বাঁহৰ চুঙাত পোৰা বড়া চাউলৰ জলপান
শীত আৰু ভোগালী
বহুদিনৰ পাছত এইবাৰ শীত আৰু ভোগালীক একেলগে লগ পালো। কৰ্মসূত্ৰে অসমৰ বাহিৰত থকাৰ বাবে ভোগালী বিহুৰ যি আমেজ সেয়া বহুদিন পোৱা নাছিলো। এইবাৰো মাঘৰ বিহুৰ আগতেই অসম এৰি কাৰ্য্যস্থলীলৈ উভটি আহিলো যদিও ভোগালীৰ ভোগৰ প্ৰাচুৰ্য্য আগতীয়াকৈ বুটলি আহিছো। তিনিওটা বিহুৰ ভিতৰত মোৰ প্ৰিয়- শীতৰ এই ভোগালী বিহু। তাৰ কাৰণ কেইবাটাও: প্ৰিয় ঋতু লগতে এই সময়ত জুই পুৱাই বহি থকা আৰু মিঠা আলু, কাঠ আলু আদি পুৰি খোৱা। মোৰ মুখত শুনি শুনি মোৰ নবছৰীয়া ল’ৰাটোৰো ভোগালী বিহুৰ প্ৰতি এটা বিশেষ আকৰ্ষণ গঢ়ি উঠিছে। যদিও তাৰ এবাৰো এই বিহুৰ অভিজ্ঞতা হোৱা নাই। সেই কাৰণেই তাৰ স্কুলৰ দহদিনৰ শীতৰ বন্ধত ঘৰলৈ যাম বুলি শুনি শহুৰ দেউতাই ভোগালীৰ সকলোখিনি প্ৰস্তুতি আগতীয়াকৈ কৰি থৈছিল। ঘৰৰ মুকলি চোতালত বাঁহৰ খুঁটা পুতি কলপাতেৰে চালি দি(মোৰ ল’ৰাটোৰ ভাষাত “বানানা টেন্ট”) জুই পুৱাবলৈ অতি সুন্দৰ ব্যৱস্থা সাজু কৰি থৈছিল। গধূলি তাৰ তলতে বহি হেপাহ পলুৱাই উম্ আৰু ভোগ সকলোখিনি উপভোগ কৰিছিলো। শাহু মায়েও মাঘবিহুৰ সকলোবিধ পিঠা-পনা,জলপান অতি আটোমটোকাৰীকৈ ৰান্ধি খুৱাইছিল। ভোগালী বিহুৰ এবিধ আকৰ্ষনীয় জলপান হৈছে বাঁহৰ চুঙাত পোৰা বড়া চাউলৰ জলপান। এইবিধ জলপানৰ সোৱাদ হয়তো সকলো অসমীয়াৰে চিনাকী। বহুবছৰৰ পাছত খাই মই ইমান ভাল পালো যে এই বিষয়ে একলম নিলিখি নোৱাৰিলো। তলত এই জলপানৰ প্ৰণালীটো থূলমূলকৈ আগবঢ়ালো।
উপকৰণ
১) বড়া চাউল ৫০০ গ্ৰাম
২) বাঁহৰ চুঙা (মধ্যমীয়া) ৪ টা
প্ৰণালী
বড়া চাউলখিনি ভালদৰে ধুই লৈ ৪/৫ ঘন্টা পানীত তিয়াই থৈ দিব লাগে। পাছত পানীৰ পৰা ভালদৰে টুকি লৈ সমান জোখত কাটি থোৱা বাঁহৰ চুঙাৰ ভিতৰত ভৰাব লাগে। তাত নিৰ্দিষ্ট পৰিমাণৰ পানী দি চুঙাটোৰ মুখখন কলপাত বা তৰা পাতেৰে ভালদৰে সোপা দি বান্ধিব লাগে। তাৰপাছত ধান খেৰৰ বা নাৰিকল পাতৰ জুইত দি ইলুটি সিলুটিকৈ লৰাই ভালদৰে পুৰিব লাগে। চুঙাৰ বাহিৰটো ক’লা পৰি যোৱা যেন দেখিলেই বুজিব লাগিব যে ভিতৰৰ বস্তুখিনি খোৱাৰ উপযোগী হৈ পৰিছে। এই চাউল গাখীৰ, দৈ বা ক্ৰিমৰ লগত গুড়ৰ সৈতে জলপান হিচাবে পৰিবেশন কৰিব পাৰে অথবা হাঁহৰ মাংসৰ সৈতেও এই চাউল বৰ সোৱাদ লগা হয়।
লেখিকা: বন্দনা ডি. মজুমদাৰ
শেহতীয়া উন্নীতকৰণ: : 10/7/2018
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.