আলুকেইটা ধুই বাকলিৰ সৈতে সিজাই লৈ পিচত বাকলি গুচাই মিহিকৈ পিটিকি ল’ব লাগে। জলকীয়া, পিঁয়াজ, ধনিয়াপাত মিহিকৈ কুটি ল’ব লাগে। ব্ৰেডখিনি পানীত তিয়াই লৈ পিচত চেপি পানীখিনি উলিয়াই গোটেইখিনি বস্তু মিহলাই লগতে সোৱাদ অনুযায়ী নিমখ মিহলাব লাগে। পিচত কেইটামান বল বনাই চেপেটা কৰি ল’ব লাগে। চেপেটা কৰি থোৱা আলুখিনিৰ মাজত অকণমান আঙুলিৰে গাঁত কৰি তাত তৈয়াৰ কৰি থোৱা চাটনি ভৰাই মুখখন বন্ধ কৰি গৰম তেলত টাৱাত অলপ ৰঙচুৱা হোৱাকৈ গৰমে গৰমে পৰিবেশন কৰিব পাৰে।
ধনিয়া পাত এমুঠি, পিঁয়াজ দুটা মজলীয়াবিধৰ, কেঁচা জলকীয়া ডাঙৰ দুটা বা তিনিটা, নিমখ সোৱাদৰ জোখত, নেমু এটা, লগতে মন কৰিলে নৰসিংহৰ পাত কেইটামান দিব পাৰে। গোটেইখিনি বস্তু মিহিকৈ মিহলাই পিহি চাটনি বনাই ল’ব লাগে।
লেখিকা: কিৰণ বৰা।
শেহতীয়া উন্নীতকৰণ: : 11/10/2018
চয়াবিনৰ ফুলৰিৰ প্ৰস্তুত প্ৰণালী
কিছুমান সহজলভ্য ঔষধি গুণযুক্ত বনৌষধি
চজিনা-পিঁয়াজৰ তৰকাৰী
আয়ুৰ্বেদ আৰু ঘৰুৱা যতনত পিঁয়াজ