উপকৰণ
- কলডিল ১ টা।
- কেঁচা জলকীয়া ৫ টা।
- পিঁয়াজ ২ টা (বটি ল’ব)।
- আদা-নহৰু বটা চাহ চামুচৰ ২ চামুচ।
- আলু ২ টা।
- চেনি চাহ চামুচৰ ১ চামুচ।
- ইলাচি-ডালচেনি-লং প্ৰত্যেকৰে ২ টা কৈ।
- ঘিউ চাহ চামুচৰ ১ চামুচ।
- মিঠাতেল আধা কাপ।
- ময়দা চাহ চামুচৰ ২ চামুচ।
- জিৰা-জালুক চাহ চামুচৰ আধা চামুচকৈ।
- মচুৰ বা মগু দাইল টেবুল চামুচৰ ১ চামুচ।
- আন্দাজমতে নিমখ-হালধি।
প্ৰণালী
কলডিলৰ ওপৰৰ বাকলিকেইটা গুচাই ল’ব। ভিতৰৰ কোমলখিনি মিহিকৈ কুটি নিমখ পানীত তিয়াই থ’ব। আলু দুটা টুকুৰাকৈ কাটিব। আদা-নহৰু আৰু জিৰা-জালুক বেলেগে বেলেগে বটি ল’ব। পিঁয়াজটো মিহিকৈ কুটিব। দাইলকেইটা পানীত তিয়াই ল’ব। কেৰাহিত তেল গৰম কৰি পিঁয়াজখিনি আৰু আদা-নহৰু বটা দিয়ক। ভালকৈ লৰাই দাইল আৰু পাচলিখিনি দিয়ক। নিমখ-হালধি দি ভালকৈ লৰাওক আৰু জিৰা-জালুক বটাকণ দিয়ক। মধ্যমীয়া জুইত ঢাকোন বন্ধ কৰি ৰাখিব আৰু মাজে মাজে লৰাই দিব। ভালকৈ ভজা ভজা হ’লে একাপমান গৰম পানী দি সিজিবলৈ দিব। আলু-কলডিল সিজি থপথপীয়া হ’লে গৰম মচলা আৰু ঘিউ দি নমাব।
উৎস: নিয়মীয়া বাৰ্তা।
শেহতীয়া উন্নীতকৰণ: : 4/24/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.