কঁঠালখিনি মজলীয়া জোখত কাটি একাপ ভিনেগাৰত সিজাই ল’ব। এটা হুইচেল দিলেই কুকাৰটো নমাই থ’ব। এতিয়া সিজোৱা কঁঠালখিনিত নিমখ, হালধি সানি ৰ’দত ১ ঘণ্টামান শুকুৱাই ল’ব। সৰিয়হ, জিৰা, আদা, নহৰু আৰু কেঁচা জলকীয়া ভিনেগাৰত দি মিক্সিত পিহি ল’ব। কেৰাহিত মিঠাতেল গৰম কৰি ল’ব। তাত পাঁচফোৰণ আৰু হিং দিব। লগতে মিক্সিত পিহি লোৱা মছলাখিনি দি দিব। এতিয়া হালধি, চেনি আৰু জলকীয়া গুড়ি দিব। তেঁতেলিৰ ৰসখিনিও দি দিব। লগতে নিমখখিনি দি ভালকৈ কঁঠালখিনি লৰাব। বটলত ভৰাই থ’লে কিছুদিনলৈ খাব পাৰিব।
লেখিকা: বনশ্ৰী ভট্টাচাৰ্য, প্ৰিয় সখী
শেহতীয়া উন্নীতকৰণ: : 10/7/2018
বগেজাৰী গীত বা বহুৰঙী গীত
কঁঠাল
আমৰ আচাৰ
কঁঠালৰ বিষয়ে লিখা হৈছে ।