্ৰন্থ বুলি কৈছে।দ্বিতীয় খৃষ্টাব্দত “টলেমি”ৰচনা কৰা ভুগোল অতি বিখ্যাত ।ৰোমান পণ্ডিত প্লিনিয়ে তেওঁৰ “Natural history”ভাৰতৰ অৰন্য,জীৱ জন্ত আৰু খনিজ সম্পদ সম্পৰ্কে বহুতো মূল্যবান কথা উল্লেখ কৰিছে।মৌৰ্য্যযুগৰ পিছৰ ভাৰতবৰ্ষত ঐতিহাসিক ঘটনাসমূহ জোৰা লগাবৰ কাৰেনে চীনা পৰ্য্যটক আৰু ঐতিহাসিক সকলৰ বিবৰন অপৰিহাৰ্য্য।চীনা পৰ্য্যতকসকলে ভাৰতলৈ নহা হলে শক,কুষান, আৰু পাৰ্চিয়ান সকলৰ বিষয়ে জনাৰ সুবিধা নাথাকিলেহেতেন।চীনা ঐতিহাসিক “ফ্যান-ই ৰচনাৰ পৰা কুষান ৰজাসকলৰ বিষয়ে জনা যায়।তেনেদৰে ঐতিহাসিক চুমা চিয়েনে প্ৰথম শতিকাত ৰচনা কৰা তেওঁৰ ইতিহাস্ত ভাৰত সম্পৰ্কেও ভালেমান তথ্য উল্লেখ কৰিছে।চীনা পৰিব্ৰাজক ফাহিয়ান ৩৯৯-৪১৪ খৃষ্টাব্দত ভাৰতৰ গুপ্ত সম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজসভালৈ আহিছিল।তেওঁ পোন্ধৰবছৰ কাল ভাৰতত আছিল আৰু উত্তৰ ভাৰত আৰু মধ্যদেশ পৰিভ্ৰমন কৰি তথ্যসমৃদ্ধ বিৱৰন লিপিবদ্ধ কৰিছিল।তেঁও তেওঁৰ বিৱৰনত সামাজিক আৰু ধৰ্মীয় কথাৰহে উল্লেখ কৰিছিল।ৰাজনৈতিক ঘটনাৰ উল্লেখো নাছিল।সপ্তম শতিকাত (৬২৯-৬৪৫)চীনা পৰিব্ৰাজক হিউৱেনচাঙে হৰ্ষবৰ্দ্ধনৰ ৰাজসভালৈ আহে।তেওঁ ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমন কৰি “চি ইউ-কাই” নামৰ এখন তথ্যসমৃদ্ধ গ্ৰন্থ ৰচনা কৰি গৈছে।চীনা ভ্ৰমনকাৰী ইৎ সিঙে(৬৭৩-৬৯৫)ভাৰত সম্পৰ্কে তেওঁৰ অভিজ্ঞতা লিখি থৈ গৈছে।চীনা পৰিব্ৰাজকসকলে ভাৰতত বহু দিন বসবাস কৰিছিল আৰু তেওঁলোকে ভাৰতীয় ভাষা শিকি লৈছিল।বিশেষকৈ বৌদ্ধধৰ্মৰ ইতিহাস লিখিবলৈ হলে চীনা পৰিব্ৰাজকসকলে দি থৈ যোৱা তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব।তিব্বতীয় ঐতিহাসিক তাৰানাথে হৰ্ষবৰ্দ্ধন,শশাংক আৰু পালবংশৰ ৰজাসকলৰ বিষয়ে বহুতো কথা লিপি থৈ গৈছে।পালবংশৰ ৰজা দেবপাল আৰু মহীপালৰ ৰাজত্বকালত ক্ৰমে আৰবীয় পৰিব্ৰাজক চুলেমান আৰু আলমুসাদি ভাৰতলৈ আহিছিল।এওঁলোক দুজনৰ উপৰিও হাসান নিজামি আৰু ইবন উলু অথিবৰ নামো উল্লেখযোগ্য।পৰিব্ৰাজক আৰু ঐতিহাসিক আলবেৰুনী বৃত্তান্তৰ পৰা মুছলমানসকলৰ দ্বাৰা উত্তৰ ভাৰত আক্ৰমনৰ কথা জনা যায়।আলবেৰুনী চুলতান মামুদৰ সৈতে ভাৰতলৈ আহিছিল।তেওঁ “তহকিক ই-হিন্দ”নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল।এই গ্ৰন্থৰ পৰা ভাৰতৰ সামাজিক সাংস্কৃতিক জীৱনৰ বিষয়ে বহুত কথা জনা যায়।আলবেৰুনী নিজৰ সুবিধাৰ কাৰনে সংস্কৃত ভাষা শিকি লৈছিল।
উৎস: ভাৰত বুৰঞ্জী।
শেহতীয়া উন্নীতকৰণ: : 3/4/2020
কাৰবি আংলং জিলাৰ ইতিহাস
অসমৰ কৃষিখণ্ড: ইতিহাস আৰু পৰম্পৰা
অসমৰ খেল-ধেমালি
অসমত আয়ুৰ্বেদ চৰ্চা