চাউলখিনি ধুই পানীত তিয়াই থওক। নাৰিকলফাল ৰুকি জলকীয়া আৰু তিয়াই থোৱা চাউলৰ সৈতে গ্ৰাইণ্ড কৰি পেলাওক। নিমখ-হালধি তাতে দি ল’ব। মিশ্ৰণখিনিত ২-৩ কাপ পানী দিয়ক। ইফালে চজিনাখিনি চাৰি ইঞ্চি দীঘলকৈ কাটি অকণমান নিমখ দি সিজাই লওক। সিজিলে চেকি ল’ব। কেৰাহীত তেল গৰম কৰি মাটি দাইল, সৰিয়হ আৰু জলকীয়া দিয়ক। সৰিয়হ ফুটা বন্ধ হ’লে নৰসিংহ পাত আৰু মিশ্ৰণখিনি তাত দি দিয়ক। কম জুইত লৰাই লৰাই ভাজক। চাওক যাতে গোটাকৈ ৰৈ নাযায়। এতিয়া সিজাই লোৱা চজিনাখিনি মিলাই সাৱধানে লৰাই থাকক। গৰমে গৰমে পৰিৱেশন কৰক।
উৎস: বিকাশপেডিয়া।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018
চজিনা-পিঁয়াজৰ তৰকাৰী
কচুঁশাকৰ লগত মাছৰ জালুকীয়া আঞ্জাৰ প্ৰস্তুত প্ৰণালী
চজিনাৰ ঔষধি গুণ
পালেং শাকৰ সৈতে মাছৰ আঞ্জা