ব’হাগ বিহুত অসমীয়া সমাজৰ হাঁহি-কান্দোন, সুখ-দুখ, আশা-আকাংক্ষা সকলোবোৰৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয়। ব’হাগ বিহু বুলিলে নাচ-গান, হুঁচৰি, সন্ধিয়াৰ সাংস্কৃতিক সংগীতানুষ্ঠান আদিলৈ মনত পৰে। এই সন্ধিয়াৰ সংগীতানুষ্ঠানবোৰত বিহু উদযাপন সমিতিবোৰে অধিক বিহুৰ লগত জড়িত বাদ্যযন্ত্ৰ কিছুমান হ’ল-গগনা, টকা, পেঁপা, ঢোল আদি। এইবোৰৰ চমু আলোচনা কৰিব বিচাৰিছো-
বিহুৱতীয়ে বজোৱা গগনাৰ ছেৱে ছেৱে বিহুনাম গাই নাচনীয়ে নাচ নাচি থাকে। কোনোবা মনৰ প্ৰিয়জনৰ হাতৰ পৰশৰ সুবাস থকা আৰু আন কোনোবাৰ আপোনজনে সাজি দিয়া গগনা একোটি নিজৰ খোপাত লৈ নাচনীয়ে বিহু নচা ঠাইলৈ আহে। মূলতঃ গগনা দুই প্ৰকাৰৰ। এবিধ জয়ধন গগনা। আনবিধ লাহৰি গগনা। জয়ধন গগনা ল’ৰাই বজায় আৰু লাহৰি গগনা ছোৱালীয়ে বজায়। ল’ৰাই বজোৱা জয়ধন গগনাৰ ছেৱে ছেৱে নাচনীবোৰে চেৰেকী ঘূৰাদি নাচে। নাচনীবোৰে ঢোলৰ ছেৱৰ তালে তালে নচাৰ পিছত কিছু সময়ৰ পিছত গগনা বজায়। এই গগনাৰ মাত বৰ মিহি, সুন্দৰ, শ্ৰুতিমধুৰ। তাঁতশালৰ বচুঙা গগনা বনালে মাতটো মিহি হয়।
বহাগ বিহুত টকাৰ ব্যৱহাৰ বৰ গুৰুত্বপূৰ্ণ। টকাই বিহু নামৰ তাল ৰক্ষা কৰে। ইয়াক বেছিকৈ গাভৰু বিহুত ব্যৱহাৰ কৰিছিল। পুৰণি দিনত মহিলাসকলে নিজৰ মাজতে লোকচক্ষুৰ আঁৰ লৈ খেল-ধেমালি, গীত-মাত গাইছিল। ইয়াৰ মাজত ল’ৰাৰ প্ৰবেশ বন্ধ আছিল। তেতিয়া বিহুৱতীবোৰৰ একমাত্ৰ বাদ্য সঁজুলি আছিল টকা। লোকবিশ্বাস মতে, টকাৰ ছন্দোময় শব্দত শস্য লহপহকৈ বাঢ়ে। পথাৰৰ শস্য কীট-পতংগ, জীৱ-জন্তু, চৰাই-চিৰিকতিৰ পৰা ৰক্ষা কৰিবলৈ কৃষকে এই টকা বজাইছিল। কিছুমানে বীজ সিঁচাৰ পিছত পথাৰত নানান তালত টকা বজাই এক সুমধুৰ পৰিৱেশৰ সৃষ্টি কৰে। জনজাতীয় মানুহবোৰে ডাঙৰ ভলুকা বাঁহ ফালি টকা সাজে। মানুহ বিহুৰ দিনা এই টকা বজাই গাঁৱৰ মানুহৰ ঘৰে ঘৰে বিহু নাচিবলৈ যায়। কছাৰী সম্প্ৰদায়ৰ লোকসকলে ঘৰে ঘৰে হুঁচৰি গাই থকাৰ সময়ত লগত এই টকা লৈ ফুৰাটো নিয়ম আছিল।
বিহু নামৰ বোল উঠাই নাচনীক নচুৱাবলৈ পেঁপা বজাই গাব লাগিব। বিহুত বজোৱা পেঁপাৰ মাতে জাতীয় পৰিৱেশৰ সৃষ্টি কৰে। পেঁপা বজাৰ লগে লগে ল’ৰা-বুঢ়া-জীয়ৰী, বিহুৱা ডেকাই ৰঙতে বলীয়া হৈ বিহুতলীলৈ ওলাই আহে। পাহাৰে-পৰ্বতে-ভৈয়ামে পেঁপাটি বজালে অসমীয়া জাতি-উপজাতিৰ সকলোৰে মন ৰঙীয়াল হ’বলৈ ধৰে। পেঁপা বাঁহ বা কাঠেৰে সজা হয়। বিহুতলীত ম’হৰ শিঙৰ পেঁপাৰ প্ৰচলনহে সৰ্বাধিক দেখা যায়। বিভিন্ন বিহুগীতত ম’হৰ শিঙৰ পেপাৰ বিষয়ে উল্লেখ পোৱা যায়। পেঁপা সাজিবলৈ মৰা ম’হৰ শিঙৰ আগডোখৰ কোমল হ’বলৈ প্ৰথম উতলা পানীত ডুবাই ৰখা হয়। কোমল হোৱাৰ পিছত মহৰ শিংটোৰ আন ফালটোত ছয়ৰপৰা আঠ ইঞ্চিমানৰ বাঁহৰ আকৃতিৰ এটা চুঙা সংযোগ কৰা হয়। চুঙাটো বিজুলী বাঁহ বা নলেৰে বনোৱা হয়। চুঙাটোত চাৰি বা পাঁচটা ফুটা কৰা হয়। চুঙাটোত আঢ়ৈ ইঞ্চিমানৰ নল-খাগৰিৰ অংশ সুমুৱাই দিয়া হয়। এই অংশটোক চুপহী বোলা হয়। আনহাতে, মহৰ শিঙৰ আকৃতিত বাঁহ বা কাঠ কাটি বিজুলী বাঁহ বা নলৰ চুপহী সংযোগ কৰি বাঁহ বা কাঠৰ পেঁপা বনোৱা হয়। মিচিং সম্প্ৰদায়ৰ মানুহবোৰে পেঁপাক পেন্পা বুলি কয়।
লোকবিশ্বাস মতে, মেঘে গিৰগিৰকৈ শব্দ কৰি ঢোল বজোৱাৰ পিছত বিজুলীয়ে তাৰ ছেৱে ছেৱে নাচিবলৈ ধৰে। তেতিয়াই বৰষুণ হয়। ঢুলীয়াই ঢোল বজোৱা ঢোলৰ ছেৱে ছেৱে তাল মিলাই নাচনীয়ে বিহু নাচ নাচিবলৈ আৰম্ভ কৰে। তাৰ ফলত ধৰিত্ৰী উৰ্বৰ হয়। এই বিহু ঢোলৰ মুখ্য ছেৱ দুটা। এটা হল নাচনী ছেৱ, আনটো নামতী ছেৱ। বিহু গীত গোৱাৰ পিছত নাচনীক আছুতীয়াকৈ নচোৱা ছেৱক নাচনী ছেৱ বোলে। বিহুগীত গাবলৈ আৰম্ভ কৰা আৰু গাবলৈ সামৰাৰ সময়ত ঢোল বজোৱা ছেৱক নামতী ছেৱ বোলে। আনহাতে, প্ৰচলিত আন কিছুমান ছেৱ হ’ল বিয়াৰ পানী তোলাৰ সময়ত বজোৱা ছেৱক পানী তোলা ছেৱ, সন্মানিতক আগবঢ়াই আনিবলৈ যাওঁতে বজোৱা ছেৱক বুলনি ছেৱ, নাচনী ঢোলৰ মাতত নাচিবলৈ ওলাই অহাৰ ছেৱক নাচনী ছেৱ, কাঁহী ঘূৰোৱাৰ সময়ত ঢোল বজোৱা ছেৱক কাঁহী ঘূৰোৱা ছেৱ আৰু হুঁচৰি গোৱাৰ সময়ত বজোৱা ঢোলৰ ছেৱক হুঁচৰি ছেৱ আদি ছেৱেই প্ৰধান। সকলো দিশৰপৰা বিহুক চালি-জাৰি চালে বুজিব পাৰি যে ৰঙালী বিহুৰ মুখ্য বাদ্য-যন্ত্ৰই হ’ল ঢোল। ইয়াৰ অবিহনে বিহু উদযাপনেই মূল্যহীন। বিহুগীতসমূহ শুনিলে বুজা যায় যে নাচনীৰ ঢুলীয়া অতিকৈ মৰমৰ। আকৌ বিহুঢোলৰ ওজা সকলৰ মতে, হাত ছেওৰা, তাঁতশাল, ডাউক, বতাচৰাই, তেল-টুপী আদি প্ৰায় সাতাইশটা ঢোলৰ ছেও আছে। খোলা ঘূৰণি ছেও, বলি কটা ছেও, খটমৰা ছেও, উপচাৰ ছেও আদি হ’ল বৰঢোলৰ প্ৰধান ছেও। এই ঢোলে কৃষকসকলৰ কৃষিকাৰ্য্যত উল্লেখযোগ্য ভূমিকা লয় বুলি বিশ্বাস কৰে। কাৰণ, ঢোলৰ মাতত মেঘে গৰ্জি বৰষুণ দি পথাৰলৈ পানী নমাই আনে। পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি কৰি কৃষিজীৱি সমাজক অনুপ্ৰাণিত কৰে। অন্যান্য বাদ্যযন্ত্ৰৰ দৰে ঢোলৰ জন্ম বৃত্তান্তৰ বহুতো কাহিনী আছে। শেষত, এইটো ক’ব পাৰি যে ঢোল এবিধ অসমীয়া জাতীয় তথা ৰঙালী বিহুৰ এবিধ জাতীয় বাদ্যযন্ত্ৰ।
উৎস: অসমীয়া প্ৰতিদিন।
শেহতীয়া উন্নীতকৰণ: : 7/10/2020
কম্পিউটাৰ আৰু মবাইলত অসমীয়া লিখাৰ সহজ পদ্ধতি আৰু স...
খোল বাদ্যৰ উৎপত্তি আৰু পৰিচয় এই শিতানত দাঙি ধৰা হʼ...
অসম কৃষি বিশ্ববিদ্যালয়ৰ অৰ্থ-সাহাৰ্য্যৰে ভূঁই ৰুব ...
অসমীয়াৰ কৃষি কাৰ্য্যৰ সঁজুলি